অলিম্পিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অলিম্পিক
Olympic rings with transparent rims.svg
খেলসমূহ

আধুনিক অলিম্পিক (ফৰাছী: les Jeux olympiques ইংৰাজী: Olympics Games[1]) হৈছে বৰ্তমান বিশ্বত অনুষ্ঠিত সৰ্ববৃহত অনুষ্ঠান সমূহৰ এটা। অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দূটা ভাগত ভাগ কৰা হয়, অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে। অলিম্পিকক বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য কৰা হয়[2]। বৰ্তমান অলিম্পিক দূবছৰৰ মূৰত অনুষ্ঠিত হয়, এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ পাছত পাছৰখন শীতকালীন অলিম্পিক অনুষ্ঠিত হয়, অৰ্থাৎ দুখন গ্ৰীষ্মকালীন বা দুখন শীতকালীন অলিম্পিকৰ মাজৰ অন্তৰ চাৰি বছৰ। খ্ৰীষ্ট পূৰব ৪ৰ্থ শতিকাত প্ৰাচীন গ্ৰীচৰ অলিম্পিয়া চহৰত অনুষ্ঠিত হোৱা প্ৰাচীন অলিম্পিকৰ ধাৰণাৰেই আধুনিক অলিম্পিক আৰম্ভ কৰা হয়। বাৰ’ন পীয়েৰ ডে কুৱাৰ্টিনে ১৮৯৪ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (IOC) গঠন কৰে। তেতিয়াৰে পৰা IOC’য়ে আধুনিক অলিম্পিকৰ আয়োজন কৰি আহিছে।

বিংশ আৰু একবিংশ শতিকাৰ মাজেদি আহোঁতে আধুনিক অলিম্পিকৰ বহুবোৰ পৰিৱৰ্তন হ’ল, এইবোৰৰ ভিতৰত শীত্কালত খেলা খেলসমূহ আৰু বৰফৰ খেলসমূহৰ বাবে শীত্কালীন অলিম্পিক, শৰিৰিক ভাবে অক্ষম লোক সকলৰ বাবে পাৰা অলিম্পিক আৰু চেমনীয়া সকলৰ বাবে যুৱ অলিম্পিক খেলৰ আধুনিক অলিম্পিকত অন্তৰ্ভূক্তি ঊল্লেখযোগ্য। তাৰোপৰি বিংশ শতিকাত IOCয়ে বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক আৰু কাৰিকৰী সত্যৰ লগত নিজকে খা খুৱাই ল’ব লগা হ’ল। ফলত অলিম্পিক ক্ৰীড়া কেৱল খেলুৱৈৰ হবি পূৰণৰ স্থলী হৈ নাথাকিল, পেচাগত খেলুৱৈৰ আগমন ঘটিল আধুনিক অলিম্পিকত। ১৯১৬, ১৯৪৯ আৰু ১৯৪৪ চনত বিশ্বযুদ্ধৰ বাবে অলিম্পিক অনুষ্ঠিত নহ’ল। ১৯৮০ আৰু ১৯৮৪ চনত শীতল যুদ্ধ (Cold War ৰ বাবে বহুতো দেশে অলিম্পিক বৰ্জন কৰে।

একোখন অলিম্পিকত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহ (IFs), ৰাষ্ট্ৰীয় অলিম্পিক কমিতিসমূহ (NOCs) আৰু সেইখন অলিম্পিকৰ আয়োজক সমিতি প্ৰধানকৈ জড়িত থাকে। সিদ্ধান্ত গ্ৰহণকাৰী সন্থা হিচাপে IOCয়েই প্ৰতিখন অলিম্পিকৰ বাবে আয়োজনস্থলী (দেশ আৰু চহৰ) চিনাক্ত কৰে। আয়োজক চহৰ খন অলিম্পিক খেলসমূহৰ নিয়ম অনুসৰি অৰ্থসংগ্ৰহ আৰু আয়োজনৰ বাবে দায়বদ্ধ হয়। প্ৰতিখন অলিম্পিকত খেলাবলগীয়া খেলসমূহৰ সূচীও IOC'য়ে প্ৰস্তুত কৰে। অলিম্পিকৰ আয়োজনৰ কেতবোৰ ঊল্লেখযোগ্য অংগ হৈছে অলিম্পিক শিখা দৌৰ আৰু প্ৰজ্বলন, অলিম্পিকৰ পতাকা, অলিম্পিকৰ উদ্বোধণী আৰু সমৰণি অনুষ্ঠান ইত্যাদি। গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিকত প্ৰায় ১৩,০০০ ক্ৰীড়াবিদে ৩৩বিধ খেলৰ প্ৰায় ৪০০ শাখা (ইভেন্ট)ত ভাগ লয়। প্ৰতিটো শাখাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান পোৱা প্ৰতিযোগীক ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে অলিম্পিকত পুৰষ্কৃত কৰা হয়।


বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশেই অলিম্পিকত ভাগ লয়। ই অলিম্পিক খেলসমূহ তীব্ৰ প্ৰতিদ্বন্দীতামূলক কৰি তোলাৰ লগতে আন কিছুমান প্ৰত্যহ্বানৰো সৃষ্টি কৰিছে যেনে বিতৰ্ক, খেলুৱৈৰ ড্ৰাগচৰ ব্যৱহাৰ (ড’পিং), সন্ত্ৰাসবাদীৰ পৰা ভয় ইত্যাদি। প্ৰত্যেক দূবছৰৰ মূৰত অনুষ্ঠিত এই প্ৰতিযোগীতাই বহুতো অখ্যাত খেলুৱৈক ৰাষ্ট্ৰীয় আৰু বহুক্ষেত্ৰত আন্তঃজাৰ্তিক ক্ষেত্ৰত জনপ্ৰিয় কৰি তোলে। তাৰোপৰি অলিম্পিকে আয়োজক দেশ আৰু চহৰখনক নিজকে বিশ্বৰ আগত প্ৰদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰে।

সূচী

প্ৰাচীন অলিম্পিক[সম্পাদনা কৰক]

গ্ৰীচৰ অলিম্পিয়া ষ্টেডিয়াম

প্ৰাচীন গ্ৰীচত গ্ৰীক দেৱতা জিউচ সন্মানাৰ্থে সেইসময়ৰ গ্ৰীচৰ চহৰ-প্ৰদেশ আৰু ৰাজ্যসমূহৰ অংশগ্ৰহণেৰে, অলিম্পিয়া (Olympia) নামে ঠাইত অনুষ্ঠিত কৰা এক ধৰ্মীয় তথা ক্ৰীড়া উৎসৱকে অলিম্পিক বুলি জনা যায়। এই উৎসৱত প্ৰধানকৈ এথেলেটিকচহে খেলা হৈছিল যদিও যুঁজ বাগৰ আৰু ৰথচালনা আদিৰ প্ৰতিযোগীতাও হৈছিল। সেই ক্ৰীড়া ত অংশ লোৱা চহৰ-প্ৰদেশ বিলাকৰ মাজৰ অভ্যন্তৰীণ যুদ্ধ বিগ্ৰহ খেল শেষ নোহোৱালৈকে স্থগিত ৰখা হৈছিল।[3] প্ৰাচীন অলিম্পিকৰ আৰম্ভনি ৰহস্য আৰু লোককথাৰ কুঁৱলীৰে আবৃত.[4] তেনে এক জনপ্ৰিয় লোককথাৰ মতে হাৰ্কিউলিচ আৰু তেঁওৰ পিতৃ জিউচ এই অলিম্পিকৰ জন্মদাতা।[5][6][7] লোককথাটিৰ মতে হাৰ্কিউলিচেই এই খেল-উৎসৱৰ নাম “ অলিম্পিক" ৰাখে আৰু চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰাৰ পৰম্পৰাৰ অৰম্ভনি কৰে।[8] হাৰ্কিউলিচে তেঁওৰ ‘বাৰটা কঠিন কাম’(twelve labors) সম্পন্ন কৰি উঠাৰ পাছত জিউচৰ সন্মানাৰ্থে ‘অলিম্পিক ষ্টেডিয়াম (Olympic Stadium)’ নিৰ্মান কৰে। এই কাম সম্পূৰ্ণ হোৱাৰ লগে হাৰ্কিউলিচে পোনে পোনে ২০০ খোজ আগবাঢ়ে আৰু অতিক্ৰম কৰা দুৰত্ব খিনিক এক ‘ ‍ষ্টেডিঅ’ন’" (stadion)" বুলি নামাকৰণ কৰে, পিছলৈ এই ষ্টেডিঅ’ন দুৰত্বৰ এক একক হিচাপে পৰিগণিত হয়। আন এটা লোককথাই এই খেল উৎসৱক প্ৰাচীন গ্ৰীচৰ ‘অলিম্পিক যুদ্ধবিৰতি’ৰ ধাৰণাৰ লগত সন্বিবিষ্ট কৰিব খোজে।[9] সি যি কি নহওক, অলিম্পকৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৭৭৬ ত হোৱা বুলি মানি লোৱা হয়;এই ধাৰণাৰ মূলতে অলিম্পিয়াত পোৱা এখন শিলালিপি য’ত খ্ৰীষ্টপূৰ্ব ৭৭৬ ত আৰম্ভ হৈ, প্ৰতি ৪ বছৰৰ মূৰে মূৰে অনুস্থিত হোৱা এক ভৰিদৌৰ প্ৰতিযোগিতাৰ বিজয়ী সকলৰ নাম খোদিত আছে[10]। প্ৰাচীন অলিম্পিকত বিভিন্ন দৌৰ, পেণ্টাথলন (জাঁপ মৰা, ডিচকাচ, জেভেলিন, ভৰি-দৌৰ আৰু মল্লযুদ্ধ), মুস্তিযুদ্ধ, মল্লযুদ্ধ, পেংকাৰেচন (Pankaration- মুস্তিযুদ্ধ আৰু মল্লযুদ্ধ সংমিশ্ৰনেৰে এক সমৰ কলা) আৰু অশ্বাৰোহণ প্ৰতিযোগিতা পতা হৈছিল[11][12]। এলিচ চহৰৰ এজন ৰান্ধনি, ক’ৰ’বাচক (Coroebus) প্ৰথম অলিম্পিক বিজয়ী বুলি জনা যায়[13]

অলিম্পিক মূলতঃ এক ধৰ্মীয় অনুস্থান আছিল, খেলৰ লগে লগে জিউচ (ফিডিয়াচে (Phidias)নিৰ্মাণ কৰা জিউচৰ বিখ্যাত মূৰ্তি অলিম্পিয়াৰ মন্দিৰত আছিল) আৰু পেলপচ (Pelops) (দৈৱ বীৰ আৰু লোককথাৰ মতে অলিম্পিয়াৰ ৰজা)ৰ সন্মানাৰ্থে বিধিবত উচৰ্গা অলিম্পিকৰ অংগ আছিল। পিচাটিচৰ (Pisatis)ৰজা অ'নেমাচৰ লগত হোৱা ৰথদৌৰ প্ৰতিযোগীতাৰ বাবে পেলপচ গ্ৰীক লোককথাৰ মহত্বপূৰ্ণ চৰিত্ৰ আছিল।[14] অলিম্পক বিজয়ী সকলৰ মূৰ্তি সজাই, তেঁওলোকৰ নামত কবিতা ৰচনা কৰি সন্মান জনোৱাৰ লগতে তেঁওলোকৰ কৃতি চিৰস্থায়ী কৰাৰ প্ৰয়াস কৰা হৈছিল।[15] এই খেল প্ৰতি চাৰি বছৰৰ পিছত পতা হৈছিল, আৰু এই সময়কালক এক ‘ অলিম্পিয়াড (Olympiad)’ বুলি কৈছিল; ‘অলিম্পিয়াড’ গ্ৰীকসকলে সময়ৰ জোখৰ এক একক হিচাপে ব্যৱহাৰ কৰিছিল। এই অলিম্পিক “ পেনহেলেনিক গেমচ (Panhellenic Games) নামৰ এক ক্ৰীড়া চক্ৰৰ অংশ আছিল, যত “পাইথিয়ান গেমচ’(Pythian Games), নিমি’ন গেমচ(Nemean Games) আৰু ইস্থামিন গেমচো(Isthmian Games) অন্তৰ্ভুক্ত আছিল[16]

খ্ৰীষ্টপূৰ্ব পঞ্চম আৰু ষষ্ঠ শতিকাত অলিম্পিকে ইয়াৰ জনপ্ৰিয়তাৰ তথা উন্নতিৰ চৰম শিখৰ পাইছিলগৈ, কিন্তু লাহে লাহে গ্ৰীকসকলৰ ওপৰত ৰোমানসকলৰ প্ৰভুত্ব তথা প্ৰভাৱ বাঢ়ি অহাৰ লগে লগে ই নিম্নগামী হবলৈ ধৰে। এই খেলবিধ কেতিয়া আধিকাৰিক ভাৱে বন্ধ কৰি দিয়া হ’ল তাৰ কোনো বিজ্ঞানসন্মত সহমত পোৱা নেযায়, তথাপিও ৩৯৩ চনত সম্ৰাট থিঅ’ড’চিয়াচ-১ (Theodosius I)’য়ে সকলো বিধৰ্মী প্ৰথা আৰু উপাসনা বন্ধ কৰিবলৈ ডিক্ৰী জাৰী কৰাকে অলিম্পিক বন্ধ হোৱাৰ কাৰণ বুলি ধৰা যায়। অৱশ্যে থিঅ'ডচিয়াচৰ ডিক্ৰীত অলম্পিক সম্পৰ্কে কোনো স্পষ্ট উল্লেখ পোৱা নেযায়(Crowther 2007, পৃষ্ঠা 54)। কোনো কোনোৱে আকৌ ক’ব খোজে যে তেখেত পৰৱৰ্তী সম্ৰাট “ থিঅ’ড’চিয়াচ-২’ (Theodosius II)’য়ে সকলো গ্ৰীক মন্দিৰ ধ্বংস কৰি পেলাবলৈ আদেশ দিয়ালৈকে অলিম্পিক চলি আছিল[17]

আধুনিক অলিম্পিক[সম্পাদনা কৰক]

অগ্ৰণীসকল[সম্পাদনা কৰক]

বেৰন পিয়েৰ দে কিউবাৰ্টিন (Pierre de Coubertin)

১৭ শতিকাত কেইবাটাও আধুনিক এথলেটিক্স প্ৰতিযোগিতাৰ লগত অলিম্পিক শব্দটো পুনৰোত্থাপন কৰাৰ প্ৰচেষ্টা দেখা পোৱা যায়। তাৰে ভিতৰ প্ৰথম হ’ল ‘কটসৱৰ্ল্ড গেমচ’ (Cotswold Games) বা ‘কটসৱৰ্ল্ড অলিম্পিক’, ই মূলত: ইংলেণ্ডৰ ছিপিং কেম্পডেনৰ(Chipping Campden) ওচৰত হোৱা গ্ৰাম্য ক্ৰীড়াৰ এক বছৰেকীয়া খেল সমাৰোহ। ১৬১২ ৰ পৰা ১৬২৪ খ্ৰীষ্টাব্দৰ ভিতৰত ৰ’বাৰ্ট ড’ভাৰ নামৰ এজন উকীলে এই খেলৰ আৰম্ভনি কৰে আৰু ই চেগা চোৰোকাকৈ আজিলৈকে চলি আছে। “ ব্ৰিটিছ অলিম্পিচ সংস্থাই" (British Olympic Association) ২০১২ চনত অলিম্পিক পাতিবৰ বাবে নিবিদা দিওতে, এই সমাৰোহৰ কথা “ ব্ৰিটেইনৰ অলিম্পিকৰ আৰম্ভনিৰ প্ৰথম উদ্দীপক বুলি” উল্লেখ কৰিছিল[18]

ফ্ৰান্সত, ১৭৯৬ ৰ পৰা ১৭৯৮ খ্ৰীষ্টাব্দত ফৰাছী বিপ্লৱৰ সময়ছোৱাত “লে’অলিম্পিয়াদে দে লা ৰিপাব্লিকে”(L'Olympiade de la République) নামেৰে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগীতাখনত প্ৰাচীন অলিম্পিকক অনুসৰণ কৰা দেখা গৈছিল[19] এই প্ৰতিযোগীতা খনত প্ৰাচীন গ্ৰীক অলিম্পিকৰ কেইবাটাও খেল অন্তৰ্ভুক্ত কৰা হৈছিল। ১৭৯৬ চনত এই প্ৰতিযোগীতাতেই জোখমাখৰ বাবে পোন প্ৰথম “মেট্ৰিক প্ৰণালী” ৰ প্ৰয়োগ কৰা হৈছিল।[19]

১৮৫০ চনত, ড° ৱিলিয়াম পেনি ব্ৰূকচে (William Penny Brookes) ইংলেণ্ডৰ শ্ৰপচশ্বায়াৰ (Shropshire) কাউণ্টীৰ 'মাচ্চ ৱেনলক'ত একধৰণৰ অলিম্পিক আয়োজন কৰে। ড° ব্ৰুকচে এই সমাৰোহক ১৮৫৯ চনত’ৱেনলক অলিম্পিক গেমচ’(Wenlock Olympian Games) বুলি নামাকৰণ কৰে। এই সমাৰোহ অজিলৈয়ো চলি আছে[20] ড° ব্ৰুকচে ১৮৬০ চনৰ ১৫ নৱেম্বৰত ‘ ৱেনলক অলিম্পক পৰিষদো’ প্ৰতিষ্ঠা কৰে।[21]

১৮৬২ ৰ পৰা ১৮৬৭ চনৰ মাজৰ কালছোৱাত ইংলণ্ডৰ লিভাৰপুলত এক অলিম্পিক মহোৎসৱৰ আয়োজন হৈছিল। জ’ন হালী (John Hulley)আৰু চাৰ্লচ মেলি(Charles Melly)য়ে আয়োজন কৰা এই ক্ৰীড়া সমাৰোহখনে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ‘অপেছাদাৰী চৰিত্ৰ’ আৰু ‘আন্তৰ্জাতিক দৃষ্টিভংগী’, ক্ৰীড়াৰ জগতখনলৈ আমদানী কৰে, যদিও ইয়াত কেৱল অপেছাদাৰী পুৰুষ এথেলেট সকলেহে অংশগ্ৰহণ কৰিব পাৰিছিল।[22][23] ১৮৯৬ চনত এথেন্সত হোৱা প্ৰথম আদুনিক অলিম্পিক আৰু এই লিভাৰপুল অলিম্পিকৰ কাৰ্যক্ৰমণিকা প্ৰায় একেধৰণৰ আছিল[24]। ১৮৬৫ত হালী, ড° ব্ৰুকচ আৰু ই. জি. ৰেভেনষ্টেইনে, লিভাৰপুলত “ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘৰ’ প্ৰতিষ্ঠা কৰে, যাক “ব্ৰিটিছ অলিম্পিক সংঘৰ” (British Olympic Association) অগ্ৰণী সংস্থা বুলি জনা যায়। ‘আন্তৰ্জাতিক অলিম্পিক চাৰ্টাৰ’ (International Olympic Charter) মূল কাথামো এই ‘ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘৰ’ সংগঠন সূত্ৰ সমুহৰ ওপৰতে আধাৰিত[25]। ১৮৬৬ চনত লণ্ডনৰ ক্ৰিষ্টেল পেলেচত(Crystal Palace) এক ‘ৰাষ্ট্ৰীয় অলিম্পিক গেমচ’ৰ আয়োজন কৰা হয়[26]

পুনৰুদ্ধাৰ[সম্পাদনা কৰক]

প্ৰথম গ্ৰীক অলিম্পিক উপলক্ষে প্ৰকাশ হোৱা ডাক টিকট সমূহৰ এটা

১৮২১ চনত অট্ট'মান সাম্ৰাজ্যৰপৰা গ্ৰীক স্বাধীনতা যুদ্ধ আৰম্ভ হোৱাৰ সমসাময়িকভাৱে গ্ৰীকসকলে অলিম্পিক খেল পুনৰুদ্ধাৰ কৰিবলৈ আগ্ৰহ দেখুৱায়। বাতৰি কাকতৰ সম্পাদক তথা কবি পানাগিঅ'ছিছ চউৎচচে ১৮৩৩ চনত প্ৰকাশিত তেওঁৰ কবিতা Dialogue of the Dead-ৰ জড়িয়তে প্ৰথমে এই প্ৰস্তাৱ আগবঢ়ায়[27]। ইভানগেল' জাপ্পাছ নামৰ এজন ধনী গ্ৰীক-ৰোমানিয়ান জনহিতৈষীয়ে ১৮৫৬ চনত পোনপ্ৰথমবাৰৰ বাবে অলিম্পিকক স্থায়ীভাৱে পুনৰুদ্ধাৰ কৰিবলৈ অৰ্থসাহায্য দিয়াৰ প্ৰস্তাৱ দি গ্ৰীছৰ ৰজা অট্ট'লৈ পত্ৰ লিখে[28]। ১৮৫৯ চনত এথেন্স চিটী স্কোৱাৰত অনুস্থিত হোৱা প্ৰথম অলিম্পিক খেল জাপ্পাছে স্পনছৰ কৰে। গ্ৰীছ আৰু অট্ট'মান সাম্ৰাজ্যৰ এথলীটসকলে এই অলিম্পিকত অংশগ্ৰহণ কৰে। পেনএথেনিক ষ্টেডিয়ামখনৰ পুনৰ্স্থাপনৰ কাৰণেও জাপ্পাছে অৰ্থসাহায্য আগবঢ়ায়, যাতে ভৱিষ্যতৰ অলিম্পিক খেলসমূহ এইখন ষ্টেডিয়ামতে আয়োজন কৰিব পৰা যায়। [28]

এইখন ষ্টেডিয়ামতে ১৮৭০ আৰু ১৮৭৫ চনতো অলিম্পিক আয়োজিত হৈ যায়[29]। ১৮৭০ চনত মুঠ ৩০,০০০ দৰ্শকে এই খেল উপভোগ কৰে, ১৮৭৫ চনৰ দৰ্শকৰ সংখ্যা সম্বন্ধে কোনো তথ্য পোৱা নাযায়[30]। ১৮৯০ চনত ৱেনলক অলিম্পিয়ান ছ'চাইটীৰ অলিম্পিয়ান গে'মছ উপভোগ কৰি বেৰন পিয়েৰি দ্য কুবাৰটিনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (IOC) গঠন কৰিবলৈ প্ৰেৰণা পায়[31]। ব্ৰুকছ আৰু জাপ্পাছৰ ধাৰণা আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি কুবাৰটিনে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আন্তৰ্জাতিক অলিম্পিক গে'মছ অনুস্থিত কৰাৰ লক্ষ্য লয়।[31] নৱ প্ৰতিস্থাপিত আন্তৰ্জাতিক অলিম্পিক কমিটীৰ অলিম্পিক কংগ্ৰেছত তেওঁ এই ধাৰণাখিনি উপস্থাপন কৰে। এই সভাখন ১৮৯৪ চনৰ ১৬ জুনৰপৰা ২৩ জুনলৈ পেৰিছৰ ছৰ্ব'ন বিশ্ববিদ্যালয়ত অনুস্থিত হৈছিল। সভাৰ অন্তিম দিনাৰ সিদ্ধান্তমৰ্মে প্ৰথম আন্তৰ্জাতি অলিম্পিক খেল IOC-ৰ অধীনলৈ আহে আৰু ১৮৯৬ চনত এথেন্স চহৰত প্ৰথম আন্তৰ্জাতিক অলিম্পিক খেল অনুস্থিত হয়[32]। গ্ৰীক লিখক ডিমিট্ৰিয়াছ ভিকেলাছ IOC-ৰ প্ৰথম সভাপতি নিৰ্বাচিত হয়[33]

১৮৯৬ চনৰ প্ৰথম আধুনিক অলিম্পিক[সম্পাদনা কৰক]

