ফাকুৱা
| ফাকুৱা | |
|---|---|
ৰাধা আৰু অন্যান্য গোপীসকলৰ লগত ফাকুৱা খেলা অৱস্থাত কৃষ্ণ |
|
| অন্য নাম | দৌলযাত্ৰা, দৌলপূ্ৰ্ণিমা, বসন্তোৎসৱ, হোলি, ফল্গুত্সৱ |
| পালন কৰে | ভাৰতীয় (হিন্দু, শিখ, বৌদ্ধ, জৈন) আৰু নেপালী |
| আৰম্ভ হয় | ফাগুনী পূ্ৰ্ণিমা |
| তাৰিখ | ফাগুন (ফেব্ৰুৱাৰী-মাৰ্চ) |
| উৎসৱ | ৩ - ১৬ দিন |
ফাকুৱা (ইংৰাজী: Holi, হিন্দী: होली) ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ৷ ফাকুৱাক দৌলোত্সৱ, ফল্গুত্সৱ, ফাগুৱা, ফাকু, মদনোত্সৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷ এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ৷ হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়৷ ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে৷[1]
সূচী |
পৌৰাণিক আখ্যান [সম্পাদনা কৰক]
পোৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে৷ আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল৷ কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যত বিলীন হৈ আছিল৷ তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল৷ মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে৷ তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়৷ কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে৷[1]
আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলীকাক নিৰ্দেশ দিছিল৷ হোলীকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল৷ হোলীকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে৷ প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলীকাক স্মৰণ কৰিব৷ এই হোলীকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি৷ সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলীকাক দাহ কৰা হয়৷[1]
উৎসৱৰ বিৱৰণ [সম্পাদনা কৰক]
ভাৰতৰ বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে৷ উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে৷ ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাকুগুৰি আৰু ফুলেৰে সজাই তোলে৷[1]
অসমৰ দৌল উৎসৱ [সম্পাদনা কৰক]
ফাকুৱাৰ লগত জড়িত অসমৰ উৎসৱক "ফল্গুৎসৱ" বা "দৌল উৎসৱ" বোলা হয়৷ বৰপেটাত দৌলোত্সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়।
অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে৷ এই ফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়৷ অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল৷ দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত৷ সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে৷ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ'ল বৰপেটাৰ দৌল উৎসৱ৷[2]
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘ফাকুৱা’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ৰঙৰ উৎসৱ ফাকুৱা, লেখক কুশল হালৈ
- ফাকুৱা বিষয়ে অডিপি (মুক্ত নিৰ্দেশিকা প্ৰকল্প)ত থকা তথ্য
- The Spiritual Significance of Holi
- Holi in pictures from B.B.C.
- 27 Big and Colorful Photos of Holi
- Holi - the festival of colours
- Holi
- Best Holi Quotes
|
||||||||||||||||||||