অশোকাষ্টমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অশোকাষ্টমী
সম্পূৰ্ণ নাম অশোকাষ্টমী
অন্য নাম শুদ্ধি, শুদ্ধি স্নান
পালন কৰে হিন্দুসকলে
প্ৰকাৰ হিন্দুধৰ্মৰ ধাৰ্মিক উৎসৱ
আৰম্ভ হয় চ'ত মাহৰ শুক্লা অষ্টমী তিথি
তাৰিখ চ'ত মাহ (অসমীয়া), মাৰ্চ-এপ্ৰিল মাহ
আচাৰ স্নান, পূজা, মেলা, অস্থি বিসৰ্জন
অৱধি এদিন

অশোকাষ্টমী বা অশোকা অষ্টমী চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে। সেইদিনা ব্ৰহ্মপুত্ৰত স্নান (শুদ্ধিস্নান) আৰু তৰ্পণ কৰিলে অক্ষয় পুণ্য লাভ হোৱাৰ লগতে শোক নিবাৰণ হয় বুলি বিশ্বাস কৰা হয়। সেয়ে এই তিথিৰ নাম অশোকাষ্টমী। এই তিথিৰ দিনটোত ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলঘাট, শুৱালকুছি, ডিব্ৰুগড় আদি ঠাইত শুদ্ধিস্নান কৰিবলৈ অগণন ভক্তৰ সমাবেশ ঘটে। গুৱাহাটী অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাটতো এই তিথিত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।

অশোকাষ্টমী সম্পৰ্কে প্ৰচলিত কিংবদন্তী[সম্পাদনা কৰক]

পৌৰাণিক আখ্যান অনুসৰি ব্ৰহ্মপুত্ৰই এবাৰ অশোক মুনিৰ আশ্ৰম বুৰাই পেলাইছিল। ব্ৰহ্মপুত্ৰৰ এনে কাৰ্যত মুনি খঙত অগ্নিশৰ্মা হয় আৰু ব্ৰহ্মপুত্ৰক অপৱিত্ৰ হ’বলৈ অভিশাপ দিয়ে। কিন্তু ব্ৰহ্মপুত্ৰৰ কাতৰ মিনতিত মুনি সন্তুষ্টহৈ ক’লে যে ‘বছৰৰ এটা দিনত তই পৱিত্ৰ হৈ তীৰ্থৰ মৰ্যাদা লাভ কৰিবি”। অশোক মুনিৰ নামেৰে সেই দিনটোৱেই অশোকাষ্টমী বুলি জনা যায়। আন এক আখ্যান মতে পৰশুৰামে ব্ৰহ্মপুত্ৰক ব্ৰহ্মকুণ্ড বা মানস সৰোবৰৰ পৰা বোৱাই আনি কামাখ্যা ধাম পোৱাইছিলহি। পৰশুৰামে ব্ৰহ্মপুত্ৰক খন্তেক ৰ’বলৈ কৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়। কিন্তু মন্দিৰ দৰ্শন কৰি আহি দেখে যে ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই কথাতে খঙত অগ্নিশৰ্মা হৈ পৰশুৰামে “তোৰ পাৰত কোনো তীৰ্থ নঘটক” বুলি অভিশাপ দিয়ে। পিছত ব্ৰহ্মপুত্ৰৰ অলেখ কাকূতি মিনতিত পৰশুৰামে দয়াপৰবশ হৈ ক’লে “বছৰৰ এটা দিন, চ’ত মাহৰ বাসন্তী অৰ্থাৎ অশোকাৰ (দুৰ্গা) অষ্টমী পূজাত (অশোকা+অষ্টমী=অশোকাষ্টমী) তই বিশেষভাৱে তীৰ্থৰ মাহাত্ম্য লাভ কৰিবি। দেৱী অশোকাৰ নামেৰে এই তিথিৰ নাম অশোকাষ্টমী। অন্য এক জনশ্ৰুতি মতে এই দিনটোতে ৰামায়ণত দেৱী সীতাৰ জন্ম হৈছিল আৰু সেয়ে এই তিথিক সীতাষ্টমী নামেৰেও জনা যায়।[1] প্ৰবাদ মতে এইদিন গংগা নদীৰ পানী উজাই আহি ব্ৰহ্মপুত্ৰৰ পানী পৱিত্ৰ কৰে বুলি কোৱা হয়। এইদিনা ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাস্নানৰ পুণ্য লাভ হয় বুলি বিশ্বাস আছে। কিছুমান ঠাইত মানুহে নদীত অস্থিভস্মও বিসৰ্জন দিয়ে।

তথ্য সংগ্ৰহ:[সম্পাদনা কৰক]

  1. শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, সংখ্যা: ১৬-৩১ মাৰ্চ, ২০১৫