কইনা দাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কইনা দাহ (ইংৰাজী: Bride burning) ভাৰতীয় উপমহাদেশত আৰু ইয়াৰ আশে পাশে অৱস্থিত দেশবোৰত প্ৰচলিত ঘৰুৱা হিংসাৰ এক প্ৰকাৰ। যৌতুকৰ বাবে মৃত্যু কইনাৰ অগ্নি সংযোগৰ এক শ্ৰেণী। যৌতুকৰ বাবে মৃত্যুত এগৰাকী যুৱতীক তেওঁৰ স্বামী বা তেওঁৰ পৰিয়ালে তেওঁৰ পৰিয়ালে অতিৰিক্ত যৌতুক পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে হত্যা কৰে। কইনাক সাধাৰণতে কেৰাচিন, গেছ'লিন বা অন্যান্য জ্বলনশীল তৰলৰ সহায়ত অগ্নি সংযোগ কৰা হয়। ইয়াৰ ফলত অগ্নিদগ্ধ হৈ কইনাৰ মৃত্যু হয়।[1][2] কেৰাচিন প্ৰায়ে ষ্টোভৰ বাবে ঘৰুৱা ৰন্ধন ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। সেয়েহে এই অপৰাধক প্ৰায়ে দুৰ্ঘটনা ৰূপ দিবলৈ চেষ্টা কৰা হয়। এয়া ভাৰতত আটাইতকৈ সচৰাচৰ ঘটনা আৰু কমেও ১৯৯৩ চনৰ পৰা ই এক ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে।[3]

এই অপৰাধক অপৰাধমূলক নৰহত্যা হিচাপে গণ্য কৰা হৈছে আৰু যদি প্ৰমাণিত হয় সাধাৰণতে সেই অনুসৰি আজীৱন কাৰাবাস বা মৃত্যুলৈকে শাস্তি বিহা হয়।[1] কইনাৰ অগ্নি সংযোগ ভাৰতত এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে স্বীকৃতি দিয়া হৈছে।[4] ভাৰতত প্ৰতি বছৰে প্ৰায় ২,৫০০০ গৰাকী মহিলাৰ মৃত্যু ইয়াৰ ফলত সংঘটিত হয়। ১৯৯৫ চনত টাইম আলোচনীয়ে প্ৰকাশ কৰিছিল যে ১৯৮০ৰ দশকৰ আৰম্ভণিতে ভাৰতত যৌতুকৰ বাবে মৃত্যু বছৰত প্ৰায় ৪০০ৰ পৰা ১৯৯০ৰ দশকৰ মাজভাগলৈ বছৰত প্ৰায় ৫,৮০০ লৈ বৃদ্ধি পাইছিল।[5] এবছৰ পিছত চিএনএন-এ এক প্ৰতিবেদনত কৈছিল যে প্ৰতি বছৰে আৰক্ষীয়ে কইনাৰ দাহত ২,৫০০ তকৈও অধিক গোচৰ লাভ কৰে।[6] ভাৰতীয় ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ মতে ২০০৮ চনত যৌতুকৰ বাবে মৃত্যুৰ মুঠ ৩,৮৭৬টা গোচৰত ১,৯৪৮জন দোষী সাব্যস্ত হৈছিল।[7]

ইতিহাস[সম্পাদনা কৰক]

যৌতুকৰ বাবে মৃত্যু[সম্পাদনা কৰক]

যৌতুকৰ বাবে মৃত্যু হৈছে দক্ষিণ এছিয়াৰ দেশসমূহত এগৰাকী বিবাহিতা যুৱতীৰ যৌতুকৰ বাবে মৃত্যু। সাধাৰণতে যুৱতী গৰাকীৰ স্বামীয়ে বা স্বামীৰ ঘৰৰ আনে তেওঁক হত্যা কৰে বা আত্মহত্যাৰ বাবে প্ৰেৰিত কৰে। স্বামী আৰু তেওঁৰ পৰিয়ালৰ সদস্যয়ে কইনা বা তেওঁৰ পৰিয়ালৰ পৰা অধিক যৌতুক আহৰণ কৰিবলৈ নিৰন্তৰ চেষ্টা চলাই এনে অপৰাধ সংঘটিত কৰে। কইনা দাহ যৌতুকৰ বাবাৰ মৃত্যুৰ মাত্ৰ এটা প্ৰকাৰ। ইয়াৰ লগত জড়িত অন্যান্য আনুষংগিক বিষয়ৰ ভিতৰত এচিড নিক্ষেপ আৰু মহিলাৰ হাৰাশাস্তি অন্যতম। যিহেতু যৌতুক সাধাৰণতে শ্ৰেণী বা আৰ্থসামাজিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে সেয়ে মহিলাসকলক প্ৰায়ে তেওঁলোকৰ ভৱিষ্যত স্বামী বা তেওঁৰ আত্মীয়সকলৰ যৌতুকৰ চাপৰ সন্মুখীন হ'ব লগা হয়।[2]

