আনে' ফ্ৰাংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
আনে' ফ্ৰাংক

আনে' ফ্ৰাংকে নেডাৰলেণ্ডছৰ আমষ্টাৰডামৰ ৬নং মণ্টেশ্বৰী স্কুলত পঢ়ি থকা সময়ৰ ছবি (১৯৪০ চন)
জন্ম আনে'লিছ মেৰি ফ্ৰাংক
১২ জুন, ১৯২৯
ফ্ৰাংকফুৰ্ট, জাৰ্মানী
মৃত্যু ফেব্ৰুৱাৰী, ১৯৪৫ (আনুমানিক) (১৫ বছৰ বয়সত)
বাৰ্জেন-বালচেন বন্দী শিবিৰ, জাৰ্মানী
সমাধিস্থল বাৰ্গেন-বালচেন বন্দী শিবিৰ, জাৰ্মানী
পেচা
  • দিনপঞ্জী লেখিকা
ভাষা
  • ওলন্দাজ
  • জাৰ্মান
ৰাষ্ট্ৰীয়তা
  • জাৰ্মান
  • ৱাইমাৰ
শিক্ষা
  • ৬ষ্ঠ মণ্টেশ্বৰী স্কুল আমষ্টাৰডাম (১৯৩৪–১৯৪১)
  • Jewish Lyceum (১৯৪১-১৯৪২)
ধৰণ
  • জীৱনী
  • আত্মজীৱনী
আত্মীয়-স্বজন
  • অটো ফ্ৰাংক (পিতৃ)
  • মাৰ্গট ফ্ৰাংক (ভনী)
  • এডিথ ফ্ৰাংক (মাতৃ)
  • বাডী এলিয়াছ (সম্বন্ধীয় ভাই)

স্বাক্ষৰ

আনে’লিছ মেৰি ফ্ৰাংক (ইংৰাজী: Annelies Marie Frank; ১২ জুন ১৯২৯- ফেব্ৰুৱাৰী বা মাৰ্চ ১৯৪৫)[1] ইহুদী জাতিৰ ঐতিহ্য বহনকাৰী এগৰাকী জাৰ্মান-ওলন্দাজ দিনপঞ্জী লেখিকা আছিল। ইহুদী গণহত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত সবাতোকৈ চৰ্চিত নামবোৰৰ অন্যতম হৈছে আনে' ফ্ৰাংক। ১৯৪৭ চনত প্ৰকাশ পোৱা 'দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল' (প্ৰথমে ওলন্দাজ ভাষাত 'Het Achterhuis' নামেৰে কিতাপখন প্ৰকাশ পাইছিল, যাৰ ইংৰাজী ভাষাত অৰ্থ The Secret Annex) গ্ৰন্থৰ বাবে তেওঁ মৰণোত্তৰভাৱে বিশ্বজোৰা খ্যাতি লাভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে নেডাৰলেণ্ডছ দখল কৰাৰ পাছত ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈ গোপনে কটোৱা কালছোৱাৰ বিষয়ে তেওঁ এই দিনলিপিত বৰ্ণনা কৰিছিল। গ্ৰন্থাকাৰে প্ৰকাশিত আনে'ৰ এই দিনলিপিখন বিশ্বৰ সবাতোকৈ পৰিচিত আৰু চৰ্চিত গ্ৰন্থসমূহৰ অন্যতম। ইয়াৰ ভিত্তিত কেবাখনো নাটক আৰু চলচ্চিত্ৰও নিৰ্মাণ হৈছে।

জাৰ্মানীৰ ফ্ৰেংকফুৰ্টত জন্মগ্ৰহণ কৰা আনে' ফ্ৰাংকে জীৱনৰ অধিকাংশ সময় নেডাৰলেণ্ডছৰ আমষ্টাৰডাম আৰু ইয়াৰ কাষৰীয়া ঠাইত কটাইছিল। জাৰ্মানীৰ শাসনভাৰ নাজীৰ অধীনলৈ যোৱাত ৪.৫ বছৰ বয়সতে আনে' ফ্ৰাংকে পৰিয়ালৰ সৈতে নেডাৰলেণ্ডছলৈ গৈছিল। এগৰাকী জাৰ্মান নাগৰিক হিচাপে জন্ম লাভ কৰিছিল যদিও ১৯৪১ চনত আনে'ই নাগৰিকত্ব হেৰুৱাইছিল আৰু তেতিয়াৰ পৰা ৰাষ্ট্ৰহীন লোক হিচাপে পৰিগণিত হৈছিল। জাৰ্মানসকলে নেডাৰলেণ্ডছ দখল কৰাত ১৯৪০ চনৰ মে' মাহৰ সময়লৈ ফ্ৰাংক পৰিয়ালটো আমষ্টাৰডামতে আৱদ্ধ হৈ পৰিছিল। ১৯৪২ চনৰ জুলাই মাহত ইহুদী লোকসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাবলৈ ধৰাত আনে'ৰ পৰিয়ালটোৱে তেওঁৰ দেউতাক অটো ফ্ৰাংকে কাম কৰা অট্টালিকাটোত থকা কিতাপৰ আলমাৰীটোৰ পিছফালৰ গোপন কোঠাকেইটাত লুকাই থাকিবলৈ লৈছিল। তেতিয়াৰ পৰা ১৯৪৪ চনৰ আগষ্টত নাজীসকলৰ গুপ্তচৰ বাহিনীয়ে পৰিয়ালটো আটক কৰালৈকে আনে' ফ্ৰাংকে নিয়মীয়াভাৱে এখন দিনপঞ্জী লিখি গৈছিল। এই দিনলিপিখন আনে'ই তেওঁৰ জন্মদিনত উপহাৰ হিচাপে পাইছিল। ফ্ৰাংকৰ পৰিয়ালটো আটক হোৱাৰ পাছত তেওঁলোকক বন্দীশিবিৰলৈ পঠিওৱা হয়। ১৯৪৪ চনৰ ১ নৱেম্বৰত[2] আনে' আৰু তেওঁৰ ভনী মাৰ্গটক অস্বিৎজৰ পৰা বাৰ্গেন-বেলচেন বন্দী শিবিৰলৈ পঠিওৱা হয়। কেইমাহমান পিছত তাতেই দুয়োৰে মৃত্যু হয় (সম্ভৱতঃ সন্নিপাত জ্বৰত ভুগি)। ৰেডক্ৰছে প্ৰথমে তেওঁলোকৰ মাৰ্চত মৃত্যু হোৱা বুলি অনুমান কৰিছিল। ওলন্দাজ কৰ্তৃপক্ষয়ো ৩১ মাৰ্চত তেওঁলোকৰ মৃত্যু হোৱা বুলি চৰকাৰী নথিত উল্লেখ কৰিছে। কিন্তু ২০১৫ চনত আনে' ফ্ৰাংক হাউছৰ দ্বাৰা সম্পন্ন হোৱা গৱেষণাত প্ৰকাশ পাইছিল যে তেওঁলোকৰ হয়তো ফেব্ৰুৱাৰী মাহতহে মৃত্যু হৈছিল।[1]

যুদ্ধত বাছি থকা ফ্ৰাংক পৰিয়ালৰ একমাত্ৰ ব্যক্তি অটোৱে যুদ্ধৰ শেষত আমষ্টাৰডামলৈ আহি জানিব পাৰিলে যে জীয়ৰী আনে'ৰ দিনলিপিখন তেওঁৰ সচিব মিপ গিছে সুৰক্ষিতভাৱে ৰাখিছে। অটোৰ প্ৰচেষ্টাতে ১৯৪৭ চনত দিনলিপিখন গ্ৰন্থ আকাৰে প্ৰকাশ পাইছিল। পিছলৈ এইখন মূল ওলন্দাজ ভাষাৰ পৰা ইংৰাজীলৈ অনূদিত হয় আৰু ১৯৫২ চনত "দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল" নামেৰে প্ৰকাশ পায়। তেতিয়াৰ পৰা ই ৭০ টাতকৈও অধিক ভাষালৈ অনূদিত হৈছে (অসমীয়াকে ধৰি)।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

আনে'ৰ (জন্মৰ সময়ৰ নাম: আনে'লিছ[3] মেৰি ফ্ৰাংক) জন্ম হৈছিল ১৯২৯ চনৰ ১২ জুনত জাৰ্মানীৰ ফ্ৰাংকফু্ৰ্টস্থিত মেইনগাউ ৰেড ক্ৰছ ক্লিনিকত।[4] তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল যথাক্ৰমে অটো হেইনৰিখ ফ্ৰাংক আৰু এডিথ (নী হলাণ্ডাৰ)। মাৰ্গট নামেৰে আনে'ৰ এগৰাকী বায়েকো আছিল। ফ্ৰাংক পৰিয়ালটো উদাৰপন্থী আছিল আৰু তেওঁলোকে ইহুদী ধৰ্মৰ প্ৰচলিত ৰীতি-নীতিসমূহ মানি চলা নাছিল।[5] পৰিয়ালটোৱে ইহুদী আৰু আন ধৰ্মৰ বিভিন্ন লোক সম্প্ৰীতিৰে চলি অহা সমাজ এখনত বাস কৰিছিল। অটো আৰু এডিথ আছিল অতি সচেতন পিতৃ-মাতৃ, অধ্যয়নৰ ক্ষেত্ৰখনত দুয়ো আগ্ৰহী আছিল আৰু তেওঁলোকৰ ঘৰতে ডাঙৰ পুথিভঁৰাল আছিল। তেওঁলোকে দুয়ো সন্তানক পঢ়িবলৈ উৎসাহ যোগাইছিল।[6][7] আনে'ৰ জন্মৰ সময়ত পৰিয়ালটোৱে ফ্ৰাংকফুৰ্ট-ডৰ্নবাচ্ছৰ মাৰ্বাচৱেগ ৩০৭ ৰ এটা ঘৰত বাস কৰিছিল। তেওঁলোকে ঘৰটোৰ দুতলা ভাৰা লৈ থাকিছিল। ১৯৩১ চনত পৰিয়ালটোৱে ডৰ্নবাচ্ছৰ ডিচ্ছটাৰভিয়াৰ্টেল (পয়ে'টছ্ কোৱাৰ্টাৰ) নামৰ এক আকৰ্ষণীয় মুক্ত এলেকাত অৱস্থিত গেংঘ'ফাৰ্ষ্ট্ৰাচ্ছ ২৪লৈ উঠি যায়। এই দুয়োটা ঘৰেই এতিয়াও বৰ্তি আছে।[8]

