আৰতি চাব্ৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰতি চাব্ৰিয়া

২০১৮ চনত ষ্টাৰডাষ্ট বঁটা অনুষ্ঠানত চাব্ৰিয়া৷
জন্ম ২১ নৱেম্বৰ, ১৯৮২ (৪১ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় 2001–2022
দাম্পত্যসঙ্গী Visharad Beedassy[1] (বি. ২০১৯)

আৰতি চাব্ৰিয়া (ইংৰাজী: Aarti Chabria ; জন্ম: ২১ নৱেম্বৰ ১৯৮২ চন)[2] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পূৰ্বৰ মডেল৷ তেওঁ হিন্দী, তেলুগু, পাঞ্জাবী আৰু কানাড়া ভাষাৰ ছবিত অভিনয় কৰে।

মডেলিং কেৰিয়াৰ[সম্পাদনা কৰক]

আৰতি চাব্ৰিয়াই তিনি বছৰ বয়সতে বিজ্ঞাপনৰ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।[3][4] তেওঁৰ প্ৰথম বিজ্ঞাপন আছিল, ফেৰেক্সৰ প্ৰেছ এড।[5] ইয়াৰ পিছত তেওঁ মেগী নুডলছ, পেপচ’ডেণ্ট টুথপেষ্ট, ক্লিন এণ্ড ক্লিয়াৰ ফেচ ৱাছ, আমুল ফ্ৰষ্টিক আইচক্ৰীম, ক্ৰেক ক্ৰীম আৰু এল এম এল ট্ৰেণ্ডি স্কুটাৰৰ ৩০০ৰো অধিক টেলিভিছন বিজ্ঞাপনৰ বাবে মডেলিং কৰে। শেহতীয়াকৈ তেওঁৰ “টিভিচি’’সমূহ হ'ল অমিতাভ বচ্চনৰ সৈতে কল্যাণ জুৱেলাৰ্ছ, হৃতিক ৰোশনৰ সৈতে নিৰ্মা এডভান্স আৰু ছলমান খানৰ সৈতে গোল্ডি মাছালে আদি কেইটামানৰ নাম উল্লেখ কৰিব পাৰি।[6][7] ১৯৯৯ চনৰ নৱেম্বৰ মাহত তেওঁ মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে ছাৱ-ৰাউণ্ডৰ বাবে বঁটাও লাভ কৰে, য'ত তেওঁক মিছ ফটোজেনিক আৰু মিছ বিউটিফুল ফেচৰ মুকুট পিন্ধোৱা হয়।[8][9] এই প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত তেওঁ সুখৱিন্দৰ সিঙৰ বাবে নাছা হি নাছা হেই, হেৰী আনন্দৰ বাবে চাহত, অৱদূথ গুপ্তেৰ বাবে মেৰী মধুবালা,,[10] আৰু আদনান ছামীৰ ৰুথে হুৱে হো কিউ মিউজিক ভিডিঅ'ত অভিনয় কৰে।[11]

ছবি অভিনয়[সম্পাদনা কৰক]

ৰাজকুমাৰ সন্তোষীৰ পৰিচালনাত নিৰ্মিত বলীউড ছবি লজ্জা (২০০১)ত অভিনয়েৰে তেওঁ ছবি জগতৰ আৰম্ভণি কৰে[12][13] আৰু তাৰ পিছত নকুল কাপুৰ আৰু কিম শৰ্মাৰ সৈতে টুম ছে আচ্ছা কৌন হাই (২০০২) ছবিত অভিনয় কৰে।[14][15] ইয়াৰ পিছত অক্ষয় কুমাৰৰ সৈতে আৱৰা পাগল দীৱানাত অভিনয় কৰিছিল আৰু তেওঁৰ কাম প্ৰশংসিত হৈছিল। ৰাজা ভাইয়া, ছাদি নং ১, তীছৰী আঁখ: দ্য হিডেন কেমেৰা, শ্বুটআউট এট লোকাণ্ডৱালা, মিলেংগে মিলেংগে আৰু দছ টোলা আদি চিনেমাত অভিনয় কৰিছিল।

মাধুৰা ক্ষনাম নামৰ ছবিত অভিনয়ৰ যোগেদি তেওঁ তেলেগু ভাষাৰ ছবিৰ অভিনয়ত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছত ওকাৰিকী ওকাৰু, ইণ্টলো শ্ৰীমতী বীধিলো কুমাৰী, চিন্তাকায়ালা ৰবি আৰু গোপি – গোদা মীদা পিল্লী আদি কেইবাখনো ছবিত অভিনয় কৰিছিল।[16] কানাড়া ভাষাৰ কেইখনমান ছবিত অভিনয় কৰাৰ পিছত পাঞ্জাবী ছবি ব্যাহ ৭০ কিলোমিটাৰ (২০১৩)ত অভিনয় কৰে।

চাব্ৰিয়া ২০১১ চনত ফিয়াৰ ফেক্টৰ- খাট্ৰন কে খিলাড়ীৰ চতুৰ্থ ছিজনৰ বিজয়ী আছিল।[17] ২০১৩ চনত ঝলক দিখলা জা ৬ নামৰ টিভি শ্বো অনুষ্ঠানটোৰ তেওঁ প্ৰতিযোগী আছিল।[18]

