হিণ্ডূৰী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Northern Indo-Aryan
Pahari
ভৌগোলিক
বিস্তৃতি:
Nepal and north-western India
ভাষাৰ শ্ৰেণীবিভাজন: Indo-European
উপশ্ৰেণীসমূহ:

হিণ্ডূৰী (বা হণ্ডূৰী) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰ এটি উপ-গোট।[1] এই ভাষা মুখ্যতঃ ভাৰতহিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়।

ভাৰত উপমহাদেশৰ মুখ্য ভাৰতীয়-আৰ্য ভাষাসমূহ

লিপি[সম্পাদনা কৰক]

গ্ৰিয়েৰ্ছনৰ কিতাপত (১৯১৬) পৰা হণ্ডূৰী ভাষাৰ উদাহৰণ হিচাপে প্ৰদৰ্শিত লিখনি[2]

স্থিতি[সম্পাদনা কৰক]

এই ভাষাক প্ৰায় পাহাড়ী বা হিমাচলী বুলিও অভিহিত কৰা হয়। কোনো কোনোৱে ইয়াক পাঞ্জাবী বা ডোগৰী ভাষাৰ উপ-ভাষাও গণ্য কৰে। ইউনেস্ক'ৰ মতে, এই ভাষা বিষমভাৱে লুপ্তপ্ৰায় শাখাৰ অন্তৰ্ভুক্ত, যাৰ অৰ্থ হ'ল এই ভাষা কোৱা আতাইতকৈ কম বয়সীয়া লোক বৰ্তমাতে ককাক-বা আইতাক আৰু তেওঁলোকেও কেতিয়াবা কেতিয়াবাহে বা আংশিকভাৱেহে এই ভাষা কয়।[3]

২০১০ চনত হিমাচল প্ৰদেশবিধান সভাত এই দাবী তুলি ধৰা হৈছিল যে ভাৰতৰ সংবিধানঅষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰা উচিত, যি কেইবাটাও হিমাচলী পাহাড়ী ভাষাক একেলগে প্ৰতিনিধিত্ব কৰিব।[4] তাৰ পাছত এই দিশত কোনো কথা আগবঢ়া দেখা যোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষাক বচোৱাৰ চেষ্টা চলাই আহিছে।[5] ৰাজনৈতিক কাৰণত এই ভাষাক বৰ্তমানে হিন্দী ভাষাৰ উপ-ভাষা বুলি নথিভুক্ত কৰা হয়, যদিও হিন্দীভাষী আৰু হিণ্ডূৰীভাষী লোকে সহজে ইজনে সিজনৰ কথা বুজিব নোৱাৰে।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]