আনে' ফ্ৰাংকৰ জন্মস্থান - মেইনগাউ ৰে'ড ক্ৰছ ক্লিনিক
A four-story, brick apartment block showing the building's facade, with several windows and an internal staircase leading into the block.
মাৰ্ৱেডে'প্লেইনৰ সেই এপাৰ্টমেণ্ট ব্লকটো, য'ত আনে' ফ্ৰাংকে ১৯৩৪ চনৰ পৰা ১৯৪২ চনলৈকে বাস কৰিছিল

১৯৩৩ চনত এডল্ফ হিটলাৰৰ নাজী দলে যুক্তৰাষ্ট্ৰীয় নিৰ্বাচন জিকিলত আৰু হিটলাৰ জাৰ্মানীৰ মুৰব্বী ৰূপে নিৰ্বাচিত হোৱাত এডিথ ফ্ৰাংকে দুয়োটা সন্তানক লৈ আচ্ছেনত থকা তেওঁৰ মাতৃ ৰ'জাৰ সৈতে থাকিবলৈ লয়। অটো ফ্ৰাংক তেতিয়াও ফ্ৰাংকফুৰ্টতে আছিল। কিন্তু আমষ্টাৰডামত এটা কোম্পানী খুলিবলৈ সুযোগ পোৱাত তেওঁ ব্যৱসায় চলাবলৈ আৰু নিজৰ পৰিয়ালটোৰ থকা-মেলাৰ ব্যৱস্থা কৰিবলৈ আমষ্টাৰডামলৈ গুছি আহে। তেওঁ অপেক্টা ৱৰ্কছ্ নামৰ কোম্পানীটোত কাম কৰিছিল, যিটো কোম্পানীয়ে ফলৰ পৰা আহৰণ কৰা পদাৰ্থ বিক্ৰী কৰিছিল। এডিথে আচ্ছেন আৰু আমষ্টাৰডামৰ মাজত অহা-যোৱা কৰি আছিল, আৰু পিছলৈ আমষ্টাৰডামৰ কাষৰীয়া ৰিভিয়াৰে'নবাৰ্টৰ  মাৰ্ৱেডেপ্লেইনত (মাৰ্ৱেডেপ্লেইন স্কোৱাৰ) এটা এপাৰ্টমেণ্ট বিচাৰি পাইছিল। ঠাইখনত বাস কৰা অধিকাংশ লোকেই আছিল ইহুদী-জাৰ্মান শৰণাৰ্থী। ১৯৩৩ চনৰ নৱেম্বৰত এডিথে স্বামীৰ লগত থাকিবলৈ গৈছিল আৰু এমাহ পাছত মাৰ্গটো আমষ্টাৰডামলৈ গৈছিল। পিছলৈ ফেব্ৰুৱাৰী মাহত গোটেই পৰিয়ালটো নেডাৰলেণ্ডত লগ হোৱাৰ আগলৈ আনে' আইতাকৰ লগত আছিল। ১৯৩৩ চনৰ পৰা ১৯৩৯ চনৰ ভিতৰত জাৰ্মানীৰ পৰা পলাই অহা ৩,০০,০০০ ইহুদীৰ ভিতৰত এই ফ্ৰাংক পৰিয়ালটোও আছিল।[9]

আমষ্টাৰডামলৈ অহাৰ পাছত মাৰ্গটক পাব্লিক স্কুলত আৰু আনে'ক ৬ষ্ঠ মণ্টেশ্বৰী স্কুলত নামভৰ্তি কৰাই দিয়া হৈছিল। ওলন্দাজ ভাষাৰ বাবে প্ৰথমে সমস্যাৰ সন্মুখীন হৈছিল যদিও মাৰ্গট আমষ্টাৰডামত এগৰাকী তাৰকা শিক্ষাৰ্থীৰূপে পৰিগণিত হৈছিল। আনে'য়ো অতি কম সময়ৰ ভিতৰতে মণ্টেশ্বৰী স্কুলৰ সৈতে মিলি যাব পাৰিছিল। তাতেই আনে'ই হানা গছলাৰৰ দৰে সমবয়সীয়া শিশু লগ পাইছিল, যি পিছলৈ তাইৰ অতি প্ৰিয় বান্ধৱী হৈ পৰিছিল।[10]

১৯৩৮ চনত অটো ফ্ৰাংকে পেক্টাকন নামৰ দ্বিতীয় এটা কোম্পানী আৰম্ভ কৰিছিল। এই কোম্পানীটোৱে সিদ্ধ মঙহৰ টুকুৰা উৎপাদনত ব্যৱহাৰ কৰা ঔষধি উদ্ভিদ, দীৰ্ঘদিন ভালে ৰাখিবলৈ ব্যৱহাৰ কৰা লোণ, আৰু মছলাৰ মিশ্ৰণ পাইকাৰি দৰত বিক্ৰী কৰিছিল।[11][12] পেক্টাকনে হাৰ্মান ভান পেল্সক মছলা বিষয়ৰ পৰামৰ্শদাতা হিচাপে নিয়োগ কৰিছিল। তেওঁ আছিল পৰিয়ালৰ সৈতে অছনাব্ৰাকৰ পৰা পলাই অহা এজন ইহুদী কচাই।[12] ১৯৩৯ চনত এডিথ ফ্ৰাংকৰ মাকে ফ্ৰাংক পৰিয়ালটোৰ সৈতে থাকিবলৈ আহিছিল। ১৯৪২ চনৰ জানুৱাৰীত মৃত্যু হোৱালৈকে তেওঁ পৰিয়ালটোৰ লগতে আছিল।[13]

১৯৪০ চনৰ মে' মাহত জাৰ্মানীয়ে নেদাৰলেণ্ডছ দখল কৰে। নতুন চৰকাৰখনে বহুতো নিষেধাজ্ঞা আৰু বৈষম্যমূলক নীতি প্ৰৱৰ্তন কৰি ইহুদী লোকসকলৰ ওপৰত উৎপীড়ন চলাবলৈ ধৰিলে। কিছুদিন পাছতে বাধ্যতামূলক পঞ্জীয়ন আৰু পৃথকীকৰণ প্ৰক্ৰিয়াও আৰম্ভ কৰি দিলে।[13] অটো ফ্ৰাংকে নিজ পৰিয়ালটোৰ সৈতে আমেৰিকালৈ গুছি যোৱাৰ চেষ্টা চলাইছিল। সেই সময়ত প্ৰব্ৰজন কৰিবলৈ একমাত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁৰ দৃষ্টিত সঠিক ঠাই যেন লাগিছিল।[14] কিন্তু ৰট্টাৰদামৰ আমেৰিকান দূতাবাসটো বন্ধ হৈ পৰাত তাত থকা ভিছাকে ধৰি সকলো কাগজ-পত্ৰ হেৰাই গৈছিল। ফলত ফ্ৰাংকে জমা দিয়া ভিছাৰ আৱেদন পত্ৰখন কেতিয়াও মঞ্জুৰ হ'বলৈ নাপালে।[15] যদি আৱেদন পত্ৰখন গ্ৰহণ হ'লহেঁতেনো, সেই সময়ত আমেৰিকান চৰকাৰে সন্দেহ কৰিছিল যে জাৰ্মানীত সম্পৰ্কীয় থকা লোকসকল হয়তো নাজীবাহিনীৰ গুপ্তচৰো হ'ব পাৰে। [14]

১৯৪১ চনৰ গ্ৰীষ্মবন্ধৰ পাছত আনে' ফ্ৰাংকে জানিব পাৰিছিল যে তাই আৰু মণ্টেশ্বৰী স্কুললৈ যোৱাৰ অনুমতি নাপাব। কাৰণ নতুন নিয়ম অনুসৰি ইহুদী লোকসকলে ইহুদী স্কুললৈহে যাব পাৰিব। তেতিয়াৰ পৰা মাৰ্গট আৰু আনে'ই ইহুদী স্কুললৈ যোৱা কৰিছিল।[16]

দিনলিপিখনত বৰ্ণিত কালছোৱাৰ ঘটনাপঞ্জী[সম্পাদনা কৰক]

গোপনে থাকিবলৈ লোৱাৰ পূৰ্বে[সম্পাদনা কৰক]

১৯৪১ চনৰ ডিচেম্বৰত আনে' ফ্ৰাংক

তেৰ বছৰীয়া জন্মদিনৰ দিনা আনে'ই অট'গ্ৰাফ বুক[17] (মানুহৰ স্বাক্ষৰ সাঁচি ৰখা বহী) এখন উপহাৰ ৰূপে পাইছিল। ৰঙা-বগা বৰ্গসম্বলিত কাপোৰ এখনেৰে[18] বন্ধা অট'গ্ৰাফ বুকখনৰ সন্মুখত এটা সৰু তলাও লগোৱা আছিল। আনে'ই সেইখনক দিনপঞ্জী হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল,[19]আৰু অতি কম সময়ৰ ভিতৰতে তাই সেইখনত লিখা আৰম্ভ কৰি দিছিল। ১৯৪২ চনৰ ২০ জুনৰ দিনা দিনলিপিখনত লিখা প্ৰৱিষ্টিটোত আনে'ই ওলন্দাজ ইহুদী মানুহৰ ওপৰত বান্ধি দিয়া প্ৰতিবন্ধকতাসমূহৰ তালিকা এখন উল্লেখ কৰিছিল।[20]

