সমললৈ যাওক

ক: য়াদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কঃয়াদ
Ko: Yad -A Silent Way

কঃয়াদৰ এটা দৃশ্য
পৰিচালক মঞ্জু বৰা
ৰচনা অনিল পাংগিং[1]
চিত্ৰনাট্য মঞ্জু বৰা
কাহিনী অনিল পাংগিং[1]
প্ৰযোজক মঞ্জু বৰা
চিত্ৰগ্ৰহণকাৰী Sudhir Palsane [2] [3]
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ[1]
মুক্তি
২০১৪
দেশ ভাৰত ভাৰত
ভাষা মিচিং

ক: য়াদ (ইংৰাজী নাম: Ko: Yad -A Silent Way) হৈছে মঞ্জু বৰা পৰিচালিত মিচিং ভাষাত নিৰ্মিত ২০১৪ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। বিহু সংখ্যাৰ সাদিনত প্ৰকাশিত অনিল পাংগিঙৰ দ্বাৰা ৰচিত বহু পঠিত আৰু উচ্চ প্ৰশংসিত কঃ য়াদ নামৰ উপন্যাসখনৰ আধাৰত এই ছবিখন নিৰ্মিত হৈছে। প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰাই এই উপন্যাসখনৰ কাহিনীভাগেৰে একে নামেৰে মিচিং ভাষাত ছবিখন নিৰ্মান কৰে।[1]

ক: য়াদ ছবিখনৰ কাহিনীভাগত পৌকাম নামৰ চৰিত্ৰটোৱে জীৱনত বহু বঞ্চনাৰ সম্মুখীন হোৱাৰ পিছত তেওঁৰ জীৱনৰ নিৰাশা বৰ্ণিত হৈছে। বয়স বাঢ়ি অহাত পৌকামে দেউতাকে তেওঁক দি যোৱা নাওখনেৰে ব্ৰহ্মপুত্ৰ নৈৰ বুকুৰ পৰা খৰি বুটলি জীৱন নিৰ্বাহ ব্যৱস্থা কৰে। ছবিখনত পৌকামৰ ল'ৰালি দিনৰে পৰা আৰম্ভ কৰি বিবাহ, সন্তানৰ জন্ম আৰু তাৰপিছত বৃদ্ধাৱস্থালৈকে তেওঁৰ জীৱনৰ কাহিনী বৰ্ণিত হৈছে। নিজৰ পৰিয়ালৰ বাবে হাঁড়ক মাটি কৰি শ্ৰম কৰা পৌকামে অৱশ্যে জীৱনত তেওঁৰ বন্ধুবৰ্গ, ঋণদাতা আৰু নিজৰ সন্তানৰ পৰাই প্ৰৱঞ্চনাৰ মুখামুখি হ'ব লগা হয়। আনকি শেষত নৈখনেও তেওঁক বঞ্চণা কৰে।[4] [5]

অভিনয় শিল্পী

[সম্পাদনা কৰক]

সেৱান সিং য়েইন, তৰুলতা কুটুম, বিদুৰ মিলি, দিগন্ত পাংগিং আৰু অন্যান্য শিল্পী। [6]

চিত্ৰগ্ৰহণ

[সম্পাদনা কৰক]

ক: য়াদৰ ২৫ দিনজোৰা চিত্ৰগ্ৰহণ ৪ জুলাইৰ পৰা আৰম্ভ হৈছিল। ছবিখনৰ প্ৰাৰম্ভিক চিত্ৰগ্ৰহণ দিচাংমুখৰ এক মনোমোহা স্থানত হৈছিল। ছবিখনৰ সহকাৰী পৰিচালক ৰূপে আছে- লোহিত দত্ত, ফুল ডাউকা, ঘনশ্যাম কলিতা, ৰূপম চেতিয়া আৰু দিবাকৰ পেগু। ছবিখনৰ সম্পাদনা কৰিছিল এ শ্ৰীকৰ প্ৰসাদে। সংগীত পৰিচালনা কৰিলা থমাছ কটুকাপল্লীয়ে। AAAS প্ৰডাকছনৰ বেনাৰত ছবিখন ৩৫ মিলিমিটাৰ চিনেমাস্কোপত ড'লবী ডিজিটেল ছাউণ্ড প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মান কৰা হৈছে।[1] ছবিখনৰ সাজ সজ্জাৰ দায়িত্বত আছিল জীৱন ডাউকা। [4]