কইনা দাহৰ উৎপত্তি[সম্পাদনা কৰক]

অৱনীতা লাখানীয়ে "দ্য এলিফেণ্ট ইন দা ৰুম ইজ আউট অফ কণ্ট্ৰোল" শীৰ্ষক কইনা দাহৰ প্ৰতিবেদনত দক্ষিণ এছিয়াৰ দেশবোৰত কইনা দাহৰ উৎপত্তি সম্পৰ্কে কমেও চাৰিটা দৃষ্টিভংগী আছে বুলি উল্লেখ কৰিছে। এই তত্ত্ববোৰে সামগ্ৰিকভাৱে যৌতুকৰ উত্থানত অৰিহণা যোগোৱা প্ৰথাবোৰ বৰ্ণনা কৰে আৰু এনেদৰে অৱশেষত কইনা দাহৰ দৰে অপৰাধত অৰিহণা যোগায়।[8] সাংস্কৃতিকভাৱে অধিক প্ৰতিষ্ঠিত তত্ত্ববোৰৰ ভিতৰত উল্লেখযোগ্য প্ৰথমটো হৈছে যে ভাৰতৰ দৰে এক উচ্চ পুৰুষতান্ত্ৰিক সমাজত এগৰাকী মহিলাৰ ভূমিকা তেওঁৰ জন্মৰ আগৰ পৰা সংজ্ঞায়িত কৰা হয়। ভাৰতীয় সমাজ ব্যবস্থায়ে পুৰুষতকৈ নাৰীক কম স্থান দিয়ে। কিয়নো নাৰীক পৰিয়ালৰ এক বোজা আৰু "খুৱাবলৈ অতিৰিক্ত মুখ" হিচাপে গণ্য কৰা দেখা যায়। [2] অৰ্থনৈতিক দায়বদ্ধতা হিচাপে মহিলা গৰাকীৰ স্থিতিয়ে এই ধাৰণাটো কঢ়িয়াই আনে যে শাৰীৰিক সম্পদ বুলি গণ্য কৰা পুৰুষসকলে মহিলাসকলক অধীনস্থ বুলি গণ্য কৰিব পাৰে। [2] এগৰাকী মহিলাই বিয়া কৰাৰ পিছত তেওঁ তেওঁৰ স্বামী আৰু তেওঁৰ ইচ্ছাৰ সৈতে বাধ্য কিয়নো "সমাজে তেওঁৰ স্বামীৰ প্ৰতি আজ্ঞাকাৰী হোৱাটো বাধ্যতামূলক কৰে।" [2][8]

আন এটা তত্ত্বই দাবী কৰিছে যে উপভোক্তাবাদৰ ফলত ভাৰতৰ দৰে দেশৰ নাগৰিক লোভী হৈ পৰিছে।[9] ইয়াৰ বাবে যৌতুকক উচ্চ আৰ্থসামাজিক মৰ্যাদা লাভ কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰা হয়। সেয়ে সামাজিক জখলাৰ ওপৰলৈ আগবাঢ়ি যাবলৈ কইনাৰ পৰা যৌতুকৰ চাহিদা বৃদ্ধি পায়।

লাখনীয়ে লগতে পৰামৰ্শ দিয়ে যে ঐতিহাসিকভাৱে ক'বলৈ গ'লে যৌতুক ব্যৱস্থাটো হয়তো মুছলমানসকলক হিন্দু সংস্কৃতিৰ পৰা পৃথক কৰাৰ উপায় হিচাপে ধাৰণা কৰা হৈছিল, ইয়াৰ ফলত সম্প্ৰদায়ৰ মাজত জাতিগত ভাৱে অধিক বিভাজন সৃষ্টি হৈছিল। বেছি যৌতুকে ইছলামৰ পৰা উচ্চ স্থিতি আৰু পাৰ্থক্য সূচায় এনেদৰে বেছি যৌতুক দাবী কৰাৰ বাবে এক উদগনি প্ৰদান কৰে।