পেনেথিনাক’ ষ্টেডিয়ামত হোৱা আৰম্ভণি অনুষ্ঠান

১৮৯৬ খ্ৰীষ্টাব্দত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (IOC)ৰ সৌজন্যত গ্ৰীচৰ এথেন্সৰ পেনেথিনাক’ ষ্টেডিয়ামত প্ৰথম আধুনিক অলিম্পিক অনুষ্ঠিত হয়। ১৪খন দেশৰ ২৪১ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই ক্ৰীড়া মহোৎসৱত ৪৩ বিধ প্ৰতিযোগিতা অনুষ্ঠিত হয়[34]। ভৱি‍ষ্যতে অলিম্পিকৰ বাবে পূঁজি যোগান ধৰাৰ উদ্দেশ্যেঝাপাছ আৰু তেঁওৰ ভাতৃ কন্টান্টিন’ছ ঝাপাছ নামৰ দুজন লোকে গ্ৰীচ চৰকাৰলৈ এটা বিত্তীয় নিধি এৰি গৈছিল। মূলতঃ এই নিধিৰ পৰাই ১৮৯৬ চনৰ অলিম্পিকৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ ব্যৱস্থা কৰা হৈছিল[35][36][37]। জৰ্জ এভাৰহ’ফ নামৰ এজন লোকে অলিম্পিকৰ প্ৰস্তুতি আৰু ষ্টেডিয়াম পূনৰ্নিৰ্মাণৰ বাবে মুক্তহস্তে দান বৰঙণি আগবঢ়ায়[38]। গ্ৰীচৰ চৰকাৰেও অলপ অৰ্থমঞ্জুৰি দিয়ে, যিখিনি দৰ্শনী টিকট আৰু অলিম্পিক স্মৃতি ডাক টিকট বিক্ৰীৰ যোগেৰে পুণৰোদ্ধাৰ হোৱাৰ সম্ভাৱনা আছিল[38]

প্ৰথম অলিম্পিক অনুষ্ঠিত কৰা গ্ৰীচৰ নাগৰিক আৰু চৰকাৰী কৰ্মচাৰী সকলৰ বাবে অতি উৎসাহজনক অভিজ্ঞতা ৰূপে পৰিগণিত হৈছিল। বহুতো এথলেটেও এই উৎসাহৰ সমভাগী হৈ, প্ৰত্যেক বছৰেই এথেন্সতেই অলিম্পিক অনুষ্ঠিত কৰিব লাগে বুলি দাবী তোলে। কিন্তু আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে এই দাবী নামঞ্জুৰ কৰে। সমিতিয়ে নিৰ্ণয় লয় যে আধুনিক অলিম্পিক প্ৰত্যেক বাৰেই বেলেগ বেলেগ দেশত অনুষ্ঠিত কৰা হব আৰু তাৰপাছতেই ১৯৯০ চনৰ দ্বিত্বীয় অলিম্পিক পেৰিচত পতাৰ সিদ্ধান্ত লোৱা হয়[39]

পৰিবৰ্তন আৰু অনুকলণসমুহ[সম্পাদনা কৰক]

১৮৯৬ চন অলিম্পিকৰ সফলতাৰ পাছতো ই এক স্থবিৰতাৰ সন্মূখীন হয় আৰু আনকি অলিম্পিক বৰ্তি থকাৰ ওপৰতে সন্দেহ উদ্ৰেক হয়। ১৯০০ চনৰ পেৰিচৰ বাণিজ্যমেলাত হোৱা আৰু ১৯০৪ চনত চেণ্ট লুইচৰ বি‍শ্বমেলাত অনুষ্ঠিত কৰা অলিম্পিকক, নিশ্চিত ভাৱে প্ৰকৃত অলিম্পিক বুলি কব নোৱাৰি।পেৰিচত হোৱা অলিম্পিকত কোনো ষ্টেডিয়ামেই নাছিল, তথাপি এই অলিম্পিকতে পোন প্ৰথম বাৰৰ বাবে মহিলা খেলুৱৈক ভাগ লবলৈ অনুমতি দিয়া হয়চেণ্ট লুইচত অংশগ্ৰহণ কৰা ৬৫০ জনৰ ভিতৰত ৫৮০ জনে খেলুৱৈ আমেৰিকাৰেই আছিল। এই উৎসৱৰ সমমাত্ৰিক চৰিত্ৰ গোটেই অলিম্পিক আন্দোলনটোৰেই বিফল অধ্যায় বুলিব পাৰি[40]। এথেন্সত ১৯০৬ চনত হোৱা অন্তৰ্ভুক্ত (Intercalated) গেমচৰ (তৃতীয় অলিম্পিয়াদ (৪ বছৰৰ সময়কাল) ভিতৰত হোৱা দ্বিত্বীয় অলিম্পিক বাবে এই নামেৰে জনা যায়) পৰাহে অলিম্পিকৰ পুণৰোত্থান আৰম্ভ হয়। কিন্তু এই অলিম্পিকক আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে আধিকাৰিক স্বীকৃতি নিদিলে, আৰু তেতিয়া পৰা কেতিয়াও এনেদৰে এক অলিম্পিয়াদৰ মাজৰ সময়ছোৱাত কেতিয়াও অলিম্পিক পতা হোৱা নাই।এথেন্সৰ পেনাথিনাক’ ষ্টেডিয়ামত অনু্ষ্ঠিত এই গেমচে আন্তৰ্জাতিক ক্ষেত্ৰৰ পৰা বৃহৎসংখ্যক প্ৰতিযোগীক আকৰ্ষণ কৰাৰ লগতে জনগণৰ মাজতো প্ৰবল উৎসুকতাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়।ইয়াৰ পৰাই আধুনিক অলিম্পিকৰ জনপ্ৰিয়তা আৰু বৃহৎ বিস্তৃতিৰ আৰম্ভণি হয়[41]

শীতকালীন অলিম্পিক[সম্পাদনা কৰক]

১৯২৮ চনৰ ছেইণ্ট ম'ৰিজ শীতকালীন অলিম্পিকত অনুস্থিত হোৱা আইচ হকী

বৰফত খেলা খেলসমূহ যিহেতু গ্ৰীষ্মকালীন অলিম্পিকত অনুস্থিত কৰিব পৰা নগৈছিল, গতিকে এইবিলাক খেলৰ কাৰণে শীতকালীন অলিম্পিকৰ আৰম্ভ কৰা হ'ল। ফিগাৰ স্কেটিং (১৯০৮ আৰু ১৯০২ চনত) আৰু আইচ হকী (১৯২০ চনত) খেল দুবিধ গ্ৰীষ্মকালীন অলিম্পিকত অন্তৰ্ভূক্ত কৰা হৈছিল। ইয়াৰ পাছত আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে বাকীবিলাক শীতকালীন খেলকো অন্তৰ্ভূক্ত কৰিবলৈ ইচ্ছা কৰিলে। ১৯২১ চনত ল'জান চহৰত অনুস্থিত হোৱা অলিম্পিক কংগ্ৰেছত শীতকালীন অলিম্পিক অনুস্থিত কৰাৰ সিদ্ধান্ত লোৱা হয়। ১৯২৪ চনৰ পেৰিছ অলিম্পিক গে'মছৰ (গ্ৰীষ্মকালীন) তিনি মাহৰ পাছত ফ্ৰান্সৰ চেম'নিক্স চহৰত এটা শীতকালীন ক্ৰীড়া সপ্তাহ (১১ দিন অনুস্থিত হৈছিল) অনুস্থিত হয় আৰু ইয়ে প্ৰথম শীতকালীন অলিম্পিক আছিল।[42] প্ৰথমে একেখন দেশেই একে বছৰত গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিক দুয়োটা আয়োজন কৰাৰ কথা আছিল যদিও সোনকালেই এই ধাৰণা বাদ দিয়া হয়। আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে ঘোষণা কৰিলে যে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে গ্ৰীষ্মকালীন অলিম্পিক হোৱাৰ একে বছৰতে শীতকালীন অলিম্পিক অনুস্থিত হৈ যাব। [43] ১৯৯২ চনত ফ্ৰান্সৰ এলবাৰ্টভাইলত অনুস্থিত শীতকালীন অলিম্পিকলৈকে এই পৰম্পৰা চলি থাকিল, কিন্তু তাৰ পাছত গ্ৰীষ্মকালীন অলিম্পিকৰ দুবছৰ পাছে পাছে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে শীতকালীন অলিম্পিক অনুস্থিত হ'বলৈ ল'লে।

পেৰালিম্পিক[সম্পাদনা কৰক]

১৯৪৮ চনত লণ্ডন অলিম্পিকৰ সমান্তৰালকৈ ছাৰ লুডৱিগ গাটমেনে দ্বিতীয় বিশ্বযুদ্ধৰ আহত সৈনিকসকলৰ পুনৰ্সংস্থাপনৰ কাৰণে কেইখনমান চিকিৎসালয়ৰ মাজত এখন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰে। ষ্ট'ক মেণ্ডেভাইল গে'মছ নামেৰে এই প্ৰতিযোগিতা এটা বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতালৈ পৰিণত হয়। তাৰ পাছৰ ১২ বছৰলৈকে গাটমেন আৰু তেওঁৰ সহযোগীসকলে এই প্ৰতিযোগিতাৰ আয়োজন কৰি যায়। ১৯৬০ চনৰ ৰোম অলিম্পিকৰ সময়ত গাটমেনে ৪০০ জন এথলীটক এই সমান্তৰাল অলিম্পিকত (parallel Olympic) অংশগ্ৰহণ কৰোৱায় আৰু এই প্ৰতিযোগিতা প্ৰথম পেৰালিম্পিক হিচাপে পৰিগণিত হয়। তাৰ পাছৰপৰা প্ৰতি অলিম্পিক বৰ্ষতে পেৰালিম্পিক অনুস্থিত হৈ আহিছে। ১৯৮৮ চনৰ ছিউল (দক্ষিণ কোৰিয়া) অলিম্পিকৰপৰা অলিম্পিক আয়োজন কৰা চহৰখনেই পেৰালিম্পিক আয়োজন কৰি আহিছে। [44] ২০০১ চনত আন্তৰ্জাতিক অলিম্পিক কমিটী (IOC) আৰু আন্তৰ্জাতিক পেৰালিম্পিক কমিটীয়ে (IPC) একেখন চহৰেই অলিম্পিক আৰু পেৰালিম্পিক দুয়োটা আয়োজন কৰিব লাগিব বুলি আনুস্থানিকভাৱে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰে। .[45][46] এই চুক্তি প্ৰথম কাৰ্যৰূপায়িত হয় ২০০৮ চনৰ বেইজিং গ্ৰীষ্মকালীন অলিম্পিক আৰু ২০১০ চনৰ ভেংকুভাৰ শীতকালীন অলিম্পিকত। লণ্ডন অলিম্পিক আয়োজক কমিটীৰ মুৰব্বী লৰ্ড ছেবাষ্টিয়ান ক'ই ২০১২ লণ্ডন অলিম্পিক তথা পেৰালিম্পিকৰ বিষয়ে কয় যে,

We want to change public attitudes towards disability, celebrate the excellence of Paralympic sport and to enshrine from the very outset that the two Games are an integrated whole.[47]

যুৱ অলিম্পিক[সম্পাদনা কৰক]

২০১০ চনত অলিম্পিকৰ লগত যুৱ অলিম্পিকৰ সংযোগ হ'ল আৰু ইয়াত ১৪ ৰ পৰা ১৮ বছৰ বয়সৰ এথলীটসকলক অংশগ্ৰহণৰ সুবিধা দিয়া হ'ল। ২০০১ চনত আন্তৰ্জাতিক অলিম্পিক কমিটীৰ সভাপতি জেকুৱাছ ৰগে প্ৰথমে যুৱ অলিম্পিকৰ পৰিকল্পনা কৰিছিল আৰু কমিটীৰ ১১৯তম সন্মিলনত ইয়াক গৃহীত কৰা হয়।[48][49] ২০১০ চনৰ ১৪-২৬ আগষ্টত ছিংগাপুৰত প্ৰথম গ্ৰীষ্মকালীন যুৱ অলিম্পিক আৰু তাৰ দুবছৰৰ পাছত অষ্ট্ৰিয়াইন্সব্ৰাক চহৰত প্ৰাৰম্ভিক শীতকালীন যুৱ অলিম্পিক অনুস্থিত হয়।[50] এই খেলসমূহ মূল অলিম্পিকতকৈ কম দিনৰ কাৰণে অনুস্থিত হয়; গ্ৰীষ্মকালীন যুৱ অলিম্পিক ১২ দিন আৰু শীতকালীন যুৱ অলিম্পিক ৯ দিন ধৰি চলে।[51] আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে গ্ৰীষ্মকালীন যুৱ অলিম্পিকৰ কাৰণে ৩,৫০০ জন এথলীট আৰু ৮৭৫ জন বিষয়া আৰু শীতকালীন যুৱ অলিম্পিকৰ কাৰণে ৯৭০ জন এথলীট আৰু ৫৮০ জন বিষয়াৰ অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰে।[52][53] মূল অলিম্পিকত অনুস্থিত হোৱা খেলসমূহেই যুৱ অলিম্পিকতো খেলোৱা হয়, কিন্তু কিছুমান পাৰ্থক্য আছে।[54] ইয়াত খেলৰ শাখা(event)সমূহ মূল অলিম্পিকতকৈ কম।

সাম্প্ৰতিক খেলসমূহ[সম্পাদনা কৰক]

১৮৯৬ চনত ১৪ খন দেশৰ ২৪১ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা অলিম্পিক এতিয়া বিকশিত হৈ ২০১২ চনত ২০৪ খন দেশৰ মুঠ ১০,৮২০ জন এথলীটে অংশগ্ৰহণ কৰা প্ৰতিযোগিতালৈ পৰিণত হয়।[55] শীতকালীন অলিম্পিকৰ পৰিসীমা তুলনামূলকভাৱে সীমিত। উদাহৰণস্বৰূপে, ২০০৬ চনৰ টুৰিন শীতকালীন অলিম্পিকত ৮০ খন দেশৰ ২,৫০৮ জন এথলীটে ৮৪ টা ক্ৰীড়া শাখাত প্ৰতিযোগিতা আগবঢ়ায়।[56] অলিম্পিকৰ সময়ত এথলীট আৰু বিষয়াসকলৰ কাৰণে অলিম্পিক গাঁৱৰ ব্যৱস্থা কৰা হয়। এই গাঁওসমূহত অলিম্পিকত যোগদানকাৰীসকলৰ কাৰণে সকলোধৰণৰ সা-সুবিধা একে ঠাইতে পোৱাৰ ব্যৱস্থা কৰা হয়। ইয়াতে ভোজনগৃহ, চিকিৎসা-কেন্দ্ৰ, ধৰ্মীয় উপাসনাৰ ঠাই ইত্যাদি সকলো সুবিধা থাকে। [57]

যিবিলাক দেশ ৰাজনৈতিকভাৱে সাৰ্বভৌম ৰাষ্ট্ৰ নাছিল, তেনেবিলাক দেশকো আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে (IOC) ৰাষ্ট্ৰীয় অলিম্পিক কমিটী (NOC) গঠন কৰাৰ অনুমতি প্ৰদান কৰে। ফলস্বৰূপে পৰাধীন ৰাষ্ট্ৰ আৰু উপনিৱেশসমূহেওঅলিম্পিকত অংশগ্ৰহণৰ সুবিধা লাভ কৰে। উদাহৰণস্বৰূপে, প'ৰ্ট' ৰিক', বাৰ্মুডা আৰু হং কং স্বাধীন ৰাষ্ট্ৰ নহয় যদিও সুকীয়া ৰাষ্ট্ৰ হিচাপে অলিম্পিকত অংশগ্ৰহণ কৰে।[58] বৰ্তমানৰ অলিম্পিক চনদমতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে স্বাধীন ৰাষ্ট্ৰ বুলি স্বীকৃতি দিয়া দেশসমূহেহে অলিম্পিকত অংশগ্ৰহণৰ কাৰণে ৰাষ্ট্ৰীয় অলিম্পিক কমিটী (NOC) গঠন কৰিব পাৰে।[59] গতিকে যদিও IOCয়ে ১৯৮৬ চনত আৰুবাক NOC গঠনৰ অনুমতি দিছিল, কিন্তু ২০১০ চনত আৰুবাৰ একে সাংবিধানিক পৰ্যায়ৰ ছিণ্ট মাৰ্টিন আৰু কুৰাকাওক NOC গঠনৰ অনুমতি নিদিলে। .[60][61]

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী[সম্পাদনা কৰক]

লাওচান্নেত থকা IOCৰ মুখ্য কাৰ্য্যালয়

অলিম্পিকে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠান আৰু ক্ৰীড়া সংস্থা, মেডিয়া সহযোগী, খেলুৱৈ, কৰ্মকৰ্তা, বিচাৰক আৰু অলিম্পিক চনদ (Olympic Charter)ৰ নীতি সমূহ মানি চলা সকলো লোকক সামৰি লয়।[62] অলিম্পিকৰ গুৰিয়াল সংস্থা হিচাপে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (IOC) অয়োজক চহৰ নিৰ্বাচন, আয়োজনৰ প্ৰস্তুতি পৰ্যবেক্ষণ, খেলসমূহৰ তালিকা প্ৰস্তুতকৰণ, প্ৰযোজক সমূহৰ লগত যোগাযোগ আৰু অলিম্পিকৰ সম্প্ৰচাৰ (broadcasting) অধিকাৰ প্ৰদান আদি কামৰ বাবে দায়বদ্ধ হয়।[63]

অলিম্পিক মূলতঃ তিনিটা প্ৰধান ঊপাংশৰে গঠিত:

  • আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন(সমূহ) (IFs), এই ফেডাৰেচনসমূহে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ ক্ষেত্ৰত পৰ্যবেক্ষক আৰু নীতি-নিৰ্দেশকৰ কাম কৰে। ঊদাহৰণ স্বৰূপে ফিফা (the International Federation of Association Football, FIFA) হৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবল (চ’কাৰ)ৰ বাবে থকা IF, তেনেদৰে আন্তঃঅৰাষ্ট্ৰীয় ভলীবলৰ বাবে থকা IF হৈছে Fédération Internationale de Volleyball, বৰ্তমান অলিম্পিকৰ লগত জড়িত মুঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ সংখ্যা ৩৫টা, এইসমূহৰ ভিতৰত অলিম্পিকৰ প্ৰত্যেকবিধ খেলৰ লগত জড়িত একোটাকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন আছে।[64]
  • ৰাষ্ট্ৰীয় অলিম্পিক কমিটী(সমূহ) (NOCs), এই কমিটী সমূহে কোনো এখন দেশৰ ভিতৰত অলিম্পিকৰ সৈতে জড়িত কাম সমূহ তদাৰক কৰে, ঊদাহৰণ স্বৰূপে ভাৰতীয় অলিম্পিক সংঘ (Indian Olympic Association) হৈছে ভাৰতৰ বাবে থকা NOC, বৰ্তমান IOCৰ স্বীকৃতি প্ৰাপ্ত মুঠ ২০৫খন NOC আছে।[55]
  • অলিম্পিক খেলসমূহৰ আয়োজক সমিটি (সমূহ)(OCOGs), এইবোৰ হৈছে কোনো এক নিৰ্দিষ্ট অলিম্পিকৰ বাবে গঠিত অস্থায়ী সমিটি। একোখন অলিম্পিক শেষ হোৰাৰ পাছত IOCক চুড়ান্ত হিচাপ দাখিল কৰাৰ পাছত আয়োজক সমিটিখনক ভংগ কৰা হয়।[65]

ফৰাচী আৰু ইংৰাজী অলিম্পিকৰ বাবে আধিকাৰিক ভাষা। তাৰোপৰি প্ৰতিখন অলিম্পিকত সেই দেশৰ ভাষাটোক (বা ভাষা সমূহক, যদিহে দেশখনৰ ভাষাৰ সংখ্যা একাধিক হয়) ব্যৱহাৰ কৰা হয়। প্ৰত্যেকটো ঘোষণা (যেনে ঊদ্বোধনী অনুষ্ঠানৰ পেৰেডত দেশ সমূহৰ নাম ঘোষণা) এই তিনিটা (বা ততোধিক) ভাষাত কৰা হয়, দেশখন ইংৰাজী বা ফৰাচী ভাষী হ’লে এই ভাষাৰ সংখ্যা দুটা হয়।[66]

সমালোচনা[সম্পাদনা কৰক]

বহুবোৰ কমিটিৰ ওপৰত নিৰ্ভৰশীল IOC ইয়াৰ কঠিন ব্যৱস্থাপনাৰ বাবে বহুবাৰ সমালোচিত হৈছে। IOCক নেতৃত্ব দিয়া সভাপতি এভেৰি ব্ৰুণ্ডেগ আৰু জুৱান এন্টনিঅ’ চামাৰেঞ্চ বিতৰ্কিত ব্যক্তি। ব্ৰুণ্ডেগ প্ৰায় ২০বছৰ কাল IOCৰ সভাপতি আছিল এই সময়চোৱাত তেওঁ অলিম্পিকত কোনোধৰণৰ ৰাজনৈতিক দখল বা প্ৰভাৱৰ বিৰোধিতা কৰিছিল।[67] তেওঁক দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিৰ সৈতে এপাৰ্টহেইড বিষয়ত হোৱা বিতৰ্কৰ বাবে বৰ্ণবৈষম্যবাদী বুলি, আৰু ইহুদী বিদ্বেষী (antisemitism) বুলিও আখ্যা দিয়া হৈছিল [68]। আনহাতেদি চামাৰেঞ্চৰ সভাপতিত্বৰ কালত, স্বজনপ্ৰীতি (Nepotism) আৰু কৰাপচনৰ দৰে বিষয়েৰে IOC বিতৰ্কিত হৈ পৰে। [69] চামাৰেঞ্চৰ ফ্ৰেংক‍ইষ্ট স্পেইন (১৯৩৬ৰ পৰা ১৯৭৫ৰ স্পেইন)ৰ সৈতে সম্পৰ্কও বিতৰ্কৰ বিষয় আছিল।[70]

১৯৯৮চনত এই কথা পোহৰলৈ আহিল যে IOCৰ বহুসংখ্যক সদস্যই চল্ট লেক চিটিৰ ২০০২ চনৰ শীতকালীন অলিম্পিকৰ আয়োজক মণ্ডলীৰ পৰা অলিম্পিক আয়োজক হিচাপে নিৰ্বাচিত কৰি দিবলৈ (আমেৰিকাৰ পক্ষে ভোটদান কৰিবলৈ) উৎকোচ লৈছিল। এই ঘটনাৰ পাছত IOCয়ে কৰা অনুসন্ধানত দোষী সাব্যস্ত হোৱা চাৰিজন সদস্যই পদত্যাগ কৰে আৰু আন ছজন সদস্যক IOCএ বৰ্খাস্ত কৰে। এই কেলেংকাৰীৰ পাছত আয়োজক দেশ নিৰ্বাচন প্ৰক্ৰিয়াত IOCএ বহুতো সংশোধন ঘটাই যাতে ভৱিষ্যতে পুনৰ এনে ঘটনাৰ পুনৰাবৃতি নঘটে।[71]

