এমিবা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এমিবা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Eukaryota
Cavalier-Smith 1998
জগৎ/ৰাজ্য: Protozoa
Cavalier-Smith 2002a, 2003a
পৰ্ব: Amoebozoa
উপপৰ্ব: Lobosa
শ্ৰেণী: Tubulinea
উপশ্ৰেণী: Sarcodina
বৰ্গ: Tubulinida
পৰিয়াল: Amoebidae
গণ: Amoeba
Bory de Saint-Vincent, 1822
Species
  • Amoeba gorgonia Pen.
  • Amoeba limicola Rhumb
  • Amoeba proteus Pal.
  • Amoeba vespertilio Pen.

এমিবা (ইংৰাজী: Amoeba) শব্দটো গ্ৰীক ভাষাৰ "এম'বি" (amoibe) শব্দৰপৰা আহিছে,যাৰ অৰ্থ হ'ল "পৰিৱৰ্তন"৷ ১৭৫৫ চনত ৰ'ছেল ফন ৰ'ছিনহফ (Rossel von Rosenhoff) এ এমিবা আৱিষ্কাৰ কৰে৷ এমিবা এককোষী আৰু মুক্তভাৱে জীৱন-যাপন কৰা আদ্যপ্ৰাণী৷ এই প্ৰাণীবোৰ প্ৰাণীজগতৰ আটাইতকৈ নিম্নখাপৰ প্ৰাণী৷ ইহঁতৰ দেহ অলপ প্ৰ'ট'প্লাজমৰ দ্বাৰা গঠিত৷ মাত্ৰ এটা কোষৰ দ্বাৰা গঠিত হ'লেও এমিবাই শ্বসন,পুষ্টি,ৰেচন,প্ৰজনন আদি যাৱতীয় জৈৱিক-কাৰ্য সম্পন্ন কৰে৷ বহুকোষী প্ৰাণীবোৰৰ দৰে আকাৰগত জটিলতা নাথাকিলেও ইহঁতৰ জীৱন-ক্ৰিয়াত যথেষ্ট জটিলতা দেখা যায়৷[1]

প্ৰাণী জগতত এমিবাৰ স্থান

শ্ৰেণী স্থান বৈশিষ্ট্য[1]
পৰ্ব (Phylum) প্ৰ'ট'যৱা (Protozoa) এককোষী প্ৰাণী
উপপৰ্ব (Sub-phylum) ছাৰ্ক'মেষ্টিগ'ফ'ৰা (Sarcomastigophora) একেধৰণৰ এটা মাত্ৰ কোষকেন্দ্ৰ থাকে
অধিশ্ৰেণী (Super-class) ছাৰ্ক'ডিনা (Sarcodina) কুটপদ (pseudopodia) প্ৰধান চলন অংগ
শ্ৰেণী (Class) ৰাইয'প'ডা (Rhizopoda) ভূমিলগ্ন চলন (creeping movement) দেখা যায়
উপশ্ৰেণী (Sub-class) ল'ব'ছা (Lobosa) কূটপদ পিণ্ড আকাৰৰ
বৰ্গ (Order) এমিবিডা (Amoebida) চলনৰ সময়ত এটা সক্ৰিয় কূটপদ সৃষ্টি হয়
গণ (Genus) এমিবা (Amoeba) সংকোচনশীল গহ্বৰ থাকে
প্ৰজাতি −প্ৰ'টিয়াছ (Proteus) জীৱিত অৱস্থাত দেহৰ কোনো নিৰ্দিষ্ট আকাৰ নাথাকে,দেহৰ আকাৰ সদায় পৰিৱৰ্তনশীল৷

[1]


আকাৰ আৰু আকৃতি

এমিবা এককোষী ক্ষুদ্ৰ প্ৰাণীঅণুবীক্ষণ যন্ত্ৰৰ সহায়ত ইয়াৰ স্থিতি স্পষ্টকৈ ধৰিব পাৰি৷ ইয়াৰ দেহৰ আকাৰ সাধাৰণতে ০.২৫-০.৬ mm পৰ্যন্ত৷ কিছুমান বৃহৎ আকৃতিৰ এমিবাৰ দেহৰ ব্যাস ১-১.৫ mm পৰ্যন্ত হয় আৰু এইবোৰ প্ৰাণীক খালি চকুৰে ক্ষুদ্ৰ ধোঁৱাবৰণীয়া বিন্দু এটাৰ দৰে দেখা যায়৷

বিভিন্ন দিশত,বিভিন্নভাৱে কূটপদ সৃষ্টি হোৱাৰ ফলত এমিবাৰ দেহৰ কোনো নিৰ্দিষ্ট আকৃতি নাই,জীৱিত এমিবাৰ দেহৰ আকাৰ ক্ষণে ক্ষণে পৰিৱৰ্তন হৈ থাকে৷ ইয়াৰ দেহ বৰণহীন,অৰ্দ্ধস্বচ্ছ,দানাযুক্ত প্ৰ'ট'প্লাজমৰ দ্বাৰা গঠিত৷ দেহৰ কোনো পৃষ্ঠীয় আৰু অংকীয় ভাগ নাথাকে৷[1]