আন কিছুমান পণ্ডিতে যুক্তি দিয়ে যে যৌতুক প্ৰথা ব্ৰিটিছ শাসন আৰু প্ৰভাৱৰ পৰা ভাৰতত "বিবাহৰ বিভিন্ন প্ৰকাৰ" হিচাপে জাতিগত পাৰ্থক্য সৃষ্টি কৰিবলৈ প্ৰচলিত হৈ আহিছিল। যেতিয়া উচ্চ বৰ্ণৰ ভিতৰত যৌতুক ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল, ব্ৰিটিছ চৰকাৰে নিম্ন বৰ্ণত ইয়াক তেওঁলোকৰ অধিক ৰীতি-নীতিপূৰ্ণ বিবাহ নিৰ্মূল কৰাৰ উপায় হিচাপে শক্তিশালী কৰিবলৈ চেষ্টা কৰিছিল। কেৱল উচ্চ বৰ্ণৰ বিবাহ ব্যৱস্থাক স্বীকৃতি দিয়ালৈকে এনে ধৰণৰ মিলনক বদনাম কৰা হৈছিল।[2]

দক্ষিণ এছিয়াত কইনা দাহ[সম্পাদনা কৰক]

২০১১ চনৰ আনুমানিক পৰিসংখ্যা অনুসৰি ভাৰত, পাকিস্তান আৰু বাংলাদেশত প্ৰতি বছৰে কইনা দাহৰ ফলত ৪,০০০ৰ পৰা ২৫,০০০ মহিলাৰ মৃত্যু হয়।[10]

ভাৰতত কইনা দাহ[সম্পাদনা কৰক]

ভাৰতত যৌতুকৰ পৰিমাণ একপ্ৰকাৰৰ সম্পদৰ প্ৰতিফলন। ভাৰতীয় লেখক ৰাজেশ তলৱাৰে যৌতুকৰ বাবে মৃত্যুৰ ওপৰত 'দ্য ব্ৰাইড হু উড নট বাৰ্ণ' শীৰ্ষক এখন নাটক লিখিছে।[11] ১৯৬১ চনত ভাৰত চৰকাৰে যৌতুক নিষিদ্ধকৰণ আইন গৃহীত কৰে যাৰ ফলত বিবাহৰ ব্যৱস্থাত যৌতুকৰ দাবী অবৈধ হৈ পৰে।[12] ১৯৮৬ চনত ভাৰতীয় সংসদই যৌতুকৰ বাবে মৃত্যুক এক নতুন ঘৰুৱা হিংসাৰ অপৰাধ হিচাপে যোগ দিছিল। ভাৰতীয় দণ্ডবিধিৰ নতুন ধাৰা ৩০৪-বি অনুসৰি, য'ত এগৰাকী কইনাক "তেওঁৰ বিবাহৰ ৭ বছৰৰ ভিতৰত হত্যা কৰা হয় আৰু তেওঁৰ মৃত্যুৰ আগতে তেওঁক তেওঁৰ স্বামী বা তেওঁৰ স্বামীৰ যিকোনো আত্মীয়ই যৌতুকৰ যিকোনো দাবীৰ সন্দৰ্ভত নিষ্ঠুৰতা বা নিৰ্যাতনৰ সন্মুখীন হৈছিল বুলি প্ৰমাণিত হয় তেন্তে এনে মৃত্যুক 'যৌতুকৰ বাবে মৃত্যু' বুলি কোৱা হ'ব আৰু এনে স্বামী বা আত্মীয়ই মহিলা গৰাকীৰ মৃত্যু ঘটাইছে বুলি গণ্য কৰা হ'ব।" [12] ইয়াৰ বাবে অপৰাধীসকলক নিম্নতম সাত বছৰৰ কাৰাবাসৰ পৰা সৰ্বাধিক আজীৱন কাৰাদণ্ডলৈ শাস্তি বিহা হয়।[13] যৌতুক সম্পৰ্কীয় ঘৰুৱা হিংসা, আত্মহত্যা আৰু হত্যাৰ বহুতো ঘটনা পঞ্জীয়ন কৰা হৈছে। ১৯৯৭ চনৰ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে যৌতুকৰ মৃত্যুৰ বাবে প্ৰতি বছৰে কমেও ৫০০০ মহিলাৰ মৃত্যু হয় আৰু 'পাকঘৰৰ জুই'ত প্ৰতিদিনে কমেও এক ডজন মহিলাৰ মৃত্যু হয় বুলি অনুমান কৰা হয়।[14] যৌতুকৰ বাবে মৃত্যুৰ অপৰাধৰ অপৰাধীৰ প্ৰায় ৩০ শতাংশৰ ফলত আদালতত দোষী সাব্যস্ত হয়।[7]

পাকিস্তানত কইনা দাহ[সম্পাদনা কৰক]