২০০৪ চনত BBCৰ পৰা সম্প্ৰচাৰিত Panorama: Buying the Games নামৰ এক তথ্যচিত্ৰই আন এক উৎকোচ গ্ৰহণ কৰাৰ ঘটনা পোহৰলৈ আনে।[72]২০১২ চনৰ অলিম্পিক নিৰ্বাচনৰ ওপৰত নিৰ্মান কৰা তথ্যচিত্ৰখনৰ জৰিয়তে BBCএ কয় যে উৎকোচ দি কোনো এজন IOCৰ সদস্যক নিজৰ পক্ষে ভোটদান কৰোৱাটো এতিয়াও সম্ভৱ, ঊল্লেখ্য যে এই নিৰ্বাচনত লণ্ডনে মাত্ৰ কেইটামান ভোটত পেৰিচক পৰাস্ত কৰি অলিম্পিক আয়োজনৰ সুবিধা পাইছিল,[73] ইয়াৰ পাছত পেৰিছৰ মেয়ৰ বাৰ্ট্ৰান্ড ডলেনিএ যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰ আৰু লণ্ডন অলিম্পিকৰ আয়োজক(বিদ) কমিটীক নিৰ্বাচনৰ নিয়ম ভংগৰ অভিযোগেৰে অভিযুক্ত কৰিছিল। তেওঁ ফৰাচী ৰাষ্ট্ৰপতি জেক চিৰাকক ইয়াৰ সাক্ষী বুলি যুক্তি প্ৰদান কৰিছিল, ইয়াৰ পাছৰ জেক চিৰাকে এই বিষয় লৈ বহুবোৰ সাক্ষাতকাৰ দিব লগা হৈছিল।[74] পিছে আজি পৰ্যন্ত বাৰ্ট্ৰান্ড ডলেনিৰ এই অভিযোগৰ অন্তৰালৰ ঘটনাসমূহৰ ওপৰত সম্পূৰ্ণ পোহৰ নপৰিল। টুৰিণত হোৱা ২০০৬চনৰ শীতকালীন অলিম্পিকৰ আয়োজক নিৰ্বাচনো বিতৰ্কৰে ভৰা আছিল, IOCৰ ঊচ্চপদস্থ বিষয়া মাৰাক হ’ল্ডাৰ চিঅ’ন (চুইজাৰলেণ্ড) আয়োজক সমিটিৰ প্ৰতিপক্ষৰ লগত জড়িত আছিল, আৰু টুৰিণৰ আয়োজক মণ্ডলীৰ যোগেদি IOCৰ বিষয়ববীয়া সকলক উৎকোচ দিছিল। এই ঘটনাৰো এক বিশ্বজোৰা ঊচ্চ পৰ্যায়ৰ তদন্ত হৈছিল।[75]

বাণিজ্যিকীকৰণ[সম্পাদনা কৰক]

প্ৰথমাৱস্থাত IOCএ কৰ্পৰেট খণ্ডৰ প্ৰযোজক সকলৰ পৰা ধন লোৱাৰ পৰা বিৰত আছিল, IOCৰ সভাপতি এভেৰী ব্ৰুণ্ডেগৰ অৱসৰ পৰ্যন্ত ই সম্ভৱ নাছিল। ১৯৭২ চনৰ পাছৰ পৰা IOCএ টেলিভিচনৰ শক্তি আৰু বিজ্ঞাপনৰ লাভালাভ আদি সম্পৰ্কে বিচাৰ কৰে। [76] জুৱান এন্টনিঅ' চামাৰেঞ্চৰ সভাপতিত্বৰ কালত প্ৰথম বাৰৰ বাবে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰযোজকৰ অলিম্পিকত প্ৰৱেশ ঘটিল, তেওঁলোকৰ প্ৰযোজনাৰ বিনিময়ত তেওঁলোকৰ সামগ্ৰী সমূহে অলিম্পিকৰ যোগেদি প্ৰচাৰ পালে।[77]

বাজেট[সম্পাদনা কৰক]

বিংশ শতিকাৰ প্ৰথম পঞ্চাশ বছৰ IOCৰ অলিম্পিকৰ বাবে বাজেট সৰু আছিল।[77][78] ১৯৫২ৰ পৰা ১৯৭২চনলৈকে এভেৰী ব্ৰুণ্ডেগৰ কাৰ্যকালত অলিম্পিকৰ লগত হ'ব পৰা যিকোনো বাণিজ্যিক সম্পৰ্কক ব্যাহত কৰা হৈছিল। [76] এভেৰী ব্ৰুণ্ডেগে বিশ্বাস কৰিছিল কৰ্পৰেট প্ৰযোজক সকলৰ অলিম্পিকত প্ৰৱেশে IOCৰ সিদ্ধান্ত গ্ৰহণ ক্ষমতাত বাধাৰ সৃষ্টি কৰিব।[76] ব্ৰুণ্ডেগৰ এই বিৰোধৰ বাবে IOCয়ে আয়োজক কমিটী সমূহক নিজাকৈ প্ৰযোজক সম্পৰ্কীয় চুক্তি সমূহ কৰিবলৈ এৰি দিব লগা হ'ল। [76] ব্ৰুণ্ডেগৰ অৱসৰৰ সময়ত IOCৰ সম্পত্তিৰ পৰিমাণ(মূল্য) আছিল US$ ২নিযুত আঠ বছৰৰ পাছত এই মূল্য US$ ৪৫ লৈ বৃদ্ধি পায়।[76] ইয়াৰ অন্তৰালৰ মূখ্য কাৰণ আছিল কৰ্পৰেট খণ্ডৰ প্ৰযোজকৰ অলিম্পিকত প্ৰৱেশ আৰু টেলিভিচনত অলিম্পিকৰ সম্প্ৰচাৰ অধিকাৰৰ বিক্ৰী। [76] ১৯৮০ চনত জুৱান চামাৰেঞ্চ সভাপতি নিৰ্বাচিত হোৱাৰ পৰা তেওঁ IOCক অৰ্থনৈতিক ভাৱে স্বাধীন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[78]

১৯৮৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ সফলতা অলিম্পিকৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ সফলতা আছিল। সেই বছৰ পিটাৰ ইউবেৰ'থৰ নেতৃত্বাধীন লচ এঞ্জেলচৰ আয়োজক সমিটিয়ে মুঠ US$২২৫ নিযুত লাভ কৰিবলৈ সক্ষম হয়, যিটো সেই সময়ৰ অলিম্পিকৰ বাবে অভূতপূৰ্ব ঘটনা আছিল।[79] বাচকবনীয়া কোম্পানীৰ ওচৰত প্ৰযোজনা অধিকাৰ বিক্ৰী কৰি আয়োজক সকলে সেই পৰিমাণৰ লাভ কৰিবলৈ সক্ষম হৈছিল।[79] ১৯৮৫ চনত চামাৰেঞ্চে অলিম্পিকৰ এক ব্ৰেণ্ড সৃষ্টিৰ বাবে দ্যা অলিম্পিক প্ৰ'গ্ৰাম (TOP) গঠন কৰে, TOPৰ সদস্য বৰঙণি খৰচী আৰু অবিভাজিত(exclusive) আছিল। চাৰি বছৰৰ বাবে সদস্য বৰঙণি US$৫০ নিযুত আছিল। [78] সদস্য সকলে গোটেই বিশ্বজুৰি নিজৰ সামগ্ৰীৰ বিজ্ঞাপন আৰু অন্যান্য প্ৰকাশনত অলিম্পিকৰ চিহ্নৰ ব্যৱহাৰৰ অধিকাৰ পাইছিল।[80]

টেলিভিচনৰ প্ৰভাৱ[সম্পাদনা কৰক]

১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকৰ সময়ৰ এটা কাৰ্টুন, কাৰ্টুনটোৰ মতে ২০০০ চনলৈ সকলো বোৰ দৰ্শকে টিভি বা ৰেডিঅ’ত খেল উপভোগ কৰিব তেতিয়া খেলুৱৈক সমৰ্থক সমূহৰ মাতসমূহ লাউডস্পিকাৰ দি শুনাব লগা হ’ব

১৯৩৬ চনৰ বাৰ্লিন অলিম্পিক আছিল টেলিভিচনযোগে প্ৰচাৰিত প্ৰথমখন অলিম্পিক, অৱশ্যে এইয়া কেৱল স্থানীয় দৰ্শকলৈকে সীমিত আছিল।[81] আন্তৰ্জাতিক ভাৱে টেলিভিচনযোগে সম্প্ৰচাৰিত প্ৰথম অলিম্পিক আছিল ১৯৫৬ চনৰ শীতকালীন অলিম্পিক,[82] আৰু তাৰ পাছৰ খন অলিম্পিক (১৯৬০ৰ শীতকালীন অলিম্পিক)ত পোন প্ৰথমবাৰৰ বাবে অলিম্পিকৰ সম্প্ৰচাৰ অধিকাৰ কোনো টেলিভিচন চেনেলক বিক্ৰী কৰা হৈছিল। সেইবাৰ CBSএ US$ ৩৯৪,০০০ত আমেৰিকাৰ বাবে এই সম্প্ৰচাৰ অধিকাৰ ক্ৰয় কৰিছিল[83] আনহাতেদি US$ ৬৬০,০০০ ত ইউৰোপীয়ান ব্ৰডকাষ্টিং ইউনিয়ন (EBU)এ ইউৰোপত সম্প্ৰচাৰৰ অধিকাৰ ক্ৰয় কৰিছিল।[77] তাৰ পাচৰ দশক সমূহত অলিম্পিকত শীতল যুদ্ধৰ প্ৰভাৱ দেখা পোৱা গ’ল, মহাশক্তিধৰ দেশসমূহে ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ বাবে প্ৰতিযোগিতাত নামি পৰিল, IOCএ প্ৰচাৰ মাধ্যম সমূহৰ জৰিয়তে ইয়াৰ পৰা লাভ অৰ্জন কৰাত মনোনিৱেশ কৰা দেখা গ’ল।[83] টেলিভিচনৰ প্ৰচাৰ অধিকাৰ বিক্ৰীয়ে অলিম্পিকৰ প্ৰচাৰ আৰু আকৰ্ষণ বিশ্বজুৰি বৃদ্ধি কৰিলে, ফলত বিজ্ঞাপন দাতা সকল টেলিভিচনত বিজ্ঞাপন প্ৰচাৰৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠিল। এই সুবিধা গ্ৰহণ কৰি IOCএ বিজ্ঞাপন প্ৰচাৰৰ নীৰিখ ক্ৰমাত বৃদ্ধি কৰি গ’ল,[83] ঊদাহৰণ স্বৰূপে CBSএ ১৯৯৮চনৰ নাগান’ শীতকালীন অলিম্পিকৰ সম্প্ৰচাৰ অধিকাৰ US$৩৭৫ নিযুতত ক্ৰয় কৰাৰ[84] বিপৰীতে, NBCএ US$৩.৫ বিলিয়নত ২০০০ ৰ পৰা ২০১২লৈকে অলিম্পিকৰ সম্প্ৰচাৰ অধিকাৰ ক্ৰয় কৰে।[77]

১৯৬০ চনৰ পৰা টেলিভিচনৰ দৰ্শকৰ সংখ্যা শতিকাটোৰ শেষলৈকে ক্ৰমাত বৃদ্ধি পোৱা দেখা গ’ল। ১৯৬৪ চনৰ পৰা কৃত্ৰিম উপগ্ৰহৰ যোগেদি অলিম্পিকৰ পোনপতীয়া সম্প্ৰচাৰ আৰম্ভ হয়, তাৰোপৰি ১৯৬৮চনত ৰঙীণ টিভিৰো প্ৰচলন আৰম্ভ হয়, এইবোৰ কাৰকেও দৰ্শকক যতেষ্ঠ আকৰ্ষণ কৰিবলৈ সক্ষম হয়।[85] ১৯৬৮ চনৰ মেস্কিকো অলিম্পিকৰ বিশ্বজুৰি টেলিভিচন দৰ্শক আছিল মুঠ ৬৬০ নিযুত,১৯৮৪ চনৰ লচ এঞ্জেলচ অলিম্পিক খেলৰ বাবে এই সংখ্যা আছিল ৯০০ নিযুত, ১৯৯২চনৰ বাৰ্চিলোনা অলিম্পিকত এই সংখ্যাই ৩.৫ বিলিয়ন অতিক্ৰম কৰে[86]। অৱশ্যে ২০০০চনৰ চিডনী অলিম্পিকৰ বাবে NBCএ ১৯৬৮ চনৰ পাছৰ যিকোনো শীতকালীন বা গ্ৰীষ্মকালীন অলিম্পিকৰ তুলনাত কম ৰেটিং লাভ কৰে।[87] ইয়াৰ দুটা প্ৰধান কাৰণৰ প্ৰথমটো আছিল কেবল চেনেলসমূহৰ সৈতে বাঢ়ি অহা প্ৰতিযোগিতা আৰু দ্বিতীয় কাৰণ আছিল ইন্টাৰনেটৰ বহুল প্ৰসাৰ, ইন্টাৰনেটৰ যোগেদি সকলো ঠাইতে বিভিন্ন খেলসমূহৰ পোনপটীয়া (Real time) ভিডিঅ’ৰ লগতে ফলাফল সমূহৰ বিতং বিৱৰণ সহজলভ্য হৈ পৰিল। টেলিভিচনত (কিছু সময় পলমকৈ) প্ৰচাৰিত কাৰ্যসূচী সমূহ ইন্টাৰনেটৰ তুলনাত তথ্য প্ৰযুক্তিৰ এই যুগত পুৰণিকলীয়া ব্যৱস্থা যেন হৈ পৰিল। [88] ৰেটিং নিম্নগামী হোৱাৰ বাবে টেলিভিচন চেনেলসমূহে বিনামূলীয়া বিজ্ঞাপন সমূহৰ প্ৰচাৰ বাদ দিব লগাত পৰে,[89] সম্প্ৰচাৰ অধিকাৰৰ বাবে IOCক দিব লগা অধিক ধন, ক্ৰমাত হ্ৰাস পোৱা টিভি ৰেটিং, কেবল টিভিৰ লগত প্ৰতোযোগিতা, ইন্টাৰনেটৰ ব্যৱহাৰৰ পৰা সৃষ্টি হোৱা চাপে টিভি চেনেল সমূহক IOCৰ ওচৰত সম্প্ৰচাৰ অধিকাৰৰ চৰ্তৰ মূল্যৰ ক্ষেত্ৰত ৰেহাই খুজিবলৈ বাধ্য কৰালে। [90] IOCএ এই অনুৰোধক মান্যতা দি দ্যা অলিম্পিক প্ৰ'গ্ৰাম (TOC)ৰ কিছু সালসলনি ঘটাই, এইমতে গ্ৰীষ্মকালীন অলিম্পিকত জিমনাষ্টিক প্ৰতিযোগীতাসমূহ সাতদিনৰ পৰা বঢ়াই নদিন কৰা হয়, আৰু দৰ্শকৰ দৃষ্টি আকৰ্ষণৰ বাবে চেম্পিয়নসক লৈ হোৱা উৎসৱ (Champions Gala)ৰো প্ৰচলন কৰে[91]। IOCএ টেলিভিচনৰ দৰ্শকৰ অধিক পচন্দৰ সাঁতোৰ আৰু ডাইভিং খেলসমূহ বৃদ্ধি কৰে,[91] এই পন্থাসমূহ লোৱাৰ পাছত সেইসমূহৰ মিশ্ৰিত প্ৰভাৱ দেখিবলৈ পোৱা গ’ল, ২০০৬চনৰ টুৰিণ শীতকালীন অলিম্পিকৰ টেলিভিচন ৰেটিং আৰু নিম্নগামীহে হ’ল অৱশ্যে ২০০৮চনৰ বেইজিং গ্ৰীষ্মকালীন অলিম্পিকত এই ৰেটিংৰ লেখত ল’বলগীয়াকৈ বৃদ্ধি পোৱা দেখা গ’ল।[89][92]

বিতৰ্ক[সম্পাদনা কৰক]

অলিম্পিকৰ ব্ৰেণ্ডৰ বিক্ৰী সদায় বিতৰ্কিত বিষয় হৈ আহিছে। এই ক্ষেত্ৰত অভিযোগ এইয়ে যে, অলিম্পিক খেলসমূহ আন যিকোনো বাণিজ্যিকৃত খেলৰ দৰে হৈ পৰিছে।[80] ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিক আৰু ২০০০ চনৰ চিডনী অলিম্পিকৰ সময়ত এই চহৰ দূখনৰ বজাৰ সমূহ কেৱলমাত্ৰ অলিম্পিক সম্পৰ্কীয় সা সামগ্ৰীৰ বিক্ৰী কৰা বণিকেৰে ভৰাই পেলোৱা বুলি IOCৰ ওপৰত অভিযোগ তোলা হ’ল। [93] IOCয়ে পাছৰ অলিম্পিক সমূহত এনে অৱস্থা ৰোধ কৰা হ’ব বুলি মন্তব্য দিয়ে।[93] IOCৰ ওপৰত আৰোপিত আন এটা অভিযোগ আছিল যে IOCএ অলিম্পিক আয়োজনত কোনোধৰনৰ ব্যয় নকৰে, সমস্ত ব্যয় কৰে আয়োজক চহৰ আৰু আয়োজক দেশখনে, অথচ অলিম্পিকৰ চিহ্ন সমূহৰ ব্যৱহাৰৰ চৰ্ত IOCৰ ওচৰত থাকে আৰু প্ৰযোজক তথা সম্প্ৰচাৰক সকলৰ পৰা পোৱা অৰ্থৰ বৃহৎ অংক IOCএ লাভ কৰে।[80] আয়োজক দেশ বা চহৰ খনে আয়োজনৰ বাবে অহোপুৰুষাৰ্থ কৰে অথচ ইয়াৰ কোনো নিশ্ছয়তা নাথাকে যে তেওঁলোকে খৰচ কৰা ধন খিনিও তেওঁলোকে ঘূৰাই পাব।[94]

অলিম্পিকৰ ব্যয়[সম্পাদনা কৰক]

অক্সফৰ্ডৰ পণ্ডিত বেণ্ট ফ্লিবৰ্গ (Bent Flyvbjerg) আৰু এলিচন স্টিৱাৰ্টে (Allison Stewart)অলিম্পিকৰ(গ্ৰীষ্ম আৰি শীতকালীন) ব্যয় সম্পৰ্কে অধ্যয়ন কৰিছিল।[95]তেঁওলোকৰ মতে যোৱা ৫০ বছৰৰ ভিতৰত আটাইতকৈ ব্যয়বহুল হ’ল ২০১২ চনৰ লণ্ডন অলিম্পিক ( ১৪.৫ বিলিয়ন মাৰ্কিন ডলাৰ), ১৯৯২ চনৰ বাৰ্চিল’না অলিম্পিক ( ১১.৪ বিলিয়ন মাৰ্কিন ডলাৰ) আৰু ১৯৭৬ চনৰ মন্ট্ৰিল অলিম্পিক ( ৬ বিলিয়ন মাৰ্কিন ডলাৰ)। ২০০৮ চনৰ বেইজিং অলিম্পিক সম্পৰ্কীয় তথ্য চীনা কতৃপক্ষই সদৰি কৰিবলৈ অমান্তি হয়। ইয়াত ব্যয় বোলোতে কেৱল ক্ৰীড়া সমন্ধীয় ব্যয় বিলাকহে ধৰা হৈছে, বাকী ৰাজহুৱা ব্যয় যেনে পথ, ৰেল বা বিমানবন্দৰ সমূহৰ উন্নতিকৰণ, ব্যক্তিগত ব্যয় যেনে হোটেল আদিৰ উন্নয়ন আৰু ব্যৱসায়িক বিনিয়োগ বিলাক ইয়াত অন্তৰ্ভুক্ত নহয়।এই বিলাক ব্যয়ো উল্লেখযোগ্যই, কিন্তু ঠাই বিশেষে ই ইমানেই বেলেগ বেলেগ হয় যে এক বিজ্ঞানসন্মত তুলনাৰ বাবে এই বিলাক হিচাপ অন্তৰ্ভুক্ত কৰা অসম্ভৱ হৈ পৰে।[95]

ফ্লিবৰ্গ আৰু স্টিৱাৰ্টে তেঁওলোকৰ অধ্যয়নত আৰু পায় যে, হিচাপতকৈ অধিক ব্যয় সকলো অলিম্পিকৰে এৰাব নোৱাৰা সমস্যা:

  • - ১০০% অলিম্পিকতে হিচাপতকৈ অধিক ধন ব্যয় হয়। আন কোনো বিশাল প্ৰকল্পতে এনে ধৰণে অধিক ব্যয় হবই বুলি আগতীয়াকৈ নিশ্চিত হব নোৱাৰি। আন প্ৰকল্প বিলাক সাধাৰণতে অনুমোদিত বাজেটৰ মাজতে সম্পূৰ্ণ হয়, কিন্তু অলিম্পিক কেতিয়াও নহয়।[95]
  • গড় হিচাপে ১৭৯% প্ৰকৃত আৰু ৩২৪% নমিনেল হিচাপাধিক ব্যয়েৰে- অলিম্পিক আন ধৰণৰ বৃহৎ প্ৰকল্প বিলাকতকৈ বহু বেছি ডাঙৰ। [95]
  • হিচাপাধিক ব্যয় কৰা অলিম্পিকসমুহৰ তালিকাত প্ৰথম হ’ল ১৯৭৬ৰ মন্ট্ৰিল অলিম্পিক (৭৯৬%), ১৯৯২ চনত বাৰ্চিল’না অলিম্পিক(৪১৭%) আৰু ১৯৮০ৰ লে’ক প্লেচিড (৩২১%) ( প্ৰকৃত হিচাপত)।[95]
  • এই তথ্য খিনিয়ে প্ৰতিপন্ন কৰে যে, কোনো মহানগৰ বা দেশে অলিম্পিক অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰা মানেই এক বিত্তীয়ভাৱে অতি বিপদজনক বৃহৎ প্ৰকল্প হাতত লোৱা, কথাটো বহু দেশ বা জাতিয়ে বহু বিপত্তিৰ মাজেৰে উপলব্ধি কৰিছে। উদাহৰণ স্বৰূপে ২০০৪ চনৰ অলিম্পিকৰ অত্যধিক ব্যয় আৰু ঋণৰ বোজাৰ বাবে ২০০৮-১২ চনৰ বিত্তীয় সংকটে গ্ৰীচৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলাইছিল, মণ্ট্ৰিলে ১৯৭৬ চনৰ অলিম্পিকৰ বাবে লোৱা ঋণ শেষ কৰিবলৈ ৩০ বছৰ সময় লৈছিল।[95]

অৱশেষত ফ্লিবৰ্গ আৰু স্টিৱাৰ্টে পায় যে যোৱা দশকটোত অলিম্পিকৰ হিচাপতকৈ অধিক ব্যয় অলপ কমি আহিছে আৰু এতিয়া প্ৰায় আন আন বৃহৎ প্ৰকল্পবোৰৰ সমপৰ্যায়ৰ হৈছেগৈ।২০০০ ৰ পৰা ২০১০ চনৰ এই কালছোৱাত আগৰ গড়ে ২৫৮% হিচাপাধিক ব্যয়ৰ তুলনাত ই ৪৭% হৈছিলহি। কিন্তু লণ্ডন অলিম্পিকে এই ধাৰা ভংগ কৰি, পুণৰ ১০১% হিচাপাধিক, ব্যয়েৰে তিনি সংখ্যাৰ ঘৰ চুলেগৈ। অৱশেষত ফ্লিবৰ্গ আৰু স্টিৱাৰ্টে মন্তব্য কৰে যে এতিয়া এই হিচাপাধিক ব্যয়ক নিয়ন্ত্ৰণ কৰা, আৰু হ্ৰাস কৰাৰ দ্বায়িত্ব অলিম্পিকৰ পৰিকল্পনা আৰু ব্যৱস্থাপনা কৰা লোক সকলৰ ওপৰত আহি পৰিছেহি।[95]

প্ৰতীকসমূহ[সম্পাদনা কৰক]

অলিম্পিক চনদৰ মতে অলিম্পিকে ইয়াৰ বাবে কিছুমান প্ৰতীকৰ ব্যৱহাৰ কৰে। অলিম্পিক প্ৰতীক বা অলিম্পিক বৃত্তসমূহে পৰস্পৰক ছেদ কৰি থকা পাঁচটা ভিন্ন ৰঙী বৃত্তক বুজাই, এই পাঁচটা বৃত্ত‍ই পাঁচখন মহাদেশ (এচিয়া, আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপ)ৰ একতাক চিহ্নিত কৰে। এখন বগা ক্ষেত্ৰৰ ওপৰত থকা এই বৃত্তকেইটাৰ ৰঙবোৰ হৈছে নীলা, হালধীয়া, ক’লা, সেউজীয়া আৰু ৰঙা। অলিম্পিকৰ পতাকাখনটো বগাক্ষেত্ৰৰ ওপৰত থকা এই পাঁচটা বৃত্তক ব্যৱহাৰ কৰা হয়। অলিম্পিকৰ প্ৰতীকৰ বৃত্তসমূহ বাবে এই ৰঙ কেইটা নিৰ্বাচন কৰাৰ কাৰণ আছিল প্ৰত্যেকখন দেশৰ জাতীয় পতাকাতে এই কেইটা ৰঙৰ যিকোনো এটা প্ৰায়েই দেখিবলৈ পোৱা যায়। ১৯২০ চনৰ বেলজিয়ামৰ গ্ৰীষ্মকালীন অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে এই পতাকা খন গ্ৰহণ কৰা হৈছিল। তাৰ পাছৰে পৰা প্ৰত্যেকখন অলিম্পিকত এই পতাকা উত্তোলন হৈ আহিছে।[96]

অলিম্পিকৰ মূলমন্ত্ৰ হৈছে চাইটিয়াচ, অল্টিয়াচ, ফ’ৰটিয়াচ (Citius, Altius, Fortius), এই শাৰী লেটিন শব্দৰ অৰ্থ হৈছে বেগৱান, ঊচ্চ, শক্তিশালী। অলিম্পিকৰ প্ৰতীকসমূহ আৰু আদৰ্শ সমূহৰ সম্পৰ্কে পিয়েৰ দে কিউবাৰ্টিন ৰ মন্তব্য আছিল এনেধৰণৰ,

The most important thing in the Olympic Games is not to win but to take part, just as the most important thing in life is not the triumph but the struggle. The essential thing is not to have conquered but to have fought well.[96]
অলিম্পিকৰ পতাকা

প্ৰত্যেকখন অলিম্পিক আৰম্ভ হোৱাৰ এমাহ পূৰ্বে গ্ৰীচৰ অলিম্পিয়াত অলিম্পিক শিখাৰ প্ৰজ্বল্লন কৰা হয়, এই অনুষ্ঠানে গ্ৰীচৰ প্ৰাচীন পৰম্পৰাক প্ৰতিফলিত কৰে। এখন উপবৃত্তাকাৰ দাপোনৰ দ্বাৰা কেন্দ্ৰীভূত কৰা সূৰ্যৰ পোহৰৰ দ্বাৰা এগৰাকী মহিলা পুৰোহিতে অলিম্পিক শিখাত অগ্নি সংযোগ কৰে। তাৰ পাছত তেওঁ অলিম্পিক শিখা দৌৰৰ প্ৰথম গৰাকী শিখা বাহকক এই অলিম্পিক শিখা প্ৰদান কৰে, লগে লগে অলিম্পিক শিখা দৌৰৰ আৰম্ভ হয়, এমাহ বিভিন্নজন বাহকৰ হাতত গোটেই বিশ্বৰ বিভিন্ন দেশ পৰিভ্ৰমণ কৰাৰ পাছত উদ্ঘাটন সমাৰোহৰ মাজত এই শিখাই আয়োজক দেশৰ অলিম্পিক ষ্টেডিয়ামত প্ৰৱেশ কৰে, অলিম্পিক শিখাৰ প্ৰৱেশে উদ্ঘাটন সমাৰোহত বিশেষ ভূমিকা পালন কৰে।[97] যদিও অলিম্পিক শিখাক ১৯২৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ পৰাই এটা অলিম্পিক প্ৰতীক হিচাপে স্বীকৃতি দিয়া হয়, ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত নাজী জাৰ্মানীয়ে নিজৰ সমাজবাদী চিন্তাধাৰাক প্ৰতিফলিত কৰাৰ ঊদ্দেশ্যে অলিম্পিক শিখা দৌৰৰ আৰম্ভণি ঘটোৱাৰ পৰাহে শিখা দৌৰ আৰম্ভ হয়।[96]


অলিম্পিকৰ শুভংকৰ প্ৰতীক (mascot) হৈছে, প্ৰত্যেকখন অলিম্পিকৰ বাবে নিৰ্বাচন কৰা জন্তু বা মানুহৰ কিছুমান বিশেষ মূৰ্তি বা প্ৰতীক, সাধাৰণতে এনে প্ৰতীকে আয়োজক দেশখনৰ সাংস্কৃতিক ঐতিহ্যক বৰ্ণনা কৰে। ১৯৬৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত প্ৰথম শুভংকৰ প্ৰতীকৰ ব্যৱহাৰ হয়। ১৯৮০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ শুভংকৰ প্ৰতীক মিছা(Misha) নামৰ ৰাছিয়াৰ ভালুক পোৱালিটোৱে বিশ্বজুৰি তাৰকা সদৃশ জনপ্ৰিয়তা লাভ কৰে। তেতিয়াৰ পৰা শুভংকৰ প্ৰতীক সমূহে অলিম্পিকৰ প্ৰচাৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দেখা গৈছে। [98]

সমাৰোহ[সম্পাদনা কৰক]

উদ্ঘাটন সমাৰোহ[সম্পাদনা কৰক]

১৯৮৪ চনৰ লচ এঞ্জেলচ গ্ৰীষ্মকালীন অলিম্পিকৰ উদ্ঘাটন সমাৰোহৰ এটি দৃশ্য

অলিম্পিক চনদত নিৰ্ধাৰিত কৰা অনুযায়ী অলিম্পিকৰ উদ্ঘাটন সমাৰোহত বিভিন্ন অনুষ্ঠানৰ সমাহাৰ ঘটে,যিবোৰৰ বেছিভাগৰেই ১৯২০ ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকতেই শুভাৰম্ভ হৈছিল। উদ্ঘাটন সমাৰোহ চিৰাচৰিত ভাবে আয়োজক দেশৰ পতাকা উত্তোলন আৰু ৰাষ্ট্ৰগীত পৰিৱেশনৰ জৰিয়তে আৰম্ভ হয়। আয়োজক দেশে বিভিন্ন সংগীত ,নৃত্য আদিৰ মাধ্যমেৰে নিজৰ বৰ্ণীল সভ্যতা তথা সংস্কৃতিক বিশ্ববাসীৰ আগত উপস্থাপন কৰে ।সময়ৰ লগে লগে অলিম্পিক সমাৰোহৰ কলেবৰ ক্ৰমাৎ বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বেইজিং অলিম্পিকৰ উদ্ঘাটন সমাৰোহত ব্যয় হোৱা অৰ্থৰ পৰিমান প্ৰায় ১০০ নিযুতৰো অধিক।

[99]


সমাপন সমাৰোহ[সম্পাদনা কৰক]

২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ সমাপন সমাৰোহৰ ষ্টেডিয়ামত খেলুৱৈসকল গোট খাইছে

সামৰণী অনুষ্ঠানত সকলো অংশগ্ৰহনকাৰী দেশৰে ধ্বজ্জাবাহকসকলে পোনপ্ৰথমে ষ্টেদিয়ামত প্ৰবেশ কৰে। তাৰ পাছত অংশগ্ৰহনকাৰী বিভিন্ন দেশৰ এথলিটসকলে কোনো নিৰ্দষ্ট ক্ৰম অবিহনে ষ্টেদিয়ামত প্ৰবেশ কৰে।ইয়াৰ পাছতেই আয়োজক দেশ, অলিম্পিকৰ জন্মভূমি গ্ৰীচ, পৰৱৰ্ত্তী আয়োজক দেশৰ ৰাষ্ট্ৰধ্বজ উত্তোলন তথা ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।আয়োজক সমিতিৰ সভাপতি তথা আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতিয়ে সামৰণী ভাষন পাঠ কৰাৰ পাছতেই আনুষ্ঠানীকভাবে এই ক্ৰীড়া সমাৰোহৰ সামৰণী পৰে। এই সামৰণী অনুষ্ঠানতে আয়োজক নগৰীৰ মেয়ৰে আনুষ্ঠানীকভাবে অলিম্পিক পতাকা আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতিক অৰ্পন কৰে, যিয়ে পুনৰ পৰৱৰ্ত্তী আয়োজক নগৰীৰ মেয়ৰক এই পতাকা প্ৰদান কৰে।

পদক প্ৰদান পৰ্ব[সম্পাদনা কৰক]

২০০৮ চনৰ গ্ৰীষ্ম অলিম্পিকৰ এক পদক প্ৰদান পৰ্ব

অলিম্পিকত প্ৰত্যেক খেল ‍শেষ হোৱাৰ লগে লগে পদক পৰ্ব অনুষ্ঠিত কৰা হয়। প্ৰথম, দ্বিত্বীয় আৰু তৃতীয় স্থান পোৱাসকল এখন তিনিখলপীয়া সৰু মাচান( rostrum)ৰ ওপৰত থিয় হয় আৰু তেওলোকক নিজৰ নিজৰ মেডেল বিলাক পিন্ধোৱা হয়।[100]IOC ৰ কোনো এজন সদস্যই এই মেডেল সমূহ প্ৰদান কৰাৰ লগে লগে খেলুৱৈ সকলৰ দেশৰ জাতীয় পতাকা উত্তোলন কৰা হয় আৰু লগতে স্বৰ্ণবিজয়ীৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত বাজি উঠে।[101]আয়োজক দেশৰ স্বেচ্ছাসেৱক সকলে এই পৰ্বৰ আয়োজন কৰে আৰু মেডেল প্ৰদান কৰা আন্তৰ্জাতিক অলিম্পিক কমিটিৰ সদস্য জনক সহযোগ কৰে, আৰু পতাকা-ধাৰীৰ দ্বায়িত্বও লয়। [102]প্ৰত্যেক খেল ইভেণ্টৰ ফাইনেল হৈ যোৱাৰ এদিনৰ ভিতৰতে মেডেল প্ৰদান কাৰ্যসূচী সমাপন কৰা হয়। পুৰুষৰ মাৰাথন দৌৰ সাধাৰণতে অলিম্পিকৰ শেষৰ দিনা একেবাৰে পূৱাতে আৰম্ভ কৰা হয় আৰু মেডেল প্ৰদান পৰ্ব অলিম্পিকৰ সামৰণি সমাৰোহৰ মাজতে কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

অলিম্পিকৰ খেলসমূহ[সম্পাদনা কৰক]

অলিম্পিকৰ ক্ৰীড়াসূচীত(Olympic program) ৩৫ বিধ খেলৰ ৩০টা শাখাৰ(disciplines) প্ৰায় ৪০০ টামান ভাগ(events) অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণ স্বৰূপে গ্ৰীষ্ম অলিম্পিকৰ এটা খেল মল্লযুদ্ধৰ মুলতঃ দুটা শাখা আছে, গ্ৰীক’ ৰোমান আৰু ফ্ৰীষ্টাইল।প্ৰত্যেকে শাখাকে আকৌ খেলুৱৈৰ দেহৰ ওজন অনুসৰি পুৰুষৰ বাবে চৌদ্ধটা আৰু মহিলাৰ বাবে ছাৰিটা ভাগত খেলোৱা হয়।[103]গ্ৰীষ্ম অলিম্পিক ২৬টা আৰু শীতকালীন অলিম্পিকত ১৫ বিধ ক্ৰীড়া অন্তৰ্ভুক্ত হয়।[104]এথলেটিকচ, সাঁতোৰ, অসিখেল(fencing) আৰু কলাসূলভ জিমমাস্টিকচ(artistic gymnastics) কেৱল গ্ৰীষ্ম অলিম্পকতহে খেলোৱা হয় আৰু কোনো অলিম্পিকৰে পৰা এই ক্ৰীড়া কেইবিধ আতৰোৱা হোৱা নাই।ক্ৰছ-কান্ট্ৰী স্কিয়িং, ফিগাৰ স্কেটিং, আইচ হকী, নৰ্ডিক কম্বাইনড, স্কি জাম্পিং আৰু স্পীড স্কেটিং, ১৯২৪ চনত আৰম্ভ হোৱাৰে পৰা, প্ৰত্যেক শীতকালীন অলিম্পিকতে খেলোৱা হৈ আহিছে। নতুন অলিম্পিক ক্ৰীড়া যেনে বেডমিণ্টন, ভলীবল আৰু বাস্কেটবল আদি, প্ৰথমতে অলিম্পিকত প্ৰদৰ্শনী মূলক ক্ৰীড়া হিচাপে খেলোৱা হৈছিল, পিছত পূৰ্ণ পৰ্যায়ৰ প্ৰতিযোগীতা হিচাপে স্বীকৃতি দিয়া হয়। . আগতে অনুষ্ঠিত কৰা কিছুমান ক্ৰীড়া অলিম্পিকৰ পৰা বাদ দিয়াৰো উদাহৰণ আছে।[105]

আন্তৰ্জাতিক অলিম্পিক কমিটি (IOC) দ্বাৰা অলিম্পিক ক্ৰীড়াসমূহৰ সাৰ্বভৌম পৰিদৰ্শক ৰূপে স্বীকৃতিপ্ৰাপ্ত আন্তৰ্জাতিক ক্ৰীড়া মহাসংঘসমূহে (international sports federations) অলিম্পিক ক্ৰীড়াৰ প্ৰশাসনিক দিশটো পৰিচালনা কৰে। আন্তৰ্জাতিক অলিম্পিক কমিটিত ৩৫ টা এনে মাহসংঘৰ প্ৰতিনিধিত্ব আছে।{sfn|Olympic Charter|2007|pp=88–90}} অলিম্পিকত আজি পৰ্যন্ত অন্তৰ্ভুক্ত নোহোৱা কিছুমান খেলো IOC ৰ দ্বাৰা স্বীকৃত। এই খেলবোৰ অলিম্পিক প্ৰতিযোগীতা হিচাপে খেলাব নোৱাৰি কিন্তু অলিম্পিকৰ পিছতে হোৱা IOC ৰ কাৰ্যসূচী পুনৰীক্ষণ অধিবেশনত ইয়াক পূৰ্ণ পৰ্য্যায়ৰ ক্ৰীড়া হিচাপে স্বীকৃতি দিবলৈ প্ৰস্তাব ৰাখিব পাৰি।[106][107]এনে পুণৰীক্ষনৰ সময়ত দুই তৃতীয়াংশ সংখ্যগিৰষ্ঠ মতদানৰ যোগে কোনো খেল অলিম্পিকত সুমুৱাব বা উলিয়াই দিব পাৰি।[108] দবাখেল বা চাৰ্ফিঙৰ দৰে কিছুমান খেল স্বীকৃত যদিও আজিলৈকে কোনো অলিম্পিকতে কোনোধৰনেই এইবিলাক অন্তৰ্ভুক্ত হোৱা নাই।[109]

২০০৪ চনৰ নৱেম্বৰ মাহত, IOC য়ে অলিম্পিক প্ৰগ্ৰাম কমিচন(Olympic Programme Commission) প্ৰতিষ্ঠা কৰে, এই কমিছনৰ কাম হ’ল অলিম্পিক ক্ৰীড়াসূচী আৰু আন স্বীকৃত খেল বিলাকৰ পৰ্যালোচনা কৰা।ই হ’ল অলিম্পিক ক্ৰীড়াসূচীক সমূহক পৰ্যায়ক্ৰমে আন সকলো ক্ৰীড়া সমাৰোহত প্ৰতিষ্ঠা কৰাৰ এক উদ্যোগ।[110] এই কমিছনে কোনো এক খেলক অলিম্পিকত অন্তৰ্ভুক্ত কৰিবলৈ সাতটা মাপকাঠি(criteria) নিৰ্ধাৰণ কৰি দিছে।[110] এই মাপকাঠি কেইটা হ’ল “ খেলবিধৰ পৰম্পৰা আৰু বুৰঞ্জী, বিশ্বজনীনতা, জনপ্ৰিয়তা, ভাৱমূৰ্তি, খেুলুৱৈৰ স্বাস্থৰ ওপৰত প্ৰভাৱ, খেলবিধ নিয়ন্ত্ৰণ কৰা আন্তৰ্জাতিক সংস্থাসমূহৰ অৱস্থা আৰু অনুষ্ঠিত কৰাৰ খৰছ।[110] এই অধ্যয়নৰ পৰা পাঁচ বিধ খেলৰ ২০১২ চনৰ অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ খছৰা তালিকাত নাম উঠে, খেল কেইবিধ হ’ল গল্ফ, কাৰাটে, ৰাগবী ইউনিয়ন, ৰ’লাৰ স্পৰ্টচ আৰু স্কোৱাছ[110]IOC ৰ কৰ্মনিধাৰণী সভাই পৰীক্ষা কৰাৰ পাছত এই নামকেইটা ২০০৫ চনৰ ডিচেম্বৰ, চিংগাপুৰত অনুষ্ঠিত হোৱা সাধাৰণ মহাসভালৈ প্ৰৰণ কৰে। মহাসভাই পাঁচটাৰ ভিতৰত কেৱল কাৰাটে আৰু স্কোৱাছক চুড়ান্ত বাচনিৰ বাবে অনুমোদন জনায়।[110] কিন্তু ইয়াৰে কোনো এটা খেলেই দুই তৃতীয়াংশ ভোট লাভ কৰিবলে সক্ষম নহ’ল আৰু সেইবাবে অলিম্পিক ক্ৰীড়াত অন্তৰ্ভুক্তও নহ’ল।[110]২০০৯ চনৰ অক্টপবৰ মাহত IOC য়ে গল্ফ আৰু ৰাগবি ইউৗনিয়নক ২০১৬ আৰু ২০২০ অলিম্পিকত অন্তৰ্ভুক্ত কৰিবলৈ ভোটযোগে সিদ্ধান্ত লয়।[111]

২০০২ চনত হোৱা IOCৰ ১১৪তম মহাসভাই (IOC Session)গ্ৰীষ্ম অলিম্পিক ২৮ টা খেল, ৩০১ ভাগ আৰু ১০,৫০০ খেলুৱৈতে সীমিত কৰি ৰাখিবলৈ সিদ্ধান্ত কৰে।[110]তাৰ তিনি বছৰৰ পাছত ১১৭তম মহাসভাত অলিম্পিক ক্ৰীড়াৰ প্ৰথম বৃহৎ সালসলনি কৰি বেচবল আৰু চফ্টবলক ২০১২ ৰ লণ্ডনঅলিম্পিক কাৰ্যসূচীৰ পৰা বাদ দিয়ে।বাকী দুটা উপযুক্ত খেল নিৰ্বাচন নোহাৱাৰ বাবে এই অলিম্পিকত মাথোন ২৬ বিধ খেলহে খেলোৱা হয়।[110]২০১৬ আৰু ২০২০ চনত ৰাগবী আৰু গল্ফৰ অন্তৰ্ভুক্তিৰে পুণৰ ২৮ বিধ খেল অলিম্পিকত দেখা পোৱা যাব।[111]

অপেছাদাৰী আৰু পেছাদাৰী ক্ৰীড়া[সম্পাদনা কৰক]

পেছাদাৰী খেলুৱৈ সকলক ১৯৯৮ চনৰ পৰা আইচ হকী খেলিবলৈ অনুমতি দিয়া হ’ল ( ছৱিত ১৯৯৮ চনত স্বৰ্ণপদকৰ বাবে ৰাচিয়া আৰু চেক ৰিপাব্লিকৰ খেল)

বৃটিছ পাব্লিক স্কুলসমূহত শিকা আভিজাত্যৰ ধ্যান-ধাৰণাৰ উদাহৰণ বিলাকে বেৰন পিয়েৰে দ্যঁ কিউবাৰ্টিনক বাৰুকৈ প্ৰভাৱান্বিত কৰিছিল।[112]এই পাব্লিক স্কুল বিলাকে বিশ্বাস কৰিছিল যে ক্ৰীড়া শিক্ষাৰ এক অবিচ্ছেদ্য অংগ আৰু ইয়াৰ সাৰাংশ হৈছিলগৈ “সুস্থ শৰীৰত থকা সুস্থ মন” । । এই ধাৰণা অনুসৰি যি সকলো কামতে পাৰ্গত, তেঁওহে প্ৰকৃত ভদ্ৰলোক, কেৱল কোনো এটা ক্ষেত্ৰত বিশেষ দক্ষতা লাভ কৰা সকল নহয়। উচিত-অনুচিতৰ বিষয়টিতো প্ৰয়োজনতকৈ অধিক গুৰুত্ব আৰোপ কৰা হৈছিল আৰু আৰু সেই অনুসৰিয়েই প্ৰশিক্ষণ বা অনুশীলন কৰাটো ঠগবাজীৰ সমপৰ্যায়ৰ বুলি ভবা হৈছিল।[112] পেছাদাৰী ভাৱে প্ৰশিক্ষণ লৈ খেলাসকলে , কেৱল চখৰ বাবে খেলা সকলতকৈ অনুচিত সুবিধা লাভ কৰে বুলি গণ্য কৰা হৈছিল।[112]

পেছাদাৰী খেলুৱৈ সকলক আঁতৰাই ৰখাৰ সিদ্ধান্তটোৰ বাবে আধুনিক অলিম্পিক বহু বিবাদাত্মক পৰিস্থিতিৰ সন্মূখীন হৈছে।১০১২ চনৰ পেণ্টাথ‌ল্‌ন আৰু ডেকাথল্‌নৰ বিজয়ী জিম থৰ্পৰ পৰা পদক কেইটা কাঢ়ি লোৱা হ’ল, কাৰণ পিছত গম পোৱা গ’ল যে জিমে অলিম্পিকৰ আগতে অৰ্ধ-পেছাদাৰী বেচবল খেলত অংশগ্ৰহণ কৰিছিল।১৯৮৩ চনত অৱশ্যে মৰণোত্তৰ ভাৱে সহানুভুতিৰ আধাৰত জিমৰ পদক কেইটা ঘুৰাই দিয়া হয়।[113] চুইজাৰলেণ্ড আৰু অষ্ট্ৰিয়াৰ স্কি খেলুৱৈ সকলে তেঁওলোকৰ স্কি প্ৰশিক্ষক সকলক একে কাৰণতে অলিম্পিকত যোগ দিবলৈ অনুমতি নিদিয়াৰ বিপক্ষে প্ৰতিবাদ কৰি ১৯৩৬ চনৰ শীতকালীন অলিম্পিক বৰ্জন কৰিছিল।[114]

