ইৰা সিংঘল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইৰা সিংঘল
সহকাৰী আয়ুক্ত
দিল্লী চৰকাৰ
কাৰ্যকাল
জুন ২০১৬ – বৰ্তমান
ব্যক্তিগত তথ্য
জন্ম ৩১ আগষ্ট, ১৯৮৩ (৪০ বছৰ)
মেৰঠ, উত্তৰ প্ৰদেশভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা প্ৰযুক্তিবিদ্যাৰ স্নাতক, ব্যৱসায় ব্যৱস্থাপনাৰ স্নাতকোত্তৰ
শিক্ষানুষ্ঠান নেতাজী সুভাষ প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়
দিল্লী বিশ্ববিদ্যালয়
পেচা আই এ এছ
প্ৰখ্যাত ২০১৪ চনৰ অসামৰিক সেৱা পৰীক্ষাৰ শীৰ্ষস্থান প্ৰাপ্তকৰ্তা
ইৰা সিংঘল
নিয়োগকৰ্তা ভাৰত চৰকাৰ
সংস্থা দিল্লী চৰকাৰ

ইৰা সিংঘল (ইংৰাজী: Ira Singhal; জন্ম: ৩১ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু কম্পিউটাৰ বিজ্ঞান অভিযন্তা। তেওঁ ২০১৪ বৰ্ষৰ বাবে ইউ পি এছ চিয়ে অনুষ্ঠিত কৰা অসামৰিক সেৱা পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষস্থান লাভ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত নেতাজী সুভাষ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ বিজ্ঞান বিভাগৰ অভিযান্ত্ৰিক প্ৰযুক্তিবিদ্যাৰ স্নাতক আৰু এফএমএছ দিল্লীৰ পৰা ব্যৱসায় ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। সিংঘলে তেওঁৰ চতুৰ্থ প্ৰচেষ্টাত অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল আৰু এই পৰীক্ষাত শীৰ্ষস্থান দখল কৰা প্ৰথম বিশেষভাৱে সক্ষম মহিলা।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৮৩ চনৰ ৩১ আগষ্ট তাৰিখে উত্তৰ প্ৰদেশৰ মেৰঠত ইৰা সিংঘলৰ জন্ম হৈছিল।[2] তেওঁৰ ৰাজেন্দ্ৰ সিংঘল আৰু মাতৃ অনিতা সিংঘলৰ ঘৰত হৈছিল। তেওঁৰ পিতৃ এজন অভিযন্তা আৰু মাতৃ এগৰাকী বীমা উপদেষ্টা। তেওঁ মেৰঠৰ চফিয়া গাৰ্লছ স্কুল আৰু নতুন দিল্লীৰ লৰেটো কনভেণ্ট স্কুলৰ শীৰ্ষস্থান প্ৰাপ্তকৰ্তা সকলৰ ভিতৰত আছিল।[3]

ইৰাৰ স্কোলাইচিছ অৰ্থাৎ মেৰুদণ্ড সম্পৰ্কীয় বিকাৰৰ দ্বাৰা বিকাৰগ্ৰস্ত। ইয়াৰ ফলত তেওঁ নিজৰ বাহুৰ চলাচল ব্যাহত হৈছিল।[2] তেওঁ ধৌলা কুঁৱাৰ আৰ্মি পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে আৰু নেতাজী সুভাষ ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিং অধ্যয়ন কৰে আৰু দিল্লী বিশ্ববিদ্যালয়ৰ মেনেজমেণ্ট ষ্টাডিজ অনুষদৰ পৰা মাৰ্কেটিং এণ্ড ফাইনেন্সত ডুৱেল এমবিএ ডিগ্ৰী লাভ কৰে। তেওঁ ২০১৪-১৫ চনৰ অসামৰিক সেৱা পৰীক্ষাত মুঠ ২,০২৫ নম্বৰৰ ভিতৰত ১,০৮২ নম্বৰ লাভ কৰিছিল আৰু ৫৩.৪৩% নম্বৰেৰে সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষস্থান লাভ কৰিছিল।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁৰ প্ৰথম প্ৰচেষ্টাত ভাৰতৰ অন্যতম আটাইতকৈ কঠিন পৰীক্ষাত উত্তীৰ্ণ হোৱা স্বত্বেও সিংঘলক তেওঁৰ শাৰীৰিক অক্ষমতাৰ বাবে কাৰ্যালয়ত পদত অধিষ্ঠিত হ'বলৈ অনুমতি দিয়া হোৱা নাছিল। কিয়নো কৰ্তৃপক্ষই তাইক 'ঠেলা, টনা আৰু তোলা' কাৰ্যত অক্ষম হোৱাৰ কথা উল্লেখ কৰিছিল। তেওঁক নিযুক্তি দিবলৈ অস্বীকাৰ কৰাৰ মূল কাৰণ আছিল তেওঁৰ স্কোলাইচিছ ৰোগ।[5][6] ২০১২ চনত তেওঁ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণত (চিএটি) গোচৰ ৰুজু কৰে আৰু চাৰি বছৰৰ পিছত জয়লাভ কৰে। ইয়াৰ পিছত তেওঁক ভাৰতীয় ৰাজহ সেৱাত সহকাৰী আয়ুক্ত হিচাপে (চি এণ্ড চিই) পদত নিযুক্তি দিয়া হয়।[7] সিংঘলে ২০১০, ২০১১, ২০১৩ আৰু ২০১৪ চনত অসামৰিক সেৱা পৰীক্ষা দিছিল আৰু প্ৰথম তিনিটা প্ৰচেষ্টাত তেওঁ ভাৰতীয় ৰাজহ সেৱা লাভ কৰিছিল আনহাতে ২০১৫ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ) লাভ কৰিছিল।[8][9]

