ঋতুস্ৰাৱৰ ছুটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঋতুস্ৰাৱৰ ছুটী (ইংৰাজী: Menstrual leave) হ’ল ঋতুস্ৰাৱৰ সময়ত ল'ব পৰা ছুটী৷ ঋতুস্ৰাৱৰ সময়ছোৱাত মহিলাগৰাকীয়ে কামলৈ যাব নোৱাৰিলে তেওঁ নিজৰ কৰ্মসংস্থাপনৰ পৰা বৈতনিক বা অবৈতনিকভাৱে এনে ছুটী ল'ব পাৰে।[1][2] বিগত সময়ছোৱাত ঋতুস্ৰাৱৰ ছুটীৰ ধাৰণাটোৱে পুৰুষসমাজত কিছু বিতৰ্কৰ সৃষ্টি কৰি আহিছে৷ এনে নীতি প্ৰণয়ন কৰা দেশো অতি কম। এনে দেশসমূহত ঋতুস্ৰাৱৰ ছুটী গ্ৰহণ কৰা মহিলাৰ সংখ্যা বৰ বেছি নহয়[3][4][5]৷ ঋতুস্ৰাৱৰ নীতিৰ সমৰ্থকসকলে এনে ছুটীক প্ৰসূতি ছুটীৰ সৈতে তুলনা কৰে আৰু ইয়াক লিংগ সমতাৰ প্ৰসাৰকৰ মৰ্যাদা দিয়ে।[6]

পৃষ্ঠভূমি[সম্পাদনা কৰক]

কিছুমান মহিলাই ডিছমেন'ৰিয়া (Dysmenorrhea) নামৰ শাৰীৰিক অৱস্থাৰ সন্মুখীন হয় যিয়ে ঋতুস্ৰাৱৰ সময়ত বিষৰ সৃষ্টি কৰে।[7] ৯০% মহিলাৰ ক্ষেত্ৰতেই ঋতুস্ৰাৱে দৈনন্দিন কাৰ্যকলাপ কৰাত বাধাৰ সৃষ্টি নকৰে যদিও তেওঁলোকে ঋতুস্ৰাৱৰ পূৰ্বে কিছুমান সমস্যাৰ মুখামুখি হোৱা বুলি ক’ব খোজে। লক্ষণসমূহে ২০–৩০% মহিলাৰ স্বাভাৱিক জীৱনত বাধা দিয়ে, যাক প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰম বুলি কোৱা হয়। ৩–৮% লোকৰ ক্ষেত্ৰত লক্ষণসমূহ গুৰুতৰ।[8] প্ৰিমেনষ্ট্ৰুৱেল ডিছফ'ৰিক ডিছঅৰ্ডাৰ (PMDD) হৈছে প্ৰিমেনষ্ট্ৰুৱেল চিনড্ৰমৰ এটা গুৰুতৰ আৰু অক্ষমতাপূৰ্ণ ৰূপ যিয়ে ১.৮–৫.৮% ঋতুস্ৰাৱী মহিলাক আক্ৰান্ত কৰে।[9]

ইতিহাস[সম্পাদনা কৰক]

২০ শতিকাৰ শেষান্তত, ৰাছিয়াৰ কিছুমান চাকৰি খণ্ডত ঋতুস্ৰাৱৰ সময়ত ছুটীৰ নীতি প্ৰয়োগ কৰা হৈছিল৷ কিন্তু এই কাৰ্যকৰীকৰণে মহিলা শ্ৰমিকৰ বিৰুদ্ধে বৈষম্যৰ সৃষ্টি কৰে আৰু ১৯২৭ চনত এই নীতি বৰ্জন কৰা হয়।[1]

দক্ষিণ ভাৰতৰ কেৰালাৰ এখন ছোৱালী বিদ্যালয়ে ১৯১২ চনৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক ঋতুস্ৰাৱৰ ছুটী দিছিল।[10]

১৯২০ চনত জাপানী শ্ৰমিক সংঘই নিজৰ মহিলা শ্ৰমিকৰ বাবে ছুটীৰ (seiri kyuka) দাবী কৰিবলৈ আৰম্ভ কৰে। ১৯৪৭ চনত জাপানীজ লেবাৰ ষ্টেণ্ডাৰ্ডছৰ দ্বাৰা ঋতুস্ৰাৱী মহিলাসকলে কামৰ পৰা দিনত ছুটী লোৱাৰ অনুমতি আইন বলবৎ কৰা হয়। অৱশ্যে ই চিকিৎসাৰ প্ৰয়োজনীয়তা নে বৈষম্যমূলক ব্যৱস্থা-সেই সম্পৰ্কে বিতৰ্ক অব্যাহত আছে।[11][12][13]