বাসস্থান

এমিবা প্ৰট্ৰিয়াছত নিৰ্মল পানীত বাস কৰা এককোষী প্ৰাণী৷ সাধাৰণতে সেউজীয়া উদ্ভিদ থকা খাল,বিল,পুখুৰী,নিজৰা আদিত ইহঁতক পোৱা যায়৷ পুখুৰী নাইবা খাল,বিল আদিৰ তলৰ বোকা মাটিত নাইবা পানীত থকা সেউজীয়া উদ্ভিদৰ গাত ইহঁত লাগি থাকে৷[1]

গঠন

প্লাজমাৱৰণ (Plasmalemma)

এমিবাৰ অন্তৰ্গঠন (Anatomy)

এমিবাৰ দেহ এখন পাতল,অৰ্দ্ধস্বচ্ছ,স্থিতিস্থাপক গুনসম্পন্ন আৰু অৰ্দ্ধভেদ্য প্লাজমাৱৰণৰ দ্বাৰা আবৃত হৈ থাকে৷ এই আৱৰণখন ০.২৫μ-২μ পৰ্য্যন্ত ডাঠ৷ এই আৱৰণখনে চলন ক্ৰিয়াৰ সময়ত কূটপদ (pseudopodia) সৃষ্টি কৰা তথা প্ৰাণীটোক ভিত্তিপদাৰ্থত লাগি ধৰাত সহায় কৰে৷ ইয়াৰ উপৰিও ই প্ৰাণীদেহত থকা প্ৰ'ট'প্লাজমখিনি আৱৰি ৰাখে আৰু ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাণীদেহ আৰু বৰ্হিজগতৰ মাজত অক্সিজেন,পানী তথা কাৰ্বন-ডাই-অক্সাইডৰ বিনিময় ঘটায়৷

কূটপদ (Pseudopodia)

এমিবাৰ দেহৰ আকৃতি সঘনাই পৰিৱৰ্তন হৈ থাকে,কাৰণ ইয়াৰ দেহৰপৰা বিভিন্ন দিশত আঙুলিৰ দৰে ভোটা কিছুমান প্ৰক্ষেপণ (projection) ওলায় নাইবা প্ৰক্ষেপণবোৰ নোহোৱা হৈ যায়৷ এই প্ৰক্ষেপণবোৰক কূটপদ (pseudopodia; pseud-fal) বোলা হয়৷ কূটপদৰ সহায়ত এমিবাই খাদ্য গ্ৰহণ কৰা তথা চলন ক্ৰিয়া সম্পন্ন কৰে৷ এমিবা প্ৰটিয়াছৰ কূটপদ দীঘল,ভোটা আৰু সন্মুখপ্ৰাপ্ত কিছু ঘূৰণীয়া আকাৰৰ হোৱা বাবে ইয়াক ল'ব'প'ডিয়া (lobopodia) বোলা হয়৷

চাইট'প্লাজমা (Cytoplasm)

প্লাজমাৱৰণে আৱৰি থকা ডাঠ জেলীৰ দৰে অংশক চাইট'প্লাজমা বোলা হয়৷ ই দুটা ভাগত বিভক্ত-ব্যাহ্যিক বহি:প্লাজমা (ectoplasm) আৰু আভ্যন্তৰীণ অন্ত:প্লাজমা (endoplasm)৷

  • বহি:প্লাজমা (Ectoplasm;ektos-outside): প্লাজমাৱৰণৰ ঠিক তলৰ স্বচ্ছ আৰু দানাহীন অংশটোক বহি:প্লাজমা বোলে৷ কূটপদৰ সন্মুখপ্ৰান্তত ই কিছু পৰিমানে ডাঠ আৰু পশ্চাদপ্ৰান্তত পাতল৷
  • অন্ত:প্লাজমা (Endoplasm): বহি:প্লাজমৰ দ্বাৰা পৰিবেষ্টিত এমিবাৰ দেহৰ অভ্যন্তৰ অংশক অন্ত:প্লাজম বোলে৷ এই অংশ জুলীয়া,অৰ্দ্ধস্বচ্ছ আৰু দানাযুক্ত৷ অন্ত:প্লাজম দুটা ভাগত বিভক্ত-বহি:প্লাজমৰ তলত থকা কিছু ডাঠ,দানাযুক্ত জেলীৰ দৰে অংশক প্লাজমাজেল (plasmagel) আৰু প্লাজমাজেলেৰে আবৃত আভ্যন্তৰীণ পনীয়া দানাযুক্ত অংশক প্লাজমাছল (plasmasol) বোলা হয়৷ প্লাজমাছল অংশত ব্ৰাউনিয়ান গতি দেখা যায়৷ সময়বিশেষে প্লাজমাছল প্লাজমাজেললৈ নাইবা প্লাজমাজেল প্লাজমাছললৈ পৰিৱৰ্তিত হয়৷[1]