পাকিস্তানত প্ৰগ্ৰেছিভ মহিলা সংস্থাই কয় যে প্ৰতি বছৰে ৩০০ গৰাকী মহিলাক তেওঁলোকৰ স্বামীৰ পৰিয়ালে জ্বলাই হত্যা কৰে আৰু কইনা দাহৰ ঘটনা প্ৰায়ে দুৰ্ঘটনাৰ ছদ্মবেশ দিয়া হয়। এছ'চিয়েশ্যনৰ মতে, চিকিৎসকসকলে কয় যে এই দুৰ্ঘটনাবোৰত পতিত ভুক্তভোগীসকলৰ ষ্টোভৰ পৰা দহনৰ সৈতে অসামঞ্জস্যপূৰ্ণ আঘাত দেখা যায়।[15] ১৯৯৯ চনত এমনেষ্টি ইণ্টাৰনেচনেলৰ এক প্ৰতিবেদন অনুসৰি পাকিস্তানত যদিও ১৬০০টা কইনা দাহৰ ঘটনা পঞ্জীভূক্ত কৰা হৈছিল, মাত্ৰ ৬০ জনৰ বিৰুদ্ধে মোকৰ্দমা তৰা হৈছিল আৰু তাৰ ভিতৰত মাত্ৰ দুটা গোচৰত হে দোষী সাব্যস্ত হৈছিল।

পাকিস্তানত শ্বাহনাজ বুখাৰীকে ধৰি মহিলাসকলে এই প্ৰথাৰ বিৰুদ্ধে সুৰক্ষামূলক আইন প্ৰণয়ন, মহিলা আশ্ৰয় গৃহ প্ৰতিষ্ঠা আৰু বিশেষ অগ্নিদগ্ধ ৱাৰ্ড থকা চিকিৎসালয়ৰ বাবে প্ৰচাৰ চলাই আহিছে।[16] এমনেষ্টি ইণ্টাৰনেচনেলে কৈছে যে দেশৰ আভ্যন্তৰৰ পৰা লগতে আন্তৰ্জাতিক মানৱ অধিকাৰ গোটৰ চাপৰ ফলত পাকিস্তান চৰকাৰৰ ভিতৰত সজাগতাৰ স্তৰ বৃদ্ধি পাব পাৰে।[17] বিবিচিয়ে অনুমান কৰিছিল যে ১৯৯৯ চনত প্ৰায় ৩০০ গৰাকী পাকিস্তানী কইনা দাহ কৰি হত্যা কৰা হৈছিল।[18]

১৯৮৮ চনৰ এক সমীক্ষাত দেখুওৱা হৈছিল যে এনেদৰে ৮০০ গৰাকী মহিলাক হত্যা কৰা হৈছিল; ১৯৮৯ চনত এই সংখ্যা ১১০০ লৈ বৃদ্ধি পায় আৰু ১৯৯০ চনত ই ১৮০০টা আনুমানিক হত্যাকাণ্ডৰ পৰিসংখ্যা পায়। লাহোৰৰ বাতৰি কাকতসমূহে ছয় মাহৰ (১৯৯৭) সময়ছোৱাত মাহত গড়ে ১৫টা আক্ৰমণৰ খবৰ প্ৰতিবেদিত কৰিছিল।[19] দক্ষিণ এছিয়াৰ মানৱ উন্নয়নৰ এক অনুমান অনুসৰি প্ৰতি মাহে গড়ে ১৬টা কইনা দাহৰ ঘটনা সংঘটিত হয়।[20] ৱমেন ইনিউজে প্ৰতিবেদন দিছিল যে আঠ বছৰৰ ভিতৰত ইছলামাবাদৰ চাৰিওফালে ৪০০০ মহিলাই এনেদৰে আক্ৰমণৰ বলি হৈছিল আৰু মৃত্যুৰ সময়ত আনুমানিক ৩০ শতাংশ গৰ্ভৱতী হোৱাৰ সৈতে ভুক্তভোগীৰ গড় বয়সৰ পৰিসৰ ১৮ ৰ পৰা ৩৫ বছৰৰ ভিতৰত আছিল। শ্বাহনাজ বুখাৰীয়ে এনে আক্ৰমণৰ বিষয়ে কৈছে:[21]

হয় পাকিস্তানত ষ্টোভ আছে যি কেৱল যুৱ গৃহিনীসকলক অগ্নিদগ্ধ কৰে আৰু বিশেষকৈ যৌনাঙ্গৰ প্ৰতি অনুৰাগী বা এই ঘটনাবোৰ যি সঘনতাৰে সংঘটিত হয় তাৰ এক ভয়ংকৰ নিদৰ্শন হৈছে এই মহিলাসকল ইচ্ছাকৃতভাৱে হত্যাৰ ভুক্তভোগী।

