ৱখা জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱখা জিলা
—  জিলা  —
নাগালেণ্ড ৰাজ্যত ৱখা জিলাৰ অৱস্থান
নাগালেণ্ড ৰাজ্যত ৱখা জিলাৰ অৱস্থান
ৰাজ্য নাগালেণ্ড
দেশ  ভাৰত
মাটিকালি[1]
 - মুঠ ১,৬২৮ কি.মি. 
(৬২৮.৬ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ১,৬৬,২৩৯ জন
 - জনঘনত্ব ১০২.১ প্ৰতি বৰ্গ কি.মি. 
(২৬৪.৫ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-NL-WO
ৱেবছাইট wokha.nic.in

ৱখা জিলা ভাৰতনাগালেণ্ড ৰাজ্যৰ এখন জিলা।

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

ৱখা জিলাৰ মুঠ মাটিকালি ১৬২৮ বৰ্গ কিমি। এই জিলাৰ সদৰ ঠাই ৱখা।

ইতিহাস[সম্পাদনা কৰক]

ব্ৰিটিছৰ শাসনৰ সময়ত ৱখা জিলা ১৮৭৮ লৈকে নাগা হিলছ জিলা (Naga Hills District)-ৰ সদৰ ঠাই আছিল। পৰৱৰ্ত্তী কালত এই সদৰ ঠাই কহিমালৈ স্থানান্তৰ কৰা হয় আৰু ৱখাক পৃথক মহকুমা হিচাপে স্বীকৃতি দিয়া হয়। ১৮৮৯ চনত এই মহকুমা মোককচাং মহকুমাৰ সৈতে যোগ দিয়া হয়। ১৯৫৭ চনত ৱখা মোককচাং জিলাৰ এটা মহকুমা হয়। বৰ্তমানৰ ৱখা জিলাৰ গঠন হয় ১৯৭৩ চনত।[2]

অৰ্থনীতি[সম্পাদনা কৰক]

Backward Regions Grant Fund|Backward Regions Grant Fund Programme (BRGF) আঁচনিৰ অধীনত পুঁজি পাই থকা নাগালেণ্ডৰ তিনিখন জিলাৰ এখন হৈছে ৱখা।[3]

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি ৱখা জিলাৰ মুঠ জনসংখ্যা ১৬৬,২৩৯ জন।[4] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৫।[4] এই জিলাৰ প্ৰতি ১০০০ পুৰুষৰ ভিতৰত মহিলাৰ সংখ্যা ৯৬৮ গৰাকী। ৱখা জিলাৰ সাক্ষৰতাৰ হাৰ ৮৭.৭%।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Wokha District Population Census 2011, Nagaland literacy sex ratio and density". www.census2011.co.in. http://www.census2011.co.in/census/district/611-wokha.html. 
  2. "District industrial profile report of Wokha district". প্ৰকাশক Dimapur: Development Commissioner Ministry of Micro, Small & Medium Enterprisesgov.in. 2012. Archived from the original on 2020-08-27. https://web.archive.org/web/20200827094950/http://dcmsme.gov.in/dips/DIPR%20WOKHA-Final.pdf। আহৰণ কৰা হৈছে: 2018-11-03. 
  3. Ministry of Panchayati Raj (8 September 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Rural Development. Archived from the original on 5 April 2012. https://web.archive.org/web/20120405033402/http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: 27 September 2011. 
  4. 4.0 4.1 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 

তথ্যসূত্ৰ[সম্পাদনা কৰক]