১৯৪২ চনৰ গ্ৰীষ্মকালত নেদাৰলেণ্ডছৰ পৰা ইহুদীসকলৰ প্ৰণালীৱদ্ধ নিৰ্বাসন প্ৰক্ৰিয়া আৰম্ভ হৈছিল।[21] অটো আৰু এডিথ ফ্ৰাংকে পৰিকল্পনা কৰিছিল যে ১৯৪২ চনৰ ১৬ জুলাইৰ পৰা তেওঁলোকে দুই সন্তানৰ সৈতে গোপনে থাকিবলৈ ল'ব। কিন্তু ৫ জুলাইৰ দিনা ইহুদী প্ৰব্ৰজনৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ (Zentralstelle für jüdische Auswanderung) পৰা মাৰ্গটে এখন আমন্ত্ৰণী জাননী লাভ কৰিলে। জাননীখনত তাইক কৰ্ম শিবিৰ এটালৈ স্থানান্তৰ হ'বৰ বাবে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল। তেনে পৰিস্থিতিত পৰিয়ালটোৱে পূৰ্বৰ পৰিকল্পনাতকৈ দহদিন আগতেই লুকাবলৈ বাধ্য হ'ল।[22] গোপনে থাকিবলৈ লোৱাৰ ঠিক আগে আগে আনে'ই তাইৰ বান্ধৱী তথা চুবুৰীয়া টুছজে কুপাৰ্ছক এখন কিতাপ, এটা কাপ-প্লেটৰ ছেট আৰু মাৰ্বলৰ বাকছ এটা ৰাখিবলৈ দি গৈছিল। ৬ জুলাইৰ দিনা আনে'ৰ পৰিয়ালে তেওঁলোকৰ মেকুৰী মুৰ্টজে'ৰ যতন লোৱাৰ দায়িত্ব দি কুপাৰ্ছ পৰিয়াললৈ টোকা এটা লিখি থৈ গৈছিল। এচ'ছিয়েটে'ড প্ৰেছৰ সংবাদ অনুসৰি: "মই মোৰ মাৰ্বলকেইটাক লৈ চিন্তিত, কাৰণ সেইকেইটা ভুল মানুহৰ হাতত পৰি যাব পাৰে। তুমি কিছুদিনৰ বাবে সেইকেইটা তোমাৰ লগত ৰাখিব পাৰিবানে?" - কুপাৰ্ছে পিছত জনাইছিল যে আনে'ই তেওঁক এনেদৰে কৈছিল।"[23]

আখটাৰহাউছত কটোৱা জীৱন[সম্পাদনা কৰক]

A three shelf timber bookcase, filled with books, stands at an angle in front of a doorway to the Secret Annexe
আখটাৰহাউছ অৰ্থাৎ, গোপন সংলগ্ন ভৱনটোৰ সন্মুখভাগ যিটো কিতাপৰ আলমাৰীৰে ঢাকি ৰখা হৈছিল; তাৰ এটা পুনৰ্নিমিত আৰ্হি (আমষ্টাৰডামৰ আনে' ফ্ৰাংক হাউছত অৱস্থিত)

১৯৪২ চনৰ ৬ জুলাই, সোমবাৰে[24] ৰাতিপুৱা ফ্ৰাংক পৰিয়ালটোৱে গোপনে থাকিবলগীয়া ঘৰটোলৈ আহিল। প্ৰিঞ্চেনগ্ৰাষ্টৰ পাৰত অৱস্থিত তিনিমহলীয়া সেই ঘৰটোত অপেক্টা কাৰ্য্যায়লৰ ওপৰেৰে সোমাব লাগিছিল। তাত অটো ফ্ৰাংকৰ অতি বিশ্বাসযোগ্য কৰ্মচাৰী কেইজনমান তেওঁৰ পৰিয়ালটোৰ সহায়কাৰী হ'ব পাৰিব। এই গোপনে থকা ঠাইখন আখটাৰহাউছ (Achterhuis, ইংৰাজী সংস্কৰণত "Secret Annex" অৰ্থা "গোপন সংলগ্ন ভৱন" নামেৰে অনূদিত) নামেৰে জনাজাত হৈ পৰিছিল। তেওঁলোকে আগৰ ঘৰখন অতি বিশৃংখল অৱস্থাত এৰি থৈ আহিছিল, যাতে দেখিলে এনে লাগে যেন পৰিয়ালটোৱে অতি খৰধৰকৈ ঘৰখন এৰি গৈছে। অটোৱে ঘৰত এটা টোকাও এৰি থৈ আহিছিল, য'ত এনে এটা ইংগিত আছিল যে তেওঁলোকে ছুইজাৰলেণ্ড যাবলৈ ওলাইছে। গোপনীয়তাৰ স্বাৰ্থতেই তেওঁলোকে আনে'ৰ মেকুৰী মুৰ্টজে'ক এৰি থৈ আহিবলৈ বাধ্য হৈছিল। ইহুদীসকলক ৰাজহুৱা বাছত উঠিবলৈ দিয়া নহৈছিল। যাৰ ফলত অটো, এডিথ আৰু আনে'ই ঘৰৰ পৰা কেইবা কিল'মিটাৰ খোজকাঢ়ি আহিবলগীয়া হৈছিল। মাৰ্গটে মিপ গিছৰ সৈতে প্ৰিঞ্চেনগ্ৰাষ্টলৈকে চাইকেল চলাই গৈছিল।[25][26] পৰৱৰ্তী সময়ত আখটাৰহাউছৰ দুৱাৰৰ আগত এটা কিতাপৰ আলমাৰী ৰাখি থোৱা হৈছিল যাতে কোনেও তেওঁলোকৰ উপস্থিতি ধৰা পেলাব নোৱাৰে।[27]

ভিক্টৰ কুগলাৰ, জোহানছ্ ক্লেইমেন, মিপ গিছ আৰু বেপ ভছকুইজল নামৰ কৰ্মচাৰীকেইজনেহে পৰিয়ালটো গোপনে থকাৰ কথা গম পাইছিল। গোপনে থকা কালছোৱাত গিছৰ স্বামী জান গিছ আৰু ভছকুইজলৰ দেউতাক জোহানছ্ হেণ্ড্ৰিক ভছকুইজল আছিল তেওঁলোকৰ সহায়কাৰী। ঘৰটোত গোপনে থকা পৰিয়ালটো আৰু বাহিৰৰ পৃথিৱীখনৰ একমাত্ৰ সংযোগী হিচাপে দুয়োৱে আনে'হঁতক যুদ্ধৰ বাতৰি আৰু ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কে জনাই আহিছিল। তেওঁলোকে পৰিয়ালটোৰ সকলোধৰণৰ প্ৰয়োজনীয়তা পূৰাইছিল, নিৰাপত্তা নিশ্চিত কৰিছিল আৰু খাদ্যৰ যোগান ধৰিছিল। অৱশ্যে দিন যোৱাৰ লগে লগে খাদ্য যোগান ধৰা কামটো অতি প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছিল। সেই কঠিন সময়ছোৱাত সহায়কাৰী কেইজনৰ একান্ত নিষ্ঠা আৰু পৰিয়ালটোৰ মনোবল অটুট ৰাখিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা সম্পৰ্কে আনে'ই দিনপঞ্জীত উল্লেখ কৰিছিল। আটায়ে জানিছিল যে কেনেবাকৈ ধৰা পৰিলে ইহুদীক আশ্ৰয় দিয়াৰ অপৰাধত সিহঁতক মৃত্যুদণ্ডও দিয়া হ'ব পাৰে।[28]

A photograph taken from the opposite side of the canal shows two four-story buildings which housed the Opekta offices and behind them, the Secret Annexe
আমষ্টাৰডামৰ প্ৰিঞ্চেনগ্ৰাষ্টত অৱস্থিত ঘৰটো
গোপন সংলগ্ন ভৱনটোৰে সৈতে আনে' ফ্ৰাংক লুকাই থকা সমগ্ৰ অট্টালিকাটোৰ এটা আৰ্হি

১৯৪২ চনৰ ১৩ জুলাইৰ দিনা ভান পেল্সৰ পৰিয়ালটো আহি ফ্ৰাংক পৰিয়ালৰ যোগ দিছিল। ভান পেল্সৰ পৰিয়ালটোত আছিল হাৰমান, অগষ্টে আৰু ষোল্ল বছৰীয়া কিশোৰ পিটাৰ। পাছলৈ নৱেম্বৰ মাহত ফ্ৰিট্জ ফেফাৰ নামৰ এগৰাকী দন্তচিকিৎসক তথা ফ্ৰাংক পৰিয়ালৰ বন্ধুয়েও তেওঁলোকৰ যোগ দিছিল। কথা পাতিবলৈ কেইগৰাকীমান নতুন মানুহ গোট খোৱাত আনে' অতি উৎফুল্লিত হৈছিল আৰু এইকথা দিনপঞ্জীত উল্লেখ কৰিছিল। কিন্তু ইমানখিনি মানুহ একেলগে আৱদ্ধ হৈ থাকিবলগীয়া হোৱাত অতি সোনকালেই তেওঁলোকৰ মাজত নানা অশান্তিৰ সৃষ্টি হ'বলৈ ধৰিলে। ফেফাৰক আনে'ৰ কোঠাটোতে থাকিবলৈ দিয়া হৈছিল। কিন্তু আনে'ই তেওঁক অতি অসহ্যকৰ পাইছিল আৰু তেওঁৰ এই অনুপ্ৰৱেশত বিৰক্ত হৈছিল।[29] অগষ্টে ভান পেল্সৰ সৈতেও আনে'ৰ কাজিয়া লাগিছিল। তাইৰ মতে মানুহগৰাকী আছিল মূৰ্খ। আনে'ই হাৰমান ভান পেল্স্ আৰু ফ্ৰিটজ্ ফেফাৰক স্বাৰ্থপৰ বুলি গণ্য কৰিছিল, বিশেষকৈ খোৱা-লোৱাৰ ক্ষেত্ৰত।[30] লাজকুৰীয়া আৰু বিৰক্তিকৰ স্বভাৱৰ পিটাৰ ভান পেল্সক তাই প্ৰথমে বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু পিছলৈ তাইৰ পিটাৰৰ লগত এক আত্মীয়তাৰ ভাৱ জাগিছিল আৰু দুয়োৰে মাজত ৰোমাণ্টিক সম্পৰ্ক এটা গঢ় লৈ উঠিছিল। আনে'ই জীৱনৰ প্ৰথমটো চুম্বনো পিটাৰৰ পৰাই লাভ কৰিছিল। কিন্তু আনে'ই তাইৰ এই অনুভৱ প্ৰকৃত নে কেৱল একেলগে আৱদ্ধ হৈ থকা বাবেহে হৈছে, সেয়া প্ৰশ্ন কৰিবলৈ লোৱাত পিটাৰৰ প্ৰতি থকা তাইৰ অনুৰাগ লাহে লাহে কমি আহিল।[31] আটাইকেইজন সহায়কাৰীৰ সৈতে আনে'ৰ এক নিবিড় সম্পৰ্ক আছিল। অটো ফ্ৰাংকে পিছলৈ অতীত ৰোমন্থন কৰি কৈছিল যে আনে'ই দৈনিক সিহঁতৰ আগমনলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল। তেওঁ মন কৰিছিল যে আনে'ৰ সবাতোকৈ ঘনিষ্ঠতম বন্ধুত্ব আছিল বেপ ভস্কুইজলৰ সৈতে, "সেই যুৱ মুদ্ৰালেখনকাৰীজন… সিহঁত দুয়োৱে প্ৰায়েই কোণ এটাত ফুচফুচাই কথা পাতিছিল।"[32]