আৰতিয়ে নিউয়ৰ্ক ফিল্ম একাডেমীৰ পৰা চলচ্চিত্ৰ পৰিচালনাৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ ৩০ মিনিট দীঘল এখন চুটি ছবি মুম্বাই বাৰাণসী এক্সপ্ৰেছ[19] প্ৰযোজনা আৰু পৰিচালনা কৰে; যিয়ে বহু বঁটা লাভ কৰে আৰু চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়[20] আৰু ৰয়েল ষ্টেগ লাৰ্জ চৰ্ট ছবি সন্মান লাভ কৰে৷ বৰ্তমান তেওঁ প্ৰডাকচন বেনাৰ ৰাইজিং ফিনিক্সৰ অধীনত টিভিচি আৰু মিউজিক ভিডিঅ' পৰিচালনা কৰে।[21]

অন্যান্য কাম[সম্পাদনা কৰক]

আৰতি ভিক্টোৰিয়াছ মাইণ্ড পাৱাৰ নামৰ এটা অনলাইন প্ৰশিক্ষণ প্লেটফৰ্মৰ প্ৰতিষ্ঠাপক,[22] যিয়ে স্থাপত্য, আধ্যাত্মিক কৌশল আৰু সৃষ্টিশীল মানসিকতাৰ পদ্ধতিৰ ওপৰত ভিত্তি কৰি একাধিক প্ৰেৰণাদায়ক কাৰ্যসূচী আয়োজন কৰে। তেওঁ দ্য পাৰ্ফেক্ট ছ'লমেট প্ৰগ্ৰেম[23] নামৰ এটা অনুষ্ঠানৰ সৃষ্টিকৰ্তা আৰু আয়োজক যাৰ দ্বাৰা মানুহে তেওঁলোকৰ আদৰ্শ জীৱন সংগী বিচাৰি উলিওৱাত সহায় লাভ কৰে।[24]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