প্ৰগ্ৰেছিভ মহিলা সন্থাৰ মতে এনে আক্ৰমণ এক বৰ্ধিত সমস্যা আৰু ১৯৯৪ চনত আন্তৰ্জাতিক নাৰী দিৱসত ঘোষণা কৰিছিল যে বিভিন্ন বেচৰকাৰী সংগঠনে বিষয়টোৰ সজাগতা বৃদ্ধিৰ বাবে যোগদান কৰা উচিত।[22]

অন্যান্য অঞ্চলত কইনা দাহ[সম্পাদনা কৰক]

মাজে সময়ে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিশ্বৰ অন্যান্য প্ৰান্তত বসতি স্থাপন কৰা ভাৰতীয়, পাকিস্তানী আৰু বাংলাদেশী সম্প্ৰদায়ৰ মাজত কইনা দাহ সংঘটিত হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰত কইনা দাহ[সম্পাদনা কৰক]

আলিয়াম্মা মেথিউ টেক্সাছৰ কেৰলটনৰ এখন চিকিৎসালয়ত এগৰাকী পঞ্জীভুক্ত নাৰ্ছ আছিল। তেওঁ ১৯৯২ চনৰ ৫ এপ্ৰিলত অগ্নিদগ্ধ হোৱাৰ ফলত মৃত্যু বৰণ কৰিছিল।[23] তেওঁ আৰু তেওঁৰ স্বামী মেথিউ ভাৰুগেছে দুদশক আগতে ভাৰতৰ পৰা প্ৰব্ৰজন কৰিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁলোকৰ তিনিজনী কন্যা সন্তান আছিল। দম্পতীহালৰ ১৯৮০ৰ দশকৰ শেষৰ ফালৰ পৰা বৈবাহিক সমস্যা আছিল যাৰ ফলত এক কাজিয়াৰ সৃষ্টি হৈছিল যাৰ ফলত আলেয়াম্মাৰ মৃত্যু হৈছিল। তেওঁৰ সন্তানে গেছ'লিনত নিমজ্জিত আৰু জুই আৱৰি থকা অৱস্থাত তেওঁক উদ্ধাৰ কৰিছিল আৰু কিছুসময় পিছতে তেওঁ মৃত্যুমুখত পৰিছিল।

ঘটনাটোৰ পিছত ডালাছ মৰ্ণিং নিউজ আৰু আটলাণ্টা-জাৰ্নেল কনষ্টিটিউচনত সংক্ষিপ্তকৈ প্ৰতিবেদন প্ৰদৰ্শন কৰা হৈছিল। আনহাতে ডালাছ অবজাৰ্ভাৰে আলিয়াম্মাৰ মৃত্যুক সামৰি এটা বিতং ন পৃষ্ঠাৰ প্ৰবন্ধ প্ৰকাশ কৰিছিল। প্ৰবন্ধটোৱে প্ৰাচ্যৰ দেশসমূহক পিছপৰা বা অনুপযুক্ত বুলি চিত্ৰিত কৰাৰ বাবে কিছু সমালোচনাৰ সন্মুখীন হৈছিল: "তেওঁৰ স্বামীৰ দ্বাৰা আঘাতপ্ৰাপ্ত, আলিয়াম্মা মেথিউ তেওঁৰ সংস্কৃতিৰ প্ৰতি সদয় আছিল। অৱশেষত তেওঁ ইয়াৰ ভুক্তভোগী হ'ল।" [23]

নিয়ন্ত্ৰণ[সম্পাদনা কৰক]

তৃণমূল পৰ্যায়ৰ সংগঠনবোৰে এই প্ৰথাৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াক অপৰাধ হিচাপে গণ্য কৰাৰ লগতে মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে কাম কৰা আন্তৰ্জাতিক আইনসমূহক অপৰাধ হিচাপে গণ্য কৰাৰ বাবে বৰ্তমান বিভিন্ন চৰকাৰী পদক্ষেপ আছে। [2] ইয়াৰ লগতে বিশ্বব্যাপী কইনা দাহ বন্ধ কৰিবলৈ বহুতো প্ৰস্তাৱিত পদক্ষেপ আছে।

চৰকাৰী প্ৰচেষ্টা[সম্পাদনা কৰক]

