ইতিহাসে সোঁৱৰা ছশটা বছৰ
ইতিহাসে সোঁৱৰা ছশটা বছৰ | |
---|---|
লেখক | সৰ্বানন্দ ৰাজকুমাৰ |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | বুৰঞ্জী |
প্ৰকাশ | ১৯৮০ (প্ৰথম প্ৰকাশ) |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
ইতিহাসে সোঁৱৰা ছশটা বছৰ হৈছে সৰ্বানন্দ ৰাজকুমাৰৰ দ্বাৰা লিখিত এখন অসমীয়া বুৰঞ্জী। ১৯৮০ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত আহোম ৰাজত্বৰ উত্থান-পতনকে ধৰি প্ৰায়বোৰ ঘটনাক্ৰমৰ বিস্তৃত বৰ্ণনা সন্নিৱিষ্ট হৈছে।[1] সৰ্বানন্দ ৰাজকুমাৰৰ পত্নী অমিয়া ৰাজকুমাৰীয়ে বিশেষ গ্ৰন্থখনৰ ৰচনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অষ্টম শ্ৰেণীলৈকেহে পঢ়া অমিয়া ৰাজকুমাৰীয়ে গোটেই গ্ৰন্থখনৰ খচৰা নিজৰ হাতৰ আখেৰেৰে প্ৰতিলিপি কৰিছিল। এই কাম সম্পন্ন কৰাত তেখেতক প্ৰায় দহ বছৰৰ প্ৰয়োজন হৈছিল। নশ পৃষ্ঠাৰ সুবৃহৎ গ্ৰন্থখন তাৰ পিছত তেখেতে নিজৰ ধন খৰচ কৰি ১৯৮০ চনত ছপা কৰিছিল। ২০১৮ চনত অমিয়া ৰাজকুমাৰীৰ দেহাৱসান ঘটে।[2] গ্ৰন্থখন বনলতা প্ৰকাশনে পুনৰ ২০০০ চনত প্ৰকাশ কৰে।[3]
লেখকৰ চমু পৰিচিতি
[সম্পাদনা কৰক]বুৰঞ্জীখনৰ লেখক সৰ্বানন্দ ৰাজকুমাৰৰ জন্ম হৈছিল ১৯০৯ চনত আৰু দেহাৱসান ঘটে ১৯৬৮ চনত।[1]
গ্ৰন্থখনৰ চমু বিৱৰণ
[সম্পাদনা কৰক]গ্ৰন্থখনত মুঠ অধ্যায় ২৫টা। গ্ৰন্থখনত আহোমৰ ইতিহাস, চুকাফাৰ অসম-প্ৰৱেশ, আহোম ৰাজ্য স্থাপন, আহোম-ইংৰাজৰ সম্পৰ্ক, আহোমৰ ৰাজ্য বিস্তাৰ, অসম আৰু আহোম নামৰ উৎপত্তি, আহোম স্বৰ্গদেউসকলৰ হিন্দু ধৰ্ম গ্ৰহণ আদিকে ধৰি আহোম ৰাজত্বৰ প্ৰায়বোৰ ঘটনাৱলী বৰ্ণিত হৈছে।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 বৰুৱা, শান্তনু কৌশিক. "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৯৭. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.
- ↑ ভট্টাচাৰ্য, স্মিতা (৬ মে' ২০১৮). "নীৰৱে গুচি গ’ল ৯৭ বছৰীয়া অমিয়া ৰাজকুমাৰী : বৃহৎ ভূমিকা আছিল ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’-এ প্ৰকাশৰ মুখ দেখাত". ইষ্ট নাও নৰ্থ ইষ্ট নাও. (Web link). সংগ্ৰহ কৰা হৈছে: 20 October 2020.
- ↑ "গ্ৰন্থপঞ্জী". Shodhganga. https://shodhganga.inflibnet.ac.in/bitstream/10603/116119/12/12_backmatter.pdf। আহৰণ কৰা হৈছে: 20 October 2020.