কিশোৰী দিনপঞ্জী লেখিকাজনী[সম্পাদনা কৰক]

আনে'ই তাইৰ লেখাবোৰত পৰিয়ালৰ সদস্যসমূহৰ সৈতে তাইৰ সম্পৰ্কৰ বিষয়ে, আৰু প্ৰত্যেকৰে ব্যক্তিত্বৰ মাজত থকা বৃহৎ প্ৰভেদ সম্পৰ্কে আলোকপাত কৰিছিল। তাই আৱেগিকভাৱে নিজকে দেউতাকৰ সৈতে বেছি ঘনিষ্ঠ বুলি বিবেচনা কৰিছিল। দেউতাকে পাছত এইসম্পৰ্কে কৈছিল, "মই মাৰ্গটতকৈ আনে'ৰ স'তে বেছি ঘনিষ্ঠ আছিলোঁ। মাৰ্গটৰ আকৌ মাকৰ লগত বান্ধোনটো বেছি আছিল। তাৰ কাৰণ হয়তো এয়াই যে মাৰ্গটে সাধাৰণতে তাইৰ মনৰ অনুভৱ আনক জনোৱা নাছিল আৰু তাইক মানসিক নিৰাপত্তাৰ প্ৰয়োজন হোৱা নাছিল। কিয়নো আনে'ৰ নিচিনাকৈ মাৰ্গটৰ মেজাজ বৰ সঘনে সলনি নহৈছিল।"[33] লুকাই থাকিবলৈ লোৱাৰ পৰা দুয়ো ভনীৰ মাজৰ বান্ধোনটো পূৰ্বতকৈ বেছি ঘনিষ্ঠ হৈছিল। অৱশ্যে আনে'ৰ মাজে-সময়ে বায়েকৰ প্ৰতি ঈৰ্ষাৰ ভাৱ জাগিছিল, বিশেষকৈ যেতিয়া পৰিয়ালৰ মানুহবোৰে মাৰ্গটৰ নিচিনা শান্ত-মাৰ্জিত স্বভাৱৰ নোহোৱা বাবে তাইক সমালোচনা কৰিছিল। আনে'ও লাহে লাহে পৰিপক্ক হ'বলৈ ধৰাত দুয়ো ভনীয়ে পৰস্পৰক আস্থাত ল'ব পাৰিছিল। ১৯৪৪ চনৰ ১২ জানুৱাৰীৰ প্ৰৱিষ্টিটোত আনে'ই লিখিছিল, "মাৰ্গট ইমান ভাল… তাই আজিকালি বৰ হিংসাকুৰীয়া নহয় আৰু মোৰ এতিয়া এজনী প্ৰকৃত বান্ধৱী হ'বলৈ ধৰিছে। তাই মোক এতিয়া আৰু গুৰুত্বহীন কণমানি পোৱালি এটা বুলি নাভাবে।"[34]

আনে'ই প্ৰায়েই মাকৰ সৈতে থকা তাইৰ জটিল সম্পৰ্ক আৰু তাইৰ প্ৰতি থকা মাকৰ স্ববিৰোধী ব্যৱহাৰ সম্পৰ্কে উল্লেখ কৰিছিল। ১৯৪২ চনৰ ৭ নৱেম্বৰৰ দিনা তাই মাকৰ প্ৰতি থকা তাইৰ ঘৃণাৰ ভাব সম্পৰ্কে লিখিছিল। লগতে মাকৰ দায়িত্বহীনতা, বিদ্ৰুপ আৰু কঠোৰতাৰ সৈতে তাই সন্মুখীন হ'ব নোৱাৰাৰ কথা লিখিছিল। সৰ্বশেষত তাই লিখিছিল, "তেওঁ মোৰ বাবে মা নহয়।"[35] পিছলৈ তাই দিনপঞ্জীখন পুনৰীক্ষণ কৰিবৰ সময়ত মাকৰ প্ৰতি দেখুওৱা কঠোৰ মনোভাৱৰ বাবে লজ্জিত হৈছিল, আৰু লিখিছিল, "আনে', সঁচাকৈ তুমিয়েই ঘৃণাৰ কথা লিখিছানে? তুমি কেনেকৈ এনে কৰিব পাৰিলা বাৰু?"[36] আনে'ই পিছলৈ উপলব্ধি কৰিছিল যে দুয়োৰে মাজত ব্যৱধান সৃষ্টিৰ মূলতে আছিল ভুল বুজা-বুজি, আৰু তাৰ বাবে মাকৰ সমানেই তাইয়ো জগৰীয়া আছিল। তাই এয়াও অনুভৱ কৰিছিল যে তাইৰ বাবে মাকে অনাহকত কষ্ট পাবলগীয়া হৈছে। তেতিয়াৰ পৰা তাই মাকৰ লগত সহনশীল হ'বলৈ লৈছিল আৰু কিছুপৰিমাণে সমীহ কৰি চলিছিল। [37]

দুই ভনীয়ে অতি সোনকালেই স্কুললৈ উভতি যোৱাৰ আশা মনত পুহি ৰাখিছিল আৰু গোপনে থকা কালছোৱাতো অধ্যয়ন অব্যাহত ৰাখিছিল। মাৰ্গটে বেপ ভস্কুইজলৰ নাম লৈ 'প্ৰাথমিক লেটিন' নামৰ পাঠ্যক্ৰম এটা কৰিছিল আৰু বিষয়টোত সৰ্বোচ্চ নম্বৰ পাইছিল।[38] আনে'ৰ অধিকাংশ সময় পঢ়া আৰু লিখাৰ নামত অতিবাহিত হৈছিল। আনে'ই নিয়মীয়াকৈ তাইৰ দিনপঞ্জীখনত প্ৰৱিষ্টি লিখিছিল আৰু সম্পাদনা কৰিছিল (১৯৪৪ চনৰ মাৰ্চৰ পৰা)। ঘটি থকা ঘটনাসমূহৰ বিৱৰণ দিয়াৰ লগতে তাই নিজৰ অনুভৱ, বিশ্বাস, সপোন, আকাংক্ষা, আৰু যিবোৰ বিষয় সম্পৰ্কে তাই কাৰো সৈতে আলোচনা কৰিব নোৱাৰে বুলি ভাবিছিল, সেইসম্পৰ্কে লিখিছিল। যেতিয়া লিখাৰ ক্ষেত্ৰত তাইৰ আত্মবিশ্বাস বাঢ়িছিল আৰু চিন্তাধাৰাবোৰ পৰিপক্ক হ'বলৈ ধৰিছিল; ভগৱান সম্পৰ্কে তাইৰ বিশ্বাস, মানৱ প্ৰকৃতি সম্পৰ্কে তাইৰ সংজ্ঞা- আদিৰ দৰে অধিক বিমূৰ্ত বিষয়ত লিখিবলৈ লৈছিল।[39]

আনে'ই এগৰাকী সংবাদকৰ্মী হোৱাৰ ইচ্ছা মনত পুহি ৰাখিছিল। ১৯৪৪ চনৰ ৫ এপ্ৰিল, বুধবাৰে তাই ডায়েৰীত লিখিছিল:

মই অৱশেষত উপলব্ধি কৰিছিলোঁ যে অশিক্ষিত হৈ থকাৰ পৰা বাচিবলৈ, জীৱনত আগবাঢ়ি যাবলৈ, এগৰাকী সংবাদ কৰ্মী হ'বলৈ মই মোৰ স্কুলৰ কামখিনি কৰি যাব লাগিব। কাৰণ মই সেইটোকে হ'ব বিচাৰোঁ! মই জানোঁ যে মই লিখিব পাৰোঁ… কিন্তু এইটো জানিবলৈ বাকী আছে যে মোৰ সঁচাকৈ প্ৰতিভা আছেনে নাই ...

আৰু যদি মোৰ কিতাপ লিখিবলৈ বা বাতৰি কাকতৰ প্ৰবন্ধ লিখিবলৈ প্ৰতিভা নাই, মই সদায় নিজৰ বাবেই লিখিব পাৰোঁ। কিন্তু মই তাতোকৈ বেছি কৃতিত্ব অৰ্জন কৰিব বিচাৰোঁ। মই মোৰ মা, মিছ ভান ডান আৰু আন মহিলাসকলৰ দৰে নিজৰ কামখিনি কৰি শেষত পাহৰণিৰ গৰ্ভত পৰিবলৈ জীয়াই থকাটো কল্পনা কৰিব নোৱাৰোঁ। মই নিজকে উৎসৰ্গা কৰিবলৈ স্বামী আৰু সন্তানৰ বাহিৰেও আন কিবাৰ প্ৰয়োজন!…

মই কামত আহিব বিচাৰোঁ বা সকলো মানুহৰ, আনকি যিসকলক মই কেতিয়াও লগ পোৱা নাই, তেওঁলোকৰ মাজলৈও সুখ কঢ়িয়াই আনিব বিচাৰোঁ। মৃত্যুৰ পাছতো মই জীয়াই থাকিব বিচাৰোঁ! আৰু সেইবাবেই এই উপহাৰটো দিয়া বাবে মই ঈশ্বৰৰ ওচৰত অতি কৃতজ্ঞ, যাক মই নিজৰ বিকাশৰ বাবে আৰু মোৰ ভিতৰত থকা সকলোখিনি প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ!

