এফ্ৰো-ইউৰেছিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এফ্ৰো-ইউৰেছিয়া
মাটিকালি ৮,৪৯,৮০,৫৩২ বৰ্গ কিমি
জনসংখ্যা ৫.৭ বিলিয়ন

এফ্ৰো-ইউৰেছিয়া[1] (ইংৰাজী: Afro-Eurasia) বা এফ্ৰেছিয়া[2] বা ইউৰেফ্ৰেছিয়া[2] শব্দক পৃথিৱীৰ সৰ্ববৃহৎ ভূ-খণ্ডক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক এক অতিমহাদেশ বুলিব পাৰি। এফ্ৰো-ইউৰেছিয়া আফ্ৰিকা আৰু ইউৰেছিয়া মহাদেশক লৈ গঠিত। ইউৰেছিয়াক আকৌ এছিয়া আৰু ইউৰোপ মহাদেশত ভাগ কৰা হৈছে।

এফ্ৰো-ইউৰেছিয়া ভূ-খণ্ডৰ মাটিকালি ৮,৪৯,৮০,৫৩২ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ৫.৭ বিলিয়ন, যি পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮৫%।[3]

এই ভূ-খণ্ডক পুৰণা পৃথিৱী (ইংৰাজী: Old World) বুলিও জনা যায়। ইয়াৰ বিপৰীতে আমেৰিকানতুন পৃথিৱী (ইংৰাজী: New World) বুলা হয়।

ভৌগোলিক অঞ্চলসমূহ[সম্পাদনা কৰক]

  • আফ্ৰিকা
    • মধ্য আফ্ৰিকা
    • পূৱ আফ্ৰিকা
    • আফ্ৰিকা শিং
    • উত্তৰ আফ্ৰিকা
    • আফ্ৰিকাৰ দক্ষিণাঞ্চল
    • পশ্চিম আফ্ৰিকা
  • ইউৰেছিয়া
    • ইউৰোপ
      • মধ্য ইউৰোপ
      • পূৱ ইউৰোপ
      • উত্তৰ ইউৰোপ
      • দক্ষিণ ইউৰোপ
      • পশ্চিম ইউৰোপ
    • এছিয়া
      • মধ্য এছিয়া
      • পূৱ এছিয়া
      • উত্তৰ এছিয়া
      • দক্ষিণ এছিয়া
      • দক্ষিণ-পূৱ এছিয়া
      • দক্ষিণ-পশ্চিম এছিয়া

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Frank, Andre G. (1998), ReORIENT: Global Economy in the Asian Age, University of California Press, ISBN 978-0-520-21474-3 
  2. 2.0 2.1 For example, Henry Field uses both terms in The University of California African Expedition: I, Egypt. American Anthropologist, New Series, Vol. 50, No. 3, Part 1 (Jul. - Sep., 1948), pp. 479-493.
  3. Based upon population estimates for 2007 cited in a UN report, World Population Prospects: The 2006 Revision (Highlights).