২০১০ চনত অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতে এমবিএ ডিগ্ৰী অৰ্জন কৰাৰ পিছত তেওঁ কেডবেৰী ইণ্ডিয়াত ষ্ট্ৰেটেজি মেনেজাৰ আৰু কোকা-কোলা কোম্পানীত মাৰ্কেটিং ইণ্টাৰ্ন হিচাপে কাম কৰিছিল। তেওঁ এবছৰৰ বাবে স্পেনিছ ভাষা শিকিছিল। তেওঁ ২০১৬ চনৰ জুন মাহৰ পৰা দিল্লী চৰকাৰত সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত।

তেওঁ ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ৰ বিকলাঙ্গতা বিভাগৰ ব্ৰেণ্ড এম্বেচেডৰ।[10] তেওঁ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় আৰু নীতি আয়োগৰ ব্ৰেণ্ড এম্বেচেডৰসকলৰ ভিতৰত অন্যতম। তেওঁ ভাৰতৰ নিৰ্বাচন আয়োগৰ সুগম নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় পেনেলত অন্তৰ্ভুক্ত আছিল। তেওঁ বিকলাঙ্গ শিশুৰ সন্দৰ্ভত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চিবিএছই) পৰীক্ষা নীতিৰ ডিজাইনিংৰ অংশ হিচাপে সেৱা আগবঢ়াইছে।

সক্ৰিয়তা[সম্পাদনা কৰক]

