কৈৱৰ্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কৈৱৰ্ত্তৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

কৈৱৰ্ত অসমৰ এটা প্ৰাচীন আদিম জাতি। "কৈ" মানে পানী "ৱৰ্ত" মানে বাস কৰা। পানীৰ পাৰত বা নদীৰ পাৰত বাস কৰা জাতি। কৈৱৰ্ত দুই ধৰণৰ- হালোৱা কৈৱৰ্ত আৰু জালোৱা কৈৱৰ্ত। খেতি-বাতি কৰি খোৱাসকল হালোৱা কৈৱৰ্ত আৰু মাছ মাৰি জীৱন নিৰ্বাহ কৰা সকল জালোৱা কৈৱৰ্ত। এইসকল সমগ্ৰ অসমৰ জিলাতে সিচৰিত হৈ আছে। তেওলোক অসমত ছ-সাত হাজাৰ বছৰ আগতে আহিছিল বুলিজনা যায় ইতিহাসৰ মতে।[উদ্ধৃতিৰ প্ৰয়োজন] উজনি অসমৰ লগতে নামনি অসমব্ৰহ্মপুত্ৰ উপত্যকা আৰু আন নদী বা বিলৰ আশে পাশে বাস কৰিছিল। নলবাৰী জিলাৰ বৰভাগ, বুকিয়া, বৰগাছা আদি ঠাইত এওঁলোক বেছিকৈ পোৱা গৈছিল। কিন্তু বানপানীৰ কাৰণে তেওঁলোক পিছলৈ অসমৰ বিভিন্ন ঠাইলৈ নিজৰ বাসস্থান সলালে। নামনি অসমৰ কামৰূপ জিলাৰ মিৰ্জা, ডিমৌ, নলবাৰী জিলাৰ বৰগাছা, কমাৰকুছি, দৰং জিলাৰ মঙলদৈ, বাক্সা জিলাৰ খাগ্ৰাবাৰী, তামুলপুৰ, বৰপেটা জিলা, বজালী আদি লোকসকলৰ বসতি দেখা যায়। প্ৰধানত নদীয়াল, নায়ক, কৈৱৰ্ত, হুজুৰী, হাজৰিকা', পাঠক, আৰু 'দাস' উপাধি লিখা দেখা যায়। একালত অসমত কৈৱৰ্ত ৰজাই শাসন কৰিছিল। গজাংক, নাগশংকৰ, পৃথু আদি কৈৱৰ্ত ৰজা আছিল।

অষ্ট্ৰিকসকলৰ অসম আগমণ[সম্পাদনা কৰক]

অসমলৈ প্ৰথম আহে অষ্ট্ৰিক প্ৰজাতিৰ লোক, তাৰপাছত আহে দ্ৰাবিড়, তাৰ পাছত আহে মংগোলীয়সকল আৰু তাৰ পাছত আহে আৰ্যসকল।

অষ্ট্ৰিকসকলৰ অসম আগমণ সম্পাদনা কৰক অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল দক্ষিণ-পূব এছিয়াৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। এই প্ৰজাতিৰ লোকসকল আছিল চুটি-চাপৰ আৰু ক্ষীণ, গাৰ বৰণ ক'লা। চুলিৰ ৰং তামবৰণীয় আৰু কেঁকোৰা। মূৰবোৰ দীঘল, নাক চেপেটা আৰু বহল। মুখ সৰু আৰু থেক। এই মানুহবোৰৰ বৰ ঘন দাঢ়ি-গোঁফ আৰু শৰীৰত বহুত নোম আছিল। সাধাৰণতে পাহাৰৰ নামনি অংশত বা নামনি অসমত এই লোকসকলে বাস কৰিছিল। এনে আকাৰ-প্ৰকাৰৰ পুৰণি মানুহ এতিয়া পাবলৈ নাই। অসমৰ কেতবোৰ জাতি জনজাতি যেনে কেওঁট(কৈৱৰ্ত), চাওতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাছি, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে, অষ্ট্ৰিকসকল হয়তো অসমৰ মাজেদি আহি উত্তৰ বংগ বা নেপাল আদি ঠাইলৈ গৈছিল নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াতে ৰৈ গৈছিল আৰু পাছত মংগোলীয়সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকল মিলি গৈছিলআৰু আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰিকসকলেই অসমলৈ অহা প্ৰথম লোক বুলি ভাৱিবৰ থল আছে। কোনো কোনো পণ্ডিতৰ মতে মংগোলীয়সকল অসমলৈ অহাৰ আগতে দক্ষিণ ভাৰতৰ দ্ৰাবিড় জাতিৰ এচাম লোক অসমলৈ আহিছিল সেই সকল নাদিয়াল আৰু তেওঁলোক ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰিছিল।