ৰঙা টুনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰঙা টুনি
Male in breeding plumage
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Estrildidae
গণ: Amandava
প্ৰজাতি: A. amandava
বৈজ্ঞানিক নাম
Amandava amandava
(Linnaeus, 1758)
সমাৰ্থক

Estrilda amandava
Sporaeginthus amandava

Female (Kolkata, India)

ৰঙা টুনি (ইংৰাজী: Red Avadavat বা Red Munia, বৈজ্ঞানিক নাম-Amandava amandava) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে এছিয়াৰ মুকলি খেতি-পথাৰ বা ঘাঁহনি আদিত দেখা পোৱা যায়৷

বিৱৰণ[সম্পাদনা কৰক]

ৰঙা টুনি সৰু আকাৰৰ চৰাই৷ ইয়াৰ দেহটো ৰঙা বৰণৰ আৰু বগা ফুটুকীয়া৷ ইয়াৰ নেজডাল ক'লা আৰু ঠোঁটটো ৰঙা৷ প্ৰজনন কালত মতা ৰঙা টুনিৰ সমগ্ৰ দেহটো ৰঙা হৈ পৰে৷ কেৱল ইয়াৰ চকুৰ চাৰিওকাষে ক'লা বৰণৰ আঁচ থকা দেখা যায়৷ প্ৰজনন নোহোৱা কালত মতা চৰাইৰ ৰং শেঁতা পৰা হয়৷ মাইকীজনীৰ ৰং শেঁতা আৰু ডেউকাত বগা ফুটবোৰ মতাটোতকৈ কমকৈ থকা দেখা যায়৷ [2][3]

বিতৰণ[সম্পাদনা কৰক]

ৰঙা টুনিৰ মূল প্ৰজাতিটো বাংলাদেশ, ভাৰত, শ্ৰীলংকা, নেপাল আৰু পাকিস্তানত দেখা পোৱা যায়৷ তদুপৰি চীন, থাইলেণ্ড, ভিয়েটনামত ই বিস্তৃত হৈ আছে৷ ইয়াৰে আন দুটা উপ-প্ৰজাতি punicea আৰু decouxi. ক্ৰমান্বয়ে জাভা আৰু কম্বোডিয়াত দেখা পোৱা যায়৷[4][5][6][7]

বাসস্থান[সম্পাদনা কৰক]

ৰঙা টুনিয়ে প্ৰধানতঃ ঘাঁহনিৰে পূৰ্ণ সমতল অঞ্চল বা খেতি পথাৰৰ আশে পাশে চৰি ভাল পায়৷ [2]

আচৰণ[সম্পাদনা কৰক]

ৰঙা টুনিক সাধাৰণতে সৰু সৰু গোটত চৰা দেখিবলৈ পোৱা যায়৷ [8] ই খুউব চুটি আৰু খৰকৈ 'চ্চিইইপ'' ধৰণে মতা শুনা যায়৷ [9]

খাদ্য[সম্পাদনা কৰক]

ৰঙা টুনিয়ে ঘাঁহৰ গুটি, পোক-পৰুৱা আদি খাই জীয়াই থাকে৷[10]

প্ৰজনন[সম্পাদনা কৰক]

এই চৰাইবিধে প্ৰজনন কালত যোৰা পাতে৷[11] যোৰাৰ ইটোৱে সিটোৰ পাখি পৰিষ্কাৰ (preen) কৰি দিয়ে৷ [12] ইহঁতে ঘাঁহ পাতেৰে বাহ সাজে৷ এবাৰত ৫-৬ টাকৈ বগা বৰণৰ কণী পাৰে৷ [13]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Amandava amandava". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106008663। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 Rasmussen PC & JC Anderton (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 572. 
  3. Whistler, Hugh (1949). Popular Handbook of Indian Birds. Gurney and Jackson. পৃষ্ঠা. 216–217. http://www.archive.org/stream/popularhandbooko033226mbp#page/n259/mode/1up. 
  4. Oates, EW (1890). Fauna of British India. Birds. Volume 2. Taylor and Francis, London. পৃষ্ঠা. 192–193. http://www.archive.org/stream/faunaofbritishin02oate#page/192/mode/1up/search/amandava. 
  5. Deignan, HG (1963). "Checklist of the birds of Thailand". National Museum Bulletin খণ্ড 226: 216. http://www.archive.org/stream/bulletinunitedst2261963unit#page/216/mode/1up/search/amandava. 
  6. Paynter RA (Ed) (1968). Check-list of the birds of the world. 14. Museum of Comparative Zoology. পৃষ্ঠা. 348–349. http://www.archive.org/stream/checklistofbirds141968pete#page/348/mode/1up. 
  7. Baker ECS (1926). Fauna of British India. Birds. Volume 3 (2 সম্পাদনা). Taylor and Francis. পৃষ্ঠা. 95–97. http://www.archive.org/stream/BakerFbiBirds3/BakerFBI3#page/n116/mode/1up/. 
  8. Evans, SM (1970). "Some factors affecting the flock behaviour of red avadavats (Amandava amandava) with particular reference to clumping". Animal Behaviour খণ্ড 18 (4): 762–767. doi:10.1016/0003-3472(70)90025-4. 
  9. Ali S & SD Ripley (1999). Handbook of the birds of India and Pakistan. 10 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 106–108. 
  10. Inglis, CM (1910). "Note on the Spotted Munia (Uroloncha punctulata) and the Indian Red Munia (Sporaeginthus amandava)". J. Bombay Nat. Hist. Soc. খণ্ড 20 (2): 517–518. 
  11. Sparks, JH (1964). "Flock structure of the Red Avadavat with particular references to clumping and allopreening". J. Anim. Behaviour খণ্ড 12: 125–126. doi:10.1016/0003-3472(64)90113-7. 
  12. Sparks, John H. (1965). "On the role of allopreening invitation behaviour in reducing aggression among red avadavats, with comments on its evolution in the Spermestidae". Journal of Zoology খণ্ড 145 (3): 387. doi:10.1111/j.1469-7998.1965.tb02024.x. 
  13. Hume, AO (1890). The nests and eggs of Indian Birds. 2. R H Porter, London. পৃষ্ঠা. 147–149. http://www.archive.org/stream/nestseggsofindia02humerich#page/147/mode/1up/search/amandava. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]