আনা ফ্ৰাংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
আনা ফ্ৰাংক

আনা ফ্ৰাংকে নেডাৰলেণ্ডছৰ আমষ্টাৰডামৰ ৬নং মণ্টেশ্বৰী স্কুলত পঢ়ি থকা সময়ৰ ছবি (১৯৪০ চন)
জন্ম আনালিছ মেৰি ফ্ৰাংক
১২ জুন, ১৯২৯
ফ্ৰাংকফুৰ্ট, জাৰ্মানী
মৃত্যু ফেব্ৰুৱাৰী, ১৯৪৫ (আনুমানিক) (১৫ বছৰ বয়সত)
বাৰ্জেন-বালচেন বন্দী শিবিৰ, জাৰ্মানী
সমাধিস্থল বাৰ্জেন-বালচেন বন্দী শিবিৰ, জাৰ্মানী
পেচা
  • দিনপঞ্জী লেখিকা
  • কেঁচুৱাৰ যতন লওঁতা
  • শিশু সাহিত্যিক
ভাষা
  • ওলন্দাজ
  • জাৰ্মান
ৰাষ্ট্ৰীয়তা
  • জাৰ্মান
  • ৱাইমাৰ
শিক্ষা
  • ৬ষ্ঠ মণ্টেশ্বৰী স্কুল আমষ্টাৰডাম (১৯৩৪–১৯৪১)
  • Jewish Lyceum (১৯৪১-১৯৪২)
ধৰণ
  • জীৱনী
  • আত্মজীৱনী
আত্মীয়-স্বজন
  • অটো ফ্ৰাংক (পিতৃ)
  • মাৰ্গট ফ্ৰাংক (ভনী)
  • এডিথ ফ্ৰাংক (মাতৃ)
  • বাডী এলিয়াছ (সম্বন্ধীয় ভাই)

স্বাক্ষৰ

আনালিছ মেৰি "আনা" ফ্ৰাংক (ইংৰাজী: Annelies Marie Frank; ১২ জুন ১৯২৯- ফেব্ৰুৱাৰী বা মাৰ্চ ১৯৪৫)[1] ইহুদী জাতিৰ ঐতিহ্য বহনকাৰী এগৰাকী জাৰ্মান-ওলন্দাজ দিনপঞ্জী লেখিকা আছিল। ইহুদী নিধনযজ্ঞৰ বলি হোৱা লোকসকলৰ ভিতৰত সবাতোকৈ চৰ্চিত নামবোৰৰ অন্যতম হৈছে আনা ফ্ৰাংক। ১৯৪৭ চনত প্ৰকাশ পোৱা 'দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল' (প্ৰথমে ওলন্দাজ ভাষাত 'Het Achterhuis' নামেৰে কিতাপখন প্ৰকাশ পাইছিল, যাৰ ইংৰাজী ভাষাত অৰ্থ The Secret Annex) গ্ৰন্থৰ বাবে তেওঁ মৰণোত্তৰভাৱে বিশ্বজোৰা খ্যাতি লাভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে নেডাৰলেণ্ডছ দখল কৰাৰ পাছত ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈ গোপনে কটোৱা কালছোৱাৰ বিষয়ে তেওঁ এই দিনলিপিত বৰ্ণনা কৰিছিল। গ্ৰন্থাকাৰে প্ৰকাশিত আনাৰ এই দিনলিপিখন বিশ্বৰ সবাতোকৈ পৰিচিত আৰু চৰ্চিত গ্ৰন্থসমূহৰ অন্যতম। ইয়াৰ ভিত্তিত কেবাখনো নাটক আৰু চলচ্চিত্ৰও নিৰ্মাণ হৈছে।

