পিনক'ড
অৱয়ব
(ডাক সূচকাংকৰ পৰা পুনঃনিৰ্দেশিত)
ডাক সূচকাংক বা পিনক'ড বা পিন নং (ইংৰাজী: Postal Index Number চমুকৈ PIN) ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা। প্ৰতিটো পিনক'ডত ৬টা সংখ্যা থাকে। পিনক'ড ব্যৱস্থা ১৯৭২ চনৰ ১৫ আগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল।
গঠন
[সম্পাদনা কৰক]
ভাৰতত ৮টা অসামৰিক আৰু ১টা সামৰিক পিনক'ড অঞ্চল আছে। পিনক'ডৰ প্ৰথম সংখ্যাটোৱে এই ৯টা অঞ্চলৰ কোন অঞ্চলত ঠিকনাটো অৱস্থিত তাক সূচায়। দ্বিতীয় সংখ্যাটোৱে মূখ্য অঞ্চলৰ উপ-অঞ্চলৰ অৱস্থিতি দেখুৱায়। তৃতীয় সংখ্যাটোৱে ডাক-জিলাৰ অৱস্থান আৰু শেষৰ তিনিটা সংখ্যাই বিশেষ এটা ডাকঘৰ সূচায়।
পিনক'ড আৰু ডাক চক্ৰৰ তালিকা
[সম্পাদনা কৰক]
| পিনক'ডৰ প্ৰথম ২/৩ টা সংখ্যা | ডাক চক্ৰ |
|---|---|
| ১১ | দিল্লী |
| ১২ আৰু ১৩ | হাৰিয়ানা |
| ১৪ আৰু ১৫ | পঞ্জাব |
| ১৬ | চণ্ডিগড় |
| ১৭ | হিমাচল প্ৰদেশ |
| ১৮ আৰু ১৯ | জম্মু আৰু কাশ্মীৰ |
| ২০ৰ পৰা ২৮ | উত্তৰ প্ৰদেশ/উত্তৰাখণ্ড |
| ৩০ৰ পৰা ৩৪ | ৰাজস্থান |
| ৩৬ৰ পৰা ৩৯ | গুজৰাট |
| ৪০ | গোৱা |
| ৪০ৰ পৰা ৪৪ | মহাৰাষ্ট্ৰ |
| ৪৫ৰ পৰা ৪৮ | মধ্যপ্ৰদেশ |
| ৪৯ | ছত্তীসগড় |
| ৫০ৰ পৰা ৫৩ | অন্ধ্ৰপ্ৰদেশ |
| ৫৬ৰ পৰা ৫৯ | কৰ্ণাটক |
| ৬০ৰ পৰা ৬৪ | তামিলনাডু |
| ৬৭ৰ পৰা ৬৯ | কেৰালা |
| ৬৮২ | লক্ষদ্বীপ |
| ৭০ৰ পৰা ৭৪ | পশ্চিমবংগ |
| ৭৪৪ | আন্দামান নিকোবৰ দ্বীপপুঞ্জ |
| ৭৫ৰ পৰা ৭৭ | উৰিষ্যা |
| ৭৮ | অসম |
| ৭৯ | অৰুণাচল প্ৰদেশ |
| ৭৯৩, ৭৯৪, ৭৮৩১২৩ | মেঘালয় |
| ৭৯৫ | মণিপুৰ |
| ৭৯৬ | মিজোৰাম |
| ৭৯৯ | ত্ৰিপুৰা |
| ৮০ৰ পৰা ৮৫ | বিহাৰ আৰু ঝাৰখণ্ড |