ৰবাব টেঙা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবাব টেঙা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
গণ: Citrus
প্ৰজাতি: C. maxima
বৈজ্ঞানিক নাম
Citrus maxima
Merr.
Pomelo, raw
Flesh of a pomelo
Nutritional value per ১০০ g (৩.৫ oz)
Energy ১৫৯ kJ (৩৮ kcal)
Carbohydrates 9.62 g
- Dietary fiber 1 g
Fat 0.04 g
Protein 0.76 g
Thiamine (vit. B1) 0.034 mg (3%)
Riboflavin (vit. B2) 0.027 mg (2%)
Niacin (vit. B3) 0.22 mg (1%)
Vitamin B6 0.036 mg (3%)
Vitamin C 61 mg (73%)
Iron 0.11 mg (1%)
Magnesium 6 mg (2%)
Manganese 0.017 mg (1%)
Phosphorus 17 mg (2%)
Potassium 216 mg (5%)
Sodium 1 mg (0%)
Zinc 0.08 mg (1%)
Link to USDA Database entry
Percentages are roughly approximated
using US recommendations for adults.
Source: USDA Nutrient Database

ৰবাব টেঙা (ইংৰাজী: Pomelo) বৈজ্ঞানিক নাম-Citrus Maxima ৷ এই টেঙা সমগ্ৰ অসমতে উৎপন্ন হয়৷ ৰবাব টেঙা ঋতুজনিত ফল৷ শীতকালত এই ফল খাব পৰা হয়৷ এনে ফলৰ গছ চিৰ সেউজীয়া আৰু জোপোহা হয়৷ [1]


প্ৰকাৰ[সম্পাদনা কৰক]

ৰবাব টেঙা দুই প্ৰকাৰৰ৷ এবিধৰ জিম ৰঙা আৰু আনবিধৰ বগা৷ দুয়োবিধৰে স্বাদ মিঠা৷ Pummelo আৰু Grapefruit দুয়োবিধক ৰবাব টেঙা বুলি কোৱা হয়৷ কিন্তু এই দুয়োবিধ ফলৰ গছ-পাত,ফল আদিৰ মাজত যথেষ্ট পার্থক্য আছে। অতি সহজে বুজিব পৰা পার্থক্যকেইটা হ’ল:- Pummeloৰ ফলবোৰ এটা এটাকৈ লাগে, অক্ষ(axis) প্রায় ফোঁপোলা। আনহাতে Grapefruit-অৰ ফলবোৰ থোপা বান্ধি লাগে। আঙুৰৰ(Grape) দৰে থোপা বান্ধি লগাৰ বাবেই এইবিধ ফলক ইংৰাজীত Grapefruit বোলা হয়। এইবিধৰ ফল আকাৰত আনবিধকৈ সৰু, বাকলি কিছু পাতল আৰু অক্ষ প্রায় পূৰঠ অৱস্থাত থাকে। অবিভক্ত অসমত নবিধ Pummelo ফল পোৱা যায়৷ [2]


আকৃতি[সম্পাদনা কৰক]

ৰবাব টেঙাৰ ফল যথেষ্ট ডাঙৰ হয়৷ ৰবাব টেঙাত বহিৰ্ভিত্তি (epicarp) আৰু মধ্যৰ্ভিত্তি (mesocarp) একত্ৰিত হৈ বাকলি তৈয়াৰ হয়৷ বাকলিৰ অংশবিশেষ মাজে মাজে ভিতৰলৈ সোমাই ফোটা বা কোঁহৰ সৃষ্টি কৰে৷ কোঁহৰ ভিতৰত অসংখ্য ৰসাল জিমৰ উৎপত্তি হয়৷ জিমৰ মাজত বীজ থাকে৷ পৈণত হ'লে ফুটাৰ ভিতৰৰ জিম আৱৰণৰপৰা এৰুৱাই নিমখ সানি (কিছুমানে জলকীয়া লৈ) খোৱা হয়৷ আঘোণ মাহৰ ধাননিপথাৰত ৰবাব টেঙাৰ জুতি ল'বলৈ বৰ সোৱাদ৷

অৰ্থনৈতিক মূল্য[সম্পাদনা কৰক]

ৰবাব টেঙাৰ প্ৰতি ১০০ মিলিলিটাৰ ৰসত ২৫-৮৫ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন 'ছি' পোৱা যায়৷

খাদ্য হিচাপে[সম্পাদনা কৰক]

oৰবাব টেঙা পৈণত হ'লে ফুটাৰ ভিতৰৰ জিম আৱৰণৰপৰা এৰুৱাই নিমখ সানি (audhik jutilogakoi robub tenga prostoot koriboloi xadharonote futaar logot nimakh, kecha jolokia, dhoniya paat, xamanya xoriyahar tel bhaaldore xaani lowa hoi)কিছুমানে জলকীয়া লৈ) খোৱা হয়৷ আঘোণ মাহৰ ধাননিপথাৰত ৰবাব টেঙাৰ জুতি ল'বলৈ বৰ সোৱাদ৷ জাৰকালি ৰ'দলৈ পিঠি দি বহি টেঙা খোৱাৰ জুতি লোৱাৰ মজাই সুকীয়া৷

গেলাৰী[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড° অন্নজ্যোতি গগৈ (১৬ - ৩০ জুন ২০০৮). "অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ". প্ৰান্তিক খণ্ড ২৭শ বছৰ (১৪শ সংখ্যা): পৃষ্ঠা ৩৬. 
  2. ড° চাদিকুল হুছেইন (১৬ - ৩১ আগষ্ট ২০১১). "বিলুপ্তিৰ পথত অসমৰ নেমুজাতীয় ফলসমূহ". প্ৰান্তিক.