জাৰ্মানীৰ ফ্ৰেংকফুৰ্টত জন্মগ্ৰহণ কৰা আনা ফ্ৰাংকে জীৱনৰ অধিকাংশ সময় নেডাৰলেণ্ডছৰ আমষ্টাৰডাম আৰু ইয়াৰ কাষৰীয়া ঠাইত কটাইছিল। জাৰ্মানীৰ শাসনভাৰ নাজীৰ অধীনলৈ যোৱাত ৪.৫ বছৰ বয়সতে আনা ফ্ৰাংকে পৰিয়ালৰ সৈতে নেডাৰলেণ্ডছলৈ গৈছিল। এগৰাকী জাৰ্মান নাগৰিক হিচাপে জন্ম লাভ কৰিছিল যদিও ১৯৪১ চনত আনাই নাগৰিকত্ব হেৰুৱাইছিল আৰু তেতিয়াৰ পৰা ৰাষ্ট্ৰহীন লোক হিচাপে পৰিগণিত হৈছিল। জাৰ্মানসকলে নেডাৰলেণ্ডছ দখল কৰাত ১৯৪০ চনৰ মে' মাহৰ সময়লৈ ফ্ৰাংক পৰিয়ালটো আমষ্টাৰডামতে আৱদ্ধ হৈ পৰিছিল। ১৯৪২ চনৰ জুলাই মাহত ইহুদী লোকসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাবলৈ ধৰাত আনাৰ পৰিয়ালটোৱে তেওঁৰ দেউতাক অটো ফ্ৰাংকে কাম কৰা অট্টালিকাটোত থকা কিতাপৰ আলমাৰীটোৰ পিছফালৰ গোপন কোঠাকেইটাত লুকাই থাকিবলৈ লৈছিল। তেতিয়াৰ পৰা ১৯৪৪ চনৰ আগষ্টত নাজীসকলৰ গুপ্তচৰ বাহিনীয়ে পৰিয়ালটো আটক কৰালৈকে আনাই নিয়মীয়াভাৱে এখন দিনপঞ্জী লিখি গৈছিল। এই দিনলিপিখন আনাই তেওঁৰ জন্মদিনত উপহাৰ হিচাপে পাইছিল। ফ্ৰাংকৰ পৰিয়ালটো আটক হোৱাৰ পাছত তেওঁলোকক বন্দীশিবিৰলৈ পঠিওৱা হয়। ১৯৪৪ চনৰ ১ নৱেম্বৰত[2] আনা আৰু তেওঁৰ ভনী মাৰ্গটক অস্বিৎজৰ পৰা বাৰ্জেন-বেলচেন বন্দী শিবিৰলৈ পঠিওৱা হয়। কেইমাহমান পিছত তাতেই দুয়োৰে মৃত্যু হয় (সম্ভৱতঃ সন্নিপাত জ্বৰত ভুগি)। ৰেডক্ৰছে প্ৰথমে তেওঁলোকৰ মাৰ্চত মৃত্যু হোৱা বুলি অনুমান কৰিছিল। ওলন্দাজ কৰ্তৃপক্ষয়ো ৩১ মাৰ্চত তেওঁলোকৰ মৃত্যু হোৱা বুলি চৰকাৰী নথিত উল্লেখ কৰিছে। কিন্তু ২০১৫ চনত আনা ফ্ৰাংক হাউছৰ দ্বাৰা সম্পন্ন হোৱা গৱেষণাত প্ৰকাশ পাইছিল যে তেওঁলোকৰ হয়তো ফেব্ৰুৱাৰী মাহতহে মৃত্যু হৈছিল।[1]

যুদ্ধত বাছি থকা ফ্ৰাংক পৰিয়ালৰ একমাত্ৰ ব্যক্তি অটোৱে যুদ্ধৰ শেষত আমষ্টাৰডামলৈ আহি জানিব পাৰিলে যে জীয়ৰী আনাৰ দিনলিপিখন তেওঁৰ সচিব মিয়েপ গিয়েজে সুৰক্ষিতভাৱে ৰাখিছে। অটোৰ প্ৰচেষ্টাতে ১৯৪৭ চনত দিনলিপিখন গ্ৰন্থ আকাৰে প্ৰকাশ পাইছিল। পিছলৈ এইখন মূল ওলন্দাজ ভাষাৰ পৰা ইংৰাজীলৈ অনূদিত হয় আৰু ১৯৫২ চনত "দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল" নামেৰে প্ৰকাশ পায়। তেতিয়াৰ পৰা ই ৭০ টাতকৈও অধিক ভাষালৈ অনূদিত হৈছে (অসমীয়াকে ধৰি)।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

আনাৰ (জন্মৰ সময়ৰ নাম: আনালিছ[3] মেৰি ফ্ৰাংক) জন্ম হৈছিল ১৯২৯ চনৰ ১২ জুনত জাৰ্মানীৰ ফ্ৰাংকফু্ৰ্টস্থিত মেইনগাউ ৰেড ক্ৰছ ক্লিনিকত।[4] তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল যথাক্ৰমে অটো হেইনৰিখ ফ্ৰাংক আৰু এডিথ (নী হলাণ্ডাৰ)। মাৰ্গট নামেৰে আনাৰ এগৰাকী বায়েকো আছিল। ফ্ৰাংক পৰিয়ালটো উদাৰপন্থী আছিল আৰু তেওঁলোকে ইহুদী ধৰ্মৰ প্ৰচলিত ৰীতি-নীতিসমূহ মানি চলা নাছিল।[5] পৰিয়ালটোৱে ইহুদী আৰু আন ধৰ্মৰ বিভিন্ন লোক সম্প্ৰীতিৰে চলি অহা সমাজ এখনত বাস কৰিছিল। অটো আৰু এডিথ আছিল অতি সচেতন পিতৃ-মাতৃ, অধ্যয়নৰ ক্ষেত্ৰখনত দুয়ো আগ্ৰহী আছিল আৰু তেওঁলোকৰ ঘৰতে ডাঙৰ পুথিভঁৰাল আছিল। তেওঁলোকে দুয়ো সন্তানক পঢ়িবলৈ উৎসাহ যোগাইছিল।[6][7] আনাৰ জন্মৰ সময়ত পৰিয়ালটোৱে ফ্ৰাংকফুৰ্ট-ডৰ্নবাচ্ছৰ মাৰ্বাচৱেগ ৩০৭ ৰ এটা ঘৰত বাস কৰিছিল। তেওঁলোকে ঘৰটোৰ দুতলা ভাৰা লৈ থাকিছিল। ১৯৩১ চনত পৰিয়ালটোৱে ডৰ্নবাচ্ছৰ ডিচ্ছটাৰভিয়াৰ্টেল (পয়ে'টছ্ কোৱাৰ্টাৰ) নামৰ এক আকৰ্ষণীয় মুক্ত এলেকাত অৱস্থিত গেংঘ'ফাৰ্ষ্ট্ৰাচ্ছ ২৪লৈ উঠি যায়। এই দুয়োটা ঘৰেই এতিয়াও বৰ্তি আছে।[8]

