২০১২
অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০১২ খ্ৰীষ্টাব্দ ৰোমান সংখ্যাৰ (MMXII) এটা অধিবৰ্ষ । ইয়াৰ প্ৰথম দিনটো আছিল দেওঁবাৰ। গ্ৰেগৰিয়ান পঞ্জিকা অনুসৰি এইটো ২০১২তম বৰ্ষৰ সাধাৰণ যোগ তথা এনো ডোমিনি আৰু ২১শ শতাব্দীৰ ১২তম বৰ্ষ।
এই বৰ্ষটো এলান ট্যুৰিং বছৰ হিচাপে নামাঙ্কিত কৰা হৈছে।[1] ২০১২ বৰ্ষটোৰ বাবে বিভিন্ন সভ্যতা (মায়া, ইনকা) আৰু মানুহে (নষ্ট্ৰাদমাছ) ভবিষ্যৎবাণী কৰিছে।
সূচী |
পূৰ্বঘোষিত তথা নিৰ্ধাৰিত ঘটনাৱলী[সম্পাদনা কৰক]
জানুৱাৰী[সম্পাদনা কৰক]
- ১৩ - ২২ জানুৱাৰী – অষ্ট্ৰিয়াৰ ইনচব্ৰাকত প্ৰথম শীতকালীন যুৱ অলিম্পিক অনুষ্ঠিত হয়।
- ২০ জানুৱাৰি -- ইটা জেমছৰ মৃত্যু, তেওঁ আমাৰিকান গায়ক । (জন্ম ১৯৩৮)
- ২৩ জানুৱাৰী – ইৰান-ইউৰোপ ইউনিয়নৰ সম্পৰ্ক অৱনতি।
ফেব্ৰুৱাৰী[সম্পাদনা কৰক]
- ৬ ফেব্ৰুৱাৰী – যুক্তৰাজ্য আৰু কমনৱেলথত ৰাণী এলিজাবেথৰ ৰাজত্বৰ ৬০ তম বাৰ্ষিকী উপলক্ষে সোনালী জয়ন্তী পালন।
- ১৫ ফেব্ৰুৱাৰী – কামায়াগুা হণ্ডাজৰ এখন কাৰাগাৰত জুই লগাৰ বাবে ৩৬০ জন লোকৰ মৃত্যু ঘটে।
মাৰ্চ[সম্পাদনা কৰক]
- ১৩ মাৰ্চ – প্ৰথম প্ৰকাশৰ ২৪৪ বছৰৰ পিছত এনচাইক্ল’পেডিয়া ব্ৰিটেনিকাৰ ছপা সংস্কৰণ বন্ধ কৰে ।
- ২২ মাৰ্চ – যদি ইউৰোপীয়ান কাউঞ্চিলে বৰ্তমান স্বতাধিকাৰ আইন সম্প্ৰসাৰণৰ সপক্ষে মতদান নকৰে তেতিয়া দা ব্ৰেৰ্টলিৰ প্ৰথম “এলবাম প্লীজ প্লীজ মি” ৰ স্বতাধিকাৰ ম্যাদ শেষ হ'ব।[2]
এপ্ৰিল[সম্পাদনা কৰক]
- ৭ এপ্ৰিল -- আমেৰিকান সাংবাদিক মাইক ৱালেঞ্চ ৰ মৃত্যু । (জন্ম ১৯১৮)
- ১৭ এপ্ৰিল – ৫০ বছৰ পিছত ৰিপাব্লিক অফ কোৰিয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধকালীন সামৰীক নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰিব তথা সংযুক্ত সেৱা কমাণ্ড ভংগ কৰিব।
মে'[সম্পাদনা কৰক]
- ২০ মে – দেওবাৰ, বলয়গ্ৰহ সূৰ্য্যগ্ৰহণ।
- ১২ মে'ৰ পৰা ১২ আগষ্ট ২০১২লৈ ৱৰ্ল্ড এক্সপ' অনুস্থিত হৈছিল যুছু, দক্ষিন কোৰিয়াত।
