আল্টা
আল্টা ( English : Alta ) অসমৰ কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা সৰু উন্নয়নশীল অঞ্চল । ই গুৱাহাটীৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত।
প্ৰাথমিক তথ্য[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়লমতে আল্টা গাঁৱৰ গাওঁ ক্ৰমাংক ৩০২৪৬৮[1] । উপ-জিলা সদৰ কমলপুৰৰ পৰা এই গাওঁখনলৈ দুৰত্ব প্ৰায় ২ কিমি আৰু জিলা সদৰ আমিনগাওঁৰ পৰা এই গাওঁখনলৈ দুৰত্ব ২৭ কিমি ।
এই গাওঁখন কমলপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ।
ভৌগলিক তথ্য[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়লমতে গাওঁখনৰ মুঠ মাটিকালি ২৮৩.৫৭ বৰ্গ কিমি আৰু মুঠ জনসংখ্যা ১০৪০ জন । ৩৫৫ টা পৰিয়ালৰ বসতিস্থল গাওঁখনৰ নিকটতম মহানগৰী হৈছে গুৱাহাটী ( ৪৭ কিমি) ।
থোৰতে প্ৰাথমিক আৰু ভৌগলিক তথ্যসমূহ[1] | |
গাওঁ পঞ্চায়ত | কমলপুৰ |
উন্নয়ন খণ্ড | কমলপুৰ |
জিলা | কামৰূপ |
ৰাজ্য | অসম |
ডাক সূচাংক | ৭৮১৩৮০ |
মাটিকালি | ২৪৩.৫৭ হেক্টৰ |
জনসংখ্যা (২০১১ চনৰ লোকপিয়লমতে) | ১৬৪৯ গৰাকী |
পৰিয়াল | ৩৫৫ টা |
নিকটতম দুৰত্বৰ মহানগৰী | গুৱাহাটী (৪৭ কিমি) |
জনগাঁঠনি[সম্পাদনা কৰক]
২০১১ চনৰ সমীক্ষা মতে, মুঠ জনসংখ্যা ১৬৪৯ গৰাকীৰ ভিতৰত ৮৩৭ গৰাকী পুৰুষ আৰু ৪১২ গৰাকী মহিলা । গাওঁখনত ০-৬ বছৰৰ শিশুৰ সংখ্যা ১৮৩ গৰাকী ।[2] এই গাঁৱত শিশুৰ লিংগ অনুপাত ১১৫৩, যিটো অসমৰ গড় লিংগ অনুপাত ৯৬২তকৈ বেছি ।
সাক্ষৰতাৰ হাৰ[সম্পাদনা কৰক]
এই গাওঁৰ সাক্ষৰতাৰ হাৰ ৮৮.৪০% , যিটো অসমৰ সাক্ষৰতা হাৰ ৭২.১৯% তকৈ অধিক । পুৰুষৰ ক্ষেত্ৰত এই হাৰ ৯৪.৫৫ হোৱাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত এই হাৰ ৮১.৯৩ % । [2]
জীৱন-জীৱিকা[সম্পাদনা কৰক]
আল্টা গাঁৱৰ ৫৩১ গৰাকী কৰ্মনিযুক্ত হোৱাৰ বিপৰীতে ৫১০ গৰাকী ব্যক্তি নিবনুৱা । কৰ্মনিযুক্ত ব্যক্তিসকলৰ ৮৭.৭৬ শতাংশৰ জীৱিকাই তেওঁলোকৰ মুখ্য কৰ্ম(ছমাহতকৈ বেছি দিন সংস্থাপিত হৈ থাকিব পৰা) হোৱাৰ বিপৰীতে ১২.২৪ শতাংশৰ জীৱিকা তেওঁলোকৰ অংশকালীন কৰ্ম (ছমাহতকৈ কম দিনহে সংস্থাপিত হৈ থাকিব পৰা কৰ্ম) । আনহাতে কৰ্মনিযুক্ত ব্যক্তি ৫৩১ গৰাকীৰ ভিতৰত ১৭৬ গৰাকীয় ব্যক্তিয়েই জীৱিকা হিচাপে কৃষিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল, তেওঁলোকৰ ভিতৰত ১৪৬ গৰাকীৰ নিজা কৃষি-মাটি বা আধি-মাটি আছে আৰু বাকী ৩০ জন কৃষি শ্ৰমিক হিচাপে জীৱিকা উপাৰ্জন কৰে ।[2]
বিৱৰণ | সৰ্বমুঠ | পুৰুষ | মহিলা |
---|---|---|---|
সাক্ষৰতাৰ হাৰ | ৮৮.৪০ % | ৯৪.৫৫ % | ৮১.৯৩ % |
মুঠ কৰ্মী | ৫৩১ | ৪৭২ | ৫৯ |
মূখ্য কৰ্মী | ৮৬৬ | - | - |
অংশকালীন কৰ্মী | ৬৫ | ৩৭ | ২৮ |
শিক্ষানুষ্ঠানসমূহ[সম্পাদনা কৰক]
- অংগনবাদী কেন্দ্ৰ
- ৪২৯ নং আল্টা প্ৰাথমিক বিদ্যালয়
যাতায়ত আৰু যোগাযোগ[সম্পাদনা কৰক]
আল্টাৰ পৰা বাইহাটা চাৰিআলি, কমলপুৰ, গুৱাহাটী আদি প্ৰায়বোৰ মুখ্য অঞ্চললৈ পোনপটীয়া ৰাজহুৱা আৰু ব্যক্তিগত উভয় প্ৰকাৰৰ পৰিবহণ ব্যৱস্থা থকাৰ লগতে নিকটৱৰ্তী ৰেলৱে ষ্টেচন বাইহাটালৈ দুৰত্ব প্ৰায় ২ কিমি । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গাওঁখনলৈ দুৰত্ব প্ৰায় ৪৩ কিমি ।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 https://villageinfo.in/assam/kamrup/kamalpur/alta.html ৰ পৰা সংগৃহীত
- ↑ 2.0 2.1 2.2 https://www.census2011.co.in/data/village/302563-alta-assam.html ৰ পৰা সংগৃহীত