হাংগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Sharks
জীৱাশ্ম কাল: Silurian–Recent
Grey reef shark
Grey reef shark (Carcharhinus amblyrhynchos)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Chondrichthyes
উপশ্ৰেণী: Elasmobranchii
মহাবৰ্গ: Selachimorpha

হাংগৰ (ইংৰাজী: Shark) হ'ল সাগৰৰ প্ৰাণী৷ হাংগৰবোৰ অতি ভয়ানক আৰু সেইবাবে সিহঁতক দানৱ আখ্যাও দিয়া হয়৷ হাংগৰ থাকে সাগৰ-মহাসাগৰত৷ সাগৰত ২৫০ বিধমান হাংগৰ পোৱা যায়৷ সিঁহতৰ আকাৰ আৰু ৰং বেলেগ বেলেগ৷ আটাইতকৈ ডাঙৰ আকাৰৰ হাংগৰবোৰ ১৬ মিটাৰমান ডাঙৰ আৰু ১২০০ কিল'গ্ৰাম মানলৈকে ওজন হয়৷ আটাইতকৈ সৰু হাংগৰবিধ মাত্ৰ ৩০ চেণ্টিমিটাৰ দীঘল৷ [1]

প্ৰকাৰ[সম্পাদনা কৰক]

টাইগাৰ হাংগৰ,হোমাৰহেড ছাৰ্ক,এলিফেণ্ট ছাৰ্ক,মাকো ছাৰ্ক,হোৱাই ছাৰ্ক ইত্যাদি৷

আকৃতি[সম্পাদনা কৰক]

Drawing of a shark labeling major anatomical features, including mouth, snout, nostril, eye, spiracle, dorsal fin spine, caudal keel, clasper, labial furrows, gill openings, precaudal pit and fins: first and second dorsal, anal, pectoral, caudal and pelvic
General anatomical features of sharks

হাংগৰৰ নাক জোঙা আৰু মুখখন ডাঙৰ৷ দাঁতবোৰ চোকা আৰু কেবাপাৰিকৈ থাকে৷ সিহঁতৰ ঘ্ৰাণশক্তি প্ৰখৰ৷ শ্ৰৱণ শক্তিও সমানে তীব্ৰ৷ কেইবিধমান হাংগৰহে নৰখাদক৷ যেনে - হোৱাই ছাৰ্ক৷ ইহঁত ৩৬ ফুট দীঘল আৰু ৪ টন ওজনৰ হয়৷


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. বেণু ৱাৰিয়াথ (ফেব্ৰুৱাৰি ২০০৬). "সাগৰৰ দানৱ". নতুন আৱিষ্কাৰ (২য় সংখ্যা): পৃষ্ঠা ২০. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]