তেওঁ আইআইএম আৰু আইআইটিকে ধৰি দেশৰ ৫০০ তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় সন্মিলন, উদ্যোগ মঞ্চ, বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শীৰ্ষ প্ৰতিষ্ঠানত শিক্ষা, বিকলাঙ্গতা, লিংগ সমস্যা, দক্ষতা বিকাশ, কেৰিয়াৰ পৰামৰ্শ আদিৰ দৰে বিস্তৃত বিষয়ত বক্তা হিচাপে আমন্ত্ৰিত হৈছে। তেওঁ বিভিন্ন সামাজিক কাৰণত কাম কৰি আহিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে প্ৰতিবন্ধী ব্যক্তিসকলৰ সবলীকৰণ, ট্ৰান্সজেণ্ডাৰ সম্প্ৰদায়ৰ সবলীকৰণ আৰু প্ৰচাৰ, মহিলা সবলীকৰণ, শিশু শ্ৰমিক আৰু বাল্য বিবাহ প্ৰতিৰোধ, সেউজভূমিৰ অবৈধ ৰূপান্তৰ প্ৰতিৰোধ, সেউজ শক্তিৰ প্ৰচাৰ, দক্ষতা বিকাশ, মানসিক স্বাস্থ্যৰ প্ৰচাৰ আৰু খাদী আৰু থলুৱা কাপোৰৰ প্ৰচাৰ। তেওঁ উত্তৰ দিল্লী জিলাৰ আলিপুৰৰ এছডিএম (উপ-বিভাগীয় দণ্ডাধীশ) হিচাপে প্ৰথম নিযুক্তি লাভ কৰাৰ ১ বছৰৰ ভিতৰত প্ৰায় ৩৪০টা শিশু আৰু বন্ধকী শ্ৰমিকক উদ্ধাৰ কৰে আৰু তেওঁলোকক তেওঁলোকৰ পৰিয়াললৈ পুনৰুদ্ধাৰ কৰে। দিল্লীৰ চৰকাৰী কাৰ্যালয়ত এজন ট্ৰান্সজেণ্ডাৰ ব্যক্তিক পূৰ্ণ-সময়ৰ চাকৰি দিয়া তেওঁ প্ৰথম ব্যক্তি।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁ ২০১৫ চনত ইণ্ডিয়া টুডেজ ৱমেন অফ দা ইয়েৰ বঁটা লাভ কৰিছিল। আইএএছ প্ৰশিক্ষণত শীৰ্ষস্থান দখল কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ সোণৰ পদক আৰু ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা ফাৰ্ষ্ট লেডীজ অফ ইণ্ডিয়া বঁটা লাভ কৰিছিল। তেওঁৰ নাম লিমকা বুক অফ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত কৰা হৈছে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "A great moment for me and my family, says Ira Singhal". The Hindu. 2015-07-04. ISSN 0971-751X. http://www.thehindu.com/news/national/ira-singhal-tops-upsc-exam/article7386497.ece. 
  2. 2.0 2.1 "Not eligible to be sweeper, but I'm IAS officer: UPSC topper Ira". Hindustan Times. 4 July 2015. http://www.hindustantimes.com/education/not-eligible-to-be-sweeper-but-i-m-ias-officer-upsc-topper-ira/story-SS8xF9eu9m9SQ7CHBzRGrN.html। আহৰণ কৰা হৈছে: 2015-10-11. 
  3. Gupta, Srishti (6 July 2015). "How Ira Singhal overcame the odds to top the civil services exams" (en ভাষাত). mint. https://www.livemint.com/Politics/7YeMJjJXVvLir8eIr0ghYI/How-Ira-Singhal-overcame-the-odds-to-top-the-civil-services.html. 
  4. "Ira Singhal IAS Topper Rank 1 Interview, Profile, Family and Marriage" (en-US ভাষাত). IAS Paper. 2017-10-26. 
  5. "First physically challenged woman to top IAS, Ira Singhal tells how her disability was never an excuse: How I made it". indiatoday.intoday.in. Archived from the original on 2017-11-02. https://web.archive.org/web/20171102083755/http://indiatoday.intoday.in/education/story/ias-topper-interview/1/663575.html। আহৰণ কৰা হৈছে: 2017-10-28. 
  6. "Meet 2014 UPSC topper Ira Singhal, who was earlier barred from civil services due to her disability - Firstpost". firstpost.com. 7 July 2015. http://www.firstpost.com/living/rejected-an-ias-posting-in-2010-physically-challenged-ira-singhal-tops-2015-upsc-exam-2327524.html। আহৰণ কৰা হৈছে: 15 November 2015. 
  7. "A Special Victory: This Woman Just Topped India's Toughest Exam Beating Disability And Discrimination". The Huffington Post. 4 July 2015. http://www.huffingtonpost.in/2015/07/04/upsc-exam-results-2014-ir_n_7726206.html। আহৰণ কৰা হৈছে: 2015-10-11. 
  8. "Ira Singhal". supremo.nic.in. https://supremo.nic.in/ERSheetHtml.aspx?OffIDErhtml=26105&PageId=। আহৰণ কৰা হৈছে: 2016-08-12. 
  9. "IRA SINGHAL CSE 2014, AIR 1 has a Lesson You Must Learn". chanakyaiasacademyblog.wordpress.com. 25 April 2017. https://chanakyaiasacademyblog.wordpress.com/2017/04/25/ira-singhal-cse-2014-air-1-has-a-lesson-you-must-learn/। আহৰণ কৰা হৈছে: 2017-04-27. 
  10. "IAS topper to be brand ambassador for disability | India News - Times of India". https://timesofindia.indiatimes.com/india/IAS-topper-to-be-brand-ambassador-for-disability/articleshow/47996825.cms.