সমললৈ যাওক

উজৰা বাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উজৰা বাট
জন্ম উজৰা মুমতাজ
২২ মে', ১৯১৭
ৰামপুৰ, ৰামপুৰ ষ্টেট, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ উত্তৰ প্ৰদেশ)
মৃত্যু ৩১ মে', ২০১০ (৯৩ বছৰ)
লাহোৰ, পাঞ্জাব, পাকিস্তান
ৰাষ্ট্ৰীয়তা পাকিস্তানী
পেচা মঞ্চ অভিনেত্ৰী, নৃত্যশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৩৭-২০০৮
দাম্পত্যসঙ্গী হামিদ বাট
আত্মীয়-স্বজন জোহৰা ছেহগল
জোহৰা ছেহগল আৰু উজৰা বাট, উদয় শংকৰৰ বেলে ট্ৰুপ, (১৯৩৫-৩৭)

উজৰা বাট (ইংৰাজী: Tripti Mitra; জন্ম: মুমতাজ; ২২ মে’ ১৯১৭- ৩১ মে’ ২০১০) ভাৰতীয় উপমহাদেশৰ এগৰাকী নাট্য ব্যক্তিত্ব।[1] ১৯৬৪ চনত তেওঁ পাকিস্তানলৈ গুছি যায়। ভাৰততে বাস কৰা তেওঁৰ ভনীয়েক জোহৰা ছেহগলে উজৰা পাকিস্তানলৈ গুছি যোৱা কথাটো অলপো ভাল পোৱা নাছিল।

১৯৩৭ চনৰ পৰা আৰম্ভ কৰি সামাজিক বাধা নেওচি তেওঁ আৰু ভনীয়েক জোহৰাই উদয় শংকৰৰ বেলে কোম্পানীত অভিনেত্ৰী আৰু নৃত্যশিল্পী হিচাপে যোগদান কৰে আৰু ইউৰোপ আৰু আমেৰিকা ভ্ৰমণ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাত যেতিয়া ভ্ৰমণৰ অন্ত পৰাত তেওঁ ভাৰতীয় গণনাট্য সংঘত যোগদান কৰে। ১৯৪০ আৰু ১৯৫০ৰ দশকটোত তেওঁ পৃথ্বী থিয়েটাৰৰ মূল মহিলা শিল্পী আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

উত্তৰ প্ৰদেশৰ ৰামপুৰৰ উজৰা মুমতাজ নামেৰে তেওঁৰ জন্ম হৈছিল। দেউতাৰ নাম আছিল মুমতাজুল্লা খান আৰু মাকৰ নাম নাটিকুৱা বেগম। তেওঁলোক আছিল ৰোহিল্লা পাথান সম্প্ৰদায়ৰ।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৩৭ চনত উদয় শংকৰৰ বেলে কোম্পানীত মঞ্চ জীৱন আৰম্ভ কৰে আৰু ১৯৪০ আৰু ৫০ দশকত পৃথ্বী থিয়েটাৰৰ শীৰ্ষৰ মহিলা শিল্পী হিচাপে কাম কৰে।[2]

উদয় শংকৰৰ বেলে দলত নৃত্যশিল্পী হিচাপে যোগদান কৰাৰ লগতে ১৯৪৪ চনত অভিনেত্ৰী হিচাপে ভাৰতীয় গণনাট্য সংঘলৈ যোৱাৰ পূৰ্বে নৃত্যৰ শিক্ষাও দিছিল। ইয়াত খাজা আহমদ আব্বাছে তেওঁক জুবেদা নাটকৰ মুখ্য চৰিত্ৰৰ বাবে বাচনি কৰিছিল। পৃথ্বীৰাজ কাপুৰে তেওঁৰ অভিনয়ত আপ্লুত হৈ তেওঁক নিজৰ মুখ্য নায়িকা হিচাপে বাছি লয় আৰু ভনীয়েক জোহৰাইও তেওঁৰ লগত যোগ দিয়ে। আগন্তুক বছৰবোৰত পৃথ্বী থিয়েটাৰৰ প্ৰডাকচনত পৃথ্বীৰাজ কাপুৰৰ বিপৰীতে মূল চৰিত্ৰত অভিনয় কৰিছিল। ১৯৪৪ চনত শকুন্তলাত তেওঁ নায়িকাৰ চৰিত্ৰত অভিনয় কৰে। কিষাণতো তেওঁ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰে, যিখন নাটক সমগ্ৰ ভাৰতৰ ১০০খন চহৰ-নগৰত মঞ্চস্থ হৈছিল। উজৰা বাট পৃথ্বী থিয়েটাৰৰ কলা পৰিচালক আছিল আৰু ১৯৬০ চনলৈকে, বন্ধ নোহোৱালৈকে তেওঁ পৃথ্বী থিয়েটাৰতে কাম কৰিছিল।[2]

১৯৬৪ চনত স্বামী হামিদ বাটৰ সৈতে পাকিস্তানলৈ প্ৰব্ৰজন কৰে। ৰাৱালপিণ্ডিত নৃত্য দল গঠন কৰি সময়ে সময়ে মঞ্চ আৰু টেলিভিছনত অভিনয় কৰিছিল। তাৰোপৰি তেওঁ পাকিস্তান নেচনেল কাউন্সিল অৱ দ্য আৰ্টছলৈও সেৱা আগবঢ়াইছিল।

পিছলৈ লাহোৰলৈ গুচি আহি ১৯৮৫ চনৰ অক্টোবৰ মাহত আজোকা থিয়েটাৰত যোগদান কৰে। তেওঁৰ উদ্বোধনী দলীয় অভিনয় আছিল চাক চক্কৰ আৰু তাৰ পিছত তেওঁ বাৰী, দুখ দৰিয়া, তাকে দা তামাছা, তলিস্মতি তাতা, তিচৰী দস্তক, কালী ঘটা, অঁধুৰী আৰু সুৰক গুলাবান দা মৌচম নাটত অভিনয় কৰে। তেওঁ দলটোৰ নেতৃত্ব বহন কৰিছিল।[3] ১৯৯৩ চনত ভগ্নী জোহৰা ছেহগলৰ সৈতে আইক থি নানীত অভিনয় কৰি চল্লিশ বছৰৰ বিৰতিৰ পিছত পুনৰ অভিনয় আৰম্ভ কৰে। তেওঁলোকে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছিল তেওঁলোকৰ নাতিনী ছামিয়া মুমতাজ আৰু ভতিজী ছালিমা ৰাজা। ২০০৩ চনত লাহোৰত উন্মোচন কৰা এই নাটকখনে ভাৰত, পাকিস্তান আৰু ব্ৰিটেইন ভ্ৰমণ কৰে। লগতে ২০০৪ চনত পৃথ্বী থিয়েটাৰতো মঞ্চস্থ কৰা হয়।[1][4][5] উজৰাক ১৯৯৪ চনত উৰ্দু নাটকৰ শিতানত সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়; অনুশীলনকাৰী শিল্পীসকলক প্ৰদান কৰা এইটো ভাৰতৰ সৰ্বোচ্চ স্বীকৃতি।[6]

তেওঁৰ শেষ মঞ্চ অভিনয় আছিল ২০০৮ চনত। পাকিস্তানৰ লাহোৰত ৯৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]