২০ শতিকাত সামাজিক শ্ৰেণী সংৰচনা (class structure) বিকশিত হোৱাৰ লগে লগে অপেছাদাৰী এথলেটকসকলক অভিজাত ভদ্ৰলোক বুলি গণ্য কৰা ধাৰণাটো অপ্ৰাসংগিক হৈ পৰিল।[112] পূব ব্লকৰ বা কমিউনিষ্ট ব্লকৰ দেশসমুহত নিজা খৰছেৰে পূৰ্ণকালীন অপেছাদাৰী খেলূৱৈ ওলাবলৈ ধৰাত এই “ বিশুদ্ধ অপেছাদাৰী” ধাৰণাতো আৰু তৰল হৈ পৰিল, আৰু পশ্চিমীয়া দেশৰ ব্যক্তিগত পূঁজিৰ অপেছাদাৰী খেলুৱৈ সকল সমস্যাৰ সন্মূখীন হ’ল। তথাপিও অলিম্পিক কমিটিয়ে এই বিষয়ত নিজৰ পৰম্পৰাগত নিয়মত অটল হৈ ৰ’ল।[115] ১৯৭০ চনৰ পৰা আৰম্ভ কৰি অলিম্পিক চাৰ্টাৰৰ পৰা অপেছাদাৰীত্ব সম্পৰ্কীয় ধাৰা বিলাক ক্ৰমাগত ভাৱে আঁতৰাই যোৱা হ’ল। ১৯৮৮ চনৰ পৰা আন্তৰ্জাতিক অলিম্পিক সংস্থাই, আন্তৰ্জাতিক ক্ৰীড়া ফেডাৰেচন সমূহৰ অনুমতি সাপেক্ষে সকলো পেছাদাৰী খেলু্ৱৈকে অলিম্পিকত যোগ দিবলৈ অনুমতি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।[116] আজিকালি কেৱল মুষ্টিযুদ্ধ আৰু মল্লযুদ্ধতহে পেছাদাৰী খেলুৱৈক খেলিবলৈ দিয়া নহয়। আৰু পেছাদাৰিত্বৰ সংজ্ঞাও খেলুৱৈৰ বেতন নহয়, খেলৰ নিয়মৰ ওপৰতহে থিৰ কৰা হয়, কিয়নো বহুতো মুষ্টিযোদ্ধা বা মল্লযোদ্ধাই তেঁওলোকৰ দেশৰ অলিম্পিক কমিটিসমুহৰ পৰা নগদ ধনৰ পুৰষ্কাৰ গ্ৰহণ কৰে।

বিতৰ্কসমূহ[সম্পাদনা কৰক]

বৰ্জন[সম্পাদনা কৰক]

মেপত ১৯৭৬ (হালধীয়া), ১৯৮০ (নীলা) আৰু ১৯৮৪ (ৰঙা) চনত অলিম্পিক বৰ্জন কৰা দেশসমূহ দেখুওৱা হৈছে

অষ্ট্ৰেলিয়া, গ্ৰেট ব্ৰিটেইন আৰু চুইজাৰলেণ্ডেই হৈছে এনেকুৱা দেশ যি ১৮৯৬ চনৰ প্ৰথম অলিম্পিকৰ পৰা প্ৰত্যেকখন আধুনিক অলিম্পিকলৈ নিজৰ দল প্ৰেৰণ কৰি আহিছে, আনহাতেদি কিছুমান দেশে অলিম্পিকলৈ নিৰ্বাচিত হোৱা খেলুৱৈৰ অভাৱত, আৰু আন কিছুমান দেশে কোনো বিশেষ কাৰণত অলিম্পিক বৰ্জন কৰিবলৈ সিদ্ধান্ত লোৱাৰ বাবে একোখনকৈ অলিম্পিকত ভাগ লোৱাৰ পৰা ব্যৰ্থ হয়। ১৯৩৬ চনত আয়াৰলেণ্ড দলক IOCএ সমগ্ৰ আয়াৰলেণ্ডৰ পৰিৱৰ্তে কেৱল মাত্ৰ আইৰিচ মুক্ত ৰাজ্য (Irish Free State)ৰ পৰা নিৰ্বাচন কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে আয়াৰলেণ্ডৰ অলিম্পিক কাউন্সিলে এই অলিম্পিক বৰ্জন কৰে।[117] ১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিক তিনিটা বৰ্জনৰ সন্মূখীন হয়, প্ৰথম হাংগেৰিৰ আন্দোলনক চোভিয়েট ইউনিয়নে কৰা দমনৰ প্ৰতিবাদত নেডাৰলেণ্ড, স্পেইন আৰু চুইজাৰলেণ্ডে এই অলিম্পিক বৰ্জন কৰে, অৱশ্যে তেওঁলোকে নিজৰ প্ৰতিনিধি দল অলিম্পিকলৈ প্ৰেৰণ কৰে। দ্বিতীয়তে চুৱেজৰ দুৰ্ভিক্ষৰ বাবে, কম্বোডিয়া, ইজিপ্ত, ইৰাক আৰু লেবাননে এই অলিম্পিক বৰ্জন কৰে। তৃতীয়তে টাইৱানক অলিম্পিকত ভাগ ল’বলৈ দিয়াৰ বাবে চীনে এই অলিম্পিক বৰ্জন কৰে।[118] ১৯৭২ আৰু ১৯৭৬ চনত বহুতো আফ্ৰিকীয় দেশে দক্ষিণ আফ্ৰিকা আৰু ৰ’ডেচিয়াত হোৱা জাতিগত বিভাজন বাবে IOCক এই দুখন দেশক অলিম্পিকৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী কৰে অন্যথা অলিম্পিক বৰ্জনৰ ভাবুকি প্ৰদান কৰে। নিউজিলেণ্ডৰ জাতীয় ৰাগবী দলে এপাৰ্টহেইড অধিকৃত দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰাৰ বাবে বৰ্জনকাৰী এই দেশ সমূহে নিউজিলেণ্ডকো নিজৰ লক্ষ্য কৰি লয়। IOCএ প্ৰথম দুখন দেশৰ কথা মানি লয়, কিন্তু নিউজিলেণ্ডৰ বাবে এই দাবী মানি নলয়, IOCএ যুক্তি দৰ্শাই যে ৰাগবী অলিম্পিকৰ অন্তৰ্ভুক্ত খেল নহয়। [119] নিজৰ দাবী পূৰণ হোৱাৰ পাছত প্ৰতিবাদকাৰী ২০খন আফ্ৰিকীয় দেশে অলিম্পিকত যোগদান কৰে, মন্ট্ৰিয়েল অলিম্পিকৰ মাজতে গুয়েনা, ইৰাক আৰু টানজেনিয়াই অলিম্পিক বৰ্জন সিদ্ধান্ত লয়(ইতিমধ্যেই তেওঁলোকৰ কিছু প্ৰতোযোগীয়ে সেই অলিম্পিকত ভাগ লৈছিলেই)।[119][120] টাইৱানেও এই অলিম্পিক বৰ্জন কৰিছিল,কিয়নো চীন প্ৰজাতন্ত্ৰই (People's Republic of China (PRC)) মন্ট্ৰিল অলিম্পিকৰ আয়োজক সকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল যে চীন গণৰাজ্য ( Republic of China (ROC), টাইৱানৰ আধিকাৰিক নাম)ৰ নামত প্ৰতিদ্বন্দিতা কৰিবলৈ অহা লোকসকলক খৈলিবলৈ দিব নেলাগে। চীন গণৰাজ্যৰ( Republic of China (ROC))ৰ প্ৰতিনিধি সকলক প্ৰস্তাব দিয়া হয় যে “তেঁওলোকে গণৰাজ্যৰ পতাকা আৰু জাতীয় সংগীত ব্যৱহাৰ কৰিব পাৰিব, কিন্তু দেশৰ নাম চীন প্ৰজাতন্ত্ৰ বুলি মানি লব লাগিব”, কিন্তু এই প্ৰস্তাৱ তেঁওলোকে অগ্ৰাহ্য কৰে।[121] ১৯৮৪ পৰ্যন্ত টাইৱানে অলিম্পিকত যোগদান নকৰে, ১৯৮৪ত চাইনিজ টাইপে হিচাপে নতুন নাম, বিশেষ পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতেৰে তেওঁলোকে পুনৰ অলিম্পিকত যোগদান কৰে।[122]


১৯৮০ আৰু ১৯৮৪ত শীতল যুদ্ধৰ সময়ত দেশ সমূহে নিজৰ প্ৰতিদ্বন্দীয়ে আয়োজন কৰা অলিম্পিক বৰ্জন কৰে। আফগানিস্তানত হোৱা ছোভিয়েট যুদ্ধৰ বাবে ৬৫খন দেশে মস্ক’ অলিম্পিক বৰ্জন কৰে। এই বৰ্জনৰ বাবে মাত্ৰ ৮১খন দেশেহে এই অলিম্পিকত ভাগ লয়, যিটো আছিল ১৯৫৬চনৰ পাছত সৰ্বনিম্ন প্ৰতিযোগী দেশৰ সংখ্যা।[123] ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে ৰোমানিয়াক বাদ দি ছোভিয়েট ইউনিয়ন আৰু পূৱ ভাগৰ (Eastern Bloc) ১৪খন সহযোগী দেশে ১৯৮৪ চনৰ লচ এঞ্জেলচ (আমেৰিকা যুক্তৰাষ্ট্ৰ) অলিম্পিক বৰ্জন কৰে, তেওঁলোকে যুক্তি দৰ্শাই যে তেওঁলোকৰ খেলুৱৈ সকল তাত সুৰক্ষিত নহয়, ছোভিয়েত অধিকাৰী সকলে এই বিষয়ে এনেদৰে মন্তব্য কৰে, "আমেৰিকাত সংকীৰ্ণ জাতীয়তাবাদী চিন্তাধাৰা আৰু চোভিয়েত বিৰোধী উন্মাদনা বলপ্ৰয়োগ কৰি চলোৱা হৈছে(Chauvinistic sentiments and an anti-Soviet hysteria are being whipped up in the United States)".[124] এই সমূহ বৰ্জন্কাৰী দেশে ১৯৮০চ জুলাই-আগষ্টত ’ফ্ৰেণ্ডশ্বিপ গেমজ’ নামৰ আন এক প্ৰতিযোগীতাৰ আয়োজন কৰে।[125][126]

তিব্বতৰ পৰিস্থিতি আৰু ডাৰফুৰৰ যুদ্ধত মানৱ অধিকাৰৰ ভংগ হোৱাৰ প্ৰতিবাদত চীনা সামগ্ৰী আৰু ২০০৮ চনৰ বেইজিং অলিম্পিক বৰ্জনৰ আবেদন বিভিন্ন পক্ষৰ পৰা হোৱা পৰিলক্ষিত হৈছিল যদিও কাৰ্যত কোনো দেশে বেইজিং অলিম্পিক বৰ্জন নকৰিলে।[127][128]২০০৮ চনৰ দক্ষিণ অচ্চেষ্টিয়া যুদ্ধৰ পৰিপ্ৰেক্ষিতত ২০১৪ চনৰ চ’চি, ৰাচিয়াত হ’ব লগা অলিম্পিক জৰ্জিয়াই বৰ্জন কৰিম বুলি ঘোষণা কৰে[129][130]

ৰাজনীতি[সম্পাদনা কৰক]

১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ দীঘল জাঁপ প্ৰতিযোগীতাত পদক জয়ৰ পাছত জেচ্ছে অৱেন
১৯৬৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত আমেৰিকান এথেলিট ট’ম্মি স্মিথ আৰু জ’ন কাৰল’চে প’ডিয়ামত মানৱ অধিকাৰ (ব্লেক পাৱাৰ) চেলুট দিছে

প্ৰথম অৱস্থাৰ পৰাই অলিম্পিকৰ মঞ্চক ৰাজনৈতিক ভাৱধাৰাৰ প্ৰচাৰৰ ঊদ্দেশ্যে ব্যৱহা কৰি অহা হৈছে। নাজী জাৰ্মানীয়ে ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ যোগেদি নাজীবাদক শান্তি-মৈত্ৰীৰ প্ৰতীক হিচাপে প্ৰদৰ্শন কৰিব বিচাৰিলে, তাৰোপৰি এই অলিম্পিকৰ যোগেদি আৰ্য (Aryan) সকলক শ্ৰেষ্ঠতম বুলি দেখুৱাবলৈ বিচৰা হ’ল। [131], এই অলিম্পিকত সকলোতকৈ সফল দল হৈ জাৰ্মানীয়ে পাকে প্ৰকাৰন্তৰে তাক প্ৰতিপন্ন কৰিও দেখুৱালে, অৱশ্যে চাৰিটা সোণৰ পদক বিজয়ী আফ্ৰীকান-আমেৰিকান ভিক্টৰ অৱেন আৰু হাংগেৰিৰ ইহুদী ইব’লয়া কাচাকে জাৰ্মানীৰ এই বাৰ্তাক কিছু ধুসৰ কৰি পেলালে।[132]

ছোভিয়েট ইউনিয়নে ১৯৫২ চনৰ হেলচিংকি অলিম্পিক পৰ্যন্ত অলিম্পিকত ভাগ লোৱা নাছিল, তাৰ পৰিৱৰ্তে ১৯২৮ চনত ছোভিয়েটে স্পাৰ্টাকিয়াড (Spartakiad) নামেৰে আন এক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ আৰম্ভ কৰিছিল। ১৯২০ৰ পৰা ১৯৩০ চনৰ সময়চোৱাত আমেৰিকাকে বিশ্বৰ বিভিন্ন দেশৰ সাম্যবাদী আৰু সমাজবাদী সংগঠন সমূহে , attempted to counter what they called the "bourgeois" Olympics with the Workers Olympics.[133][134] ১৯৬৫ চনৰ অলিম্পিকত ছোভিয়েত ৰাছিয়া ক্ৰীড়া ক্ষেত্ৰৰ মহাশক্তিধৰ দেশ হিচাপে উত্থান হয়। নিজৰ ৰাজনৈতিক আদৰ্শ প্ৰচাৰত তেওঁলোকে বিজয়ৰ জৰিয়তে অহা জনপ্ৰিয়তা আৰু প্ৰচাৰৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে।[135] খেলুৱৈ সকলে ব্যক্তিগত ভাবেও অলিম্পিকৰ মঞ্চক নিজৰ ৰাজনৈতিক পৰিকল্পনাৰ প্ৰচাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা দেখা যায়। ১৯৬৮ চনৰ মেস্কিক’ চিটিৰ গ্ৰীষ্মকালীন অলিম্পিকত ২০০মিটাৰ দৌৰৰ স্বৰ্ণ আৰু ব্ৰ’ঞ্জ পদক বিজয়ী দুজন আমেৰিকান এথেলিট ট’ম্মি স্মিথ আৰু জ’ন কাৰল’চে প’ডিয়ামত মানৱ অধিকাৰ চেলুট (Black Power Salute) কৰা দেখা গ’ল। আনহাতেদি ৰূপৰ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ পিটাৰ নৰ্মানক স্মিথ আৰু কাৰল’চৰ সমৰ্থনত মানৱ অধিকাৰৰ বাবে অলিম্পিকৰ প্ৰকল্পৰ বেজ পৰিধান কৰা দেখা গ’ল। এই প্ৰতিবাদৰ প্ৰতিক্ৰিয়া স্বৰূপে, IOCৰ সভাপতি এভেৰি ব্ৰুণ্ডেগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিম্পিক কমিটী (USOC)ক এথেলিট দুজনক স্বদেশলৈ ওভতাই পঠিয়াবলৈ নাইবা ট্ৰেক এণ্ড ফিল্ড শাখাৰ পৰা আমেৰিকাৰ নাম প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। USOCএ খেলুৱৈ দুজনক স্বদেশলৈ ওভতাই পঠিয়াই।[136]

বৰ্তমানে ইৰাণ চৰকাৰে তেওঁলোকৰ খেলুৱৈসকল আৰু ইজৰাইলৰ খেলুৱৈ সকলৰ মাজৰ প্ৰতিযোগিতা ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে, ২০০৪ চনৰ অলিম্পিকত এজন ইৰাণীয় জুড’ খেলুৱৈ আৰাচ মিৰেচমিয়েলীএ নিজৰ ইজৰাইলীয় প্ৰতিপক্ষৰ বিৰুদ্ধে খেলত ভাগ নলয় (অৱশ্যে পাছত তেওঁ অধিক ওজনৰ বাবে অলিম্পিকৰ পৰা বাহিৰ হয়), আৰাচ মিৰেচমিয়েলীৰ এই সিদ্ধান্তৰ বাবে ইৰাণ চৰকাৰে তেওঁক US$ ১২৫,০০০ৰ পুৰষ্কাৰ আগবঢ়াই, একে পৰিমানৰ ধন ইৰাণ চৰকাৰে দেশৰ স্বৰ্ণ পদক বিজয়ী সকলকো প্ৰদান কৰে।[137]

উন্নত প্ৰদৰ্শনৰ বাবে ড্ৰাগছৰ ব্যৱহাৰ[সম্পাদনা কৰক]

১৯০৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত থমাছ হিক্সৰ মাৰাথন দৌৰ।

কুৰি শতিকাৰ প্ৰথম ভাগত বহুতো এথলীটে তেওঁলোকৰ এথলেটিক ক্ষমতা বঢ়াবৰ কাৰণে ড্ৰাগছৰ সহায় ল'বলৈ ধৰে। উদাহৰণস্বৰূপে ১৯০৪ চনৰ অলিম্পিকৰ মাৰাথন দৌৰৰ বিজয়ী থমাছ হিক্সক তেওঁৰ প্ৰশিক্ষকে ষ্ট্ৰিকনিন আৰু ব্ৰাণ্ডী সেৱন কৰিবলৈ দিছিল।[138] ১৯৬০ চনৰ ৰোম অলিম্পিকত চাইক্লিঙত অংশ লৈ থাকোঁতে ডেনমাৰ্কৰ চাইক্লিষ্ট নুদ এনেমাৰ্ক জেনছেন চাইকেলৰপৰা পৰি যায় আৰু পাছত মৃত্যুবৰণ কৰে। অনুসন্ধানৰ পাছত গম পোৱা গ'ল যে তেওঁ এমফিটামিনছ নামৰ ড্ৰাগছবিধৰ কবলত আছিল। ড'পিঙৰ ফলত অলিম্পিকত হোৱা এয়ে একমাত্ৰ মৃত্যুৰ ঘটনা।[139] ১৯৬০ চনৰ মধ্যভাগত ক্ৰীড়া সংগঠনসমূহে এনেধৰণৰ ড্ৰাগছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আৰম্ভ কৰে, আৰু ১৯৬৭ চনত IOCয়েও এই নিষেধাজ্ঞা বলৱৎ কৰে।[140]

অলিম্পকৰ ড'পিং পৰীক্ষাত ড্ৰাগছ সেৱন কৰি ধৰা পৰা প্ৰথমজন খেলুৱৈ হ'ল ছুইডেনৰ পেণ্টাথলন খেলুৱৈ হান্স গুন্নাৰ লিলজেনৱাল। ১৯৬৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁৰ ড'পিং ফলাফল ধনাত্মক ওলায় আৰু ফলত তেওঁ ব্ৰঞ্জৰ পদক হেৰুৱাবলগীয়া হয়।[141] কানাডাৰ স্প্ৰিণ্টাৰ বেন জনছনে ১৯৮৮ চনৰ ছিউল অলিম্পিকৰ ১০০ মিটাৰ দৌৰত স্বৰ্ণপদক পায় যদিও ষ্টেন'জ'ল'ল নামৰ ড্ৰাগছবিধ সেৱন কৰা বুলি ধৰা পৰে আৰু ফলত তেওঁৰ স্বৰ্ণপদক কাঢ়ি লৈ ৰাণাৰ্ছ আপ কাৰ্ল লুইছক এই পদক যচা হয়। উল্লেখ্য যে কাৰ্ল লুইছো অলিম্পিকৰ কিছুদিন আগত ড্ৰাগছ সেৱন কৰি ধৰা পৰিছিল।[142]

১৯৯০ চনৰ শেষৰফালে IOCয়ে ড'পিঙৰ বিৰুদ্ধে অধিক কঠোৰ হয় আৰু ১৯৯৯ চনত World Anti-Doping Agency (WADA) গঠন কৰে। ২০০০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক আৰু ২০০২ চনৰ শীতকালীন অলিম্পিকত আগতকৈ বেছি খেলুৱৈ ড্ৰাগছ সেৱন কৰা বুলি ধৰা পৰে। ভাৰোত্তোলন আৰু ক্ৰছ কাণ্ট্ৰী স্কায়িং (cross-country skiing) প্ৰতিযোগিতাৰ বহুকেইজন পদকবিজয়ী ড'পিঙত ধৰা পৰে। ২০০৬ চনৰ শীতকালীন অলিম্পিকত মাত্ৰ এজন খেলুৱৈয়ে ড'পিং পৰীক্ষাত ধৰা পৰি পদক হেৰুৱায়। IOC প্ৰতিস্থাপিত ড্ৰাগছ পৰীক্ষাৰ মানদণ্ডই (অলিম্পিক মানদণ্ড) এক বিশ্বজোৰা উচ্চ মানদণ্ডৰ সৃষ্টি কৰে আৰু বাকী ক্ৰীড়া সংগঠনসমূহেও ইয়াৰ সমপৰ্যায় পবলৈ চেষ্টা কৰে।[143] বেইজিং অলিম্পিকৰ সময়ত WADAৰ অধীনত ৩,৬৬৭ জন এথলীটৰ ড'পিং পৰীক্ষা লোৱা হৈছিল। নিষিদ্ধ ঔষধ ধৰা পেলাবৰ কাৰণে মূত্ৰপৰীক্ষা আৰু ৰক্তপৰীক্ষা দুয়োটা কৰা হৈছিল। অলিম্পিকলৈ অহাৰ আগতেই বহুকেইজন খেলুৱৈক NOCয়ে পৰীক্ষা কৰি অলিম্পিকৰপৰা বাদ দিছিল। বেইজিং অলিম্পিক চলি ধকাৰ সময়ত মাত্ৰ তিনিজন খেলুৱৈহে এই পৰীক্ষাত ধৰা পৰিছিল।[139][144]

লিংগভেদ[সম্পাদনা কৰক]

ইংলেণ্ডৰ চাৰ্লট কুপাৰ, অলিম্পিকৰ প্ৰথম মহিলা বিজয়ী (১৯০০ চনৰ অলিম্পিক গেমচ)

১৯০০ চনৰ পেৰিচ অলিম্পিকত প্ৰথম বাৰৰ বাবে মহিলা খেলুৱৈক ভাগ লবলৈ অনুমতি দিযা হয়,তথাপি ১৯৯২ চনৰ গ্ৰীষ্ম অলিম্পিকতো পয়ত্ৰিশ খন দেশে কেৱল পুৰুষ প্ৰতিযোগীহে পঠায়।[145] অৱশ্যে পৰবৰ্তী কালত এনে দেশৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পায়। ১৯৯৬ চনৰ লিতা ফাৰিমেনে ইৰাণৰ পৰা প্ৰথম মহিলা প্ৰতিযোগী হিচাপে বন্দুক চালনাত অংশগ্ৰহণ কৰে। [146] ২০০০ চনত বাহৰেইনে পোন প্ৰথম বাৰৰ বাবে ফাতেমা হামিদ গিৰাছী আৰু মৰিয়ম মহম্মদ হাদি নামৰ দুগৰাকী মহিলা প্ৰতিযোগী প্ৰেৰণ কৰে।[147] ২০০৪ চনত ৰুবিনা মুকিম্যাৰ আৰু ফাৰিবা ৰেজাই অলিম্পিকত আফগানিস্তানক প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা খেলু্ৱৈ হিচাপে পৰিগণিত হয়।[148]২০০৮ চনত সংযুক্ত আৰব এমিৰেটচে প্ৰথম বাৰৰ বাবে দুগৰাকী মহিলা এথলিট প্ৰেৰণ কৰে ( টাই-কোৱান-ডো ত ‘মেইথা অল মাকতৌম’ আৰু অশ্বাৰোহণত ‘ লতিফা অল মাকতৌম’)। এই দুই গৰাকীয়েই ডুবাইৰ শাসনাধিষ্ঠ ৰাজ পৰিয়ালৰ আছিল। [149]