যেতিয়া মই লিখোঁ, মোৰ সকলো চিন্তা-উদ্বেগ অন্তৰ্ধান হয়। মোৰ দুখ নোহোৱা হৈ যায়, মই মোৰ উদ্যম ঘূৰাই পাওঁ! কিন্তু, এটা ডাঙৰ প্ৰশ্ন হ'ল, মই কেতিয়াবা মহৎ কিবা এটা লিখিব পাৰিমনে, মই কেতিয়াবা সাংবাদিক বা লেখক হ’ব পাৰিমনে?

১৯৪৪ চনৰ ১ আগষ্টৰ শেষ প্ৰৱিষ্টিটোলৈকে আনে' ফ্ৰাংকে নিয়মীয়াকৈ দিনলিপি লিখি গৈছিল।

গ্ৰেপ্তাৰ[সম্পাদনা কৰক]

Taken from outside the reconstruction of a barracks, the photo shows a barbed wirefence, and beyond it a grassy area with a small timber hut
ৱেষ্টাৰবৰ্ক্ ট্ৰেনঞ্জিত কেম্পত থকা ছাউনিৰ আংশিক পুনৰ্নিৰ্মাণ (এই ঠাইতে আনে' ফ্ৰাংকক ১৯৪৪ চনৰ আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহলৈ আটক কৰি ৰখা হৈছিল)

১৯৪৪ চনৰ ৪ আগষ্টৰ দিনা এছ এছ কাৰ্ল চিলবাৰবাৱাৰৰ নেতৃত্বত জাৰ্মান পোছাক পৰিহিত সামৰিক বাহিনী এটাই আচম্বিতভাৱে আখটাৰহাউছত প্ৰৱেশ কৰিলে।[40] ফ্ৰাংকৰ পৰিয়ালটো, ভান পেল্সৰ পৰিয়াল আৰু ফেফাৰক আৰ এইচ এচ এৰ মুখ্য কাৰ্য্যালয়লৈ লৈ যোৱা হয়। ৰাতিটো তাতেই ৰাখি তেওঁলোকক সোধা-পোছা কৰা হয়। ৫ আগষ্টৰ দিনা তেওঁলোকক হুইছ ভান বিৱাৰিঙলৈ (অৰ্থাৎ বন্দীগৃহ) স্থানান্তৰ কৰা হৈছিল। ই আছিল ৱাটাৰিংচানত অৱস্থিত প্ৰচণ্ড ভিৰপূৰ্ণ এখন কাৰাগাৰ। দুদিন পাছত আটাইকে ৱেষ্টাৰবৰ্ক ট্ৰেঞ্জিত কেম্পলৈ পঠিওৱা হ'ল। এই শিবিৰটোৰ মাজেৰে ইতিমধ্যে লক্ষাধিক ইহুদী পাৰ হৈ গৈছে। এইসকলৰ অধিকাংশই আছিল ওলন্দাজ আৰু জাৰ্মান ইহুদী। গোপনে থকা কালছোৱাত ধৰা পৰা বাবে তেওঁলোকক অপৰাধী হিচাপে গণ্য কৰা হৈছিল আৰু হাড়-ভগা পৰিশ্ৰমত লগাবলৈ তেওঁলোকক 'শাস্তিৰ ছাউনি'লৈ পঠিওৱা হৈছিল।[41]

ভিক্টৰ কুগলাৰ আৰু জোহানেছ ক্লেইমেনক শাসন ব্যৱস্থাৰ বিৰুদ্ধে কৰা শত্ৰুতাৰ বাবে আমাৰ্ছফুৰ্টত অৱস্থিত শাস্তি শিবিৰত কাৰাবন্দী কৰি ৰখা হয়। সাত সপ্তাহৰ পিছত ক্লেইমেনক মুকলি কৰি দিয়া হয় যদিও যুদ্ধৰ শেষলৈকে কুগলাৰক বহুকেইটা বন্দী শিবিৰত ৰখা হৈছিল।[42] মিপ গিছ আৰু বেপ ভস্কুইজলক নিৰাপত্তা আৰক্ষীয়ে সোধা-পোছা কৰি ভাবুকি দিছিল যদিও আটক কৰা নাছিল। পিছদিনা সিহঁতে আখটাৰহাউছলৈ উভতি আহিল, আৰু আনে'ৰ কাগজবোৰ মজিয়াত সিঁচৰতি হৈ থকা দেখিলে। তেওঁলোকে সেইবোৰ সংগ্ৰহ কৰিছিল, লগতে কেইবাটাও পৰিয়ালৰ ফটোগ্ৰাফ এলবামো সংগ্ৰহ কৰিছিল। গিছে যুদ্ধ সমাপ্তিৰ পাছত সেইবোৰ আনে'ক ঘূৰাই দিয়াৰ সংকল্প লৈছিল। ১৯৪৪ চনৰ ৭ আগষ্টত গিছে ছিলবাৰবাউয়াৰক আগচি ধৰি বন্দীসকলক মুকলি কৰি দিবলৈ তেওঁৰ হস্তক্ষেপ বিচাৰে। গিয়েজে আনকি ধন যোগান ধৰিবলৈও আগবাঢ়িছিল। কিন্তু চিলবাৰবাউয়াৰে তেওঁৰ প্ৰস্তাৱ নাকচ কৰিছিল।[43]

বিতাড়ন আৰু বন্দিত্বৰ জীৱন[সম্পাদনা কৰক]

১৯৪৪ চনৰ ৩ ছেপ্টেম্বৰত [lower-alpha 1] আনে'হঁতৰ গোটটোক ৱেষ্টাৰবৰ্কৰ পৰা অস্বিৎজ্ বন্দী শিবিৰলৈ বিতাড়িত কৰা হয়। তেওঁলোকে তিনিদিনীয়া ৰে'ল যাত্ৰাৰ শেষত অস্বিৎজত গৈ উপস্থিত হৈছিল। একেখন ৰে'লত আছিল ব্ল'ম এভাৰছ-এমডেন। তেওঁ এগৰাকী আমষ্টাৰডাম নিৱাসী লোক আছিল যিয়ে ১৯৪১ চনত ইহুদী স্কুলত মাৰ্গট আৰু আনে'ৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল।[44] ব্ল'মে আনে', মাৰ্গট আৰু তেওঁলোকৰ মাতৃক অস্বিৎজত নিয়মিতভাৱে দেখা পাইছিল।[45] ডাচ্ছ্ চলচ্চিত্ৰ নিৰ্মাতা উইলি লিণ্ডৱেৰৰ দূৰদৰ্শন তথ্যচিত্ৰ দ্য লাষ্ট চেভেন মান্থছ অৱ আনে' ফ্ৰাংক (১৯৮৮)ত অস্বিৎজত ফ্ৰাংক পৰিয়ালৰ মহিলাকেইগৰাকীৰ স্মৃতি সম্পৰ্কে জানিবলৈ, [46] আৰু বিবিচিৰ তথ্যচিত্ৰ 'আনে' ফ্ৰাংক ৰিমেম্বাৰড'ৰ (১৯৯৫) বাবে ব্ল'মৰ সাক্ষাৎকাৰ লোৱা হৈছিল।[47]

অস্বিৎজত উপস্থিত হোৱাৰ লগে লগে এছ এছ বাহিনীয়ে বলপূৰ্বকভাৱে পুৰুষসকলক মহিলা আৰু শিশুসকলৰ পৰা বিচ্ছিন্ন কৰিছিল, আৰু অট’ ফ্ৰাংকক তেওঁৰ পৰিয়ালৰ পৰা পৃথক কৰা হৈছিল। কাম কৰিব পৰা বুলি গণ্য কৰাসকলক শিবিৰত ভৰ্তি কৰা হৈছিল আৰু যিসকলক শ্ৰমৰ বাবে অযোগ্য বুলি ধৰা হৈছিল, তেওঁলোকক লগে লগে হত্যা কৰা হৈছিল। ১০১৯ জন যাত্ৰীৰ ভিতৰত ১৫ বছৰৰ তলৰ সকলো শিশুকে ধৰি ৫৪৯ জন যাত্ৰীক পোনে পোনে গেছ কক্ষলৈ পঠিওৱা হৈছিল। মাত্ৰ তিনিমাহ পূৰ্বে ১৫ বছৰ সম্পূৰ্ণ কৰা আনে' ফ্ৰাংক আছিল সেই ৰে'লযাত্ৰাটোৰ পৰা ৰক্ষা পোৱা আটাইতকৈ কম বয়সীয়া লোকসকলৰ মাজৰ অন্যতম। তাই কম সময়ৰ ভিতৰতে শুনা পাইছিল যে আহি পোৱাৰ লগে লগেই বেছিভাগ মানুহক গেছ দিয়া হয়। তাই কেতিয়াও জানিব পৰা নাছিল যে আখটাৰহাউছৰ পৰা অহা সমগ্ৰ গোটটো এই নিৰ্বাচনৰ পৰা বাচি গৈছে। তাই নিজ যুক্তিৰে ভাবি লৈছিল যে তাইৰ পঞ্চাশোৰ্ধ্বৰ দেউতাক, যি বিশেষভাৱে স্বাস্থ্যৱানো নহয়, পৰিয়ালৰ বাকী সদস্যৰ পৰা পৃথক কৰি লগে লগে তেওঁক হত্যা কৰা হৈছিল।[48]