আন্ত:প্লাজমীয় অংগাণু

এমিবাৰ আন্ত:প্লাজমত কোষকেন্দ্ৰ,সংকোচনশীল ৰিক্তিকা বা ভেকুঅ'ল,খাদ্যৰিক্তিকা,পানীৰ ৰিক্তিকা,অন্ত:কোষীয় জালিকা,মাইটকন্ড্ৰিয়া,গলগি বডি আদি দেখা যায়৷

  • কোষকেন্দ্ৰ (Nucleus): এমিবা প্ৰ'ট্ৰিয়াছৰ দেহত এটা উভউত্তল (biconvex) থালৰ আকৃতিৰ ঘূৰণীয়া কোষকেন্দ্ৰ থাকে৷ এচিট'কাৰমাইন (acetocarmine) নাইবা মিথাইল গ্ৰিনএচেটিক এচিডৰ দ্বাৰা ৰঞ্জিত কৰিলে কোষকেন্দ্ৰটো ডাঠ ৰঙৰ দেখা যায়৷ কোষকেন্দ্ৰটো কোষকেন্দ্ৰ আৱৰণৰদ্বাৰা আবৃত হৈ থাকে৷ নিউক্লিঅ'প্লাজমত কেইবাটাও অতিকেন্দ্ৰ (nucleoli) আৰু প্ৰায় ৫০০ ডাল ক্ৰ'ম'জ'ম থাকে৷
  • সংকোচনশীল ৰিক্তিকা (Contractile):অন্ত:প্লাজমৰ পশ্চাৎ দিশত ঘূৰণীয়া জুলীয়া পদাৰ্থৰে পূৰ্ণ,সদায় স্পন্দিত হৈ থকা অংশ এটা দেখা যায়৷ ইয়াক সংকোচনশীল ৰিক্তিকা বোলে৷ এই ৰিক্তিকাটো এখন পাতল আৱৰণেৰে আবৃত৷ এমিবাৰ দেহত ইয়াৰ কোনো নিৰ্দিষ্ট স্থান নাই৷ এণ্ড'প্লাজমৰ যি কোনো অংশত ইয়াৰ সৃষ্টি হ'ব পাৰে৷ সংকোচনশীল ৰিক্তিকা সংকোচন আৰু প্ৰসাৰণ গুণবিশিষ্ট৷ সৃষ্টি হোৱাৰ পিছত বৰ্জিত পদাৰ্থ শোষণ কৰাৰ বাবে ইয়াৰ আকাৰ ক্ৰমে বৃদ্ধি হয় আৰু ই ক্ৰমে কোষপৃষ্ঠৰ পিনে গতি কৰে৷ কোষপৃষ্ঠৰ ওচৰত ই সংকুচিত হৈ ফাটি যায় আৰু ইয়াৰ ফলত তাত থকা জলীয় পদাৰ্থখিনি কোষৰ বাহিৰত নিক্ষিপ্ত হয়৷ সংকোচনশীল ৰিক্তিকাই ৰেচন,আস্ৰাবন চাপৰ ভাৰসাম্য ৰক্ষা কৰা কাৰ্য (osmoregulation) আৰু শ্বাসকাৰ্য সমাধা কৰে৷
  • খাদ্য গহ্বৰ (Food vacuole):আন্ত:প্লাজমত একাধিক সৰু তথা ডাঙৰ আকৃতিৰ খাদ্যগহ্বৰ থাকে আৰু ইয়াত পানী নাইবা বিভিন্ন আকৃতিৰ খাদ্যবস্তু থাকে৷ খাদ্যগহ্বৰৰ ভিতৰত প্ৰাণীটোৰ পাচনক্ৰিয়া সম্পন্ন হয়৷ হজম নোহোৱা খাদ্যদ্ৰব্যবোৰ খাদ্যগহ্বৰে নিষ্কাশন কৰে৷
  • পানী গহ্বৰ (Water vacuole) :ইয়াৰ দেহত একাধিক পানী গহ্বৰ থাকে৷ ইহঁত স্বচ্ছ আৰু ইহঁতৰ আকাৰ নিৰ্দিষ্ট৷[1]


প্ৰজনন

আলোকচিত্ৰৰ ভঁৰাল

এমিবাই লৰচৰ কৰি থকা অৱস্থাত
এমিবাই ডায়েটম খাই থকা অৱস্থাত

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ২৮৩ ৷


বাহ্যিক সংযোগ