২০১০ চনলৈ কেৱল তিনিখন হে এনে দেশ বাকী থাকিলগৈ যি কেতিয়াও মহিলা প্ৰতিযোগী প্ৰেৰণ কৰি পোৱা নাই; ব্ৰুনেই, চৌদি আৰবআৰু কাটাৰ। ব্ৰুনেয়ে মাত্ৰ তিনিখন অলিম্পিকত অংশ লৈছে, প্ৰত্যেক বাৰেই মাত্ৰ এজনকৈ প্ৰতিযোগীৰে। কিন্তু চৌদি আৰবআৰু কাটাৰ অলিম্পিকৰ নিয়মীয়া অংশগ্ৰহণকাৰী।২০১০ চনত আন্তৰ্জাতিক অলিম্পিক সংস্থাই ঘোষণা কৰে যে তেঁওলোকে এই দেশকেইখনক মহিলা খেলুৱৈ তৈয়াৰ কৰি ২০১২ চনৰ অলিম্পিকত খেলিবৰ সুবিধা দিবৰ বাবে হেঁচা দিব; IOC ৰ মহিলা আৰু ক্ৰীড়া কমিছনৰ মুৰব্বী অনিতা ডে’ফ্ৰানজে, মহিলাসকলৰ খেল-ধেমালিত বাধা আৰোপ কৰাৰ বাবে এই দেশকেইখনক অলিম্পিকৰ পৰা নি‍ষিদ্ধ কৰাৰ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ ঠিক পিছতে কাটাৰ অলিম্পিক কমিটিয়ে ঘো‍ষণা কৰে যে তেঁওলোকে ২০১২ চনৰ অলিম্পিকলৈ চাৰিগৰাকী মহিলা ‘বন্দুক’ আৰু ‘অসিযুদ্ধ’ খেলুৱৈ পঠোৱাৰ আশা ৰাখিছে।

২০০৮ চনত, উপসাগৰীয় পৰিক্ৰমা প্ৰতিষ্ঠানৰ(Institute for Gulf Affairs) মুৰব্বী আলি অল- আহমেদে ‘চৌদি আৰব’ক নিষিদ্ধকৰণৰ প্ৰস্তাৱ ৰাখে, তেঁও কয় যে মহিলা খেলুৱৈক প্ৰতিবন্ধিত কৰাৰ অৰ্থ আন্তৰ্জাতিক অলিম্পিক চাৰ্টাৰৰ বিধি উলংঘন।তেঁও উল্লেখ কৰে “ যোৱা ১৫ বছৰে বহুতো অনাচৰকাৰী প্ৰতিষ্ঠানে IOC ক লিংগভেদ বিৰোধী নীতি বিলাক আৰু অধিক সক্ষম ৰূপত বলবৎ কৰিবলৈ জোৰ দি আহিছে। [...] তেঁওলোকৰ চেষ্টাই যদিও অলিম্পিকত মহিলা অংশগ্ৰহণকাৰীৰ সংখ্যা আগতকৈ বঢ়াবলৈ সক্ষম হৈছে, কিন্তু IOC য়ে এতিয়াও লিংগভেদ মানি চলা দেশসমূহৰ ওপৰত নিষিদ্ধকৰণ বা বহিষ্কৰণৰ দৰে কঠোৰ পদক্ষেপ লবলৈ ইচ্ছা কৰা নাই।[145]২০১০ চনৰ জুলাই মাহত “ দি ইণ্ডিপেন্দেণ্ট" কাকতে লিখে যে ”চৌদি আৰবক অলিম্পিকৰ পৰা বহিষ্কাৰ কৰিবলৈ আন্তৰ্জাতিক অলিম্পিক সংস্থাৰ ওপৰত হেঁচা ক্ৰমান্বয়ে বাঢ়ি আহিছে, বোধহয় চৌদি আৰবেই একমাত্ৰ বৃহৎ দেশ যি ২০১২ চনৰ অলিম্পিক দলত মহিলা খেলুৱৈ অন্তৰ্ভুক্ত নকৰিব। যদি চৌদি আৰবে কেৱল পুৰুষ দল প্ৰেৰণ কৰে, তেন্তে বুজিব পাৰি যে “মহিলা সম-অধিকাৰ” পোষকতা কৰা সংগঠন সমূহৰ পৰা তেঁওলোক তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হব, আনকি এই সংগঠন বিলাকে অলিম্পিকৰ ওপৰতে ভাবুকিৰ সৃষ্টি কৰিব পাৰে"।[150]

২০১২ চনত অলিম্পিক ইতিসাহত প্ৰথম বাৰৰ বাবে সকলো অংশগ্ৰহণকাৰী দেশেই মহিলা প্ৰতিযোগী প্ৰেৰণ কৰে।[151] চৌদি আৰবৰ দলত দুগৰাকী, কাটাৰৰ চাৰিগৰাকী আৰু ব্ৰুনেইৰ দলত এগৰাকী( ৪০০ মিটাৰ হাৰ্ডলচত মাজিয়া মহচিন) অন্তৰ্ভুক্ত হয়।কাটাৰে তেঁওলোক প্ৰথম মহিলা অলিম্পিয়ানসকলৰ এগৰাকী বাহিয়া অল-হামাদ ( বন্দুক চালনা) তেঁওলোকৰ অলিম্পিক ধ্বজাবাহকৰ দ্বায়িত্ব দিয়ে।[152] তাৰোপৰি এই অলিম্পিকতে বাহৰেইনৰ মৰিয়ম ইউচুফ জামালে ১৫০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰি, সমগ্ৰ উপসাগৰীয় অঞ্চলটোৰে প্ৰথম মহিলা অলিম্পিক বিজয়ী ৰূপে পৰিগণিত হয়। [153]

অলিম্পিক ক্ৰীড়াসূচীৰ কেৱল অশ্বাৰোহণত হে মহিলা আৰু পুৰু‍ষে একেলগে অংশগ্ৰহণ কৰিব পাৰে, ইয়াত মহিলাৰ বাবে সূকীয়া ইভেণ্ট বা ‘কেৱল পুৰু‍ষৰ খেলপথাৰ’ নাই।.২০০৮ চনলৈকে অলিম্পিকত মহিলাতকৈ পুৰুষৰ ইভেণ্ট বেছি আছিল, যি কি নহওক ২০১২ চনত মহিলা মুষ্টিযুদ্ধ খেলবিধ অন্তৰ্ভুক্ত কৰাৰ পাছত মহিলাসকলেও পুৰুষৰ সকলো খেলতে অংশগ্ৰহণ কৰিব পৰা হ’ল।[154]বৰ্তমান “চিংক্ৰ’নাইজড চুইমিং” আৰু “ৰিদমিক জিমনাস্টিকচ” এই দুটা খেলত পুৰুষে ভাগ লব নোৱাৰে।

সন্ত্ৰাসবাদ আৰু হিংসা[সম্পাদনা কৰক]

Tআজিলৈকে যুদ্ধৰ বাবে তিনিবাৰ অলিম্পিক ক্ৰীড়া বাতিল কৰা হৈছে, প্ৰথম বিশ্বযুদ্ধৰ বাবে ১৯১৬ চনৰ আলিম্পিক খেল পাতিব পৰা নগ’ল, সেইদৰে দ্বিত্বীয় বিশ্বযুদ্ধৰ বাবেও ১৯৪০ আৰু ১৯৪৪ চনৰ গ্ৰীষ্ম আৰু শীতকালীণ অলিম্পিক বাতিল হয়। ২০০৮ চনত বেইজিং অলিম্পিকৰ আৰম্ভনি অনুস্থানৰ দিনাই ৰাছিয়া আৰু জৰ্জিয়াৰ মাজত দক্ষিণ অ’চেতা যুদ্ধ আৰম্ভ হয়। আমৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুছ আৰু ৰাছিয়াৰ প্ৰধানমন্ত্ৰী পুটিন দুয়ুজনেই সেইসময়ত অলিম্পিক খেল উপলক্ষ্যে উপস্থিত আছিল আৰু দুয়ুজনে চীনৰ ৰাষ্ট্ৰপতি হু জিণ্টাও এ আয়োজন কৰা এখন ভোজমেলত এই সামৰিক বিবাদৰ বিষয়ে আলোচনাও কৰিছিল।[155]কিন্তু এই পৰিস্থিতিতো ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত ব্ৰঞ্জৰ পদক বিজয়ী জৰ্জিয়াৰ ‘নিন’ চেলুকাঝে’, সেই শাখাত ৰূপৰ পদক বিজয়ী ৰাছিয়াৰ নাটালিয়া পেডেৰিনাৰ লগত একে ‘বিজয় মাচান’ৰ ওপৰতে থিয় হয়। চেলুকাঝে আৰু পেডেৰিনাই পদক প্ৰদান পৰ্বৰ পাছত আলিংগন কৰা দৃশ্যতোৱে সেই সময়ত সংবাদ মাধ্যমত অভুতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছিল।[156]

সন্ত্ৰাসবাদএও অলিম্পিকত কেইবাবাৰো বাধাৰ সৃষ্টি কৰিছে।১৯৭২ চনৰ মিউনিখ অলিম্পিকৰ সময়ত পেলেস্টাইনৰ সন্ত্ৰাসবাদী গোট “ ব্লেক চেপ্টেম্বৰ”এ ইজৰাইলী অলিম্পিক দলৰ ১১ জন খেলূৱৈক পনবন্দী কৰে, এই ঘটনাটোক ‘মিউনিখ নৰসংহাৰ” বুলি জনা যায়। দুজন খেলুৱৈক লগে লগে হত্যা কৰা হয়, আৰু বাকী ৯ জনে এক বিফল উদ্ধাৰ প্ৰচেষ্টাৰ সময়ত প্ৰাণত্যাগ কৰে। এজন জাৰ্মান পুলিচ বিষয়া আৰু ৫টা সন্ত্ৰাসবাদীৰো মৃত্যু হয়।[157]

আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা শেষ দুয়ুটা অলিম্পিকতে সন্ত্ৰাসবাদৰ বিৰূপ প্ৰভাৱ পৰে। জৰ্জিয়াৰ আটলাণ্টাত হোৱা ১৯৯৬ চনৰ অলিম্পিকৰ সময়ত “চেন্টিনেণ্টেল অলিম্পিক পাৰ্ক’ত এটা বোমা বিস্ফোৰণ হয়, য’ত দুজন লোক নিহত হোৱাৰ ওপৰিও ১১১ জন আহত হয়। এৰিক ৰুডল্‌ফ নামৰ এজন আমেৰিকান সন্ত্ৰাসবাদীয়ে এই বোমা স্থাপন কৰিছিল, তেঁওক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হয়।[158] ১১ চেপ্টেম্বৰৰ কুখ্যাত সন্ত্ৰাসবাদী আক্ৰমণৰ ঠিক ৫ মাহৰ পিছতে অনুষ্ঠিত হোৱা উটাহৰ চল্ট লে’ক চিটি শীতকালীণ অলিম্পিকত অভুতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। এই অনুস্থানত আক্ৰমণ স্থলীৰ পতাকা, নিউয়ৰ্কৰ পুলিচ বিষয়া ডেনিয়েল ৰড্ৰিগজে “গড ব্লেছ এমেৰিকা” গীত গোৱা, আৰু নিউয়ৰ্কৰ পুলিচ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ আনুস্থানিক গাৰ্ডসকলক দেখা পোৱা গৈছিল। ১১ চেপ্টেম্বৰৰ ঘটনাই অলিম্পিকৰ নিৰাপত্তাৰ বিষয়টোত অধিক গুৰুত্ব দিবলৈ আৰু লগতে আয়োজক সকলক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ সাজু হবলৈ বাধ্য কৰে।[159]

খেলুৱৈৰ নাগৰিকত্ব[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ নাগৰিকত্ব সম্পৰ্কীয় নিয়মসমূহ[সম্পাদনা কৰক]

অলিম্পিক চনদৰ মতে এজন খেলুৱৈ তেঁও প্ৰতিনিধিত্ব কৰা দেশ খনৰ নাগৰিক হব লাগে। দ্বৈত নাগৰিকত্ব থকা সকলে, এখন দেশক প্ৰতিনিধিত্ব কৰাৰ তিনি বছৰ পাৰ হৈ যোৱাৰ পাছত আনখন দেশক প্ৰতিনিধিত্ব কৰিব পাৰে, অৱশ্যে “আপত্তিহীণতাৰ প্ৰমাণপত্ৰ” (NOC) আৰু সন্দৰ্ভিত সকলে মানি ল'লে IOC ৰ কৰ্মনিধাৰণী সভাই এই সময়সীমা কমাই বা নাইকীয়া কৰি দিবও পাৰে।[160]এই ‘অপেক্ষা কাল’ৰ কথাটো কেৱল এইসকল লোকৰ বাবেহে প্ৰযোজ্য যি আগতে কোনো দেশৰ হৈ খেলিছিল আৰু এতিয়া আন কোনো দেশৰ হৈ খেলিবলৈ ইচ্ছা কৰে । যদি এজন খেলুৱৈয়ে এক নতুন নাগৰিকত্ব লাভ কৰে ( ৰাজনৈতিক স্বাধীনতা বা আন কোনো উপায়েৰে) তেওলোৰ ক্ষেত্ৰত এই নিয়ম প্ৰয়োজ্য নহয়। IOC ৰ একমাত্ৰ উদ্দেশ্য হ’ল কোনো দেশে এজন খেলুৱৈক নাগৰিকত্ব প্ৰদান কৰাৰ পাছত উদ্ভৱ হব পৰা পৰিস্থিতি সমূহৰ সৈতে মোকাবিলা কৰা।[উদ্ধৃতিৰ প্ৰয়োজন]

নাগৰিকত্ব সলনি হোৱাৰ কাৰণ সমূহ[সম্পাদনা কৰক]

কেতিয়াবা কেৱল অলিম্পিকত খেলাৰ সুবিধাৰ বাবেই কোনো কোনো এথলিটে দুখন দেশৰ নাগৰিকত্ব লয়। সাধাৰণতে দেখা যায়, আমেৰিকা আদি দেশত স্পনচৰশ্বিপ আৰু প্ৰশিক্ষণৰ সুবিধাৰ বাবে, বা নিজৰ দেশৰ হৈ অলিম্পিক খেলাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰা বাবে খেলু্ৱে সকলে আন দেশৰ হৈ খেলিবলৈ ইচ্ছা প্ৰকাশ কৰে। কোনো কোনো দেশত সুযোগ্য খেলুৱৈৰ সংখ্যাধিক্য হোৱাৰ বাবে, অংশগ্ৰহণ কৰাৰ আগ্ৰহ আৰু এখন দেশৰ দলক সহায় কৰাৰ মানসিকতা, এই দুই কাৰণতে খেলুৱৈ সকলে প্ৰবজন কৰে। ১৯৯২ ৰ পৰা ২০০৮ চনৰ ভিতৰত, আন দেশক অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰায় পঞ্চাশ জন এথলিটে আমেৰিকাৰ হৈ খেলাৰ উদ্দেশ্যে আমেৰিকালৈ প্ৰবজন কৰে।[161]

নাগৰিকত্ব পৰিবৰ্তন আৰু বিবাদসমুহ[সম্পাদনা কৰক]

নাগৰিকত্ব পৰিবৰ্তনৰ এটা অতি বিখ্যাত ঘটনা হ’ল দক্ষিণ আফ্ৰিকাৰ দৌৰবিদ জ’লা বাড, দক্ষিণ আফ্ৰিকাক বৰ্ণ বৈষম্যৰ বাবে অলিম্পিকৰ পৰা নিষিদ্ধ কৰি থোৱা বাবে কাৰণে তেঁও ইংলেণ্ডলৈ প্ৰৱজন কৰে।. বাড ব্ৰিটিছ নাগৰিকত্বৰ বাবে যোগ্য আছিল কাৰণ তেঁওৰ ককাদেউতাকৰ জন্ম হৈছিল ইংলেণ্ডত, তথাপিও বৃটিছ নাগৰিক সকলে চৰকাৰে জ’লা বাডৰ নাগৰিকত্ব গ্ৰহণ প্ৰক্ৰিয়াটো অতি খৰতকীয়াকৈ সম্পন্ন কৰে অভিযোগ আনিছিল।[162]

আন এক উল্লেখযোগ্য উদাহৰণ হ’ল কেনিয়াৰ দৌৰবিদ বাৰ্নাৰ্ড লাগাত(Bernard Lagat) , যি ২০০৪ চনৰ মে' মাহত আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে। কেনিয়াৰ সংবিধান মতে কেনিয়াৰ কোনো লোকে আন দেশৰ নাগৰিকত্ব লব বিছাৰিলে পোনতে কেনিয়াৰ নাগৰিকত্ব ত্যাগ কৰিব লাগে। লাগাতে ২০০৪ চনত এথেন্স অলিম্পিকত কেনিয়াৰ হৈ প্ৰতিদ্বন্দিতা কৰে, কিন্তু ইতিমধ্যে তেঁও আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিলেই।কেনিয়াৰ নিয়ম মতে তেঁও কেনিয়াৰ নাগৰিক হৈ থাকিবই নোৱাৰে, গতিকে তেঁওৰ ৰূপৰ পদকটো থাকিব নে নেথাকে এই বিষয়ে সংশয়ৰ সৃষ্টি হয়। লাগাতে কয় যে তেঁও আমেৰিকাৰ নাগৰিকত্বৰ বাবে ২০০৩ চনৰ শেষৰ ‌ফালে আবেদন জনাইছিলহে, তেঁও আশা কৰা নাছিল যে ২০০৪ চনৰ অলিম্পিকৰ আগতেই তেঁওৰ আবেদন মঞ্জুৰ হৈ যাব।[163] বাস্কেটবল খেলুৱৈ বেকী হেমনে(Becky Hammon) আমেৰিকাৰ অলিম্পিক দলৰ বাবে নিৰ্বাচিত নোহোৱা বাবে তেঁও ৰাচিয়ালৈ প্ৰৱজন কৰে।তেঁওৰ ইতিমধ্যে ৰাচিয়াত ঘৰুৱা লীগ সমূহত খেলাৰ অভিজ্ঞতা হৈছিলেই। এই কাৰ্যৰ বাবে হেমন আমেৰিকাৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষককে ধৰি বহু আমেৰিকাবাসীৰ তীব্ৰ সমালোচনাৰ সন্মূখীন হব লগা হয়, কোনো কোনোৱে তেঁওক দেশদ্ৰোহী বুলিও অভিহিত কৰে।[164]

চেম্পিয়ন আৰু পদক বিজেতা সকল[সম্পাদনা কৰক]

প্ৰতিযোগীতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পোৱা প্ৰতিযোগী বা দল সমূহক পদক দিয়া হয়। প্ৰথম স্থানপ্ৰাপ্তক সোণৰ পদক দিয়া হয়, ১৯১২ চলৈকে খাটিসোণেৰেই এই পদক নিৰ্মাণ কৰা হৈছিল, পৰবৰ্তী সময়ত সোণ খটুওৱা ৰূপ আৰু বৰ্তমান সোণ পানী চৰোৱা ৰূপ ব্যৱহাৰ কৰা হয়।তথাপি প্ৰতি সোণৰ পদকত কমেও ৬ গ্ৰাম খাটি সোণ থকা বাধ্যতামূলক। [165]দ্বিতীয় স্থান পোৱা সকলে ৰূপৰ আৰু তৃতীয় স্থান পোৱা সকলে ব্ৰঞ্জৰ পদক লাভ কৰে। একেবাৰতে বাহিৰ হৈ যাব লগীয়া খেল সমূহত (single-elimination tournament) ( বিশেষকৈ মুস্তিযুদ্ধ) তৃতীয় স্থানৰ বাবে কোনো খেল নহয় আৰু চেমি ফাইনেলত হৰা দুয়োজন প্ৰতিযোগীয়েই ব্ৰঞ্জৰ পদক লাভ কৰে। ১৮৯৬ চনৰ অলিম্পিকত কেৱল দুজনকহে পদক দিয়াহৈছিল, প্ৰথম জনক ৰূপ আৰু দ্বিতীয় জনক ব্ৰঞ্জৰ পদক। এই তিনিটাপদক দিয়া প্ৰথা ১৯০৪ চনৰ পৰা আৰম্ভ হয়।[166] ১৯৪৮ চনৰ পাছত ৪ৰ্থ, ৫ম আৰু ৬‍ষ্ঠ স্থান পোৱা সকলকো প্ৰমাণপত্ৰ দিয়াৰ নিয়ম কৰা হয়, এই প্ৰমাণ পত্ৰক আধিকাৰিক ভাৱে বিজয় ডিপ্লমা (victory diplomas ) বুলি জনা যায়।১৯৮৪ চনৰ পৰা ৭ম আৰু ৮ম স্থান পোৱা সকলকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ২০০৪ চনৰ এথেন্স অলিম্পিকত সোন, ৰূপ আৰু ব্ৰঞ্জ পদক পোৱা সকলক প্ৰাচীন পৰম্পৰা অনুসৰি জলফাই পাতৰ মুকুটো পিন্ধোৱা হৈছিল।[167] আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে এই পদক বিলাকৰ কোনো অভিলেখ বা পৰিসংখ্যা নেৰাখে,কিন্তু ৰাষ্ট্ৰীয় অলিম্পিক সমিতি আৰু সংবাদ মাধ্যমে, এই পৰিসংখ্যা, সফলতাৰ প্ৰতীক হিচাপে লিপিবদ্ধ কৰি ৰাখে।[168]

অলিম্পিক

আয়োজক দেশ আৰু চহৰসমূহ[সম্পাদনা কৰক]

গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হোৱা স্থানসমূহৰ মানচিত্ৰ। এবাৰকৈ অলিম্পিক আয়োজন কৰা দেশসমূহ সেউজীয়া ৰঙেৰে আৰু একাধিকবাৰ অলিম্পিক আয়োজন কৰা দেশসমূহ নীলা ৰঙেৰে দেখুওৱা হৈছে।
শীতকালীন অলিম্পিক অনুষ্ঠিত হোৱা স্থানসমূহৰ মানচিত্ৰ। এবাৰকৈ অলিম্পিক আয়োজন কৰা দেশসমূহ সেউজীয়া ৰঙেৰে আৰু একাধিকবাৰ অলিম্পিক আয়োজন কৰা দেশসমূহ নীলা ৰঙেৰে দেখুওৱা হৈছে।

সাধাৰণতে কোনো এখন অলিম্পিকৰ সাত বছৰ পূৰ্বে তাৰ অয়োজক দেশৰ নিৰ্বাচন কৰা হয়[169] । এই নিৰ্বাচন দুটা পৰ্যায়ত হয়, নিৰ্বাচন প্ৰক্ৰিয়াটোত প্ৰায় দুবছৰ সময় লাগে। প্ৰথমে আয়োজন কৰিব বিচৰা চহৰখনে নিজৰ দেশৰ ৰাষ্ট্ৰীয় অলিম্পিক কমিটি (NOC)ৰ ওচৰত আবেদন কৰিব লাগে, যদি একেখন দেশৰ দুখন চহৰে ইয়াৰ বাবে আবেদন কৰে তেনেহ’লে NOCখনে সেই দুখনৰ মাজত এখন চহৰক নিৰ্বাচন কৰে আৰু সেই নাম আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (IOC) লৈ প্ৰেৰণ কৰে। মন কৰিবলগীয়া যে NOCসমূহে এখন দেশৰ পৰা মাত্ৰ এখন চহৰৰ নামহে IOCলৈ প্ৰৰণ কৰিব পাৰে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত NOCসমূহে প্ৰেৰণ কৰা সকলোবোৰ চহৰৰ নামক লৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হয়। প্ৰথমে আয়োজন কৰিব বিচৰা চহৰ সমূহৰ আগত অলিম্পিক আয়োজনৰ লগত জড়িত থকা বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰনা কৰা হয়, [170] এই প্ৰশ্নমালাৰ উত্তৰৰ লগতে আয়োজন কৰিব বিচৰা চহৰসমূহে ইয়াৰো নিশ্ছিতি প্ৰদান কৰিব লগা হয় যে, ই অলিম্পিকৰ সংবিধান আৰু IOCৰ কাৰ্যকৰী সমিতিয়ে বান্ধি দিয়া সকলো নীতি-নিৰ্দেশনা মানি চলিব।[169] চহৰ সমূহৰ পৰা উত্তৰ সমূহ পোৱাৰ পাচত IOCয়ে নিয়োগ কৰা বিচাৰক গোটে এইবোৰ পৰীক্ষা কৰে আৰু IOCক প্ৰতিখন চহৰৰ অলিম্পিক পাতিব পৰা ক্ষমতা আৰু প্ৰতিখন চহৰে ইয়াৰ বাবে ল’ব বিচৰা প্ৰকল্প সম্পৰ্কে অৱগত কৰে। এই মতামতৰ ওপৰত ভেটি কৰি IOCৰ কাৰ্যকৰী সমিটিয়ে দ্বিতীয় পৰ্যায়লৈ যাব পৰা চহৰসমূহ নিৰ্বাচন কৰে।[170]