১৯৬১ চনত ভাৰতে যৌতুক নিষিদ্ধকৰণ আইন প্ৰণয়ন কৰে।[24] ১৯৮০ৰ দশকৰ আৰম্ভণিতে ইয়াক সংশোধন কৰা হৈছিল যাতে "কেইবাটাও অন্তৰ্নিহিত দুৰ্বলতা আৰু ত্ৰুটি সংশোধন কৰা হয়।" ইয়াত "যদি স্বামী বা তেওঁৰ আত্মীয়সকলে এগৰাকী মহিলাক "বিবাহৰ সাত বছৰৰ ভিতৰত দাহ বা শাৰীৰিক আঘাত বা অপ্ৰাকৃতিক পৰিস্থিতিত মৃত্যুবৰণ কৰে আৰু য'ত যৌতুকৰ সন্দৰ্ভত তেওঁ নিষ্ঠুৰতা আৰু নিৰ্যাতনৰ সন্মুখীন হোৱাৰ প্ৰমাণ পোৱা যায়। দুৰ্ভাগ্যবশতঃ, এই নিৰ্দিষ্ট আইনে যৌতুকৰ এক বিস্তৃত সংজ্ঞা প্ৰদান নকৰে যি ইয়াক দাবী কৰা আৰু প্ৰদান কৰাৰ পদ্ধতি সলনি কৰিব পাৰে। অৱশেষত ই অপৰাধীসকলক যৌতুকৰ বাবে মৃত্যুৰ আদালতত অধিক নমনীয়তা হে প্ৰদান কৰিছিল। সাত বছৰীয়া ধাৰাটোও সমানে সমস্যাজনক কিয়নো ই স্বামীসকলক সেই সময়খিনি জ্বলি যোৱালৈ কেৱল অপেক্ষা কৰিবলৈ বা অন্যথা তেওঁলোকৰ কইনাৰ মৃত্যুৰ কাৰণ হোৱালৈ কেৱল অপেক্ষা কৰিবলৈ অনুমতি দিছিল।

আন এক মুখ্য ভাৰতীয় আইন হৈছে ১৯৮৩ চনৰ "নিষ্ঠুৰতা বিৰোধী আইন"ত পত্নীৰ প্ৰতি নিষ্ঠুৰতা নিষিদ্ধ কৰা হৈছে আৰু স্বামী বা তেওঁৰ পৰিয়ালৰ সদস্যৰ জৰিমনা বা কাৰাবাসৰ বিধান আছে। অৱশ্যে আইনখন সমানে অস্পষ্ট আৰু ত্ৰুটিপূৰ্ণ। যাৰ ফলত কইনা দাহ আৰু যৌতুকৰ বাবে হত্যাৰ প্ৰৱৰ্তনত বাধা আহি পৰে।

মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণাপত্ৰৰ অনুচ্ছেদ ১ত নিম্নলিখিতবোৰ ঘোষণা কৰা হৈছে: "সকলো মানুহ মৰ্যাদা আৰু অধিকাৰত মুক্ত আৰু সমানভাৱে জন্ম গ্ৰহণ কৰে। তেওঁলোক যুক্তি আৰু বিবেকেৰে সমৃদ্ধ আৰু তেওঁলোকে ভাতৃত্ববোধেৰে ইজনে সিজনৰ প্ৰতি কাম কৰা উচিত।" [25] অনুচ্ছেদ ৫ত এইদৰে ঘোষণা কৰা হৈছে: "কাকো অত্যাচাৰ বা নিষ্ঠুৰ, অমানৱীয় বা অপমানজনক আচৰণ বা শাস্তি দিয়া নহ'ব।"

বেচৰকাৰী প্ৰচেষ্টা[সম্পাদনা কৰক]

ভাৰতত আইনৰ বিষয়ে সজাগতা নথকাৰ বাবে ভুক্তভোগী সকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত হয়। ইয়াৰ বাবে তৃণমূল সংগঠনবোৰে "কইনা দাহ বন্ধ কৰা"ৰ বাবে আগবাঢ়ি আহিছে। ইয়াৰ এটা উদাহৰণ হৈছে চৰকাৰৰ দ্বাৰা অনুদান প্ৰাপ্ত পাৰিবাৰিক পৰামৰ্শ কেন্দ্ৰকোষ। ইয়াৰ উদ্দেশ্য হৈছে পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰা আৰু আইনী হস্তক্ষেপ হ্ৰাস কৰা। অৱশ্যে প্ৰায়ে এনে কোষবোৰে কেৱল "মহিলাৰ তীক্ষ্ণ জিভা" আৰু পুৰুষৰ "আঘাত আৰু প্ৰহাৰ" কৰাৰ শক্তিৰ ধাৰণাক শক্তিশালী কৰে। একে ধৰণৰ পৰিণামৰ সৈতে এনে সমস্যা সমাধানৰ বাবে একে ধৰণৰ আন পৰামৰ্শ-শৈলীৰ বেচৰকাৰী সংগঠন বিকশিত কৰা হৈছে।[8]

