সমললৈ যাওক

আৰ কে লক্ষ্মণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰ কে লক্ষ্মণ

আৰ কে লক্ষ্মণ
জন্ম ৰাচিপুৰম কৃষ্ণস্বামী লক্ষ্মণ
২৪ অক্টোবৰ, ১৯২১
মহীশূৰ, ব্ৰিটিছ শাসিত ভাৰত (কৰ্ণাটক, ভাৰত)
মৃত্যু ২৬ জানুৱাৰী, ২০১৫ (৯৩ বছৰ)
পুণে, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কাৰ্টুনিষ্ট, চিত্ৰকৰ
জনা যায় "দ্য কমন মেন" কাৰ্টুন
দাম্পত্যসঙ্গী
আত্মীয়-স্বজন আৰ কে নাৰায়ণ (ভ্ৰাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মবিভূষণ
পদ্মভূষণ
ৰমন মেগছেছে বঁটা
স্বাক্ষৰ

ৰাচিপুৰম কৃষ্ণস্বামী লক্ষ্মণ[1] (২৪ অক্টোবৰ ১৯২১ - ২৬ জানুৱাৰী ২০১৫) এজন ভাৰতীয় কাৰ্টুনিষ্ট, চিত্ৰকৰ আৰু ব্যংগ লেখক।[2] দ্য টাইম্‌ছ অৱ ইণ্ডিয়া কাকতত ১৯৫১ চনৰপৰা প্ৰকাশিত তেওঁৰ "ইউ ছেইড ইট" (You Said It) শীৰ্ষক কাৰ্টুন শিতানৰ "দ্য কমন মেন" চৰিত্ৰৰ বাবে তেওঁ বিখ্যাত।[3]

লক্ষ্মণে স্থানীয় বাতৰি কাকত আৰু আলোচনীত অংশকালীন কাৰ্টুনিষ্ট হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মহাবিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ দ্য হিন্দু কাকতত ককায়েক আৰ কে নাৰায়ণৰ গল্পসমূহ ছবিৰে বৰ্ণনা কৰিছিল। মুম্বাইদ্য ফ্ৰী প্ৰেছ জাৰ্ণেলত ৰাজনৈতিক কাৰ্টুনিষ্ট হিচাপে তেওঁ প্ৰথম পূৰ্ণকালীন চাকৰিত সোমায়। পাছলৈ তেওঁ "দ্য টাইম্‌ছ অৱ ইণ্ডিয়া"ত যোগদান কৰে আৰু "দ্য কমন মেন"ৰ বাবে প্ৰখ্যাত হয়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯২১ চনত মহীশূৰত লক্ষ্মণৰ জন্ম হৈছিল।[4] তেওঁৰ দেউতাক এজন প্ৰধান শিক্ষক আছিল আৰু দেউতাকৰ ৬জন ল'ৰাৰ ভিতৰত লক্ষ্মণ আটাইতকৈ সৰু আছিল। তেওঁৰ এগৰাকী ভগ্নীও আছিল।[5][6] তেওঁৰ ককায়েক আৰ কে নাৰায়ণ এজন বিখ্যাত ঔপন্যাসিক। লক্ষ্মণ "Pied Piper of Delhi" নামেৰে জনাজাত আছিল।[7]

সৰুৰেপৰাই তেওঁৰ ছবি অঁকাৰ প্ৰতি আগ্ৰহ আছিল। হাইস্কুলৰ পাছত তেওঁ এই আগ্ৰহক আগবঢ়াই নিবৰ বাবে জে জে স্কুল অৱ আৰ্ট, মুম্বাইত নামভৰ্তিৰ বাবে আবেদন কৰিছিল, কিন্তু তেওঁৰ চিত্ৰ উচ্চমানৰ নহয় বুলি তেওঁৰ আবেদন নাকচ কৰা হৈছিল।[8] তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। এইখিনি সময়ত তেওঁ নিজৰ স্বতন্ত্ৰ (freelance) কলাসুলভ কামসমূহ আগবঢ়াই নিছিল আৰু "স্বৰাজ্য" আলোচনীলৈ আৰু নাৰদ মুনিৰ ওপৰত নিৰ্মিত এখন এনিমেচন চলচ্চিত্ৰলৈ নিজৰ কাৰ্টুন আগবঢ়াইছিল।[9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Ranga Rao (1 January 2006). R.K. Narayan. Sahitya Akademi. পৃষ্ঠা. 11. ISBN 978-81-260-1971-7. http://books.google.com/books?id=Lgs4ebrb6XAC&pg=PA11 আহৰণ কৰা হৈছে: 11 March 2012. Pg.11 in the source says that Laxman & his brother Narayan were Tamil Iyer Brahmins.
  2. Laxman's-eye view Archived 2007-10-10 at the Wayback Machine Frontline Magazine – 18–31 July 1998
  3. "Times of India cartoonist RK Laxman dies after illness". BBC. 26 January 2015. http://www.bbc.com/news/world-asia-30988508 আহৰণ কৰা হৈছে: 27 January 2015.
  4. "The Common Man is still at work". The Hindu. http://www.thehindu.com/arts/art/article2568188.ece.
  5. "RIP RK Laxman: Common Man just lost its first citizen". Rediff.com. http://www.rediff.com/news/report/rip-rk-laxman-common-man-just-lost-its-first-citizen/20150126.htm আহৰণ কৰা হৈছে: 26 January 2015.
  6. Laxman 1998, পৃষ্ঠা 4
  7. "RK Laxman passes away". The Times of India. http://photogallery.indiatimes.com/news/india/rk-laxman-passes-away/articleshow/46025700.cms আহৰণ কৰা হৈছে: 27 January 2015.
  8. Laxman 1998, পৃষ্ঠা 57–60
  9. Laxman 1998, পৃষ্ঠা 66–72

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]