আনা ফ্ৰাংকৰ জন্মস্থান - মেইনগাউ ৰে'ড ক্ৰছ ক্লিনিক
A four-story, brick apartment block showing the building's facade, with several windows and an internal staircase leading into the block.
মাৰ্ৱেডে'প্লেইনৰ সেই এপাৰ্টমেণ্ট ব্লকটো, য'ত আনা ফ্ৰাংকে ১৯৩৪ চনৰ পৰা ১৯৪২ চনলৈকে বাস কৰিছিল

১৯৩৩ চনত এডল্ফ হিটলাৰৰ নাজী দলে যুক্তৰাষ্ট্ৰীয় নিৰ্বাচন জিকিলত আৰু হিটলাৰ জাৰ্মানীৰ মুৰব্বী ৰূপে নিৰ্বাচিত হোৱাত এডিথ ফ্ৰাংকে দুয়োটা সন্তানক লৈ আচ্ছেনত থকা তেওঁৰ মাতৃ ৰ'জাৰ সৈতে থাকিবলৈ লয়। অটো ফ্ৰাংক তেতিয়াও ফ্ৰাংকফুৰ্টতে আছিল। কিন্তু আমষ্টাৰডামত এটা কোম্পানী খুলিবলৈ সুযোগ পোৱাত তেওঁ ব্যৱসায় চলাবলৈ আৰু নিজৰ পৰিয়ালটোৰ থকা-মেলাৰ ব্যৱস্থা কৰিবলৈ আমষ্টাৰডামলৈ গুছি আহে। তেওঁ অপেক্টা ৱৰ্কছ্ নামৰ কোম্পানীটোত কাম কৰিছিল, যিটো কোম্পানীয়ে ফলৰ পৰা আহৰিত পদাৰ্থ বিক্ৰী কৰিছিল। এডিথে আচ্ছেন আৰু আমষ্টাৰডামৰ মাজত অহা-যোৱা কৰি আছিল, আৰু পিছলৈ আমষ্টাৰডামৰ কাষৰীয়া ৰিভিয়াৰে'নবাৰ্টৰ  মাৰ্ৱেডেপ্লেইনত (মাৰ্ৱেডেপ্লেইন স্কোৱাৰ) এটা এপাৰ্টমেণ্ট বিচাৰি পাইছিল। ঠাইখনত বাস কৰা অধিকাংশ লোকেই আছিল ইহুদী-জাৰ্মান শৰণাৰ্থী। ১৯৩৩ চনৰ নৱেম্বৰত এডিথে স্বামীৰ লগত থাকিবলৈ গৈছিল আৰু এমাহ পাছত মাৰ্গটো আমষ্টাৰডামলৈ গৈছিল। পিছলৈ ফেব্ৰুৱাৰী মাহত গোটেই পৰিয়ালটো নেডাৰলেণ্ডত লগ হোৱাৰ আগলৈ আনা আইতাকৰ লগত আছিল। ১৯৩৩ চনৰ পৰা ১৯৩৯ চনৰ ভিতৰত জাৰ্মানীৰ পৰা পলাই অহা ৩,০০,০০০ ইহুদীৰ ভিতৰত এই ফ্ৰাংক পৰিয়ালটোও আছিল।[9]

আমষ্টাৰডামলৈ অহাৰ পাছত মাৰ্গটক পাব্লিক স্কুলত আৰু আনাক ৬ষ্ঠ মণ্টেশ্বৰী স্কুলত নামভৰ্তি কৰাই দিয়া হৈছিল। ওলন্দাজ ভাষাৰ বাবে প্ৰথমে সমস্যাৰ সন্মুখীন হৈছিল যদিও মাৰ্গট আমষ্টাৰডামত এগৰাকী তাৰকা শিক্ষাৰ্থীৰূপে পৰিগণিত হৈছিল। আনায়ো অতি কম সময়ৰ ভিতৰতে মণ্টেশ্বৰী স্কুলৰ সৈতে মিলি যাব পাৰিছিল। তাতেই আনাই হানা গছলাৰৰ দৰে সমবয়সীয়া শিশু লগ পাইছিল, যি পিছলৈ তাইৰ অতি প্ৰিয় বান্ধৱী হৈ পৰিছিল।[10]