সম্ভাব্য প্ৰচেষ্টা[সম্পাদনা কৰক]

প্ৰাথমিকভাৱে বৈকল্পিক পদক্ষেপবোৰে বৰ্তমানৰ ত্ৰুটিপূৰ্ণ, বিফল আইনৰ সংস্কাৰৰ সমাধানৰ পৰামৰ্শ দিয়ে। এটা প্ৰস্তাৱত লিংগ বৈষম্য বা লিংগ বিক্ৰিয়াৰ ভুক্তভোগীসকলক আশ্ৰয় প্ৰদান কৰাৰ বাবে আন্তৰ্জাতিক শৰণাৰ্থী আইনৰ অধীনত মহিলাসকলৰ সুৰক্ষা সম্প্ৰসাৰণৰ বাবে আহ্বান জনোৱা হৈছে।[26] এইটো প্ৰাপ্ত কৰাৰ এটা উপায় হ'ব মহিলাসকলক "নিৰ্যাতিত সামাজিক গোট"ৰ সংজ্ঞাত অন্তৰ্ভুক্ত কৰা যি তেওঁলোকৰ লিংগক বিশ্বব্যাপী যৌতুক সম্পৰ্কীয় অত্যাচাৰৰ ভয়ত আন্তৰ্জাতিক আশ্ৰয় বিচাৰিবলৈ অনুমতি দিব।

১৯৮৪ চনৰ এপ্ৰিল মাহত ইউৰোপীয় সংসদে এক প্ৰস্তাৱ উত্থাপন কৰা হৈছিল যাৰ ফলত "আন্তৰ্জাতিক শৰণাৰ্থী আইনৰ সংস্কাৰ কৰি মহিলাসকলক লিংগৰ ভিত্তিত উৎপীড়নৰ পৰা সুৰক্ষিত কৰিব।" অৱশ্যে প্ৰস্তাৱটো নাকচ কৰা হৈছিল।

