সাধনা বসু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাধনা বসু

বিষ কন্যা ছবিত বসু
জন্ম সাধনা সেন
২০ এপ্ৰিল, ১৯১৪
কলকাতা, ইণ্ডিয়া
মৃত্যু ০৩ অক্টোবৰ, ১৯৭৩ (৫৯ বছৰ)
কলকাতা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম সাধনা বোস
পেচা অভিনেত্ৰী, নৃত্য শিল্পী
দাম্পত্যসঙ্গী মধু বোস
আত্মীয়-স্বজন নাইনা দেৱী(গায়কা, ভগ্নী); বিনীতা ৰয় (ভগ্নী), কেশৱ চন্দ্ৰ সেন (ককাক)

সাধনা বসু (ইংৰাজী: Sadhana Bose ; জন্ম ২০ এপ্ৰিল ১৯১৪ – মৃত্যু: ৩ অক্টোবৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী।[1][2][3] তেওঁ মীনাক্ষীৰ দৰে কথাছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল৷

উদয় শংকৰৰ সম-সাময়িক সময়ত, ১৯৩০ চনত তেওঁ কলকাতাত কেইবাটিও বেলে মঞ্চস্থ কৰিছিল, য’ত তেওঁ সমসাময়িক বিষয়বস্তু উপস্থাপন কৰিছিল আৰু এই ক্ষেত্ৰত অগ্ৰণী কাম আছিল বংগ দুৰ্ভিক্ষৰ ওপৰত ভূখ আৰু ওমৰ খায়াম। পিছত তেওঁ উদয় শংকৰৰ দল এৰিছিল আৰু টিমিৰ বৰণে তেওঁৰ অভিনয়ৰ বাবে সংগীত ৰচনা কৰিছিল আৰু তপস সেনে তেওঁৰ প্ৰডাকচনৰ বাবে লাইটিং ডিজাইন কৰিছিল।[4][5]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

জন্ম নাম সাধনা সেন সমাজ সংস্কাৰক তথা ব্ৰাহ্ম সমাজৰ সদস্য কেশৱ চন্দ্ৰ সেনৰ নাতিনী আৰু সৰল সেনৰ কন্যা। পিছলৈ অগ্ৰণী ভূতত্ত্ববিদ আৰু পুৰাতত্ত্ববিদ প্ৰমথ নাথ বসু আৰু শিক্ষাবিদ আৰু কমলা গাৰ্লছ স্কুলৰ প্ৰতিষ্ঠাপক আৰু ৰমেশ চুন্দৰ দত্তৰ কন্যা কমলা দত্তৰ সন্তান চলচ্চিত্ৰ পৰিচালক মধু বসুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷[উদ্ধৃতিৰ প্ৰয়োজন]

১৯৩০ আৰু ১৯৪০ চনত ৰূপালী পৰ্দাৰ এগৰাকী গ্লেমাৰাছ নায়িকা হিচাপে তেওঁ অতি জনপ্ৰিয় আছিল৷ তেওঁৰ কনিষ্ঠ ভগ্নী নাইনা দেৱী (মূল নাম নিলিনা সেন) আছিল এগৰাকী বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁৰ দুগৰাকী পেহীয়েক আছিল পূব ভাৰতৰ দুখন সুপৰিচিত ৰাজ্যৰ মহাৰাণী: কোচ বিহাৰৰ মহাৰাণী সুনীতি দেৱী সেন আৰু ময়ুৰভঞ্জৰ মহাৰাণী সুচাৰু দেৱী