তাৎক্ষণিক মৃত্যুৰ বাবে নিৰ্বাচিত নকৰা আন মহিলা আৰু ছোৱালীকেইজনীৰ সৈতে ফ্ৰাংককো বীজাণুমুক্ত কৰিবলৈ উলংগ হ'বৰ বাবে বাধ্য কৰোৱা হৈছিল, মূৰৰ চুলি কাটি দিয়া হৈছিল আৰু বাহুত চিনাক্তকৰণ নম্বৰ থকা টাটু আঁকি দিয়া হৈছিল। দিনৰ ভাগত মহিলাসকলক দাস শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা হৈছিল। আনে'ক শিল টানিবলৈ আৰু খলা-বমা মাটি খান্দিবলৈ বাধ্য কৰোৱা হৈছিল। ৰাতিলৈকে তেওঁলোকক অতিমাত্ৰা ভিৰ থকা বেৰেকত ভৰাই থোৱা হৈছিল। পিছলৈ কিছুমান সাক্ষীয়ে সাক্ষ্য দিছিল যে শিশুক গেছ কক্ষলৈ লৈ যোৱা দেখি আনে' সকলোৰে পৰা আঁতৰি গৈছিল আৰু চকুলো টুকিছিল। আন কিছুমানে কৈছিল যে বেছিভাগ সময়তে তাই মানসিক দৃঢ়তা আৰু সাহসিকতাৰ পৰিচয় দিছিল। তাইৰ সংগপ্ৰিয় আৰু আত্মবিশ্বাসী স্বভাৱটোৰ বাবে তাই মাক, ভনীয়েক আৰু নিজৰ বাবে অতিৰিক্ত ৰুটিৰ যোগান লাভ কৰিব পাৰিছিল। তাত ৰোগৰ প্ৰকোপ যথেষ্ট বেছি আছিল। অলপ দিন পিছতে ফ্ৰাংকৰ ছালখন খজুৱতিৰ দ্বাৰা বেয়াকৈ সংক্ৰমিত হৈ পৰিল। ফ্ৰাংক ভগ্নীদ্বয়ক শিবিৰৰ ভিতৰৰে এখন চিকিৎসালয়লৈ নিয়া হৈছিল। চিকিৎসালয়খন অহৰহ আন্ধাৰ হৈ থাকিছিল, তাত এন্দুৰ আৰু নিগনিৰ প্ৰাদুৰ্ভাৱ আছিল। এডিথ ফ্ৰাংকে খাদ্য খোৱা বন্ধ কৰি ছোৱালীকেইজনীৰ বাবে খাদ্যৰ প্ৰতিটো টুকুৰা জমা কৰি ৰাখিছিল আৰু চিকিৎসালয়ৰ বেৰৰ তলত বনোৱা এটা গাঁতেৰে নিজৰ ভাগৰ খাদ্যখিনি জীয়েকহঁতলৈ পঠিয়াইছিল।[49]

A Memorial for Margot and Anne Frank shows a Star of David and the full names, birthdates, and year of death of each of the sisters, in white lettering on a large black stone. The stone sits alone in a grassy field, and the ground beneath the stone is covered with floral tributes and photographs of Anne Frank
পূৰ্বৰ বাৰ্গেন-বেলচেন বন্দী শিবিৰ এলেকাত আনে' আৰু মাৰ্গটৰ স্মৃতিত নিৰ্মিত স্মৃতিসৌধ

১৯৪৪ চনৰ অক্টোবৰ মাহত ফ্ৰাংক পৰিয়ালৰ মহিলাকেইগৰাকী উজনি চাইলেছিয়াৰ লিবাউ শ্ৰমিক শিবিৰত যোগদান কৰাৰ কথা আছিল। ব্ল'ম এভাৰছ-এমডেনৰ নামো এই স্থানান্তৰণ সূচীত উল্লেখ আছিল। কিন্তু আনে'ৰ ঘা হৈ আছিল বাবে তেওঁক যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। পিছত মাক আৰু ভনীয়েকেও আনে'ৰ লগতে থাকিবলৈ সিদ্ধান্ত লৈছিল। ব্ল'ম তেওঁলোকৰ অবিহনেই নতুন শিবিৰলৈ গৈছিল।[47]

২৮ অক্টোবৰত মহিলাসকলক বাৰ্গেন-বেলছেনলৈ স্থানান্তৰিত কৰাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আনে' আৰু মাৰ্গট ফ্ৰাংক, অগষ্ট্ ভ্যান পেল্ছকে ধৰি ৮ হাজাৰতকৈ অধিক মহিলাক স্থানান্তৰ কৰা হৈছিল। এডিথ ফ্ৰাংক পূৰ্বৰ শিবিৰতে থাকি যায়, আৰু ৰোগ-অনাহাৰত তেওঁৰ মৃত্যু হয়।[50][51] নতুনকৈ অহা বন্দীসকলক আশ্ৰয়প্ৰদানৰ বাবে বাৰ্গেন-বেলচেনত তম্বু স্থাপন কৰা হৈছিল। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছিল।

আনে', আৰু তাইৰ দুই বন্ধু- হানেলি গছলাৰ আৰু নানেট ব্লিটজৰ কিছু সময়ৰ বাবে পুনৰ্মিলন হৈছিল। সিঁহত দুজনীও শিবিৰত আবদ্ধ হৈ আছিল। ১৯৪৪ চনৰ ৫ ডিচেম্বৰত ব্লিট্জক ষ্টাৰ্নলেগাৰৰ পৰা ফ্ৰাংকৰ সৈতে শিবিৰৰ একেটা অংশলৈ স্থানান্তৰ কৰা হৈছিল।[52] আনহাতে গছলাৰক ১৯৪৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্নলেগাৰত ৰখা হৈছিল।[53] দুয়োগৰাকী মহিলাই যুদ্ধৰ পৰা ৰক্ষা পৰিছিল, আৰু পিছলৈ ফ্ৰাংকৰ সৈতে হোৱা কথা-বতৰা সম্পৰ্কে প্ৰকাশ কৰিছিল। শিবিৰত থকা কালত আনে'ৰ সৈতে ব্লিটজে পোনপটীয়াকৈ [54] আৰু গছলাৰে কাঁইটীয়া তাঁৰৰ বেৰৰ মাজেৰে কথা পাতিছিল।[55] ব্লিটজে আনে'ক মূৰৰ চুলি নোহোৱা, হাড়ে-ছালে লগা দুৰ্বল আৰু কম্পমান অৱস্থাত লগ পাইছিল বুলি বৰ্ণনা কৰিছিল।[54] ব্লিটজে কৈছিল: "এনেকুৱা ক্ষীণ অৱস্থাত তাইক দেখাৰ শোক বৰ্ণনাতীত।" আনে'ই তাইক কৈছিল যে যুদ্ধ শেষ হ'লে তাই দিনলিপিখনৰ ওপৰত ভিত্তি কৰি এখন কিতাপ লিখাৰ আশা পুহি ৰাখিছে।[56] গছলাৰে লক্ষ্য কৰিছিল যে অগষ্ট ভ্যান পেলছ্ আনে' আৰু মাৰ্গট ফ্ৰাংকৰ লগত আছিল আৰু তেওঁ মাৰ্গটৰ যত্ন লৈ আছিল। সেই সময়ত মাৰ্গট গুৰুতৰভাৱে অসুস্থ অৱস্থাত আছিল।[57] তেওঁ লগতে মনত পেলাইছিল যে তেওঁ মাৰ্গটক দেখা নাছিল, কাৰণ মাৰ্গট অতি দুৰ্বল অৱস্থাত আছিল বাবে নিজৰ বিছনাৰ পৰা ওলাই আহিব পৰা নাছিল।[58] আনহাতে ব্লিটজে কৈছিল যে তেওঁ দুয়োগৰাকী ফ্ৰাংক ভগ্নীৰ সাক্ষাৎ লাভ কৰিছিল।[59] আনে'ই ব্লিট্জ্ আৰু গছলাৰক কৈছিল যে তাই মাক-দেউতাকৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰিছে, আৰু সেই কাৰণে তাই আৰু জীয়াই থাকিব বিচৰা নাই।[59][58] পিছলৈ গছলাৰে অনুমান কৰিছিল যে তেওঁলোকৰ মাজৰ এই সাক্ষাৎবোৰ ১৯৪৫ চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে হৈছিল।[57]

মৃত্যু[সম্পাদনা কৰক]

১৯৪৫ চনৰ আৰম্ভণিতে সন্নিপাত মহামাৰী শিবিৰটোৰ চৌদিশে বিয়পি পৰিছিল আৰু ১৭,০০০ বন্দীৰ মৃত্যু হৈছিল।[60] শিবিৰত সন্নিপাত জ্বৰৰ উপৰি আন ৰোগৰ প্ৰকোপো বৃদ্ধি পাইছিল।[61] এনে এক বিশৃংখল পৰিস্থিতিৰ বাবে আনে'ৰ মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয় কৰাটো সম্ভৱ নহ’ল। কিন্তু মহামাৰীৰ ফলতে তাইৰ মৃত্যু হ'ব পাৰে বুলি কিছুমান প্ৰমাণ পোৱা গৈছিল। বাৰ্গেন বেলচেনৰ পৰা ৰক্ষা পোৱা গেনা টাৰ্গেলে শিবিৰত আনে' ফ্ৰাংকক চিনি পাইছিল। ২০১৫ চনত ব্ৰিটিছ সংবাদপত্ৰ দ্য ছানৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত টাৰ্গেলে কৈছিল: "তাইৰ বিচনাখন মোৰ পৰা চুকত আছিল। তাই "মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু ভয়ানক উগ্ৰ" অৱস্থাত আছিল। তেওঁ লগতে কয় যে তেওঁ ফ্ৰাংকক ধুবলৈ পানী আনি দিছিল।[62] শিবিৰৰ চিকিৎসালয়ত কাম কৰা টাৰ্গেলে কয় যে সন্নিপাত মহামাৰীয়ে বন্দীসকলৰ ওপৰত ভয়ংকৰভাৱে ক্ষতিসাধন কৰিছিল: "মানুহবোৰ মাখিৰ দৰে শ শ হিচাপত মৃত্যুমুখত পৰিছিল। খবৰবোৰ আহি আছিল— যে অলপতে ৫০০ লোকৰ মৃত্যু হ'ল। তিনিশ মৰিলে? তেতিয়া আমি কৈছিলোঁ, 'ভগৱানক ধন্যবাদ, মাত্ৰ ৩০০ জনৰহে মৃত্যু হৈছে।'"[62]