১৯৩৮ চনত অটো ফ্ৰাংকে পেক্টাকন নামৰ দ্বিতীয় এটা কোম্পানী আৰম্ভ কৰিছিল। এই কোম্পানীটোৱে সিদ্ধ মঙহৰ টুকুৰা উৎপাদনত ব্যৱহাৰ কৰা ঔষধি উদ্ভিদ, দীৰ্ঘদিন ভালে ৰাখিবলৈ ব্যৱহাৰ কৰা লোণ, আৰু মছলাৰ মিশ্ৰণ পাইকাৰীভাৱে বিক্ৰী কৰিছিল।[11][12] পেক্টাকনে হাৰ্মান ভান পেল্সক মছলা বিষয়ৰ পৰামৰ্শদাতা হিচাপে নিয়োগ কৰিছিল। তেওঁ আছিল পৰিয়ালৰ সৈতে অছনাব্ৰাকৰ পৰা পলাই অহা এজন ইহুদী কচাই।[12] ১৯৩৯ চনত এডিথ ফ্ৰাংকৰ মাকে ফ্ৰাংক পৰিয়ালটোৰ সৈতে থাকিবলৈ আহিছিল। ১৯৪২ চনৰ জানুৱাৰীত মৃত্যু হোৱালৈকে তেওঁ পৰিয়ালটোৰ লগতে আছিল।[13]

১৯৪০ চনৰ মে' মাহত জাৰ্মানীয়ে নেদাৰলেণ্ডছ দখল কৰে। নতুন চৰকাৰখনে বহুতো নিষেধাজ্ঞা আৰু বৈষম্যমূলক নীতি প্ৰৱৰ্তন কৰি ইহুদী লোকসকলৰ ওপৰত উৎপীড়ন চলাবলৈ ধৰিলে। কিছুদিন পাছতে বাধ্যতামূলক পঞ্জীয়ন আৰু পৃথকীকৰণ প্ৰক্ৰিয়াও আৰম্ভ কৰি দিলে।[13] অটো ফ্ৰাংকে নিজ পৰিয়ালটোৰ সৈতে আমেৰিকালৈ গুছি যোৱাৰ চেষ্টা চলাইছিল। সেই সময়ত প্ৰব্ৰজন কৰিবলৈ একমাত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁৰ দৃষ্টিত সঠিক ঠাই যেন লাগিছিল।[14] কিন্তু ৰট্টাৰদামৰ আমেৰিকান দূতাবাসটো বন্ধ হৈ পৰাত তাত থকা ভিছাকে ধৰি সকলো কাগজ-পত্ৰ হেৰাই গৈছিল। ফলত ফ্ৰাংকে জমা দিয়া ভিছাৰ আৱেদন পত্ৰখন কেতিয়াও মঞ্জুৰ হ'বলৈ নাপালে।[15] যদি আৱেদন পত্ৰখন গ্ৰহণ হ'লহেঁতেনো, সেই সময়ত আমেৰিকান চৰকাৰে সন্দেহ কৰিছিল যে জাৰ্মানীত সম্পৰ্কীয় থকা লোকসকল হয়তো নাজীবাহিনীৰ গুপ্তচৰো হ'ব পাৰে। [14]

১৯৪১ চনৰ গ্ৰীষ্মবন্ধৰ পাছত আনা ফ্ৰাংকে জানিব পাৰিছিল যে তাই আৰু মণ্টেশ্বৰী স্কুললৈ যোৱাৰ অনুমতি নাপাব। কাৰণ নতুন নিয়ম অনুসৰি ইহুদী লোকসকলে ইহুদী স্কুললৈহে যাব পাৰিব। তেতিয়াৰ পৰা মাৰ্গট আৰু আনাই ইহুদী স্কুল যোৱা কৰিছিল।[16]

দিনলিপিখনত বৰ্ণিত কালছোৱাৰ ঘটনাপঞ্জী[সম্পাদনা কৰক]

গোপনে থাকিবলৈ লোৱাৰ পূৰ্বে[সম্পাদনা কৰক]

