সমললৈ যাওক

কুৰটোলেইন হাইদৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুৰটোলেইন হাইদৰ
জন্ম ২০ জানুৱাৰী, ১৯২৭
আলিগড়, ইউনাইটেড প্ৰভিঞ্চেচ, ব্ৰিটিছ ভাৰত
মৃত্যু ২১ আগষ্ট, ২০০৭ (৮০ বছৰ)
নয়দা, উত্তৰ প্ৰদেশ, ভাৰত
ছদ্মনাম আইনি আপা
পেচা লেখক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন লক্ষ্ণৌ বিশ্ববিদ্যালয়, ইন্দ্ৰপ্ৰস্থ কলেজ, দিল্লী
ধৰণ ঔপন্যাসিক
গল্পকাৰ
উল্লেখনীয় কৰ্মৰাজি আগ কা দড়িয়া (ৰিভাৰ অৱ ফায়াৰ) (১৯৫৯)

স্বাক্ষৰ

কুৰটোলেইন হাইদৰ (ইংৰাজী: Qurratulain Hyder; জন্ম: ২০ জানুৱাৰী, ১৯২৭- মৃত্যু: ২১ আগষ্ট, ২০০৭) এগৰাকী ভাৰতীয় উৰ্দু ঔপন্যাসিক, গল্পকাৰ, শিক্ষাবিদ আৰু সাংবাদিক। তেওঁ উৰ্দু সাহিত্যৰ প্ৰভাৱশালী আৰু উৎকৃষ্ট সাহিত্যিকসকলৰ মাজৰ এজন। হাইদৰক ১৯৫৯ চনত পাকিস্তানৰ লাহোৰৰপৰা প্ৰথম প্ৰকাশ হোৱা তেওঁৰ শ্ৰেষ্ঠতম সৃষ্টিকৰ্ম আগ কা দড়িয়া (ৰিভাৰ অৱ ফায়াৰ)ৰ বাবে বিশেষকৈ জনা যায়। [1][2]

কুৰটোলেইন তেওঁৰ বন্ধুবৰ্গ আৰু গুণমুগ্ধৰ মাজত ‘আইনি আপা’ নামেৰে জনপ্ৰিয় আছিল। তেওঁ উৰ্দু লেখক আৰু উৰ্দু চুটি-গল্পৰ বাটকটীয়া চাজ্জাদ হাইদৰ ইলদাৰিম (১৮৮০-১৯৪৩)ৰ কন্যা । তেওঁৰ মাক নজৰ জাহৰাও এগৰাকী ঔপন্যাসিক, যি প্ৰথমে বিন্তে-ই-নজৰুল বকৰ নামেৰে আৰু পিছলৈ চাজ্জাদ হাইদৰ নামেৰে লিখা-মেলা কৰিছিল। নজৰ জাহৰা মোহম্মদী বেগম আৰু তেওঁৰ স্বামী চৈয়দ মুমতাজ আলিৰ আশ্ৰিতা আছিল, যি তেওঁৰ প্ৰথমখন উপন্যাস প্ৰকাশ কৰিছিল।

কুৰটোলেইন হাইদৰে তেওঁৰ চুটি গল্প সংকলন পটঝৰ কী আৱাজৰ বাবে ১৯৬৭ চনত, উৰ্দু সাহিত্যিকলৈ আগবঢ়োৱা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ১৯৮৯ চনত তেওঁ আখিৰ-এ-চাব-কে- হমচফৰ কিতাপখনৰ বাবে জ্ঞানপীঠ বঁটা [3]আৰু ১৯৯৪ চনত সাহিত্য অকাডেমিৰ সৰ্বোশ্ৰেষ্ঠ সন্মান সাহিত্য অকাডেমি ফেলোশ্বিপ লাভ কৰে।[4] ২০০৫ চনত ভাৰত চৰকাৰে হাইদৰক [[পদ্মভূষণ বঁটা|পদ্মভূষণ বঁটাৰে সন্মানিত কৰে।[5]