পিছত প্ৰত্যক্ষদৰ্শীয়ে সাক্ষ্য দিছিল যে মাৰ্গট দুৰ্বল অৱস্থাত নিজৰ বিছনাৰ পৰা পৰি গৈছিল আৰু সেই আঘাততে তাইৰ মৃত্যু হৈছিল। মাৰ্গটৰ এদিন পিছত আনে'ৰ মৃত্যু হৈছিল।[63][64] মাৰ্গট আৰু আনে'ৰ মৃত্যুৰ সঠিক তাৰিখ লিপিবদ্ধ কৰা হোৱা নাছিল। দীৰ্ঘদিন ধৰি ভবা হৈছিল যে তেওঁলোকৰ মৃত্যু ১৯৪৫ চনৰ ১৫ এপ্ৰিলত ব্ৰিটিছ সৈন্যই শিবিৰটো মুক্ত কৰাৰ মাত্ৰ কেইসপ্তাহমানৰ আগতে হৈছিল।[65] কিন্তু ২০১৫ চনৰ এক গৱেষণাই ইংগিত দিছিল যে তেওঁলোকৰ মৃত্যু সম্ভৱতঃ ফেব্ৰুৱাৰী মাহতেই হ'ব পাৰে।[66] অন্যান্য প্ৰমাণৰ লগতে সাক্ষী দিওতাসকলে স্মৰণ কৰিছিল যে ফ্ৰাংক ভগ্নীদ্বয়ে ৭ ফেব্ৰুৱাৰীৰ ভিতৰত সন্নিপাত ৰোগৰ লক্ষণ দেখুৱাইছিল।[1][67][68][69] ডাচ্ছ্ স্বাস্থ্য কৰ্তৃপক্ষৰ মতে সন্নিপাতৰ বলি হৈ চিকিৎসা নকৰা লোকসকলৰ প্ৰায়ভাগৰে প্ৰথম লক্ষণ দেখাৰ ১২ দিনৰ ভিতৰতে মৃত্যু হৈছিল।[66] ইয়াৰ উপৰিও হানেলি গছলাৰে কয় যে তেওঁৰ পিতৃ হান্স গছলাৰ, তেওঁলোকৰ প্ৰথম সাক্ষাতৰ এসপ্তাহ বা দুসপ্তাহৰ পিছতে মৃত্যু হৈছিল।[70] হান্সৰ মৃত্যু হৈছিল ১৯৪৫ চনৰ ২৫ ফেব্ৰুৱাৰীত।[71] যুদ্ধৰ পিছত অনুমান কৰা হৈছিল যে ১৯৪২ চনৰ পৰা ১৯৪৪ চনৰ ভিতৰত নেদাৰলেণ্ডছৰ পৰা বিতাড়িত হোৱা ১ লাখ ৭ হাজাৰ ইহুদীৰ ভিতৰত মাত্ৰ ৫ হাজাৰ লোকহে জীয়াই আছিল। আনুমানিক ৩০ হাজাৰ ইহুদী নেদাৰলেণ্ডছত থাকি গ’ল। বহু লোকক ডাচ্ছ্ গুপ্তবাহিনীয়ে সহায় কৰিছিল। এইসকলৰ প্ৰায় দুই তৃতীয়াংশ লোক যুদ্ধৰ পৰা ৰক্ষা পৰিছিল।[72]

অট’ ফ্ৰাংক অস্বিৎজত আৱদ্ধ হৈ থকা কালছোৱা বাচি থাকিল। যুদ্ধ শেষ হোৱাৰ পিছত তেওঁ ১৯৪৫ চনৰ জুন মাহত আমষ্টাৰডামলৈ উভতি যায়। তেওঁ নিজ পৰিয়ালৰ সকস্যসকলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰাৰ সময়ত জেন আৰু মিপ গিছে তেওঁক আশ্ৰয় দিছিল। আমষ্টাৰডামলৈ যোৱাৰ সময়ত তেওঁ পত্নী এডিথৰ মৃত্যুৰ কথা জানিব পাৰিছিল।[73] কিন্তু তেওঁৰ ছোৱালী দুজনী জীয়াই থকা বুলি আশাবাদী হৈ আছিল। কেইবা সপ্তাহৰ পাছত তেওঁ আৱিষ্কাৰ কৰিলে যে মাৰ্গট আৰু আনে'ৰো মৃত্যু হৈছে। তেওঁ জীয়েক দুজনীৰ বন্ধু-বান্ধৱীসকলৰো ভাগ্য নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল, আৰু গম পাইছিল যে ইতিমধ্যে বহুতক হত্যা কৰা হৈছে। আনে'ৰ দিনলিপিত প্ৰায়ে উল্লেখ কৰা ছানে লেডাৰমেনক পিতৃ-মাতৃৰ সৈতে গেছ দি হত্যা কৰা হৈছিল। ছানেৰ ভগ্নী আৰু মাৰ্গটৰ ঘনিষ্ঠ বন্ধু বাৰ্বাৰা লেডাৰমেনহে জীৱিত আছিল। ফ্ৰাংক ভগ্নীসকলৰ স্কুলৰ কেইবাজনো বন্ধু বাচি গৈছিল। অট’ আৰু এডিথ ফ্ৰাংকৰ বহু সম্পৰ্কীয় পৰিয়ালো জীয়াই আছিল। তেওঁলোকে নিজ পৰিয়ালৰ সৈতে ১৯৩০ৰ দশকৰ মাজভাগত জাৰ্মানীৰ পৰা পলাই গৈ ছুইজাৰলেণ্ড, যুক্তৰাজ্য আৰু আমেৰিকাত বসতি স্থাপন কৰিছিল।[74]

দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল্[সম্পাদনা কৰক]

প্ৰকাশ[সম্পাদনা কৰক]

১৯৪৫ চনৰ জুলাই মাহত বাৰ্গেন-বেলচেনত আনে' আৰু মাৰ্গট ফ্ৰাংকৰ সৈতে থকা ভগ্নী জেনী আৰু লিয়েন ব্ৰিলেছলিপাৰে ফ্ৰাংক ভগ্নীদ্বয়ৰ মৃত্যু নিশ্চিত কৰাৰ পিছত মিপ গিছে অট' ফ্ৰাংকক ডায়েৰীখন আৰু ঢিলা নোটৰ এটা বাণ্ডিল ঘূৰাই দিছিল। সেইখিনি তেওঁ আনে'ক ঘূৰাই দিয়াৰ আশাত সংৰক্ষণ কৰি ৰাখিছিল। পিছত অট’ ফ্ৰাংকে মন্তব্য কৰিছিল যে আনে'ই তেওঁলোকৰ গোপনে থকা সময়ছোৱাৰ ইমান সঠিক আৰু সুলিখিত হিচাপ ৰাখিছে বুলি তেওঁ পূৰ্বে উপলব্ধি কৰা নাছিল। তেওঁৰ স্মৃতিগ্ৰন্থত তেওঁ ডায়েৰীখন পঢ়াৰ যন্ত্ৰণাদায়ক প্ৰক্ৰিয়াটোৰ কথা বৰ্ণনা কৰিছিল। আনে' বৰ্ণনা কৰা পৰিঘটনাবোৰ তেওঁ ভালদৰে চিনি পাইছিল, আৰু মনত পৰিছিল যে তেওঁ ইতিমধ্যে তেওঁৰ ছোৱালীয়ে উচ্চস্বৰে পঢ়া কিছুমান অধিক আমোদজনক খণ্ড শুনিছিল। তেওঁ প্ৰথমবাৰৰ বাবে ছোৱালীজনীৰ ব্যক্তিগত দিশটো আৰু দিনলিপিখনৰ তাই কাৰো লগত আলোচনা নকৰা অংশবোৰ দেখিবলৈ পাইছিল। তেওঁ এইসম্পৰ্কে কৈছিল, "মোৰ বাবে ই এক উদঘাটন আছিল... তাইৰ চিন্তা আৰু অনুভৱৰ গভীৰতাৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল... তাই এই সকলোবোৰ অনুভৱ নিজৰ মাজতে ৰাখিছিল।" তাই বাৰে বাৰে লেখক হোৱাৰ ইচ্ছা প্ৰকাশ কৰাৰ দ্বাৰা উদ্বুদ্ধ হৈ তেওঁ দিনলিপিখন প্ৰকাশ কৰাৰ কথা চিন্তা কৰিবলৈ ধৰিছিল।