এই নিৰ্বাচনৰ পাছত নিৰ্বাচিত চহৰসমূহে IOCক তেওঁলোকৰ অলিম্পিক প্ৰকল্পৰ অধিক বিস্তৃত আৰু বিতং প্ৰতিবেদন জমা দিব লাগে। তাৰ পাছত এখন পৰ্যবেক্ষক সমিটিয়ে এই প্ৰতিবেদন সমূহ সুক্ষ্মভাবে বিশ্লেশণ কৰে আৰু লগতে আয়োজন কৰিব বিচৰা চহৰ সমূহ ভ্ৰমণ কৰে। তেওঁলোকে খেল আয়োজন কৰিব বিচৰা ঠাই সমূহ পৰ্যবেক্ষণ কৰে, আৰু স্থানীয় বিষয়া সকলৰ লগত কথা বাৰ্তাত মিলিত হয়, আৰু অন্তিম ফলাফল ঘোষণা কৰা এমাহ পূৰ্বে IOCক তেওঁলোকৰ মতামতসমূহ জমা দিয়ে। পৰ্যবেক্ষক সমিটিৰ এই ভ্ৰমণ কালত চহৰ সমূহে ইয়াৰো নিশ্ছিতি প্ৰদান কৰিব লাগে যে তেওঁলোক আৰ্থিক দিশৰ পৰা অলিম্পিক আয়োজন কৰিবৰ বাবে সমৰ্থবান।[169] পৰ্যবেক্ষক সমিটিয়ে IOCৰ সাধাৰণ সমিতিক এখন চুড়ান্ত তালিকা প্ৰস্তুত কৰি দিয়ে, এই তালিকাত থকা সকলো দেশ (চহৰ)ক কোনো এখন নিৰপেক্ষ(আয়োজন কৰিব বিচৰা চহৰ নথকা) দেশত গোট খাবলৈ নিৰ্দেশ দিয়া হয়, IOCৰ সদস্য সকলো তাত গোট খায় আৰু আয়োজক নগৰ নিৰ্বাচনৰ বাবে তাতে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয়। আয়োজক চহৰ নিৰ্বাচন হোৱাৰ লগে লগে সেই চহৰৰ আয়োজক সমিটি (সেই দেশৰ NOCসহিতে) IOCৰ লগত আয়োজক চহৰ হোৱাৰ চুক্তি স্বাক্ষৰ কৰে।[169]

২০১৬ চনলৈকে মুঠ ২৩খন দেশৰ ৪৪ খন চহৰে অলিম্পিক আয়োজন কৰিব। অৱশ্যে ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ বাহিৰত অলিম্পিক আয়োজন হোৱাৰ সংখ্যা মাত্ৰ আঠবাৰ। ১৯৮৮চনৰ দক্ষিণ কোৰিয়াৰ চিউল অলিম্পিকৰ পাচত এচিয়াত চাৰিবাৰ অলিম্পিক অনুষ্ঠিত হৈছে, যি হাৰ আধুনিক অলিম্পিক এতিহাসৰ পূৰ্বৰ ৯২বছৰৰ তুলনাত অধিক। ২০১৬ চনৰ অলিম্পিক দক্ষিণ আফ্ৰিকাৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হ’ব। এই প্ৰথম বাৰৰ বাবে কোনো দক্ষিণ-আমেৰিকাৰ দেশত অলিম্পিক অনুষ্ঠিত হ’ব। আজিলৈকে কোনো আফ্ৰিকীয় দেশে অলিম্পিক আয়োজন কৰাৰ সুযোগ পোৱা নাই।

আমেৰিকা যুক্তৰাষ্ট্ৰই চাৰিখন গ্ৰীষ্মকালীন আৰু চাৰিখন শীতকালীন অলিম্পিকক ধৰি মুঠ আঠবাৰকৈ অলিম্পিক আয়োজন কৰিছে যিটো আন যিকোনো দেশতকৈ অধিক। সৰ্বাধিকবাৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰা চহৰ খন হৈছে গ্ৰেইট বৃটেইনৰ ৰাজধানী চহৰ লণ্ডন

তাৰোপৰি জাৰ্মানী, অষ্ট্ৰেলিয়া, ফ্ৰান্স আৰু গ্ৰীচে দুবাৰকৈ অলিম্পিক আয়োজন কৰিছে। দুবাৰকৈ অলিম্পিক আয়োজন কৰাৰ কৃতিত্ব থকা চহৰকেইখন হ’ল, লচ এঞ্জেলচ, পেৰিচ আৰু এথেন্স।

শীতকালীন অলিম্পিকৰ ক্ষেএত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে ফ্ৰান্সে তিনিবাৰ এই প্ৰতিযোগীতা আয়োজন কৰিছে। দুবাৰকৈ শীতকালীন অলিম্পিক আয়োজন কৰা দেশ সমূহ হ’ল চুইজাৰলেণ্ড , অষ্ট্ৰিয়া, ন’ৰৱে, জাপান, কানাডা আৰু ইটালী। আয়োজক চহৰৰ ফালৰ পৰা লেক প্লাচিড(নিউ য়ৰ্ক), ইন্সব্ৰুক, চেন্ট ম’ৰিজে দুবাৰকৈ শীতকালীন অলিম্পিক আয়োজন কৰিছে। ২০১৪ চনৰ শীতকালীন অলিম্পিক ৰাচিয়াৰ চ’চি(‘’Sochi’’)ত অনুষ্ঠিত হ’ব। ই ৰাচিয়াৰ প্ৰথম শীতকালীন অলিম্পিক আৰু সাধাৰণভাৱে দ্বিতীয় অলিম্পিক হ’ব।

অলিম্পিক আয়োজনকাৰী চহৰ সমূহ[171]
বৰ্ষ গ্ৰীষ্মকালীন অলিম্পিক শীতকালীন অলিম্পিক যুৱ অলিম্পিক
অলিম্পিয়াড আয়োজক চহৰ নং আয়োজক চহৰ নং আয়োজক চহৰ
১৮৯৬ I গ্ৰীচ এথেন্স, গ্ৰীচ
১৯০০ II ফ্ৰান্স পেৰিচ, ফ্ৰান্স
১৯০৪ III মাৰ্কিন যুক্তৰাষ্ট্ৰ চেন্ট লুইচ, আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯০৬ - গ্ৰীচ এথেন্স, গ্ৰীচ
১৯০৮ IV যুক্তৰাজ্য লণ্ডন, যুক্তৰাজ্য
১৯১২ V ছুইডেন ষ্টকহ’ম, চুইডেন
১৯১৬ VI জাৰ্মানী বাৰ্লিন, জাৰ্মানী
প্ৰথম বিশ্বযুদ্ধৰ বাবে ৰদ কৰা হয়
১৯২০ VII বেলজিয়াম এন্টৱেৰ্প, বেলজিয়াম
১৯২৪ VIII ফ্ৰান্স পেৰিচ, ফ্ৰান্স I ফ্ৰান্স চেম’নিক্স, ফ্ৰান্স
১৯২৮ IX নেডাৰলেণ্ডচ আমষ্টাৰডাম, নেডাৰলেণ্ড II ছুইজাৰলেণ্ড চেন্ট মৰ্টিজ, চুইজাৰলেণ্ড
১৯৩২ X মাৰ্কিন যুক্তৰাষ্ট্ৰ লচ এঞ্জেলচ, আমেৰিকা যুক্তৰাষ্ট্ৰ III মাৰ্কিন যুক্তৰাষ্ট্ৰ লেক প্লাচিড(নিউ য়ৰ্ক), আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৩৬ XI জাৰ্মানী বাৰ্লিন, নাজী জাৰ্মানী IV জাৰ্মানী জাৰ্মিচ-পাৰ্টেনকিৰ্চেন, নাজী জাৰ্মানী
১৯৪০ XII জাপান সাম্ৰাজ্য ট’কিঅ’, জাপান
ফিনলেণ্ড হেলচিংকি, ফিনলেণ্ড
দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ৰদ
V জাপান সাম্ৰাজ্য চাপ্পৰ’, জাপান
ছুইজাৰলেণ্ড চেন্ট মৰ্টিজ, চুইজাৰলেণ্ড
জাৰ্মানী জাৰ্মিচ-পাৰ্টেনকিৰ্চেন, নাজী জাৰ্মানী
দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ৰদ
১৯৪৪ XIII যুক্তৰাজ্য লণ্ডন, যুক্তৰাজ্য
দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ৰদ
V ইটালী কৰ্টিনা ডি'এম্পেজ’, ইটালী
দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ৰদ
১৯৪৮ XIV যুক্তৰাজ্য লণ্ডন, যুক্তৰাজ্য V ছুইজাৰলেণ্ড চেন্ট মৰ্টিজ, চুইজাৰলেণ্ড
১৯৫২ XV ফিনলেণ্ড হেলচিংকি, ফিনলেণ্ড VI নৰৱে অচল’, ন’ৰৱে
১৯৫৬ XVI অষ্ট্ৰেলিয়া মেলবৰ্ণ, অষ্ট্ৰেলিয়া +
ছুইডেন ষ্টকহ’ম, চুইডেন[172]
VII ইটালী কৰ্টিনা ডি'এম্পেজ’, ইটালী
১৯৬০ XVII ইটালী ৰোম, ইটালী VIII মাৰ্কিন যুক্তৰাষ্ট্ৰ স্কাউ ভেলি, আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৬৪ XVIII জাপান ট’কিঅ’, জাপান IX অষ্ট্ৰিয়া ইন্সব্ৰুক, অষ্ট্ৰীয়া
১৯৬৮ XIX মেক্সিকো মেক্সিক’ চিটি, মেক্সিক’ X ফ্ৰান্স গ্ৰেণ’বল, ফ্ৰান্স
১৯৭২ XX পশ্চিম জাৰ্মানী মিউনিখ, পশ্ছিম জাৰ্মানী XI জাপান চাপ্পাৰ’, জাপান
১৯৭৬ XXI কানাডা মন্ট্ৰিল, কানাডা XII মাৰ্কিন যুক্তৰাষ্ট্ৰ ডানভেৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
অষ্ট্ৰিয়া ইন্সব্ৰুক, অষ্ট্ৰীয়া
১৯৮০ XXII ছোভিয়েট ইউনিয়ন ম’স্কো, চোভিয়েট ইউনিয়ন XIII মাৰ্কিন যুক্তৰাষ্ট্ৰ লেক প্লাচিড(নিউ য়ৰ্ক), আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৮৪ XXIII মাৰ্কিন যুক্তৰাষ্ট্ৰ লচ এঞ্জেলচ, আমেৰিকা যুক্তৰাষ্ট্ৰ XIV ছচিয়েলিষ্ট ফেডাৰেল ৰিপাব্লিক অৱ য়ুগোশ্লভিয়া চাৰেজাভ’, যুগশ্ল’ভিয়া
১৯৮৮ XXIV দক্ষিণ কোৰিয়া চিউল, দক্ষিণ কোৰিয়া XV কানাডা কেলগেৰি, কানাডা
১৯৯২ XXV স্পেইন বাৰ্চিলোনা, স্পেইন XVI ফ্ৰান্স এলবাৰটভিল, ফ্ৰান্স
১৯৯৪ XVII নৰৱে লিলেহাম্মাৰ, ন’ৰৱে
১৯৯৬ XXVI মাৰ্কিন যুক্তৰাষ্ট্ৰ আটলান্টা, আমেৰিকা যুক্তৰাষ্ট্ৰ
১৯৯৮ XVIII জাপান নাগান’, জাপান
২০০০ XXVII অষ্ট্ৰেলিয়া ছিডনি, অষ্ট্ৰেলিয়া
২০০২ XIX মাৰ্কিন যুক্তৰাষ্ট্ৰ চল্ট লেক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ
২০০৪ XXVIII গ্ৰীচ এথেন্স, গ্ৰীচ
২০০৬ XX ইটালী টুৰিণ, ইটালী
২০০৮ XXIX চীন বেইজিং, চীন[173]
২০১০ XXI কানাডা ভেংক’ভাৰ, কানাডা I(গ্ৰীষ্মকালীন)  ছিংগাপুৰ চিংগাপুৰ
২০১২ XXX যুক্তৰাজ্য লণ্ডণ, যুক্তৰাজ্য I(শীতকালীন) অষ্ট্ৰিয়া ইন্সব্ৰুক, অষ্ট্ৰিয়া
২০১৪ XXII ৰাছিয়া চ’চি, ৰাচিয়া II(গ্ৰীষ্মকালীন) চীন নানজিয়াং, চীন
২০১৬ XXXI ব্ৰাজিল ৰিঅ’ ডি জেনেৰিঅ’, ব্ৰাজিল II(শীতকালীন) নৰৱে লিলেহাম্মাৰ, ন’ৰৱে
২০১৮ XXIII দক্ষিণ কোৰিয়া ইয়’নচাং, দক্ষিণ কোৰিয়া III(গ্ৰীষ্মকালীন) নিৰ্ণয় হোৱা নাই
২০২০ XXXII নিৰ্ণয় হোৱা নাই III(শীতকালীন) নিৰ্ণয় হোৱা নাই
২০২২ XXIV নিৰ্ণয় হোৱা নাই IV(গ্ৰীষ্মকালীন) নিৰ্ণয় হোৱা নাই
২০২৪ XXXIII নিৰ্ণয় হোৱা নাই IV(শীতকালীন) নিৰ্ণয় হোৱা নাই