প্ৰত্যাহ্বান[সম্পাদনা কৰক]

ঋতুস্ৰাৱৰ ছুটীৰ লগত কিছুমান অপবাদ জড়িত হৈ আছে। লেভিট আৰু বাৰ্নাক-টাভলাৰিছ (২০২০)ৰ মতে ঋটুস্ৰাৱৰ ছুটীয়ে কু-সংস্কাৰক প্ৰতিহত কৰি ঋতুস্ৰাৱৰ চিকিৎসাক আৰু অধিক আগুৱাই নিব পাৰে।[2] ছুটী ল’বলৈ হ’লে মহিলাগৰাকীয়ে পুৰুষ মেনেজাৰজনক সেই বিষয়ে ক'ব লাগিব-যিটো মহিলাগৰাকীৰ মতে এক ব্যক্তিগত বিষয়। ই নাৰীক পুৰুষতকৈ কম সক্ষম বুলি চিত্ৰিত কৰিব পাৰে আৰু তাৰেই পৰিণতিত নাৰীৰ বিৰুদ্ধে অধিক বৈষম্যৰো সৃষ্টি হ'ব পাৰে। এই অপবাদ আঁতৰাবলৈ এটা পৰামৰ্শ হৈছে: সৰ্বলিংগ লোকৰ বাবে অতিৰিক্ত চিকিৎসাৰ ছুটী প্ৰদান কৰা।[14]

ঠাই অনুসৰি[সম্পাদনা কৰক]

এছিয়া[সম্পাদনা কৰক]

ইণ্ডোনেছিয়াত ২০০৩ চনৰ ১৩ নং শ্ৰমিক আইন অনুসৰি মহিলাসকলৰ প্ৰতিমাহে দুদিন ঋতুস্ৰাৱৰ ছুটী লোৱাৰ অধিকাৰ আছে যদিও এইবোৰ অতিৰিক্ত ছুটী নহয়।[15]

১৯৪৭ চনৰ পৰা জাপানত শ্ৰম মানদণ্ড আইনখনৰ ৬৮ নং অনুচ্ছেদত কোৱা হৈছে যে "যেতিয়া এগৰাকী মহিলাৰ বাবে ঋতুস্ৰাৱৰ সময়ত কাম কৰাটো বিশেষভাৱে কঠিন হ'ব, তেতিয়া নিয়োগকৰ্তাই ঋতুস্ৰাৱৰ দিনত এনে মহিলাক কৰ্মত নিয়োগ কৰিব নোৱাৰিব।" [16][17] জাপানৰ আইন অনুসৰি বিশেষভাৱে জটিল ঋতুস্ৰাৱৰ সময়ছোৱাত মহিলাক ছুটী ল'বলৈ দিয়া হৈছে যদিও ঋতুস্ৰাৱৰ সময়ত কাম কৰিবলৈ বাছি লোৱা মহিলাসকলক কোম্পানীয়ে দৰমহাযুক্ত ছুটী বা অতিৰিক্ত দৰমহা প্ৰদান কৰাটো বাধ্যতামূলক নহয়।

দক্ষিণ কোৰিয়াত মহিলা কৰ্মচাৰীসকলে শ্ৰম মানদণ্ড আইনৰ ৭১ নং অনুচ্ছেদ অনুযায়ী ঋতুস্ৰাৱৰ ছুটীৰ অধিকাৰী৷[18] যদি তেওঁলোকে প্ৰাপ্য ঋতুস্ৰাৱৰ ছুটী গ্ৰহণ নকৰে তেন্তে অতিৰিক্ত দৰমহা পায়।[19]

টাইৱানৰ নিয়োগ ক্ষেত্ৰত লিংগ সমতাৰ আইন[20]য়ে মহিলাসকলক প্ৰতি বছৰে তিনিদিন "ঋতুস্ৰাৱৰ ছুটী" প্ৰদান কৰে৷ এই ছুটী "সাধাৰণ অসুস্থতাৰ ছুটী"ৰ (common sick leave) ৩০ দিনৰ ভিতৰত গণনা কৰা নহয়৷ এইদৰে টাইৱানৰ মহিলা এগৰাকীয়ে বছৰটোত ৩৩ দিন স্বাস্থ্য-সম্বন্ধীয় ছুটী লাভ কৰে। ৩০ বছৰ অতিক্ৰম কৰা মহিলাগৰাকীয়ে অতিৰিক্ত তিনিদিনৰ বাবে সম্পূৰ্ণ দৰমহা লাভ কৰে৷[21]

ইউৰোপ[সম্পাদনা কৰক]

