মকৰ সংক্ৰান্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মকৰ সংক্ৰান্তি
অন্য নাম উত্তৰায়ণ
সংক্ৰান্তি
মাঘ
মকৰ সংক্ৰান্তি
মেলা
মাঘী
ঘূঘূটী
ভূগী
প্ৰকাৰ ধৰ্মীয় আৰু সাংস্কৃতিক, শস্য চপোঁৱাৰ উৎসৱ, দীঘলীয়া দিনৰ আমন্ত্ৰণ, সূৰ্য দেৱতালৈ ভক্তি
আৰম্ভ হয় জানুৱাৰী ১৩ বা ১৪
তাৰিখ জানুৱাৰী ১৪ বা ১৫ (হিন্দু দিনপঞ্জীকাৰ ওপৰত ভিত্ত্বি কৰি)
উদযাপন চিলা উৰুওৱা, অগ্নিপূজা, মেলা, নদীত সূৰ্য দেৱৰ পূজা , ভোজ,চিত্ৰাঙ্কন, নৃত্য গীত, গো-পূজা
সম্পৰ্কিত পুঙ্গল, মাঘী সংক্ৰান্তি, মাঘ বিহু , মাঘী , তুষু উৎসৱ
অৱধি 3-4 days
সংঘটন বছেৰেকীয়া
হিন্দু ধৰ্ম
হিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     


মকৰ সংক্ৰান্তি উৎসৱক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে জনা যায়। মহাৰাষ্ট্ৰত মকৰ সংক্ৰান্ত (मकरसंक्रांत), অসমমাঘ বিহু, অন্য ৰাজ্যসমূহত উত্তৰায়ণ, মাঘী আৰু বাংলাদেশপৌষ সংক্ৰান্তি বোলা হয়। মকৰ সংক্ৰান্তি উৎসৱ হিন্দু দিনপঞ্জীত সূৰ্য দেৱতাক উৎসৰ্গি কৰা এটা উৎসৱ।[1][2] অসমীয়া মাঘ মাহ আৰু ইংৰাজীৰ জানুৱাৰী মাহত প্ৰতি বছৰে যেতিয়া সূৰ্য মকৰ ৰাশিত সোমায় তেতিয়া ইয়াক পালন কৰা হয়। এইটো দিনত সূৰ্য মকৰ ৰাশিত অন্তৰ্ভুক্ত হয় আৰু শীতৰ চুটি দিনবোৰৰ পৰা দীঘলীয়া দিনবিলাকৰ আৰম্ভ হয়। ভাৰতবৰ্ষৰ পুৰণি উৎসৱবোৰৰ ভিতৰত মকৰ সংক্ৰান্তিও মাত্ৰ কেইটামান উৎসৱৰ ভিতৰত পৰে যিটো সৌৰচক্ৰ অনুসাৰে পালন কৰা হয়।[3]অন্য প্ৰায়বিলাক উৎসৱ চন্দ্ৰচক্ৰৰ অনুসাৰেহে পালন কৰা হয়। মকৰ সংক্ৰান্তি সাধাৰণতে প্ৰতি বছৰে জানুৱাৰীৰ ১৪ বা ১৫ তাৰিখত পৰে ।

মকৰ সংক্ৰান্তি সামাজিক ভাৱে একেলগে মিলি উৎযাপন কৰা এটি উৎসৱ । বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে মকৰ সংক্ৰান্তি পলন কৰে । কোনোৱে ঘৰবিলাক সজায়, কোনোৱে জুই ধৰি নৃত্য গীত কৰি একেলগে ভোজ ভাত খায়, বা কন কন লৰা ছোৱালীয়ে মানুহৰ ঘৰলৈ গৈ উপহাৰ লয়, বা ৰং-বিৰঙৰ চিলা উৰুৱায়। মকৰ সংক্ৰান্তিক ভাৰতবৰ্ষত বিভিন্ন প্ৰদেশত বিভিন্ন নামেৰে জনা যায় । অসমত মাঘ বিহু, পঞ্জাৱ,হাৰিয়ানা আৰু হিমাচল প্ৰদেশত, মধ্য ভাৰতত চুকাৰত, তামিলনাডুত পুঙ্গল; গুজৰাট, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত উত্তৰায়ণ ; উৰিষ্যা, মহাৰাষ্ট্ৰ, গোৱা আৰু পশ্চিম বঙ্গত মকৰ সংক্ৰান্তি বোলা হয় ।

মহাৰাষ্ট্ৰ[সম্পাদনা কৰক]

মহাৰাষ্ট্ৰত মকৰ সংক্ৰান্তিৰ দিনা ইজনে সিজনক তিল-গুৰৰ লাৰু, বৰ্ফি বা হালুৱা দি " তিল-গুৰ লোৱা আৰু মিঠা কথা কোৱা' বুলি কোৱাৰ প্ৰথা আছে ।[4]এই বিষেশ দিনটোত গুৰ আৰু বুটৰ দাইলেৰে বনুৱা ৰুটি যাক পুৰণ পুৰি বা গুৰৰ পুৰি বোলা হয় হেই পুৰি অন্য ব্যঞ্জনৰ লগত খোৱা হয় ।বিবাহিতা মহিলাই পৰিয়ালৰ বিবাহিতা মহিলা বা বিবাহিতা বান্ধবীসকলক মাতি কপালত সেন্দুৰৰ ফুট দিয়ে আৰু সৰু উপহাৰ দি তিল-গুৰেৰে বনুৱা লাৰু বা বৰ্ফি দিয়ে ।ইয়াক হালধী-কুমকুম বোলা হয়। মহিলাসকলে এই দিনটোত ক'লা ৰঙৰ কাপোৰ পিন্ধে । নতুন শিশুকো ক'লা কাপোৰ পিন্ধায় । মকৰ সংক্ৰান্তি ঠাণ্ডাৰ দিনত হোৱা বাবেও শৰীৰৰ গৰম ধৰি ৰাখিবৰ বাবেও ক'লা ৰঙৰ কাপোৰ পিন্ধে । মকৰ সংক্ৰান্তত কন কন শিশুক চেনিৰে বনুৱা মুকুত আৰু গহনা পিন্ধাই মুৰি মূৰত ধালি গা ধুৱায় আৰু অন্য লৰা ছোৱালীকো মাতি সৰু সৰু উপহাৰ দিয়ে ।

চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]