ব্ৰহ্মকেশৰী কেশৱ চন্দ্ৰ সেনৰ নাতিনী সাধনাই এটা সমৃদ্ধিশালী ব্ৰাহ্ম পৰিয়ালত জন্মগ্ৰহণ কৰি সেই সময়ৰ ব্ৰাহ্ম ছোৱালীৰ লগত সাধাৰণ ভাৱেই শিক্ষা লাভ কৰিছিল। তেওঁৰ পিতৃৰ নাম সৰল চন্দ্ৰ সেন আৰু তেওঁৰ তিনিজনী কন্যাৰ ভিতৰত সাধনা দ্বিতীয়। জ্যেষ্ঠ ভগ্নী বেনিতা ৰয়ে চিট্টগঙৰ (বৰ্তমান বাংলাদেশত) ৰাজকীয় পৰিয়ালত বিবাহপাশত আৱদ্ধ হৈ সুগৃহিনী হৈ পৰাৰ বিপৰীতে কনিষ্ঠ নিলিনাই ভাৰতীয় শাস্ত্ৰীয় সংগীতত কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয় আৰু এক বিশিষ্ট পদবী অৰ্জন কৰে আৰু অভিজাত মহলত নেইনা নামেৰে পৰিচিত হয়। সাধনাই কম বয়সতে ব্ৰিটিছ অধিকৃত ভাৰতৰ বংগত কৰ্মৰত চলচ্চিত্ৰ নিৰ্মাতা মধু বসুৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু স্বামী মধু বসুৰ মালিকানাধীন নাট্য কোম্পানী কলিকতা আৰ্ট প্লেয়াৰ্ছত যোগদান কৰে আৰু ইউনিটটোৱে নিৰ্মাণ কৰা নাটকসমূহত নায়িকা হিচাপে অংশগ্ৰহণ কৰে। পিছলৈ সাধনাই চিনেমাত যোগদান কৰে আৰু ভাৰতলক্ষ্মী পিকচাৰ্ছৰ বেনাৰত বাংলা ভাষাত নিৰ্মিত আলিবাবা (১৯৩৭) ছবিখনত মাৰ্জিনাৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিখন অতি হিট আছিল আৰু ছবি অনুৰাগীসকলে ইয়াক ভালদৰে মনত ৰাখিছে। ইয়াৰ পূৰ্বে মধু বসুৱে কেইবাখনো ছবি পৰিচালনা কৰিছিল যদিও আলিবাবাইহে তেওঁক প্ৰকৃত সফলতাৰ সোৱাদ দিছিল। সাধনাৰ বাবে এই ছবিখনৰ অৰ্থ আছিল, বাংলা ছবিৰ ইতিহাসত স্থায়ী স্থান দখল। ইয়াৰ পিছত অভিনয়(বাংলা ভাষা-১৯৩৮) ছবিখন দম্পতীহালৰ আন এক বৃহৎ সফলতা আছিল। তেওঁলোকে বোম্বাইলৈ প্ৰব্ৰজন কৰি পুনৰ ইতিহাসৰ সৃষ্টি কৰে, অসীম জনপ্ৰিয় কুমকুম (১৯৪০), হিন্দী আৰু বাংলা দুটা ভাষাত নিৰ্মিত আৰু তাৰ পিছত ভাৰতৰ প্ৰথমখন তিনিটা ভাষাৰ (ইংৰাজী, বাংলা, হিন্দী) ছবি ৰাজনৰ্তকি (১৯৪১) নিৰ্মাণ কৰে। সাধনাই কলিকতালৈ উভতি আহিছিল ডাবল ভাৰ্চন বাংলা চিনেমা মীনাক্ষী (১৯৪২)ৰ বাবে য'ত নায়ক হিচাপে সুদৰ্শন জ্যোতি প্ৰকাশ আছিল। এই ছবিখন সম্পূৰ্ণ হোৱাৰ পিছত বম্বেলৈ উভতি গৈছিল আৰু তেওঁ শংকৰ পাৰ্বতী, বিষকন্যা, পাইগাম আদি ডাঙৰ ডাঙৰ ছবিত অভিনয় কৰিছিল আৰু স্বামীৰ সমৰ্থন অবিহনে নিজকে নায়িকা হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল..আচলতে সেই সময়ত তেওঁলোকৰ মাজত বিচ্ছেদ হৈছিল কিন্তু মধুৰ সৈতে মিলন ঘটাই পুনৰ কলিকতালৈ আহি পুনৰ স্বামীৰ দ্বাৰা পৰিচালিত শেষেৰ কবিতা আৰু মা ও চেলেৰ দৰে ছবিত অভিনয় কৰি কিছু সীমিত সফলতা লাভ কৰে। সাধনা এগৰাকী উৎকৃষ্ট নৃত্যশিল্পীও আছিল আৰু তেওঁৰ প্ৰায় সকলো ছবিত নৃত্য-পটীয়সী চৰিত্ৰৰ আছিল। তেওঁ আছিল এগৰাকী অতি সুন্দৰ অভিনেত্ৰী আৰু গায়িকাও। প্ৰথম আলিবাবাকে ধৰি কিছুমান ছবিত নিজাকৈ গীত গাইছিল। চলচ্চিত্ৰৰ অফাৰ অতি কম হোৱাৰ লগে লগে তেওঁ নিজাকৈ এটা নৃত্য দল গঠন কৰি উইথাৰ নাউ, হাংগাৰ আদি নাটকৰ সৈতে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি পুনৰ সফলতা লাভ কৰে। আনকি মৃত্যুৰ ঠিক আগতেই তেওঁ কলিকতাৰ প্ৰতিষ্ঠিত ষ্টাৰ থিয়েটাৰত নৃত্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল, তেওঁৰ একালৰ বন্ধু টিমিৰ বৰাণৰ সৌজন্যত। জনপদ বধু নাটকৰ বাবে কনিষ্ঠ শিল্পীক প্ৰশিক্ষণ দি পুনৰবাৰ নাটখনৰ বিজ্ঞাপনত বাতৰি কাকতত তেওঁৰ নাম প্ৰকাশ পাইছিল। অৱশ্যে ১৯৭৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ মৃত্যু হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Shovana feels 'at home' in Lucknow". The Times of India. 9 February 2003. Archived from the original on 16 July 2012. https://archive.today/20120716230027/http://articles.timesofindia.indiatimes.com/2003-02-09/lucknow/27273249_1_kathak-shovana-narayan-lucknow. 
  2. "True to his own light". The Hindu (Chennai, India). 20 August 2006. Archived from the original on 23 August 2006. https://web.archive.org/web/20060823095715/http://www.hindu.com/mag/2006/08/20/stories/2006082000240500.htm. 
  3. "Multifaceted artist". The Hindu (Chennai, India). 2 January 2007. http://www.hindu.com/br/2007/01/02/stories/2007010200751800.htm. 
  4. Projesh Banerji (1983). Indian ballet dancing. Abhinav Publications. পৃষ্ঠা. 138. ISBN 0-391-02716-6. https://archive.org/details/indianballetdanc0000bane. "sadhana bose." 
  5. "TRIBUTE: True to his own light". The Hindu (Chennai, India). 20 August 2006. Archived from the original on 23 August 2006. https://web.archive.org/web/20060823095715/http://www.hindu.com/mag/2006/08/20/stories/2006082000240500.htm.