ফ্ৰাংকৰ ডায়েৰীখন তাইৰ চিন্তাৰ ব্যক্তিগত প্ৰকাশ হিচাপে আৰম্ভ হৈছিল। তাই কেবাবাৰো লিখিছিল যে তাই দিনপঞ্জীখন কেতিয়াও কাকো পঢ়িবলৈ নিদিয়ে। কাহিনী প্ৰকাশ কৰিবলৈ থকা উচ্চাকাংক্ষাক চিনিবলৈ আৰম্ভ কৰাৰ সময়তে তাই নিজৰ জীৱন, পৰিয়াল আৰু সংগীসকল, আৰু তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে স্পষ্টভাৱে বৰ্ণনা কৰিছিল। ১৯৪৪ চনৰ মাৰ্চ মাহত তাই গেৰিট বলকেষ্টেইনৰ ৰেডিঅ' সম্প্ৰচাৰ এটা শুনিছিল। লণ্ডনত বাস কৰা নিৰ্বাসিত ওলন্দাজ চৰকাৰৰ এই সদস্যজনে কৈছিল যে যেতিয়া যুদ্ধ শেষ হ'ব, তেতিয়া তেওঁ জাৰ্মান দখলকালত ওলন্দাজ জনসাধাৰণৰ ওপৰত হোৱা অত্যাচাৰৰ ৰাজহুৱা অভিলেখ সৃষ্টি কৰিব। তেওঁ চিঠি আৰু ডায়েৰীসমূহ প্ৰকাশৰ কথা কৈছিল। আনে' ফ্ৰাংকে সিদ্ধান্ত লৈছিল যে সময় আহিলে তাই নিজৰ কামখিনি জমা দিব। প্ৰকাশৰ লক্ষ্যৰে তাই নিজৰ লেখাবোৰ সম্পাদনা কৰিবলৈ আৰম্ভ কৰিছিল, কিছুমান খণ্ড আঁতৰাই আন কিছুমান অংশ পুনৰ লিখিবলৈ লৈছিল। তাইৰ মূল বহীখনৰ লগতে অতিৰিক্ত বহী আৰু কাগজৰ ঢিলা পৃষ্ঠা কেইটামানো আছিল। ঘৰৰ সদস্য আৰু সহায়কাৰীসকলৰ বাবে তাই ছদ্মনাম সৃষ্টি কৰিছিল। ভ্যান পেলছ পৰিয়ালটোক তাই হাৰ্মান, পেট্ৰনেলা আৰু পিটাৰ ভ্যান ডান নাম দিছিল, আৰু ফ্ৰিটজ ফেফাৰৰ বাবে এলবাৰ্ট ডাচেল নাম ৰাখিছিল। এই সম্পাদিত সংস্কৰণটোত তাই প্ৰতিটো প্ৰৱিষ্টিত 'কিটি'ক সম্বোধন কৰিছিল। 'কিটি' হৈছে আনেই পঢ়ি ভালপোৱা চিচি ভ্যান মাৰ্ক্সভেল্ডৰ জুপ টেৰ হিউল উপন্যাসৰ এটা কাল্পনিক চৰিত্ৰ। অট' ফ্ৰাংকে "সংস্কৰণ এ" নামেৰে পৰিচিত আনে'ৰ মূল দিনপঞ্জীখন আৰু "সংস্কৰণ বি" নামেৰে জনাজাত তাই সম্পাদনা কৰা দিনপঞ্জীখন ব্যৱহাৰ কৰি প্ৰথম সংস্কৰণটো প্ৰকাশ কৰিছিল। যদিও তেওঁ নিজৰ পৰিয়ালৰ প্ৰকৃত পৰিচয় পুনৰুদ্ধাৰ কৰিছিল, আন সকলোবোৰ ছদ্মনাম তেওঁ অক্ষত ৰাখিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Westra et al. 2004, পৃষ্ঠা 196, includes a reproduction of part of the transport list showing the names of each of the Frank family.
  1. 1.0 1.1 1.2 Research by The Anne Frank House in 2015 revealed that Frank may have died in February 1945 rather than in March, as Dutch authorities had long assumed. "New research sheds new light on Anne Frank's last months" Archived 24 April 2020 at the Wayback Machine. AnneFrank.org, 31 March 2015
  2. Von Benda-Beckmann, Bas (2020). Na het Achterhuis. Anne Frank en de andere onderduikers in de kampen.. প্ৰকাশক Amsterdam: Querido. পৃষ্ঠা. 217. ISBN 9789021423920. 
  3. Anne Frank Fonds.
  4. "Geschichte". Frankfurt Red Cross Clinics. https://www.rotkreuzkliniken.de/drk_schwesternschaft_bad_homburg-maingau.html। আহৰণ কৰা হৈছে: 20 October 2016. 
  5. van der Rol & Verhoeven 1995, পৃষ্ঠা. 10.
  6. Lee 2000, পৃষ্ঠা. 17.
  7. Verhoeven 2019, পৃষ্ঠা. 31, 110.
  8. "Wohnhaus der Familie Frank". City of Frankfurt. https://www.frankfurt.de/sixcms/detail.php?id=3865&_ffmpar%5B_id_inhalt%5D=2461110. 
  9. van der Rol & Verhoeven 1995, পৃষ্ঠা. 21.
  10. Verhoeven 2019, পৃষ্ঠা. 28,31-33.
  11. Müller 1999, পৃষ্ঠা. 92.
  12. 12.0 12.1 Lee 2000, পৃষ্ঠা. 40.
  13. 13.0 13.1 Müller 1999, পৃষ্ঠা. 128–130.
  14. 14.0 14.1 Cohen, Patricia (14 February 2007). "Letters reveal desperate plight of Anne Frank's family – Europe – International Herald Tribune". The New York Times. https://www.nytimes.com/2007/02/15/world/europe/15iht-frank.4597896.html। আহৰণ কৰা হৈছে: 20 November 2015. 
  15. JTA (6 July 2018) "Anne Frank's Family Was Not Rejected By U.S. — Their Visa Request Was Never Processed" Archived 26 July 2020 at the Wayback Machine The Forward
  16. "Anne Frank". Anne Frank Fonds. https://www.annefrank.ch/en/family/anne-frank। আহৰণ কৰা হৈছে: 2021-09-01. 
  17. Verhoeven 2019, পৃষ্ঠা. 320 and Diary entry 14 June 1942 A-version.
  18. van der Rol & Verhoeven 1995, পৃষ্ঠা. 3.
  19. Lee 2000, পৃষ্ঠা. 96.
  20. Frank 1995, পৃষ্ঠা. 1–20.
  21. "Margot Frank". Anne Frank Fonds. https://www.annefrank.ch/en/family/margot-frank। আহৰণ কৰা হৈছে: 2021-09-14. 
  22. Müller 1999, পৃষ্ঠা. 153.
  23. "Marbles that belonged to Anne Frank rediscovered". Associated Press. 4 February 2014. http://news.msn.com/world/marbles-that-belonged-to-anne-frank-rediscovered। আহৰণ কৰা হৈছে: 5 February 2014. 
  24. Müller 1999, পৃষ্ঠা. 163.
  25. Lee 2000, পৃষ্ঠা. 105–106.
  26. "Miep Gies". Anne Frank House. 25 September 2018. https://www.annefrank.org/en/anne-frank/main-characters/miep-gies/। আহৰণ কৰা হৈছে: 2021-09-01. 
  27. Westra et al. 2004, পৃষ্ঠা. 45, 107–187.
  28. Lee 2000, পৃষ্ঠা. 113–115.
  29. Lee 2000, পৃষ্ঠা. 120–21.
  30. Lee 2000, পৃষ্ঠা. 117.
  31. Westra et al. 2004, পৃষ্ঠা. 191.
  32. Lee 2000, পৃষ্ঠা. 119.
  33. Müller 1999, পৃষ্ঠা. 203.
  34. Frank 1995, পৃষ্ঠা. 167.
  35. Frank 1995, পৃষ্ঠা. 63.
  36. Frank 1995, পৃষ্ঠা. 157.
  37. Müller 1999, পৃষ্ঠা. 204.
  38. "LOI course in Latin". Anne Frank House. 4 May 2018. https://www.annefrank.org/en/museum/anne-frank-collection/4/loi-course-latin/। আহৰণ কৰা হৈছে: 25 August 2021. 
  39. Müller 1999, পৃষ্ঠা. 194.
  40. Barnauw & van der Stroom 2003.
  41. Müller 1999, পৃষ্ঠা. 233.
  42. Müller 1999, পৃষ্ঠা. 291.
  43. Müller 1999, পৃষ্ঠা. 279.
  44. Morine 2007.
  45. Bigsby 2006, পৃষ্ঠা. 235.
  46. Enzer & Solotaroff-Enzer 1999, পৃষ্ঠা. 176.
  47. 47.0 47.1 Laeredt 1995.
  48. Müller 1999, পৃষ্ঠা. 246–247.
  49. Müller 1999, পৃষ্ঠা. 248–251.
  50. Müller 1999, পৃষ্ঠা. 252.
  51. "Edith Frank". Anne Frank Fonds. https://www.annefrank.ch/en/family/edith-frank-hollaender। আহৰণ কৰা হৈছে: 11 August 2021. 
  52. Konig 2018, পৃষ্ঠা. 60.
  53. Lindwer 1988, পৃষ্ঠা. 24.
  54. 54.0 54.1 Konig 2018, পৃষ্ঠা. 68.
  55. Lindwer 1988, পৃষ্ঠা. 27–29.
  56. Neeter, Christine (2015). "Childhood friend recalls last days with Anne Frank" (en-US ভাষাত). Hamilton Jewish News. https://hamiltonjewishnews.com/home-page/voices/childhood-friend-recalls-last-days-with-anne-frank। আহৰণ কৰা হৈছে: 2021-12-26. 
  57. 57.0 57.1 Müller 1999, পৃষ্ঠা. 255.
  58. 58.0 58.1 Lindwer 1988, পৃষ্ঠা. 27.
  59. 59.0 59.1 Konig 2018, পৃষ্ঠা. 70.
  60. Müller 1999, পৃষ্ঠা. 261.
  61. Gedenkstätten Bergen-Belsen.
  62. 62.0 62.1 Neil Genzlinger, "Gena Turgel, Holocaust Survivor With a Love Story, Dies at 95" Archived 12 December 2019 at the Wayback Machine, NY Times, 14 June 2018, at B15.
  63. Lebovic, Matt. "What happened to Anne Frank after the Secret Annex?" (en-US ভাষাত). www.timesofisrael.com. http://www.timesofisrael.com/what-happened-to-anne-frank-after-the-secret-annex/। আহৰণ কৰা হৈছে: 18 November 2020. 
  64. Lindwer 1988, পৃষ্ঠা. 74.
  65. Stichting, "Typhus", পৃষ্ঠা. 5.
  66. 66.0 66.1 Corder, Mike (31 March 2015). "New research says Anne Frank likely died a month earlier". Yahoo News. https://news.yahoo.com/anne-frank-house-museum-jewish-diarist-likely-died-092357362.html। আহৰণ কৰা হৈছে: 13 April 2015. 
  67. Park, Madison. "Researchers say Anne Frank perished earlier than thought" Archived 28 December 2019 at the Wayback Machine, CNN, 1 April 2015
  68. Prins, Erika; Broek, Gertjan. "One day they simply weren't there any more…". Anne Frank House. https://www.annefrank.org/en/downloads/filer_public/08/b3/08b3ff12-d8c1-4964-b9ec-e17a7b035a76/one_day_they_simply_weren.pdf. 
  69. "Sources for the date of death of Anne and Margot Frank in Bergen-Belsen". Anne Frank House. https://www.annefrank.org/en/downloads/filer_public/c3/cb/c3cbb912-e6c6-4004-989c-e9dfb44b9ebc/sources_one_day_2015.pdf. 
  70. "Hannah Pick Goslar (2002) on Anne Frank". YouTube. 14 April 2002. https://www.youtube.com/watch?v=lXHe5epevZU। আহৰণ কৰা হৈছে: 26 October 2020. 
  71. "Stolpersteine in Berlin | Orte & Biografien der Stolpersteine in Berlin". www.stolpersteine-berlin.de. https://www.stolpersteine-berlin.de/en/biografie/7294। আহৰণ কৰা হৈছে: 26 October 2020. 
  72. US Holocaust Memorial Museum.
  73. "Otto Frank". Anne Frank House. 25 September 2018. https://www.annefrank.org/en/anne-frank/main-characters/otto-frank/। আহৰণ কৰা হৈছে: 11 August 2021. 
  74. Müller 2013, পৃষ্ঠা. 39, 48–49.

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

কিতাপ
অনলাইন

অধিক পঢ়ক

বাহ্যিক সংযোগ[সম্পাদনা কৰক]