১৯৪১ চনৰ ডিচেম্বৰত আনা ফ্ৰাংক

তেৰ বছৰীয়া জন্মদিনৰ দিনা আনাই অট'গ্ৰাফ বুক[17] (মানুহৰ স্বাক্ষৰ সাঁচি ৰখা বহী) এখন উপহাৰ ৰূপে পাইছিল। ৰঙা-বগা বৰ্গসম্বলিত কাপোৰ এখনেৰে[18] বন্ধা অট'গ্ৰাফ বুকখনৰ সন্মুখত এটা সৰু তলাও লগোৱা আছিল। আনাই সেইখনক দিনপঞ্জী হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল,[19]আৰু অতি কম সময়ৰ ভিতৰতে তাই সেইখনত লিখা আৰম্ভ কৰি দিছিল। ১৯৪২ চনৰ ২০ জুনৰ দিনা দিনলিপিখনত লিখা প্ৰৱিষ্টিটোত আনাই ওলন্দাজ ইহুদী মানুহৰ ওপৰত বান্ধি দিয়া প্ৰতিবন্ধকতাসমূহৰ তালিকা এখন উল্লেখ কৰিছিল।[20]

১৯৪২ চনৰ গ্ৰীষ্মকালত নেদাৰলেণ্ডছৰ পৰা ইহুদীসকলৰ প্ৰণালীৱদ্ধ নিৰ্বাসন প্ৰক্ৰিয়া আৰম্ভ হৈছিল।[21] অটো আৰু এডিথ ফ্ৰাংকে পৰিকল্পনা কৰিছিল যে ১৯৪২ চনৰ ১৬ জুলাইৰ পৰা তেওঁলোকে দুই সন্তানৰ সৈতে গোপনে থাকিবলৈ ল'ব। কিন্তু ৫ জুলাইৰ দিনা ইহুদী প্ৰব্ৰজনৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ (Zentralstelle für jüdische Auswanderung) পৰা মাৰ্গটে এখন আমন্ত্ৰণী জাননী লাভ কৰিলে। জাননীখনত তাইক কৰ্ম শিবিৰ এটালৈ স্থানান্তৰ হ'বৰ বাবে হাজিৰ হোৱাৰ আদেশ দিয়া হৈছিল। তেনে পৰিস্থিতিত পৰিয়ালটোৱে পূৰ্বৰ পৰিকল্পনাতকৈ দহদিন আগতেই লুকাবলৈ বাধ্য হ'ল।[22] গোপনে থাকিবলৈ লোৱাৰ ঠিক আগে আগে আনাই তাইৰ বান্ধৱী তথা চুবুৰীয়া টুছজে কুপাৰ্ছক এখন কিতাপ, এটা কাপ-প্লেটৰ ছেট আৰু মাৰ্বলৰ বাকছ এটা ৰাখিবলৈ দি গৈছিল। ৬ জুলাইৰ দিনা আনাৰ পৰিয়ালে তেওঁলোকৰ মেকুৰী মুৰ্টজে'ৰ যতন লোৱাৰ দায়িত্ব দি কুপাৰ্ছ পৰিয়াললৈ টোকা এটা লিখি থৈ গৈছিল। এচ'ছিয়েটে'ড প্ৰেছৰ সংবাদ অনুসৰি: "মই মোৰ মাৰ্বলকেইটাক লৈ চিন্তিত, কাৰণ সেইকেইটা ভুল মানুহৰ হাতত পৰি যাব পাৰে। তুমি কিছুদিনৰ বাবে সেইকেইটা তোমাৰ লগত ৰাখিব পাৰিবানে?" - কুপাৰ্ছে পিছত জনাইছিল যে আনাই তেওঁক এনেদৰে কৈছিল।"[23]

আখটাৰহাউছত কটোৱা জীৱন[সম্পাদনা কৰক]

A three shelf timber bookcase, filled with books, stands at an angle in front of a doorway to the Secret Annexe
আখটাৰহাউছ অৰ্থাৎ, গোপন সংলগ্ন ভৱনটোৰ সন্মুখভাগ যিটো কিতাপৰ আলমাৰীৰে ঢাকি ৰখা হৈছিল; তাৰ এটা পুনৰ্নিমিত আৰ্হি (আমষ্টাৰডামৰ আনা ফ্ৰাংক হাউছত অৱস্থিত)