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "French and English are the official languages for the Olympic Games.", [1]."(..)
  2. "Overview of Olympic Games". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/428005/Olympic-Games। আহৰণ কৰা হৈছে: 4 June 2008. 
  3. Swaddling 2000, পৃষ্ঠা 54
  4. Young 2004, পৃষ্ঠা. 12.
  5. Pausanias, "Elis 1", VII, p. 7, 9, 10; Pindar, "Olympian 10", pp. 24–77
  6. Richardson 1997, পৃষ্ঠা. 227.
  7. Young 2004, পৃষ্ঠা. 12–13.
  8. Pausanias, "Elis 1", VII, p. 9; Pindar, "Olympian 10", pp. 24–77
  9. Spivey 2004, পৃষ্ঠা. 229–230.
  10. "Olympic Games" (registration required). Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/428005/Olympic-Games/59589/The-ancient-Olympic-Games। আহৰণ কৰা হৈছে: 29 April 2009. 
  11. Crowther 2007, পৃষ্ঠা. 59–61.
  12. "Ancient Olympic Events". Perseus Project of Tufts University. http://www.perseus.tufts.edu/Olympics/sports.html। আহৰণ কৰা হৈছে: 29 April 2009. 
  13. Golden 2009, পৃষ্ঠা. 24.
  14. Burkert 1983, পৃষ্ঠা. 95.
  15. Swaddling 1999, পৃষ্ঠা. 90–93.
  16. Olympic Museum, "The Olympic Games in Antiquity", p. 2
  17. Crowther 2007, পৃষ্ঠা. 54.
  18. 400 Years of Olimpick Passion, Robert Dover's Games Society, http://www.olimpickgames.co.uk/contentok.php?id=853, r কৰা হৈছে: 4 June 2010 
  19. 19.0 19.1 "Histoire et évolution des Jeux olympiques" (in French ভাষাত). Potentiel. 2005. http://www.lepotentiel.com/afficher_supplement.php?id_article=68524&id_supplement=8&id_edition=4405। আহৰণ কৰা হৈছে: 31 January 2009. 
  20. Young 2004, পৃষ্ঠা. 144.
  21. Young 1996, পৃষ্ঠা. 28.
  22. Matthews 2005, পৃষ্ঠা. 53–54.
  23. Weiler 2004.
  24. Girginov & Parry 2005, পৃষ্ঠা 38
  25. Young 1996, পৃষ্ঠা. 24.
  26. "Much Wenlock & the Olympian Connection". Wenlock Olympian Society. Archived from the original on 23 January 2009. http://web.archive.org/web/20090123183803/http://www.wenlock-olympian-society.org.uk/william-penny-brookes/index.shtml। আহৰণ কৰা হৈছে: 31 January 2009. 
  27. Young 1996, পৃষ্ঠা. 1.
  28. 28.0 28.1 Young 1996, পৃষ্ঠা. 14.
  29. Young 1996, পৃষ্ঠা. 2, 13–23, 81.
  30. Young 1996, পৃষ্ঠা. 44.
  31. 31.0 31.1 "Rugby School motivated founder of Games". Reuters (SI.com). 8 July 2004. http://sportsillustrated.cnn.com/2004/olympics/2004/07/07/bc.sport.olympics.coubertin/। আহৰণ কৰা হৈছে: 4 February 2009. 
  32. Coubertin et al. 1897, Part 2.
  33. Young 1996, পৃষ্ঠা. 100–105.
  34. "Athens 1896". The International Olympic Committee. http://www.olympic.org/en/content/Olympic-Games/All-Past-Olympic-Games/Summer/Athens-1896/। আহৰণ কৰা হৈছে: 8 February 2010. 
  35. Young 1996, পৃষ্ঠা. 117.
  36. Memoire sure le conflit entre la Grece et la Roumanie concernant l'affaire Zappa – Athens 1893, by F. Martens
  37. L'affaire Zappa – Paris 1894, by G. Streit
  38. 38.0 38.1 Young 1996, পৃষ্ঠা. 128.
  39. "1896 Athina Summer Games". Sports Reference. http://www.sports-reference.com/olympics/summer/1896/। আহৰণ কৰা হৈছে: 31 January 2009. 
  40. "St. Louis 1904 – Overview". ESPN. http://proxy.espn.go.com/oly/summer08/fanguide/history?year=1904। আহৰণ কৰা হৈছে: 31 January 2009. 
  41. "1906 Olympics mark 10th anniversary of the Olympic revival". Canadian Broadcasting Centre. 28 May 2008. http://www.cbc.ca/olympics/history/story/2008/05/05/f-olympics-feature-1906.html। আহৰণ কৰা হৈছে: 31 January 2009. 
  42. "Chamonix 1924". International Olympic Committee. Archived from the original on 2 August 2008. http://web.archive.org/web/20080802010902/http://www.olympic.org/uk/games/past/index_uk.asp?OLGT=2&OLGY=1924। আহৰণ কৰা হৈছে: 31 January 2009. 
  43. "Winter Olympics History". Utah Athletic Foundation. http://www.utah.com/olympics/history.htm। আহৰণ কৰা হৈছে: 31 January 2009. 
  44. "History of the Paralympics". BBC Sport. 4 September 2008. http://news.bbc.co.uk/sport1/hi/other_sports/disability_sport/7582206.stm। আহৰণ কৰা হৈছে: 2 February 2009. 
  45. "History of the Paralympic Games". Government of Canada. http://www.canada2010.gc.ca/101/histor/010203-eng.cfm। আহৰণ কৰা হৈছে: 7 April 2010. 
  46. IPC-IOC Co-operation "IPC-IOC Cooperation". International Paralympic Committee. http://oldwebsite.paralympic.org/IPC/IPC-IOC_Co-operation.html IPC-IOC Co-operation। আহৰণ কৰা হৈছে: 3 May 2010. 
  47. Gibson, Owen (4 May 2010). "Sainsbury's announces sponsorship of 2012 Paralympics". The Guardian (London). http://www.guardian.co.uk/uk/2010/may/04/sainsburys-sponsors-paralympic-games. 
  48. "Rogge wants Youth Olympic Games". BBC Sport. 19 March 2007. http://news.bbc.co.uk/sport2/hi/other_sports/6467087.stm। আহৰণ কৰা হৈছে: 2 February 2009. 
  49. Rice, John (5 July 2007). "IOC approves Youth Olympics; first set for 2010". Associated Press. USA Today. http://www.usatoday.com/sports/olympics/2007-07-05-2774646336_x.htm। আহৰণ কৰা হৈছে: 2 February 2009. 
  50. "Innsbruck is the host city for the first Winter Youth Olympic Games". The Vancouver Organizing Committee for the 2010 Olympic and Paralympic Winter Games. 12 December 2008. http://www.vancouver2010.com/en/news/feature-stories/-/61888/32574/1t8ch2t/innsbruck-is-the-host-city-for.html। আহৰণ কৰা হৈছে: 30 March 2009. 
  51. "IOC to Introduce Youth Olympic Games in 2010". CRIenglish.com. 25 April 2007. http://english.cri.cn/2886/2007/04/25/1221@220491.htm। আহৰণ কৰা হৈছে: 29 January 2009. 
  52. "IOC session: A "go" for Youth Olympic Games". International Olympic Committee. 5 July 2007. Archived from the original on 21 August 2008. http://web.archive.org/web/20080821232940/http://www.olympic.org/uk/news/olympic_news/full_story_uk.asp?id=2227। আহৰণ কৰা হৈছে: 2 February 2009. 
  53. Wade, Stephen (25 April 2007). "No kidding: Teens to get Youth Olympic Games". USA Today. http://www.usatoday.com/sports/olympics/2007-04-25-2774646336_x.htm। আহৰণ কৰা হৈছে: 27 August 2008. 
  54. Michaelis, Vicky (5 July 2007). "IOC votes to start Youth Olympics in 2010". USA Today. http://www.usatoday.com/sports/olympics/summer/2007-07-05-olympic-notes_N.htm। আহৰণ কৰা হৈছে: 2 February 2009. 
  55. 55.0 55.1 "IOC Factsheet" (PDF). International Olympic Committee. Archived from the original on 29 April 2011. http://web.archive.org/web/20110429094019/http://multimedia.olympic.org/pdf/en_report_1138.pdf। আহৰণ কৰা হৈছে: 2 February 2009. 
  56. "Turin 2006". International Olympic Committee. Archived from the original on 22 August 2008. http://web.archive.org/web/20080822100911/http://www.olympic.org/uk/games/past/index_uk.asp?OLGT=2&OLGY=2006। আহৰণ কৰা হৈছে: 26 August 2008. 
  57. "Beijing to build convenient Olympic village". The Beijing Organizing Committee for the Games of the XXIX Olympiad. http://en.beijing2008.cn/cptvenues/venues/headlines/n214262207.shtml। আহৰণ কৰা হৈছে: 4 May 2009. 
  58. "Olympic Charter" (PDF). International Olympic Committee. p. 61. Archived from the original on 26 April 2009. http://web.archive.org/web/20110723070003/http://multimedia.olympic.org/pdf/en_report_122.pdf। আহৰণ কৰা হৈছে: 28 July 2011. 
  59. "The Olympic Charter". International Olympic Committee. http://www.asksam.com/ebooks/releases.asp?doc_handle=135969&file=Olympic-Charter.ask&query=recognised%20by%20the%20international%20community&search=yes। আহৰণ কৰা হৈছে: 17 July 2012. 
  60. "Executive Board concludes first meeting of the new year". olympic.org ("Official website of the Olympic movement"). 13 January 2011. http://www.olympic.org/news/executive-board-concludes-first-meeting-of-the-new-year/112731। আহৰণ কৰা হৈছে: 13 January 2011. 
  61. "Curtain comes down on 123rd IOC Session". Olympic.org. http://www.olympic.org/mr-jose-perurena?articleid=133159। আহৰণ কৰা হৈছে: 3 July 2012. 
  62. "The Olympic Movement". International Olympic Committee. http://www.olympic.org/uk/organisation/index_uk.asp। আহৰণ কৰা হৈছে: 2 May 2009. 
  63. "Roles and responsibilities during the Olympic Games". International Olympic Committee. February 2008. pp. 1–2. Archived from the original on 29 April 2011. http://web.archive.org/web/20110429054311/http://multimedia.olympic.org/pdf/en_report_843.pdf। আহৰণ কৰা হৈছে: 2 May 2009. 
  64. "For the Good of the Athletes". The Beijing Organizing Committee for the Games of the XXIX Olympiad. 31 October 2007. http://en.beijing2008.cn/news/official/ioc/n214186786.shtml। আহৰণ কৰা হৈছে: 4 February 2009. 
  65. "Organising Committees for the Olympic Games". Olympic Games. http://www.olympic.org/ioc-governance-organising-committees। আহৰণ কৰা হৈছে: 18 July 2012. 
  66. Olympic Charter 2007, Rule 24.
  67. Maraniss 2008, পৃষ্ঠা. 52–60.
  68. Maraniss 2008, পৃষ্ঠা. 60–69.
  69. "Samaranch Defends Nominating Son for IOC Post". CBC Sports. 18 May 2001. http://www.cbc.ca/olympics/story/2001/05/18/ioc010516.html। আহৰণ কৰা হৈছে: 4 February 2009. 
  70. Riding, Alan (30 June 1992). "Olympics:Barcelona Profile; Samaranch, Under the Gun Shoots Back". The New York Times. http://query.nytimes.com/gst/fullpage.html?res=9E0CE3DB173FF933A05755C0A964958260। আহৰণ কৰা হৈছে: 30 January 2009. 
  71. Abrahamson, Alan (6 December 2003). "Judge Drops Olympic Bid Case". Los Angeles Times. http://articles.latimes.com/2003/dec/06/sports/sp-saltlakecity6। আহৰণ কৰা হৈছে: 21 March 2009. 
  72. Rowlatt, Justin (29 July 2004). "Buying the Games". BBC. http://news.bbc.co.uk/1/hi/programmes/panorama/3937425.stm। আহৰণ কৰা হৈছে: 16 April 2009. 
  73. Zinser, Lynn (7 July 2005). "London Wins 2012 Olympics New York Lags". The New York Times. http://www.nytimes.com/2005/07/07/sports/othersports/07olympic.html?_r=2&pagewanted=1&oref=slogin। আহৰণ কৰা হৈছে: 4 February 2009. 
  74. "Paris Mayor Slams London Tactics". Sportinglife.com. Archived from the original on 15 May 2011. http://web.archive.org/web/20110515073919/http://www.sportinglife.com/london2012/news/story_get.cgi?STORY_NAME=others/05/07/06/manual_125524.html। আহৰণ কৰা হৈছে: 4 February 2009. 
  75. Berkes, Howard (7 February 2006). "How Turin got the Games". National Public Radio. http://www.npr.org/templates/story/story.php?storyId=5195274। আহৰণ কৰা হৈছে: 4 February 2009. 
  76. 76.0 76.1 76.2 76.3 76.4 76.5 Cooper-Chen 2005, পৃষ্ঠা. 231.
  77. 77.0 77.1 77.2 77.3 "Issues of the Olympic Games". Olympic Primer. LA84 Foundation of Los Angeles. http://www.la84foundation.org/6oic/primer_text2.htm। আহৰণ কৰা হৈছে: 30 March 2009. 
  78. 78.0 78.1 78.2 Buchanon & Mallon 2006, পৃষ্ঠা. ci.
  79. 79.0 79.1 Findling & Pelle 2000, পৃষ্ঠা. 209.
  80. 80.0 80.1 80.2 Slack 2004, পৃষ্ঠা. 194.
  81. "Berlin 1936". International Olympic Committee. Archived from the original on 22 August 2008. http://web.archive.org/web/20080822100804/http://www.olympic.org/uk/games/past/index_uk.asp?OLGT=1&OLGY=1936। আহৰণ কৰা হৈছে: 31 March 2009. 
  82. "Cortina d'Ampezzo". International Olympic Committee. Archived from the original on 22 August 2008. http://web.archive.org/web/20080822213008/http://www.olympic.org/uk/games/past/index_uk.asp?OLGT=2&OLGY=1956। আহৰণ কৰা হৈছে: 31 March 2009. 
  83. 83.0 83.1 83.2 Slack 2004, পৃষ্ঠা. 192.
  84. Gershon 2000, পৃষ্ঠা. 17.
  85. Whannel, G. (1984) The television spectacular In A. Tomlinson & G. Whannel (Eds.), Five-ring circus (pp. 30–43). London: Pluto Press
  86. Tomlinson 2005, পৃষ্ঠা. 14.
  87. "World Series TV ratings slump". CBS News. Associated Press. 27 October 2000. http://www.cbsnews.com/stories/2000/10/27/sports/main244877.shtml। আহৰণ কৰা হৈছে: 4 May 2009. 
  88. Walters, Walters (2 October 2000). "All fall down". Sports Illustrated (Time Inc.). Archived from the original on 29 April 2011. http://web.archive.org/web/20110429222810/http://vault.sportsillustrated.cnn.com/vault/article/magazine/MAG1020472/index.htm। আহৰণ কৰা হৈছে: 2 April 2009. 
  89. 89.0 89.1 Carter, Bill; Sandomir, Richard (17 August 2008). "A Surprise Winner at the Olympic Games in Beijing: NBC". The New York Times (NYTimes.com). http://www.nytimes.com/2008/08/18/sports/olympics/18nbc.html?ref=business। আহৰণ কৰা হৈছে: 2 April 2009. 
  90. Slack 2004, পৃষ্ঠা. 16–18.
  91. 91.0 91.1 Slack 2004, পৃষ্ঠা. 17.
  92. Woods 2007, পৃষ্ঠা. 146.
  93. 93.0 93.1 Buchanon & Mallon 2006, পৃষ্ঠা. cii.
  94. Slack 2004, পৃষ্ঠা. 194–195.
  95. 95.0 95.1 95.2 95.3 95.4 95.5 95.6 Flyvbjerg, Bent and Allison Stewart, 2012, "Olympic Proportions: Cost and Cost Overrun at the Olympics 1960–2012," Working Paper, Saïd Business School, University of Oxford.
  96. 96.0 96.1 96.2 "The Olympic Symbols" (PDF). International Olympic Committee. Archived from the original on 26 April 2009. http://www.webcitation.org/5gKlcLlT9। আহৰণ কৰা হৈছে: 4 February 2009. 
  97. "The Olympic flame and the torch relay" (PDF). Olympic Museum. International Olympic Committee. 2007. p. 6. Archived from the original on 26 April 2009. http://www.webcitation.org/5gKmh3MNF। আহৰণ কৰা হৈছে: 4 February 2009. 
  98. "London's Olympic 2012 mascots are revealed: Wenlock and Mandeville unveiled as the 'faces' of the Games". Daily Mail. 23 May 2010. http://www.dailymail.co.uk/sport/othersports/article-1279748/Londons-Olympic-2012-mascots-revealed-Wenlock-Mandeville-unveiled-faces-Games.html। আহৰণ কৰা হৈছে: 2011-07-25. 
  99. "Beijing Dazzles: Chinese History, on Parade as Olympics Begin". Canadian Broadcasting Centre. 8 August 2008. http://www.cbc.ca/olympics/story/2008/08/07/olympics-ceremonies.html। আহৰণ কৰা হৈছে: 9 September 2008. 
  100. "Olympic Games – the Medal Ceremonies" (registration required). Encyclopædia Britannica. http://original.britannica.com/eb/article-249556/Olympic-Games। আহৰণ কৰা হৈছে: 29 August 2008. (subscription required)
  101. "Symbols and Traditions". USA Today. 12 July 1999. http://www.usatoday.com/olympics/owg98/osytr03.htm। আহৰণ কৰা হৈছে: 29 August 2008. 
  102. "Medal Ceremony Hostess Outfits Revealed". China Daily. 18 July 2008. http://english.sina.com/china/p/1/2008/0718/172118.html। আহৰণ কৰা হৈছে: 29 August 2008. 
  103. "Wrestling". The Beijing Organizing Committee for the Games of the XXIX Olympiad. http://en.beijing2008.cn/sports/wrestling/। আহৰণ কৰা হৈছে: 25 March 2009. 
  104. "Sports". International Olympic Committee. http://olympic.org/uk/sports/index_uk.asp। আহৰণ কৰা হৈছে: 8 February 2009. 
  105. "Olympic Sports of the Past". International Olympic Committee. http://www.olympic.org/uk/sports/past/index_uk.asp। আহৰণ কৰা হৈছে: 10 February 2009. 
  106. "International Sports Federations". International Olympic Committee. http://www.olympic.org/uk/organisation/if/index_uk.asp। আহৰণ কৰা হৈছে: 8 February 2009. 
  107. Olympic Charter 2007, পৃষ্ঠা. 87.
  108. "Factsheet: The sessions" (PDF). International Olympic Committee. p. 1. Archived from the original on 29 April 2011. http://web.archive.org/web/20110429094118/http://multimedia.olympic.org/pdf/en_report_942.pdf। আহৰণ কৰা হৈছে: 8 February 2009. 
  109. "Recognised Sports". International Olympic Committee. http://www.olympic.org/uk/sports/recognized/index_uk.asp। আহৰণ কৰা হৈছে: 31 March 2009. 
  110. 110.0 110.1 110.2 110.3 110.4 110.5 110.6 110.7 "Factsheet: The sports on the Olympic programme" (PDF). International Olympic Committee. February 2008. Archived from the original on 26 April 2009. http://www.webcitation.org/5gKml7Xpv। আহৰণ কৰা হৈছে: 3 July 2012. 
  111. 111.0 111.1 "Golf, rugby added for 2016 and 2020". Associated Press. ESPN.com. 09–10–09. http://sports.espn.go.com/oly/news/story?id=4545111। আহৰণ কৰা হৈছে: 09–10–09. 
  112. 112.0 112.1 112.2 112.3 Eassom 1994, পৃষ্ঠা. 120–123.
  113. "Jim Thorpe Biography". Biography.com. http://www.biography.com/search/article.do?id=9507017। আহৰণ কৰা হৈছে: 9 February 2009. 
  114. "Garmisch-Partenkirchen 1936". International Olympic Committee. http://www.olympic.org/garmisch-partenkirchen-1936-winter-olympics। আহৰণ কৰা হৈছে: 25 July 2011. 
  115. Schantz, Otto (PDF). The Olympic Ideal and the Winter Games Attitudes Towards the Olympic Winter Games in Olympic Discourses – from Coubertin to Samaranch. Comité International Pierre De Coubertin. http://www.coubertin.ch/pdf/schantz.pdf। আহৰণ কৰা হৈছে: 13 September 2008. 
  116. "Amateurism". USA Today (Gannett Company). 12 July 1999. http://www.usatoday.com/olympics/owg98/osytr01.htm। আহৰণ কৰা হৈছে: 9 February 2009. 
  117. Krüger & Murray 2003, পৃষ্ঠা 230
  118. "Melbourne/Stockholm 1956". International Olympic Committee. http://www.olympic.org/melbourne-stockholm-1956-summer-olympics। আহৰণ কৰা হৈছে: 25 July 2011. 
  119. 119.0 119.1 "African nations boycott costly Montreal Games". CBC Sports. 30 July 2008. http://www.cbc.ca/olympics/history/story/2008/05/09/f-olympics-history-1976.html। আহৰণ কৰা হৈছে: 6 February 2009. 
  120. "Africa and the XXIst Olympiad" (PDF). Olympic Review (International Olympic Committee) (109–110): 584–585. November–December 1976. http://www.la84foundation.org/OlympicInformationCenter/OlympicReview/1976/ore109/ore109h.pdf। আহৰণ কৰা হৈছে: 6 February 2009. 
  121. "Game playing in Montreal" (PDF). Olympic Review (International Olympic Committee) (107–108): 461–462. October 1976. http://www.la84foundation.org/OlympicInformationCenter/OlympicReview/1976/ore107/ore107i.pdf। আহৰণ কৰা হৈছে: 7 February 2009. 
  122. "China-Olympic History". Chinaorbit.com. http://www.chinaorbit.com/2008-olympics-china/olympic-games-history.html। আহৰণ কৰা হৈছে: 27 August 2008. 
  123. "Moscow 1980". International Olympic Committee. http://www.olympic.org/moscow-1980-summer-olympics। আহৰণ কৰা হৈছে: 25 July 2011. 
  124. Burns, John F. (9 May 1984). "Protests are Issue: Russians Charge 'Gross Flouting' of the Ideals of the Competition". The New York Times (New York Times Company). 
  125. "Moscow 1980:Cold War, Cold Shoulder". Deutsche Welle (DW-World.DE). 31 July 2008. http://www.dw-world.de/dw/article/0,2144,3524906,00.html। আহৰণ কৰা হৈছে: 27 April 2009. 
  126. "Los Angeles 1984". International Olympic Committee. http://www.olympic.org/los-angeles-1984-summer-olympics। আহৰণ কৰা হৈছে: 25 July 2011. 
  127. Australia: Calls to Boycott Beijing Olympics "Australia: Calls to Boycott Beijing Olympics". Inter Press Service. http://ipsnews.net/news.asp?idnews=41699 Australia: Calls to Boycott Beijing Olympics। আহৰণ কৰা হৈছে: 10 September 2008. 
  128. "Diplomats Visit Tibet as EU Split on Olympic Opening Boycott". The Economic Times. 29 March 2008. http://economictimes.indiatimes.com/News/PoliticsNation/Diplomats_visit_Tibet_as_EU_split_on_Olympic_opening_boycott_/articleshow/2908958.cms। আহৰণ কৰা হৈছে: 7 February 2008. 
  129. Putin Faces Green Olympic Challenge: The Sochi 2014 Winter Games are threatened by a looming international boycott, environmental concerns, and public protests against local development, The Christian Science Monitor, Retrieved 18 August 2008.
  130. Bernas, Frederick (5 December 2009). "Olympic challenge for Sochi Games". প্ৰকাশক London: The Guardian. http://www.guardian.co.uk/commentisfree/2009/dec/05/winter-olympics-sochi-russia। আহৰণ কৰা হৈছে: 31 May 2011. 
  131. Findling & Pelle 2004, পৃষ্ঠা. 107.
  132. Findling & Pelle 2004, পৃষ্ঠা. 111–112.
  133. "Spartakiads". Great Soviet Encyclopedia. Vol. 24 (part 1). প্ৰকাশক Moscow. 1976. p. 286. 
  134. Roche 2000, পৃষ্ঠা. 106.
  135. "The USSR and Olympism" (PDF). Olympic Review (International Olympic Committee) (84): 530–557. October 1974. http://www.la84foundation.org/OlympicInformationCenter/OlympicReview/1974/ore84/ore84k.pdf। আহৰণ কৰা হৈছে: 4 May 2009. 
  136. "1968: Black athletes make silent protest". BBC. 17 October 1968. http://news.bbc.co.uk/onthisday/hi/dates/stories/october/17/newsid_3535000/3535348.stm। আহৰণ কৰা হৈছে: 7 February 2009. 
  137. "Iranian Judoka rewarded after snubbing Israeli". Associated Press. NBC Sports. 8 September 2004. http://nbcsports.msnbc.com/id/5942871/। আহৰণ কৰা হৈছে: 7 February 2009. 
  138. "Tom Hicks". Sports-reference.com. http://www.sports-reference.com/olympics/athletes/hi/tom-hicks-1.html। আহৰণ কৰা হৈছে: 30 January 2009. 
  139. 139.0 139.1 "A Brief History of Anti-Doping". World Anti-Doping Agency. http://www.wada-ama.org/en/About-WADA/History/A-Brief-History-of-Anti-Doping/। আহৰণ কৰা হৈছে: 10 September 2008. 
  140. Begley, Sharon (7 January 2008). "The Drug Charade". Newsweek. http://www.newsweek.com/id/86079/output/print। আহৰণ কৰা হৈছে: 27 August 2008. 
  141. Porterfield 2008, পৃষ্ঠা. 15.
  142. Magnay, Jacquelin (18 April 2003). "Carl Lewis's positive test covered up". The Sydney Morning Herald. http://www.smh.com.au/articles/2003/04/17/1050172709693.html। আহৰণ কৰা হৈছে: 28 August 2008. 
  143. Coile, Zachary (27 April 2005). "Bill Seeks to Toughen Drug Testing in Pro Sports". The San Francisco Chronicle. http://www.sfgate.com/cgi-bin/article.cgi?file=/c/a/2005/04/27/MNGMICG0SS1.DTL। আহৰণ কৰা হৈছে: 3 September 2008. 
  144. "Doping: 3667 athletes tested, IOC seeks action against Halkia's coach". Express India Newspapers. 19 August 2008. http://www.expressindia.com/latest-news/Doping-3667-athletes-tested-IOC-seeks-action-against-Halkias-coach/350677/। আহৰণ কৰা হৈছে: 28 August 2008. 
  145. 145.0 145.1 "Bar countries that ban women athletes", Ali Al-Ahmed, The New York Times, 19 May 2008
  146. Henderson, John. "Iranian Olympic skier Kalhor a pioneer", Denver Post, 27 February 2010
  147. "Arab women make breakthrough at Games", CNN, 23 September 2000
  148. "Afghan women's Olympic dream", BBC, 22 June 2004
  149. Wallechinsky, David (29 July 2008). "Should Saudi Arabia be Banned from the Olympics?". Huffington Post. http://www.huffingtonpost.com/david-wallechinsky/should-saudi-arabia-be-ba_b_115736.html. 
  150. "Inside Lines: Protests at 2012 if Saudis say 'no girls allowed'", The Independent, 4 July 2010
  151. "Saudis to send 2 women to London, make history". SI.com. http://sportsillustrated.cnn.com/2012/olympics/2012/07/12/saudi-arabia-women-london-olympics.ap/index.html। আহৰণ কৰা হৈছে: 13 July 2012. 
  152. "London 2012 Olympics: Saudi Arabian women to compete", BBC, 12 July 2012
  153. http://english.alarabiya.net/articles/2012/08/13/232068.html
  154. "Women's boxing gains Olympic spot", British Broadcasting Corporation, 13 August 2009
  155. "Bush turns attention from politics to Olympics". Associated Press. MSNBC. 7 August 2008. http://www.msnbc.msn.com/id/26081584/। আহৰণ কৰা হৈছে: 30 January 2009. 
  156. "Olympic Shooters Hug as their Countries do Battle". CNN. 10 August 2008. http://www.cnn.com/2008/WORLD/asiapcf/08/10/olympic.embrace/। আহৰণ কৰা হৈছে: 10 August 2008. 
  157. "Olympic archive". Canadian Broadcasting Corporation. http://archives.cbc.ca/IDC-1-41-1289-7332/sports/olympics_cbc/clip5। আহৰণ কৰা হৈছে: 29 August 2008. 
  158. "Olympic Park Bombing". CNN. http://www.cnn.com/US/9607/27/olympic.bomb.main। আহৰণ কৰা হৈছে: 29 August 2008. 
  159. "IOC on bin Laden killing: no bearing on Olympic security". Gazettenet.com. Associated Press. 3 May 2011. http://www.gazettenet.com/2011/05/03/ioc-bin-laden-killing-no-bearing-olympic-security। আহৰণ কৰা হৈছে: 25 July 2011. 
  160. "Olympic Charter" (PDF). প্ৰকাশক Lausanne, Switzerland: International Olympic Committee. July 2011. http://www.olympic.org/Documents/olympic_charter_en.pdf। আহৰণ কৰা হৈছে: 27 July 2012. 
  161. Larmer, Brook (19 August 2008). "The Year of the Mercenary Athlete". Time. http://www.time.com/time/world/article/0,8599,1833856,00.html। আহৰণ কৰা হৈছে: 27 November 2011. 
  162. Rory Carroll (24 February 2003). "What Zola Budd did next | Sport". প্ৰকাশক London: The Guardian. http://www.guardian.co.uk/sport/2003/feb/24/athletics.rorycarroll। আহৰণ কৰা হৈছে: 27 November 2011. 
  163. "Lagat a runner without a country". Cool Running. http://www.coolrunning.com/engine/3/3_1/lagat-a-runner-without-a-.shtml। আহৰণ কৰা হৈছে: 27 November 2011. 
  164. "Olympics opportunity too much for Hammon to pass up – Olympics – ESPN". Sports.espn.go.com. 5 June 2008. http://sports.espn.go.com/oly/news/story?id=3427182। আহৰণ কৰা হৈছে: 27 November 2011. 
  165. "Medals of Beijing Olympic Games Unveiled". The International Olympic Committee. http://en.beijing2008.cn/67/83/article214028367.shtml। আহৰণ কৰা হৈছে: 3 September 2008. 
  166. "St Louis 1904". Olympic Games. http://www.olympic.org/st-louis-1904-summer-olympics। আহৰণ কৰা হৈছে: 3 July 2012. 
  167. "The Modern Olympic Games" (PDF). The Olympic Museum. http://multimedia.olympic.org/pdf/en_report_668.pdf। আহৰণ কৰা হৈছে: 29 August 2008. 
  168. Munro, James (25 August 2008). "Britain may aim for third in 2012". BBC Sport. http://news.bbc.co.uk/sport1/hi/olympics/london_2012/7579901.stm। আহৰণ কৰা হৈছে: 25 August 2008. 
  169. 169.0 169.1 169.2 169.3 "Olympic Charter" (PDF). International Olympic Committee. pp. 72–75. Archived from the original on 28 July 2011. http://web.archive.org/web/20110723070003/http://multimedia.olympic.org/pdf/en_report_122.pdf। আহৰণ কৰা হৈছে: 2 April 2009. 
  170. 170.0 170.1 "Choice of the host city". International Olympic Committee. http://www.olympic.org/uk/organisation/missions/cities_uk.asp। আহৰণ কৰা হৈছে: 2 April 2009. 
  171. "Olympic Games" (registration required). Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/428005/Olympic-Games/249563/Athens-Greece-1906#ref=ref858167। আহৰণ কৰা হৈছে: 2 April 2009. 
  172. "Official Report of the Equestrian Games of the XVIth Olympiad (Swedish & English)" (PDF). Los Angeles 1984 Foundation. http://www.la84foundation.org/6oic/OfficialReports/1956/or1956eq.pdf। আহৰণ কৰা হৈছে: 3 September 2008. 
  173. "Beijing 2008". The International Olympic Committee. http://www.olympic.org/uk/games/beijing/index_uk.asp। আহৰণ কৰা হৈছে: 30 January 2009. 

গ্ৰন্থৰ উৎসমূহ[সম্পাদনা কৰক]

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

  • Buchanan, Ian (2001). Historical dictionary of the Olympic movement. প্ৰকাশক Lanham: Scarecrow Presz. ISBN 978-0-8108-4054-6. 
  • Kamper, Erich; Mallon, Bill (1992). The Golden Book of the Olympic Games. প্ৰকাশক Milan: Vallardi & Associati. ISBN 978-88-85202-35-1. 
  • Preuss, Holger; Marcia Semitiel García (2005). The Economics of Staging the Olympics: A Comparison of the Games 1972–2008. Edward Elgar Publishing. ISBN 978-1-84376-893-7. 
  • Simson, Vyv; Jennings, Andrew (1992). Dishonored Games: Corruption, Money, and Greed at the Olympics. প্ৰকাশক New York: S.P.I. Books. ISBN 978-1-56171-199-4. 
  • Wallechinsky, David (2004). The Complete Book of the Summer Olympics, Athens 2004 Edition. SportClassic Books. ISBN 978-1-894963-32-9. 
  • Wallechinsky, David (2005). The Complete Book of the Winter Olympics, Turin 2006 Edition. SportClassic Books. ISBN 978-1-894963-45-9. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]