কৃষ্ণচূড়া
| কৃষ্ণচূড়া Delonix regia | |
|---|---|
| কৃ্ষ্ণচূড়া ফুল | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| বিভাগ: | Magnoliophyta |
| শ্ৰেণী: | Magnoliopsida |
| বৰ্গ: | Fabales |
| পৰিয়াল: | Fabaceae |
| উপপৰিয়াল: | Caesalpinioideae |
| গোত্ৰ: | Caesalpinieae |
| গণ: | Delonix |
| প্ৰজাতি: | D. regia |
| বৈজ্ঞানিক নাম | |
| Delonix regia (Boj. ex Hook.) Raf. | |
কৃষ্ণচূড়া এক বৃক্ষ জাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Delonix regia। এই গছ চমৎকাৰ পত্ৰ-পল্লৱ আৰু জুইৰ দৰে ৰঙা কৃষ্ণচূড়া ফুলৰ বাবে প্ৰসিদ্ধ। ই Fabaceae পৰিয়ালৰ অন্তৰ্ভুক্ত। পৰামৰ্শিত ভাষাসমূহ অসমীয়া, বাংলা, ওড়িয়া আদি ভাষাত কৃষ্ণচূড়া বুলি কোৱাৰ বিপৰীতে কৃষ্ণচূড়াক হিন্দী, মাৰাঠী আদি ভাষাত গুলমোহৰ বুলিও কোৱা হয়।[1]
বৰ্ণনা
[সম্পাদনা কৰক]কৃষ্ণচূড়া গছৰ ৰঙা, কমলা, হালধীয়া ফুল আৰু উজ্জ্বল সেউজীয়া পাতে ইয়াক দৃষ্টিনন্দন কৰি তোলে। কৃষ্ণচূড়া মাদাগাস্কাৰৰ শুষ্ক পৰ্ণপাতি বৃক্ষৰ অৰণ্যত পোৱা যায়। অৰণ্যত ই বিলুপ্ত প্ৰায়। সৌন্দৰ্য বৰ্ধক গুণৰ উপৰিও এই গছ উষ্ণ জলবায়ুত ছাঁ দিবলৈ বিশেষভাবে উপযুক্ত। কৃষ্ণচূড়া উদ্ভিদ উচ্চতাত কম (সৰ্বোচ্চ ১২ মিটাৰ) হলেও ডাল-পাতেৰে ই বহু অঞ্চল আৱৰি থাকে। শুষ্ক অঞ্চলত গ্ৰীষ্মকালত কৃষ্ণচূড়াৰ পাত সৰি গলেও নাতিশীতোষ্ণ অঞ্চলত ই চিৰসেউজীয়া।
ফুল আৰু পাত
[সম্পাদনা কৰক]কৃষ্ণচূড়া ফুলৰ ৰং উজ্জ্বল ৰঙা। ভাৰত উপমহাদেশত বসন্ত কালত ইয়াৰ ফুল ফুলে। ফুলবোৰ চাৰিটা পাপৰি যুক্ত। পাপবোৰ প্ৰায় ৮ ছেণ্টিমিটাৰলৈ দীঘল হব পাৰে। কৃষ্ণচুড়া জটিল পত্ৰ বিশিষ্ট আৰু উজ্জ্বল সেউজীয়া। প্ৰতিটো পাত ৩০-৫০ ছেণ্টিমিটাৰ দীঘল আৰু ২০-৪০টা উপপত্ৰ বিশিষ্ট।
পৰিবেশ
[সম্পাদনা কৰক]কৃষ্ণচূড়াৰ বাবে উষ্ণ বা প্ৰায়-উষ্ণ জলবায়ুৰ দৰকাৰ। এই বৃক্ষ শুষ্ক আৰু লৱণাক্ত অৱস্থা সহ্য কৰিব পাৰে। কেৰেবিয়ান অঞ্চল, আফ্ৰিকা, হংকং, তাইৱান, দক্ষিণ চীন, বাংলাদেশ, ভাৰত সহ বিশ্বৰ অনেক দেশত কৃষ্ণচূড়া পোৱা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰত কৃষ্ণচূড়া কেৱল মাত্ৰ দক্ষিণ ফ্ল'ৰিডা, দক্ষিণ পশ্চিম ফ্ল'ৰিডা, টেক্সাচৰ ৰিঅ' গ্ৰাণ্ড উপত্যকাত পোৱা যায়।[2]
ভাৰত বৰ্ষত সাধাৰণতে এপ্ৰিল-জুন সময়ত কৃষ্ণচূড়া ফুল ফুলে। সেইদৰে পৃথিৱীৰ বিভিন্ন দেশত কৃষ্ণচূড়াৰ ফুল ফুলাৰ সময় ভিন্ন।
- দক্ষিণ ফ্ল'ৰিডা - জুন
- কেৰেবিয়ান - মেৰ পৰা ছেপ্তেম্বৰ
- ভাৰত - এপ্ৰিলৰ পৰা জুন
- অষ্ট্ৰলিয়া - ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী
- আৰব আমিৰাত - ছেপ্তেম্বৰ
চিত্ৰমালা
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "আৰ্কাইভ কপি". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304210347/http://www.coocafe.com/cafeforestal/docs/diagnostico-agroforestal-ilustrada.pdf। আহৰণ কৰা হৈছে: 2016-02-11.
- ↑ http://www.floridata.com/ref/d/delo_reg.cfm