কাও ধনেশ
কাও ধনেশ (Oriental Pied Hornbill) | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Coraciiformes |
পৰিয়াল: | Bucerotidae |
গণ: | Anthracoceros |
প্ৰজাতি: | A. albirostris |
বৈজ্ঞানিক নাম | |
Anthracoceros albirostris (Shaw & Nodder, 1807) |
কাও ধনেশ (ইংৰাজী: Oriental Pied Hornbill, বৈজ্ঞানিক নাম:Anthracoceros albirostris) 'Bucerotidae' পৰিয়ালৰ অন্তৰ্গত ধনেশৰ এটা প্ৰজাতি৷ এছিয়াত পোৱা ধনেশ প্ৰজাতিসমূহৰ ভিতৰত কাও ধনেশ আটাইতকৈ সৰু প্ৰজাতি৷
বিৱৰণ[সম্পাদনা কৰক]
মতা কাও ধনেশৰ আকাৰ ৫৫-৬০ ছে: মি: আৰু মাইকী ধনেশৰ আকাৰ মতাতকৈ অলপ সৰু৷ ইয়াৰ ডেউকাৰ দৈৰ্ঘ্য সাধাৰণতে ২৩-৩৬ ছে: মি: হয়৷ মতা আৰু মাইকীৰ ঠোঁটৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে ১৯ আৰু ১৬ ছে: মি: হোৱা দেখা যায়৷ কাও ধনেশৰ মতা আৰু মাইকী চৰাই দেখাত প্ৰায় একে হয়৷ ইয়াৰ ডিঙি, বুকু আৰু ডেউকা সেউজীয়া জিলিকণি থকা ক’লা বৰণৰ (black with greenish gloss) হয়তলৰ বুকু , পেট আদি বগা ৷ নেজ ডাল ক’লা, আগটো বগা হয়৷ ৷[2]
বিতৰণ[সম্পাদনা কৰক]
ই ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়া ৰ বাংলাদেশ, ভূটান, কম্বোডিয়া, ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, চিংগাপুৰ, থাইলেণ্ড, তীব্বত, আৰু ভিয়েটনাম ত বিস্তৃত হৈ আছে৷
বাসস্থান[সম্পাদনা কৰক]
ক্ৰান্তীয় সেমেকা বনাঞ্চল ইয়াৰ স্বাভাৱিক বাসস্থান৷ [3]
আচৰণ[সম্পাদনা কৰক]
খাদ্য[সম্পাদনা কৰক]
কাও ধনেশে সাধাৰণতে বিভিন্ন ফলমূল, সৰীসৃপ যেনে জেঠী, ভেকুলী আৰু পোক-পতংগ আদি খাই জীয়াই থাকে৷ [3]
স্থিতি[সম্পাদনা কৰক]
কাও ধনেশক আই.ইউ. চি. এনৰ ৰেড লিষ্টত ‘Least Concern (LC)’ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছে৷ [4]
আলোকচিত্ৰ[সম্পাদনা কৰক]
ব্ৰুনেই (Brunei)ত কাও ধনেশ
মালয়েছিয়া (Malaysia)ত কাও ধনেশ
মালয়েছিয়া (Malaysia)ৰ ‘Labuk Bay Proboscis Monkeys Sanctuary’ ত কাও ধনেশ
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ BirdLife International (2012). "Anthracoceros albirostris". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/100600947। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ "Oriental Pied Hornbill - Anthracoceros albirostris : WAZA : World Association of Zoos and Aquariums". WAZA. http://www.waza.org/en/zoo/choose-a-species/birds/kingfishers-hornbills-and-relatives-coraciiformes/anthracoceros-albirostris। আহৰণ কৰা হৈছে: 2013-01-30.
- ↑ 3.0 3.1 "Oriental Pied Hornbill (Anthracoceros albirostris) - BirdLife species factsheet". Birdlife.org. http://www.birdlife.org/datazone/speciesfactsheet.php?id=947। আহৰণ কৰা হৈছে: 2013-01-30.
- ↑ IUCN Red List (March, 2011), http://www.iucnredlist.org
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত কাও ধনেশ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Oiseaux Photos