কৃতিকা কামৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃতিকা কামৰা

কুছ তো লোগ কহেংগেত কৃতিকা
জন্ম ২৫ অক্টোবৰ, ১৯৮৮ (৩৫ বছৰ)
মধ্যপ্ৰদেশ
বাসগৃহ মুম্বাই, মহাৰাষ্ট্ৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনয়
উচ্চতা 5' 10"
ওজন 54 KG

কৃতিকা কামৰাৰ জন্ম হয় ১৯৮৮ চনৰ ২৫ অক্টোবৰত।[1] কৃতিকাই মধ্যপ্ৰদেশৰ এক হিন্দু ধৰ্মাৱলম্বী পৰিয়ালত জন্ম গ্ৰহন কৰিছিল যদিও কৃতিকাই স্কুলীয়া শিক্ষা দিল্লী পাব্লিক স্কুলৰ পৰাই লৈছিল। অতি কম সময়ৰ ভিতৰতেই ভাৰতীয় টেলিভিছনৰ ধাৰবাহিক জগতত নিজৰ প্ৰতিভাৰ প্ৰসাৰ ঘতাবলৈ সক্ষম হৈছিল কৃতিকাই। কৃতিকাৰ দেউতাক পেছাত এজন চিকিৎসক আছিল। কৃতিকাই NIEF ত ডিগ্ৰী কৰি থাকোতেই NDTV Imagineত “কিতনি মোহূবত হেঁ” ধাৰাবাহিক আৰম্ভ কৰিছিল আৰু এই ধাৰাবাহিক খনৰ বাবেই তেওঁ কলেজ এৰিব লগীয়া হৈছিল আৰু ডিগ্ৰী আধাতে সামৰণি মাৰে। কিন্তু বৰ্তমান কৃতিকাই মুম্বাইৰ পৰা কলা বিষয় ডিগ্ৰী কৰি আছে। কৃতিকাই তেওঁৰ অভিনয়েৰে সমগ্ৰ ভাৰতীয়ৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁ বহুকেইখন ধাৰাবাহিকত অভিনয় কৰিছে আৰু বৰ্তমান তেওঁ 'চ'নী টিভিৰ (SONY TV) “কুছ তো লোগ কহেংগে” নামৰ ধাৰাবাহিক খনত ডক্টৰ নিধি বৰ্মা হিচাপে অভিনয় কৰি আছে।

কৃতিকা আভিনীত ধাৰাবাহিক সমুহ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Welcome to Kritika Kamra's Profile". http://www.filmyfolks.com/kmh/Kritika_kamra.shtml। আহৰণ কৰা হৈছে: January 31, 2012. 
  2. 2.0 2.1 "TV Shows of Kritika Kamra". http://www.india-forums.com/celebrity/2997/kritika-kamra/tv-shows/। আহৰণ কৰা হৈছে: January 31, 2012.