ইউৰোপস্পেইনত ৰাষ্ট্ৰীয় পৰ্যায়ত ঋতুস্ৰাৱৰ ছুটী দিয়া হয় (২০২৩ চন পৰ্যন্ত)।[22] ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা স্পেইনে প্ৰতিমাহে তিনিৰ পৰা পাঁচ দিনৰ দৰমহাযুক্ত ঋতুস্ৰাৱৰ ছুটীৰ ব্যৱস্থা কৰিছে।

২০১৭ চনত ইটালীৰ সংসদে ঋতুস্ৰাৱৰ ছুটীৰ নীতি প্ৰৱৰ্তনৰ কৰে৷ এই ছুটীৰ প্ৰস্তাৱে ইউৰোপত বিতৰ্কৰ সৃষ্টি কৰে৷ বিতৰ্কৰ মতে, ঋতুস্ৰাৱৰ স্বাস্থ্যই কৰ্মশক্তিৰ মহিলাসকলক প্ৰভাৱিত কৰে। এই বিধেয়কখনে তীব্ৰ ঋতুস্ৰাৱৰ জটিলতাত ভুগি থকা মহিলাসকলক তেওঁলোকৰ কোম্পানীয়ে তিনিদিনৰ দৰমহাযুক্ত ছুটী দিয়াৰ নীতি প্ৰৱৰ্তন কৰিলেহেঁতেন ৷ পিছে নীতি প্ৰণয়ন কৰা নহ'ল।[1]

আফ্ৰিকা[সম্পাদনা কৰক]

জাম্বিয়াত ২০১৫ চনৰ পৰা মহিলাসকলে প্ৰতিমাহে ঋতুস্ৰাৱৰ সময়ত ছুটী লাভ কৰাৰ আইনগত অধিকাৰ আছে, যাক "মাতৃ দিৱস" বুলি জনা যায়।[23] যদি কোনো মহিলা কৰ্মচাৰীক এই প্ৰাপ্যৰ পৰা বঞ্চিত কৰা হয়, তেন্তে তেওঁ নিজৰ নিয়োগকৰ্তাৰ বিৰুদ্ধে গোচৰ তঁৰিব পাৰে।

কৰ্পৰেট নীতি[সম্পাদনা কৰক]

ব্ৰিষ্টলৰ কমিউনিটি ইণ্টাৰেট ফাৰ্ম ক’এক্সিষ্টে মহিলাসকলক অধিক নমনীয়তা আৰু সুস্থ কৰ্ম পৰিৱেশ দিয়াৰ উদ্দেশ্যে “পিৰিয়ড পলিচি” প্ৰৱৰ্তন কৰে। ঋতুস্ৰাৱজনিত অপবাদ আৰু নিষেধাজ্ঞা বৰ্জন কৰাৰ উদ্দেশ্যে নীতি প্ৰৱৰ্তন কৰা Coexist যুক্তৰাজ্যৰ প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হয়।[24]