১৯২৭ চনৰ ২০ জানুৱাৰীত উত্তৰ প্ৰদেশৰ আলিগড়ত কুৰটোলেইনৰ জন্ম হৈছিল। অৱশ্যে তেওঁৰ পৰিয়াল উত্তৰ প্ৰদেশৰ নেহতাউৰৰহে আছিল। তেওঁৰ নাম এজন উল্লেখযোগ্য ইৰানী কবি কুৰাত-উল-এইন তাহিৰা ( Táhirih )ৰ নামেৰে ৰখা হৈছিল। কুৰটোলেইন উৰ্দু ভাষাৰ বহুপঠিত লেখকসকলৰ ভিতৰত এজন। তেওঁক উৰ্দু সাহিত্যৰ "গ্ৰেণ্ড ডেম" বুলি গণ্য কৰা হয়।[5]

দিল্লীৰ ‘ইন্দ্ৰপ্ৰস্থ কলেজ’[6] আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধীনৰ ‘ইজাবেলা থ’বাৰ্ণ কলেজ’ৰপৰা শিক্ষা সাং কৰি কুৰটোলেইন ১৯৪৭ চনত পাকিস্তানলৈ যায়। ১৯৬০ চনত ভাৰতলৈ উভতি অহাৰ আগতে তেওঁ কিছুবছৰ ইংলেণ্ডত আছিল। দিল্লীৰ নয়দা নিবাসী হোৱাৰ আগতে তেওঁ প্ৰায় বিশ বছৰ মুম্বাইত বাস কৰিছিল। জীৱনৰ শেষ সময়ছোৱা তেওঁ নয়দাত আছিল আৰু ইয়াতে তেওঁৰ মৃত্যু হয়। তেওঁ আজীৱন অবিবাহিত হৈ থাকে।

১৯৪৭ চনত পৰিয়াল সহিতে পাকিস্তানলৈ প্ৰব্ৰজনৰ সময়ত জুই আৰু ধোঁৱাৰে ধূসৰিত যি চৌপাশ তেওঁ প্ৰত্যক্ষ কৰিছিল[7] সেই লৈ তেওঁ লিখি উলিওৱা আগ কা দড়িয়া উপন্যাসখনে ১৯৫৯ চনত পাকিস্তানত তুমুল বিৰ্তকৰ সৃষ্টি কৰে; যাৰ বাবে কুৰটোলেইনে ভাৰতলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়। জীৱিকা অৰ্জনৰ অৰ্থে তেওঁ সাংবাদিক ৰূপে কাম কৰিবলৈ আৰম্ভ কৰে আৰু লগতে নিয়মিতভাৱে গল্প, সাহিত্য বিষয়ক অনুবাদ আৰু উপন্যাস লিখি প্ৰকাশ কৰি থাকে। তেওঁ সৰ্বমুঠ ত্ৰিশখন কিতাপ লিখিছে। তেওঁ বোম্বাইৰ ইমপ্ৰিণ্ট, বোম্বাই (১৯৬৪-৬৮) আলোচনীখনৰ পৰিচালন সম্পাদক আৰু ইলাষ্ট্ৰেটেড উইক্‌লি অৱ ইণ্ডিয়া (১৯৬৮-৭৫)ৰ সম্পাদনা মণ্ডলীৰ সদস্য আছিল। তেওঁৰ কিতাপবোৰ ইংৰাজী আৰু অন্যান্য ভাষালৈ অনূদিত হৈছে।

হাইদৰে কেলিফৰ্ণিয়া, চিকাগো, উইচকনচিন আৰু এৰিজোনা বিশ্ববিদ্যালয়ত অতিথি প্ৰবক্তা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উৰ্দু ভাষা বিভাগৰ অধ্যাপক আছিল, য’ত তেওঁৰ দেউতাক আগতে পঞ্জীয়ক আছিল। তেওঁ নতুন দিল্লীৰ ‘জামিয়া মিলিয়া ইছলামিয়া’ত অধ্যাপক এমিৰিটাছ, খান আব্দুল গফৰ খান চেয়াৰও আছিল। ১৯৭৯ চনত তেওঁ আইৱা বিশ্ববিদ্যালয়ৰ ‘আন্তৰ্জাতিক লিখন কাৰ্যসূচী’ৰ আবাসী কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]