১৯৪২ চনৰ ৬ জুলাই, সোমবাৰে[24] ৰাতিপুৱা ফ্ৰাংক পৰিয়ালটোৱে গোপনে থাকিবলগীয়া ঘৰটোলৈ আহিল। প্ৰিঞ্চেনগ্ৰাষ্টৰ পাৰত অৱস্থিত তিনিমহলীয়া সেই ঘৰটোত অপেক্টা কাৰ্য্যায়লৰ ওপৰেৰে সোমাব লাগিছিল। তাত অটো ফ্ৰাংকৰ অতি বিশ্বাসযোগ্য কৰ্মচাৰী কেইজনমান তেওঁৰ পৰিয়ালটোৰ সহায়কাৰী হ'ব পাৰিব। এই গোপনে থকা ঠাইখন আখটাৰহাউছ (Achterhuis, ইংৰাজী সংস্কৰণত "Secret Annex" অৰ্থা "গোপন সংলগ্ন ভৱন" নামেৰে অনূদিত) নামেৰে জনাজাত হৈ পৰিছিল। তেওঁলোকে আগৰ ঘৰখন অতি বিশৃংখল অৱস্থাত এৰি থৈ আহিছিল, যাতে দেখিলে এনে লাগে যেন পৰিয়ালটোৱে অতি খৰধৰকৈ ঘৰখন এৰি গৈছে। অটোৱে ঘৰত এটা টোকাও এৰি থৈ আহিছিল, য'ত এনে এটা ইংগিত আছিল যে তেওঁলোকে ছুইজাৰলেণ্ড যাবলৈ ওলাইছে। গোপনীয়তাৰ স্বাৰ্থতেই তেওঁলোকে আনাৰ মেকুৰী মুৰ্টজে'ক এৰি থৈ আহিবলৈ বাধ্য হৈছিল। ইহুদীসকলক ৰাজহুৱা বাছত উঠিবলৈ দিয়া নহৈছিল। যাৰ ফলত অটো, এডিথ আৰু আনাই ঘৰৰ পৰা কেইবা কিল'মিটাৰ খোজকাঢ়ি আহিবলগীয়া হৈছিল। মাৰ্গটে মিয়েপ গিয়েজৰ সৈতে প্ৰিঞ্চেনগ্ৰাষ্টলৈকে চাইকেল চলাই গৈছিল।[25][26] পৰৱৰ্তী সময়ত আখটাৰহাউছৰ দুৱাৰৰ আগত এটা কিতাপৰ আলমাৰী ৰাখি থোৱা হৈছিল যাতে কোনেও তেওঁলোকৰ উপস্থিতি ধৰা পেলাব নোৱাৰে।[27]

ভিক্টৰ কুগলাৰ, জোহানছ্ ক্লেইমেন, মিয়েপ গিয়েজ আৰু বেপ ভছকুইজল নামৰ কৰ্মচাৰীকেইজনেহে পৰিয়ালটো গোপনে থকাৰ কথা গম পাইছিল। গোপনে থকা কালছোৱাত গিয়েজৰ স্বামী জান গিয়েজ আৰু ভছকুইজলৰ দেউতাক জোহানছ্ হেণ্ড্ৰিক ভছকুইজল আছিল তেওঁলোকৰ সহায়কাৰী। ঘৰটোত গোপনে থকা পৰিয়ালটো আৰু বাহিৰৰ পৃথিৱীখনৰ একমাত্ৰ সংযোগী হিচাপে দুয়োৱে আনাহঁতক যুদ্ধৰ বাতৰি আৰু ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কে জনাই আহিছিল। তেওঁলোকে পৰিয়ালটোৰ সকলোধৰণৰ প্ৰয়োজনীয়তা পূৰাইছিল, নিৰাপত্তা নিশ্চিত কৰিছিল আৰু খাদ্যৰ যোগান ধৰিছিল। অৱশ্যে দিন যোৱাৰ লগে লগে খাদ্য যোগান ধৰা কামটো অতি প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছিল। সেই কঠিন সময়ছোৱাত সহায়কাৰী কেইজনৰ একান্ত নিষ্ঠা আৰু পৰিয়ালটোৰ মনোবল অটুট ৰাখিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা সম্পৰ্কে আনাই দিনপঞ্জীত উল্লেখ কৰিছিল। আটায়ে জানিছিল যে কেনেবাকৈ ধৰা পৰিলে ইহুদীক আশ্ৰয় দিয়াৰ অপৰাধত সিহঁতক মৃত্যুদণ্ডও দিয়া হ'ব পাৰে।[28]

A photograph taken from the opposite side of the canal shows two four-story buildings which housed the Opekta offices and behind them, the Secret Annexe
আমষ্টাৰডামৰ প্ৰিঞ্চেনগ্ৰাষ্টত অৱস্থিত ঘৰটো
গোপন সংলগ্ন ভৱনটোৰে সৈতে আনা ফ্ৰাংক লুকাই থকা সমগ্ৰ অট্টালিকাটোৰ এটা আৰ্হি