Nike-এ য’তেই কাম কৰে তাতেই ঋতুস্ৰাৱৰ ছুটীক সমৰ্থন কৰে বুলি বহুলভাৱে প্ৰকাশ কৰিছে যদিও এই নীতিক সংবাদ মাধ্যমে ভুলকৈ উপস্থাপন কৰিছে৷ Nike-এ য'ত কাম কৰে তাত তেওঁলোকে স্থানীয় শ্ৰম আইনহে অনুসৰণ কৰে।[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 King S. (2021) Menstrual Leave: Good Intention, Poor Solution. In: Hassard J., Torres L.D. (eds) Aligning Perspectives in Gender Mainstreaming. Aligning Perspectives on Health, Safety and Well-Being. Springer, Cham. doi:10.1007/978-3-030-53269-7_9 “The code's reference to menstrual leave was misinterpreted by the media as meaning 'all female NIKE employees are entitled to paid time off work for menstruation' (e.g. Shipley, 2016).”
  2. 2.0 2.1 "Chapter 43: Addressing Menstruation in the Workplace: The Menstrual Leave Debate". The Palgrave Handbook of Critical Menstruation Studies. Palgrave Macmillan. 2020. doi:10.1007/978-981-15-0614-7_43. ISBN 978-981-15-0614-7. PMID 33347190. https://www.ncbi.nlm.nih.gov/books/NBK565643/. 
  3. Iuliano, Sarah (4 August 2013). "Menstrual leave: delightful or discriminatory?". 5 August 2013. Lip Magazine. Archived from the original on 27 March 2019. https://web.archive.org/web/20190327090204/http://lipmag.com/culture/menstrual-leave-delightful-or-discriminatory/। আহৰণ কৰা হৈছে: 3 January 2014. 
  4. Price, Catherine (11 October 2006). "Should women get paid menstruation leave?". Salon. http://www.salon.com/2006/10/11/menstruation_4/. 
  5. "Italy debates paid 'menstrual leave' but experts warn it could increase gender bias at work". Global News. https://globalnews.ca/news/3343102/menstrual-leave-women-gender-bias-workplace/. 
  6. "Policy Brief: Women and Menstruation in the EU" (en-GB ভাষাত). Eurohealth. 2018-03-07. https://eurohealth.ie/policy-brief-women-and-menstruation-in-the-eu/। আহৰণ কৰা হৈছে: 2019-03-26. 
  7. Khan, Khalid; Champaneria, Rita; Latthe, Pallavi (2012-02-15). "Dysmenorrhea" (en ভাষাত). American Family Physician খণ্ড 85 (4): 386–387. ISSN 0002-838X. https://www.aafp.org/afp/2012/0215/p386.html. 
  8. "Premenstrual syndrome and premenstrual dysphoric disorder". American Family Physician খণ্ড 84 (8): 918–24. October 2011. PMID 22010771. 
  9. Diagnostic and Statistical Manual of Mental Disorders (5th সম্পাদনা). প্ৰকাশক Arlington, VA: American Psychiatric Association. 2013. পৃষ্ঠা. 625.4.  Code: 625.4 (N94.3)
  10. "A Kerala School Granted Period Leave 105 Years Ago". NDTV. 20 August 2017. Retrieved 20 August 2017.
  11. JSTOR (1995). "Japan's 1986 Equal Employment Opportunity Law and the Changing Discourse on Gender". Signs খণ্ড 20 (2): 268–302. doi:10.1086/494975. https://scholarcommons.scu.edu/cgi/viewcontent.cgi?article=1100&context=history. 
  12. Matchar, Emily (May 16, 2014). "Should Paid 'Menstrual Leave' Be a Thing?". The Atlantic. https://www.theatlantic.com/health/archive/2014/05/should-women-get-paid-menstrual-leave-days/370789/. 
  13. Lampen, Claire. "Can 'period leave' ever work?". www.bbc.com. https://www.bbc.com/worklife/article/20170908-can-period-leave-ever-work. 
  14. Julia Hollingsworth. "Should women be entitled to period leave? These countries think so". CNN. https://www.cnn.com/2020/11/20/business/period-leave-asia-intl-hnk-dst/index.html। আহৰণ কৰা হৈছে: 2020-11-22. 
  15. Govt. of Indonesia. "Labour Act". Archived from the original on 2011-10-04. https://web.archive.org/web/20111004064721/http://www.niew.gov.my/niew/en/download/doc_download/324-labour-act। আহৰণ কৰা হৈছে: 2024-03-14. 
  16. International Labour Organization. "National Labour Law Profile: Japan". http://www.ilo.org/public/english/dialogue/ifpdial/info/national/jp.htm. 
  17. asianfoodworker. "Comparison of the Japanese Laws and Model CBA of UI ZENSEN on Maternity Protection". http://www.asianfoodworker.net/maternity/UIZensen-model-CBA.pdf। আহৰণ কৰা হৈছে: 2011-06-13. 
  18. International Labour Organization. "National Labour Law Profile: Japan". http://www.ilo.org/public/english/dialogue/ifpdial/info/national/kor.htm. 
  19. joongangdaily. "Once again, court orders menstrual leave payout". http://joongangdaily.joins.com/article/view.asp?aid=2885715. 
  20. "Law Source Retrieving System Labor Laws And Regulations-Act of Gender Equality in Employment(103.12.11)". laws.mol.gov.tw. https://laws.mol.gov.tw/Eng/EngContent.aspx?msgid=469। আহৰণ কৰা হৈছে: 2022-09-12. 
  21. The China Post. "Gender equality in employment act revised". http://www.chinapost.com.tw/taiwan/national/national-news/2013/11/27/394603/Gender-equality.htm. 
  22. Masih, Niha (2023-02-17). "Need time off work for period pain? These countries offer 'menstrual leave.'". Washington Post. https://www.washingtonpost.com/world/2023/02/17/spain-paid-menstrual-leave-countries/. 
  23. "The country where all women get time off for being on their period" (en ভাষাত). The Independent. 2017-01-04. http://www.independent.co.uk/news/world/africa/zambia-period-day-off-women-menstruation-law-gender-womens-rights-a7509061.html। আহৰণ কৰা হৈছে: 2019-03-31. 
  24. "A company is giving its female staff 'period leave'" (en ভাষাত). The Independent. 2016-03-01. http://www.independent.co.uk/life-style/health-and-families/period-leave-menstruation-work-employment-uk-women-a6905426.html। আহৰণ কৰা হৈছে: 2019-03-31.