১৯৬২ (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৯৬২  
লেখক মৃণাল তালুকদাৰ
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধ
প্ৰকাশক নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু ভৱানী বুক্‌ছ
প্ৰকাশ ছেপ্তেম্বৰ, ২০১৩ চন

১৯৬২ সাংবাদিক মৃণাল তালুকদাৰে ৰচনা কৰা এখন গ্ৰন্থ। ২০১৩ চনৰ ছেপ্তেম্বৰ মাহত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল।[1] লিখকে একেলগে ভূগোল, বুৰঞ্জী আৰু ভ্ৰমণৰ বিৱৰণৰ যোগেদি গ্ৰন্থখনত ১৯৬২ৰ ভাৰত-চীনৰ যুদ্ধৰ কথা বৰ্ণনা কৰিছে। ইতিপূৰ্বে অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া সংযোজন সম্ভাৰত ১৯৬২ কিতাপখন খণ্ড খণ্ডকৈ প্ৰকাশ হৈ গৈছে।

অধ্যায়[সম্পাদনা কৰক]

সমগ্ৰ কাহিনীৰাজীক সৰ্বমুঠ ২৭ টা ভাগত বিভক্ত কৰিছে লেখকে। প্ৰতিটো খণ্ডই উন্মোচন কৰি গৈছে ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধৰ আঁৰৰ সত্য কি আছিল।[1] ভাগসমূহ হ’ল -

  • সত্য কি!
  • কাৰ ভুল!
  • সীমান্তৰ মাদকতা
  • ক’ত আছে ৰিমা
  • মেজৰ বব খাটিং
  • এটা শিল আৰু বুমলা
  • কোন সাম্ৰাজ্যবাদী
  • হিন্দী-চিনী ভাই ভাই
  • দালাই লামাৰ পলায়ন
  • অন্ধ আৱেগ
  • বুমলা বহুদূৰ
  • চিংফৌ আৰু মিচিমি
  • বৰ ভূঁইকঁপ
  • লোহিতৰ পাৰে পাৰে
  • বৰফৰ মাজত চেলা
  • ফৰৱাৰ্ড পলিচী
  • অপাৰেচন লেগহৰ্ন
  • দা হাম্প
  • ইয়াতেই শেষ হিমালয়
  • ধ্বংস হৈ গ’ল এটা ব্ৰিগেড
  • কিবিথো দখল
  • যুদ্ধবন্দী ব্ৰিগেডিয়াৰ ডালভি
  • নেহৰুৰ জন্মদিনৰ উপহাৰ
  • ঘূৰি নাহিল ৮৩২ জন
  • বমডিলাৰ পতন,
  • পৰাজয় সম্পূৰ্ণ
  • যুদ্ধবিৰতি
  • পৰিশিষ্ট।

প্ৰকাশ[সম্পাদনা কৰক]

১৯৬২ গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল ২০১৩ চনৰ ছেপ্তম্বৰ মাহত। ইয়াৰ পূৰ্বে অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া সংযোজন সম্ভাৰত গ্ৰন্থখন খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]