১৯৪২ চনৰ ১৩ জুলাইৰ দিনা ভান পেল্সৰ পৰিয়ালটো আহি ফ্ৰাংক পৰিয়ালৰ যোগ দিছিল। ভান পেল্সৰ পৰিয়ালটোত আছিল হাৰমান, অগষ্টে আৰু ষোল্ল বছৰীয়া কিশোৰ পিটাৰ। পাছলৈ নৱেম্বৰ মাহত ফ্ৰিট্জ ফেফাৰ নামৰ এগৰাকী দন্তচিকিৎসক তথা ফ্ৰাংক পৰিয়ালৰ বন্ধুয়েও তেওঁলোকৰ যোগ দিছিল। কথা পাতিবলৈ কেইগৰাকীমান নতুন মানুহ গোট খোৱাত আনা অতি উৎফুল্লিত হৈছিল আৰু এইকথা দিনপঞ্জীত উল্লেখ কৰিছিল। কিন্তু ইমানখিনি মানুহ একেলগে আৱদ্ধ হৈ থাকিবলগীয়া হোৱাত অতি সোনকালেই তেওঁলোকৰ মাজত নানা অশান্তিৰ সৃষ্টি হ'বলৈ ধৰিলে। ফেফাৰক আনাৰ কোঠাটোতে থাকিবলৈ দিয়া হৈছিল। কিন্তু আনাই তেওঁক অতি অসহ্যকৰ পাইছিল আৰু তেওঁৰ এই অনুপ্ৰৱেশত বিৰক্ত হৈছিল।[29] অগষ্টে ভান পেল্সৰ সৈতেও আনাৰ কাজিয়া লাগিছিল। তাইৰ মতে মানুহগৰাকী আছিল মূৰ্খ। আনাই হাৰমান ভান পেল্স্ আৰু ফ্ৰিটজ্ ফেফাৰক স্বাৰ্থপৰ বুলি গণ্য কৰিছিল, বিশেষকৈ খোৱা-লোৱাৰ ক্ষেত্ৰত।[30] লাজকুৰীয়া আৰু বিৰক্তিকৰ স্বভাৱৰ পিটাৰ ভান পেল্সক তাই প্ৰথমে বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু পিছলৈ তাইৰ পিটাৰৰ লগত এক আত্মীয়তাৰ ভাৱ জাগিছিল আৰু দুয়োৰে মাজত ৰোমাণ্টিক সম্পৰ্ক এটা গঢ় লৈ উঠিছিল। আনাই জীৱনৰ প্ৰথমটো চুম্বনো পিটাৰৰ পৰাই লাভ কৰিছিল। কিন্তু আনাই তাইৰ এই অনুভৱ প্ৰকৃত নে কেৱল একেলগে আৱদ্ধ হৈ থকা বাবেহে হৈছে, সেয়া প্ৰশ্ন কৰিবলৈ লোৱাত পিটাৰৰ প্ৰতি থকা তাইৰ অনুৰাগ লাহে লাহে কমি আহিল।[31] আটাইকেইজন সহায়কাৰীৰ সৈতে আনাৰ এক নিবিড় সম্পৰ্ক আছিল। অটো ফ্ৰাংকে পিছলৈ অতীত ৰোমন্থন কৰি কৈছিল যে আনাই দৈনিক সিহঁতৰ আগমনলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল। তেওঁ মন কৰিছিল যে আনাৰ সবাতোকৈ ঘনিষ্ঠতম বন্ধুত্ব আছিল বেপ ভস্কুইজলৰ সৈতে, "সেই যুৱ মুদ্ৰালেখনকাৰীজন… সিহঁত দুয়োৱে প্ৰায়েই কোণ এটাত ফুচফুচাই কথা পাতিছিল।"[32]

কিশোৰী দিনপঞ্জী লেখিকাজনী[সম্পাদনা কৰক]