আন এটা সমাধান হ'ল মহিলাসকলৰ সম্পত্তিৰ অধিকাৰ প্ৰতিষ্ঠা কৰি তেওঁলোকৰ বাবে অৰ্থনৈতিক আগ্ৰহ বৃদ্ধি কৰা।[27] বিয়া হ'লেও কইনা গৰাকীয়ে জীয়াই থাকোঁতে স্বামীৰ সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাই। মহিলাসকলক সম্পত্তিৰ অধিকাৰ দিয়াৰ ফলত মহিলাসকলে অৰ্থনৈতিক বা আইনী উদ্দেশ্যৰ বাবে বিবাহ কৰাৰ প্ৰয়োজন নহ'ব আৰু এনেদৰে যৌতুক প্ৰথাক শেষ হব।[2]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 Ash, Lucy (16 July 2003). "India's dowry deaths". BBC. http://news.bbc.co.uk/2/hi/programmes/crossing_continents/3071963.stm. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Lakhani, Avnita (2005). "Bride-burning: the "elephant in the room" is out of control". Pepperdine Dispute Resolution Law Journal খণ্ড 5 (2): 249–298. http://heinonline.org/HOL/LandingPage?handle=hein.journals/pepds5&div=14&id=&page=.  pdf.
  3. "Brideburning claims hundreds in India – CNN". Articles.cnn.com. 18 August 1996. http://articles.cnn.com/1996-08-18/world/9608_18_bride.burn_1_dowry-hindu-attitudes?_s=PM:WORLD। আহৰণ কৰা হৈছে: 28 January 2012. 
  4. Kumar, Virendra; Kanth, Sarita (December 2004). "Bride burning". The Lancet খণ্ড 364 (special issue): 18–19. doi:10.1016/S0140-6736(04)17625-3. PMID 15967137. 
  5. Pratap, Anita (11 September 1995). "Killed by greed and oppression". Time (magazine) খণ্ড 146 (11). 
  6. Rahman, Maseeh (27 February 2001). "Indian Society Needs To Change". Time. Archived from the original on 30 September 2007. https://web.archive.org/web/20070930073930/http://www.time.com/time/world/article/0,8599,100748,00.html. 
  7. 7.0 7.1 Disposal of Cases by Courts. National Crime Records Bureau, India. 16 January 2010. http://ncrb.nic.in/CII2008/cii-2008/Table%204.9.pdf। আহৰণ কৰা হৈছে: 17 January 2011. 
  8. 8.0 8.1 8.2 Nangia, Anshu (1996–1997). "Note: the tragedy of bride burning in India: how should the law address it?". Brooklyn Journal of International Law খণ্ড 22: 637–694. http://heinonline.org/HOL/LandingPage?handle=hein.journals/bjil22&div=31&id=&page.  Lexis Nexis. Archived 8 December 2015 at the Wayback Machine
  9. Pardee, Laurel Remers (1996). "The dilemma of dowry deaths: domestic disgrace or international human rights catastrophe". Arizona Journal of International and Comparative Law খণ্ড 13: 491–522. http://heinonline.org/HOL/LandingPage?handle=hein.journals/ajicl13&div=19.  Lexis Nexis. Archived 8 December 2015 at the Wayback Machine
  10. "Bride Burning". 18 August 2011. Archived from the original on 31 October 2020. https://web.archive.org/web/20201031160432/https://www.eupschools.org/cms/lib/MI17000134/Centricity/Domain/31/Bride-Burning%20in%20India.pdf। আহৰণ কৰা হৈছে: 3 May 2020. 
  11. "Rajesh Talwar". amazon.com. https://www.amazon.com/author/rajeshtalwar. 
  12. 12.0 12.1 "The Dowry Prohibition Act, 1961". Ministry of Women and Child Development (India)wcd.nic.in. 20 May 1961. http://www.wcd.nic.in/dowryprohibitionact.htm. 
  13. "Annex C: Legal framework surrounding domestic violence in India". Domestic violence in India: recommendations of the women's rights team: report to USAID/India PROWID. October 1996. পৃষ্ঠা. 28–42.  (Explaining section 304-B of the Indian Penal Code.)
  14. Staff writer (23 July 1997). "Kitchen fires kill Indian brides with inadequate dowry". প্ৰকাশক New Delhi, India: United Press International.  Extract.
  15. "World:South Asia Bride burning 'kills hundreds'". BBC.co.uk. 27 August 1999. http://news.bbc.co.uk/2/hi/south_asia/431607.stm. 
  16. Ali, Sahar (28 July 2003). "Acid attack victim demands justice". BBC. http://news.bbc.co.uk/2/hi/south_asia/3097469.stm. 
  17. 'Pakistan: Honour killings of girls and women' in Amnesty International Report 1999, (London: September 1999)
  18. "South Asia | Bride burning 'kills hundreds'". BBC News. 27 August 1999. http://news.bbc.co.uk/1/hi/world/south_asia/431607.stm. 
  19. "South Asia | Bride burning 'kills hundreds'". BBC News. 27 August 1999. http://news.bbc.co.uk/1/hi/world/south_asia/431607.stm. 
  20. Ajmal, Umer Bin (25 April 2012). "Domestic violence". Dawn. http://dawn.com/2012/04/25/domestic-violence-2/. 
  21. Terzieff, Juliette (27 October 2002). "Pakistan's fiery shame: women die in stove deaths". Women's eNews. http://womensenews.org/story/domestic-violence/021027/pakistans-fiery-shame-women-die-stove-deaths. 
  22. Rappaport, Helen, ed (2001). Encyclopedia of women social reformers, volume 1. প্ৰকাশক Santa Barbara, California: ABC-CLIO. পৃষ্ঠা. 115. ISBN 9781576071014. 
  23. 23.0 23.1 Parameswaran, Radhika (1996). "Coverage of "Bride Burning" in the "Dallas Observer": a cultural analysis of the "Other"". Frontiers: A Journal of Women Studies খণ্ড 16 (2–3): 69–100. doi:10.2307/3346804.  Pdf. Archived 2021-08-07 at the Wayback Machine
  24. Greenberg, Judith G. (2003). "Criminalizing dowry deaths: the Indian experience". Journal of Gender, Social Policy & the Law খণ্ড 11 (2): 801–846. http://heinonline.org/HOL/LandingPage?handle=hein.journals/geoimlj7&div=40&id=&page=.  Pdf.
  25. "The Universal Declaration of Human Rights". United Nationsun.org. https://www.un.org/en/documents/udhr/index.shtml.  Pdf.
  26. Cipriani, Linda (1993). "Gender and persecution: protecting women under international refugee law". Georgetown Immigration Law Journal খণ্ড 7: 511–548. http://heinonline.org/HOL/LandingPage?handle=hein.journals/geoimlj7&div=39&id=&page=. 
  27. Gopal, Gita (1993). "Gender and economic inequality in India: the legal connection". Boston College Third World Law Journal খণ্ড 13 (1): 63–86. http://heinonline.org/HOL/LandingPage?handle=hein.journals/bctw13&div=7&id=&page=.  Pdf.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]