জুন[সম্পাদনা কৰক]
জুলাই[সম্পাদনা কৰক]
- ১৮-২১ জুলাই – ২০১২ বিশ্ব ৰ'য়িং চেম্পিয়নশ্বিপ, প্লভদিভত অনুস্থিত হয় ।
আগষ্ট[সম্পাদনা কৰক]
- ১২ আগষ্ট – দেওবাৰ, লণ্ডন গ্ৰীষ্মকালীন অলিম্পিকৰ সমাপ্তি ঘটে।
- ২৫ আগষ্ট -- নীল_আৰ্মষ্ট্ৰংৰ মৃত্যু (১৯৩০ চনত জন্ম)
- ২৯ আগষ্ট – ২০১২ গ্ৰীষ্মকালীন পাৰাঅলিম্পিকৰ আৰম্ভ হয়।[4]
ছেপ্তেম্বৰ[সম্পাদনা কৰক]
- ১ ছেপ্তেম্বৰ -- মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গীতিকাৰ হল ডেভিডৰ মৃত্যু হয় । (জন্ম ১৯২১)
অক্টোবৰ[সম্পাদনা কৰক]
| এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
নৱেম্বৰ[সম্পাদনা কৰক]
- ৬ নৱেম্ভৰ – মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু হাউছ অফ ৰিপ্ৰেজেন্টেচনৰ নিৰ্বাচন ।
- ১৩ নৱেম্বৰ – পূৰ্ণ গ্ৰাস সূৰ্য্যগ্ৰহণ (অষ্ট্ৰেলিয়া আৰু দক্ষিণ প্ৰিফিক্সত দেখা পোৱা যাব)।
- ২৮ নৱেম্বৰ – আংশিক চন্দ্ৰগ্ৰহণ ।
ডিচেম্বৰ[সম্পাদনা কৰক]
- ২১ ডিচেম্বৰ – ১১:১১ UTC উত্তৰ গোলাৰ্ধত মকৰ ক্ৰান্তি আৰু দক্ষিন গোলাৰ্ধত কৰ্কট ক্ৰান্তি হ'বগৈ।[5]
- ৩১ ডিচেম্বৰ – কয়'ট' প্ৰটোকলৰ ম্যাদ শেষ হ'ব।
ধৰ্মীয় ছুটিৰ দিন[সম্পাদনা কৰক]
- ৭ জানুৱাৰী – জুলিয়ান পঞ্জিকা মতে বৰদিন ।
- ১ ফ্ৰেব্ৰুৱাৰী – ইমবল্ক. এটা ক্ৰছ কোৱাৰ্টাৰ দিন ।
- ৮ মাৰ্চ – হোলি (ফাকুৱা)
- ২০ মাৰ্চ – মহা বিষুৱ
- ১ এপ্ৰিল – ৰাম নৱমী
- ৬ এপ্ৰিল – হনুমান জয়ন্তী
- ২ আগষ্ট – ৰাখী বন্ধন
- ১০ আগষ্ট – জন্মাষ্টমী
- ২৪ অক্টোবৰ – বিজয়া দশমী
- ১৩ নৱেম্বৰ – দেৱালী
- ২৫ ডিচেম্বৰ – বৰদিন
তথ্যসংগ্ৰহ[সম্পাদনা কৰক]
- ↑ www.turingcentenary.eu, আহৰণ: ১৯-১০-২০১২
- ↑ news.bbc.co.uk, আহৰণ: ১৯-১০-২০১২
- ↑ হোমপেজ - লণ্ডন ২০১২
- ↑ "London 2012". London 2012. http://www.london2012.com/. Retrieved 2010-08-09.
- ↑ Earth's Seasons: Equinoxes, Solstices, Perihelion, and Aphelion, 2000-2020