মৰিচাছত থকা অষ্ট্ৰেলিয়াৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট বিছাৰদ বিডাছিৰ সৈতে তেওঁৰ বাগ্দান হয় আৰু ২০১৯ চনত মুম্বাইত ব্যক্তিগত অনুষ্ঠানত তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[25]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Aarti Chabria ties the knot with Visharad". Bollywood Hungama. 26 June 2019. https://www.bollywoodhungama.com/news/features/inside-photos-awara-paagal-deewana-actress-aarti-chabria-gets-married-visharad-beedassy/. 
  2. "Actress Aarti Chabria celebrates birthday". Businessofcinema.com. 22 November 2006. http://businessofcinema.com/bollywood-news/actress-aarti-chabria-celebrates-birthday/16819। আহৰণ কৰা হৈছে: 14 August 2016. 
  3. Chouhan, Neha (21 November 2022). "Aarti Chabria B'day: 3 साल की उम्र से शुरू हुआ था मॉडलिंग सफर, फोटोज में देखिए कितनी बदल गईं आरती छाबड़िया". hindi.news18.com: পৃষ্ঠা 1. https://hindi.news18.com/photogallery/entertainment/bollywood-aarti-chabria-clebrating-40th-birthday-today-know-about-her-life-nodnc-4928113.html. 
  4. "Remember actress Aarti Chabria? Here's what the actress is doing now" (en ভাষাত). Mid-day. https://www.mid-day.com/entertainment/bollywood-news/photo/aarti-chhabria-this-is-how-akshay-kumars-heroine-looks-after-15-years-15351/1। আহৰণ কৰা হৈছে: 2023-07-31. 
  5. "Remember actress Aarti Chabria? Here's what the actress is doing now" (en ভাষাত). Mid-day. https://www.mid-day.com/entertainment/bollywood-news/photo/aarti-chhabria-this-is-how-akshay-kumars-heroine-looks-after-15-years-15351/1। আহৰণ কৰা হৈছে: 2023-08-13. 
  6. Goldie, Masale (29 Jul 2022). "Aarti Chabria & Salman Khan - Goldie Masale". https://www.youtube.com/watch?v=kf6QYLk-AbY. 
  7. (en ভাষাত) Nirma Advance New TVC 2018, https://www.youtube.com/watch?v=kbrPPzf5Hmo, আহৰণ কৰা হৈছে: 2023-08-13 
  8. Mukherjee, Roshni (24 February 2012). "Aarti Chabria feels nostalgic". timesofindia.indiatimes.com: পৃষ্ঠা 1. https://timesofindia.indiatimes.com/tv/news/hindi/aarti-chabria-feels-nostalgic/articleshow/12019779.cms. 
  9. Editorial (2022-11-30). "When Aarti Chhabria said- 'Rekha ji slapped me, I was beaten up during Lajja'" (en-US ভাষাত). News NCR. https://www.newsncr.com/entertainment/when-aarti-chhabria-said-rekha-ji-slapped-me-i-was-beaten-up-during-lajja/। আহৰণ কৰা হৈছে: 2023-07-31. 
  10. "Popular celebrity from her childhood". https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/remember-the-gorgeous-diva-from-okariki-okaru-check-out-her-latest-snaps/photostory/66732395.cms?picid=66732417. 
  11. "Aarti Chabria Music Videos". Bollywood Hungama. 4 June 2007. https://www.bollywoodhungama.com/news/bollywood/adnan-samis-music-video-mystery-woman-revealed/. 
  12. "Akshay Kumar heroine Aarti Chabria gets engaged to CA Visharad Beedassy in Mauritius" (en ভাষাত). India Today. 2019-02-09. https://www.indiatoday.in/movies/celebrities/story/akshay-kumar-heroine-aarti-chhabria-gets-engaged-to-ca-visharad-beedassy-in-mauritius-1480786-2019-03-18। আহৰণ কৰা হৈছে: 2023-08-28. 
  13. "रेखा को जब आया गुस्सा, जड़ दिया आरती छाबड़िया को थप्पड़, घंटोंं रोती रहीं एक्ट्रेस" (hi ভাষাত). News18 हिंदी. 2023-03-15. https://hindi.news18.com/news/entertainment/bollywood-rekha-once-slapped-aarti-chabria-who-got-fame-tumse-achcha-kaun-hai-during-manisha-koirala-movie-lajja-actress-wept-hours-after-shot-5540101.html। আহৰণ কৰা হৈছে: 2023-08-28. 
  14. "Flashback video: On Sets of Kim Sharma, Nakul Kapoor's 2002 movie 'Tum Se Achcha Kaun Hai'". timesofindia.indiatimes.com: পৃষ্ঠা 1. 21 January 2022. https://timesofindia.indiatimes.com/videos/entertainment/hindi/flashback-video-on-sets-of-kim-sharma-nakul-kapoors-2002-movie-tum-se-achcha-kaun-hai/videoshow/89040841.cms?from=mdr. 
  15. (en ভাষাত) Nakul Kapoor and Aarti Chhabria star in their debut film 'Tum Se Achcha Kaun Hai', https://www.youtube.com/watch?v=04nx3oDy8RY, আহৰণ কৰা হৈছে: 2023-07-31 
  16. Telugu, TV9 (2023-05-12). "అప్పట్లో కుర్రకారుకు తెగ నచ్చేసిన 'ఒకరికి ఒకరు' హీరోయిన్‌ గుర్తుందా? ఇప్పుడెలా ఉందో, ఏం చేస్తుందో తెలుసా?" (te ভাষাত). TV9 Telugu. https://tv9telugu.com/entertainment/tollywood/do-you-remember-okariki-okaru-movie-heroine-aarti-chabria-know-how-is-she-and-what-she-is-doing-now-954703.html। আহৰণ কৰা হৈছে: 2023-08-28. 
  17. "Aarti Chhabria is KKK4 Winner". CNN-IBN. Archived from the original on 13 November 2011. https://web.archive.org/web/20111113072025/http://ibnlive.in.com/news/aarti-chhabria-is-khatron-ke-khiladi/169899-44.html। আহৰণ কৰা হৈছে: 4 August 2011. 
  18. "Aarti Chhabria wants to direct film" (en ভাষাত). The Indian Express. 2013-05-28. https://indianexpress.com/article/entertainment/entertainment-others/aarti-chhabria-wants-to-direct-film/। আহৰণ কৰা হৈছে: 2023-08-28. 
  19. Hungama, Bollywood (2016-09-26). "Aarti Chhabria turns director with short film Mumbai Varanasi Express : Bollywood News - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/news/bollywood/aarti-chhabria-turns-director-short-film-mumbai-varanasi-express/। আহৰণ কৰা হৈছে: 2023-07-31. 
  20. "Aarti Chabria turns director with short film Mumbai Varanasi Express" (en ভাষাত). Hindustan Times. 2016-09-26. https://www.hindustantimes.com/bollywood/aarti-chabria-turns-director-with-short-film-mumbai-varanasi-express/story-JoTaDmt6i7iDzzGhNsFd7O.html। আহৰণ কৰা হৈছে: 2023-08-28. 
  21. "Rising Phoenix". https://www.risingp.com. 
  22. "Victorious Mind Power". https://www.victoriousmindpower.com. 
  23. "Weddingwire Perfect Soulmate". 8 March 2022. https://www.weddingwire.in/wedding-tips/actor-&-mindset-strategist-aarti-chabria-talks-about-recognizing-your-soulmate--c11037. 
  24. "Aarti Chabria Founder". https://www.victoriousmindpower.com/about. 
  25. "Aarti Chabria reveals why she went for an arranged marriage" (en ভাষাত). Hindustan Times. 2019-07-19. https://www.hindustantimes.com/bollywood/aarti-chabria-reveals-why-she-went-for-an-arranged-marriage-i-m-glad-i-listened-to-my-parents/story-BVghgvQDIDzxKbAOrJI42O.html। আহৰণ কৰা হৈছে: 2023-08-28.