আনাই তাইৰ লেখাবোৰত পৰিয়ালৰ সদস্যসমূহৰ সৈতে তাইৰ সম্পৰ্কৰ বিষয়ে, আৰু প্ৰত্যেকৰে ব্যক্তিত্বৰ মাজত থকা বৃহৎ প্ৰভেদ সম্পৰ্কে আলোকপাত কৰিছিল। তাই আৱেগিকভাৱে নিজকে দেউতাকৰ সৈতে বেছি ঘনিষ্ঠ বুলি বিবেচনা কৰিছিল। দেউতাকে পাছত এইসম্পৰ্কে কৈছিল, "মই মাৰ্গটতকৈ আনাৰ স'তে বেছি ঘনিষ্ঠ আছিলোঁ। মাৰ্গটৰ আকৌ মাকৰ লগত বান্ধোনটো বেছি আছিল। তাৰ কাৰণ হয়তো এয়াই যে মাৰ্গটে সাধাৰণতে তাইৰ মনৰ অনুভৱ আনক জনোৱা নাছিল আৰু তাইক মানসিক নিৰাপত্তাৰ প্ৰয়োজন হোৱা নাছিল। কিয়নো আনাৰ নিচিনাকৈ মাৰ্গটৰ মেজাজ বৰ সঘনে সলনি নহৈছিল।"[33] লুকাই থাকিবলৈ লোৱাৰ পৰা দুয়ো ভনীৰ মাজৰ বান্ধোনটো পূৰ্বতকৈ বেছি ঘনিষ্ঠ হৈছিল। অৱশ্যে আনাৰ মাজে-সময়ে বায়েকৰ প্ৰতি ঈৰ্ষাৰ ভাৱ জাগিছিল, বিশেষকৈ যেতিয়া পৰিয়ালৰ মানুহবোৰে মাৰ্গটৰ নিচিনা শান্ত-মাৰ্জিত স্বভাৱৰ নোহোৱা বাবে তাইক সমালোচনা কৰিছিল। আনাও লাহে লাহে পৰিপক্ক হ'বলৈ ধৰাত দুয়ো ভনীয়ে পৰস্পৰক আস্থাত ল'ব পাৰিছিল। ১৯৪৪ চনৰ ১২ জানুৱাৰীৰ প্ৰৱিষ্টিটোত আনাই লিখিছিল, "মাৰ্গট ইমান ভাল… তাই আজিকালি বৰ হিংসাকুৰীয়া নহয় আৰু মোৰ এতিয়া এজনী প্ৰকৃত বান্ধৱী হ'বলৈ ধৰিছে। তাই মোক এতিয়া আৰু গুৰুত্বহীন কণমানি পোৱালি এটা বুলি নাভাবে।"[34]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Research by The Anne Frank House in 2015 revealed that Frank may have died in February 1945 rather than in March, as Dutch authorities had long assumed. "New research sheds new light on Anne Frank's last months" Archived 24 April 2020 at the Wayback Machine. AnneFrank.org, 31 March 2015
  2. Von Benda-Beckmann, Bas (2020). Na het Achterhuis. Anne Frank en de andere onderduikers in de kampen.. প্ৰকাশক Amsterdam: Querido. পৃষ্ঠা. 217. ISBN 9789021423920. 
  3. Anne Frank Fonds.
  4. "Geschichte". Frankfurt Red Cross Clinics. https://www.rotkreuzkliniken.de/drk_schwesternschaft_bad_homburg-maingau.html। আহৰণ কৰা হৈছে: 20 October 2016. 
  5. van der Rol & Verhoeven 1995, পৃষ্ঠা. 10.
  6. Lee 2000, পৃষ্ঠা. 17.
  7. Verhoeven 2019, পৃষ্ঠা. 31, 110.
  8. "Wohnhaus der Familie Frank". City of Frankfurt. https://www.frankfurt.de/sixcms/detail.php?id=3865&_ffmpar%5B_id_inhalt%5D=2461110. 
  9. van der Rol & Verhoeven 1995, পৃষ্ঠা. 21.
  10. Verhoeven 2019, পৃষ্ঠা. 28,31-33.
  11. Müller 1999, পৃষ্ঠা. 92.
  12. 12.0 12.1 Lee 2000, পৃষ্ঠা. 40.
  13. 13.0 13.1 Müller 1999, পৃষ্ঠা. 128–130.
  14. 14.0 14.1 Cohen, Patricia (14 February 2007). "Letters reveal desperate plight of Anne Frank's family – Europe – International Herald Tribune". The New York Times. https://www.nytimes.com/2007/02/15/world/europe/15iht-frank.4597896.html। আহৰণ কৰা হৈছে: 20 November 2015. 
  15. JTA (6 July 2018) "Anne Frank's Family Was Not Rejected By U.S. — Their Visa Request Was Never Processed" Archived 26 July 2020 at the Wayback Machine The Forward
  16. "Anne Frank". Anne Frank Fonds. https://www.annefrank.ch/en/family/anne-frank। আহৰণ কৰা হৈছে: 2021-09-01. 
  17. Verhoeven 2019, পৃষ্ঠা. 320 and Diary entry 14 June 1942 A-version.
  18. van der Rol & Verhoeven 1995, পৃষ্ঠা. 3.
  19. Lee 2000, পৃষ্ঠা. 96.
  20. Frank 1995, পৃষ্ঠা. 1–20.
  21. "Margot Frank". Anne Frank Fonds. https://www.annefrank.ch/en/family/margot-frank। আহৰণ কৰা হৈছে: 2021-09-14. 
  22. Müller 1999, পৃষ্ঠা. 153.
  23. "Marbles that belonged to Anne Frank rediscovered". Associated Press. 4 February 2014. http://news.msn.com/world/marbles-that-belonged-to-anne-frank-rediscovered। আহৰণ কৰা হৈছে: 5 February 2014. 
  24. Müller 1999, পৃষ্ঠা. 163.
  25. Lee 2000, পৃষ্ঠা. 105–106.
  26. "Miep Gies". Anne Frank House. 25 September 2018. https://www.annefrank.org/en/anne-frank/main-characters/miep-gies/। আহৰণ কৰা হৈছে: 2021-09-01. 
  27. Westra et al. 2004, পৃষ্ঠা. 45, 107–187.
  28. Lee 2000, পৃষ্ঠা. 113–115.
  29. Lee 2000, পৃষ্ঠা. 120–21.
  30. Lee 2000, পৃষ্ঠা. 117.
  31. Westra et al. 2004, পৃষ্ঠা. 191.
  32. Lee 2000, পৃষ্ঠা. 119.
  33. Müller 1999, পৃষ্ঠা. 203.
  34. Frank 1995, পৃষ্ঠা. 167.

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

কিতাপ
অনলাইন

অধিক পঢ়ক

বাহ্যিক সংযোগ[সম্পাদনা কৰক]