ক: য়াদ চলচ্চিত্ৰখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছিল। [7] বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ছবি (চিত্ৰভাৰতী) শিতানৰ বিচাৰক এছ কে ভগৱানে এইদৰে কৈছিল যে, মঞ্জু বৰাৰ ছবি ক: য়াদ-এ অসমৰ এখন সৰু গাঁৱৰ মিচিং মানুহৰ কাহিনী অতি সূক্ষ্মভাৱে বৰ্ণিত পৰিৱেশৰ মাজেৰে সুন্দৰভাৱে প্ৰকাশ কৰিছে। [8]

প্ৰদৰ্শন তথা সন্মান

[সম্পাদনা কৰক]
  • লাডাখ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। [9][10]
  • দ্য ইণ্ডিয়ান ফিল্মছ কম্পিটিশ্যন জুৰীৰ সুচিত্ৰ সন্মান- ২০১৩ চনৰ ২৬ ডিচেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ অনুষ্ঠিত ষষ্ঠ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ বঁটা। [11] [12]
  • পঞ্চদশ মুম্বাই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত। [13] [6] [14]
  • ২০১২ চনৰ ৬০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা। [15]
  • ৬০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অষ্টম অনুসূচীত অনা-অন্তৰ্ভুক্ত ভাষাৰ ছবিৰ শ্ৰেণীত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা। [16] [17]
  • ৬০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফীৰ বঁটা: সুধীৰ পলচানে। [18] [19]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 "60th National Film Award Catalogue". DIRECTORATE OF FILM FESTIVALS. Archived from the original on 28 September 2021. https://web.archive.org/web/20210928042908/http://dff.nic.in/Archive.aspx?ID=6 আহৰণ কৰা হৈছে: 13 August 2021.
  2. "আসাম প'ৰ্টেলত কঃ য়াদ". Archived from the original on 2013-09-21. https://web.archive.org/web/20130921022217/http://www.assamportal.com/2013/09/manju-borah-wins-best-director-award-at-liff-for-ko-yad.html আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  3. "অনলাইন শিৱসাগৰত কঃ য়াদ". http://onlinesivasagar.com/news/news.php?id=35283 আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.[সংযোগবিহীন উৎস]
  4. 1 2 "কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৱেবছাইটত ক: য়াদ". Archived from the original on 2014-01-22. https://web.archive.org/web/20140122110140/http://kff.in/Ko-Yad.php আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  5. "মঞ্জু বৰাৰ অফিছিয়েল ৱেবচাইট". Archived from the original on 2014-01-03. https://web.archive.org/web/20140103004711/http://manjuborah.com/ আহৰণ কৰা হৈছে: 10 জানুৱাৰী 2014.
  6. 1 2 "বাজ ইন টাউন". Archived from the original on 2015-01-05. https://web.archive.org/web/20150105033434/http://www.buzzintown.com/mumbai/events/mff-2013a-silent-way-ko-yad-film/id--835816.html আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  7. "ক: য়াদৰ প্ৰশংসা". http://popsplat.in/2013/10/25/movie-review-a-silent-way-ko-yad/ আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  8. "দ্য হিন্দু". http://www.thehindu.com/news/cities/bangalore/epilogue-ko-yad-munsif-win-awards-at-biffes/article5527138.ece আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  9. "টাইম আউট মুম্বাইত কঃ য়াদ". http://www.timeoutmumbai.net/film/koyad আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.[সংযোগবিহীন উৎস]
  10. "কঃ য়াদৰ বাবে মঞ্জু বৰালৈ বঁটা". Archived from the original on 2013-09-21. https://web.archive.org/web/20130921022217/http://www.assamportal.com/2013/09/manju-borah-wins-best-director-award-at-liff-for-ko-yad.html আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  11. "বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৱেবছাইট". Archived from the original on 2014-02-02. https://web.archive.org/web/20140202004722/http://biffes.in/awards-2013 আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  12. "আই এম ডি বি". http://www.imdb.com/news/ni56611060/ আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  13. "বাৰ্প.ইন". Archived from the original on 2014-01-10. https://archive.today/20140110121104/http://burrp.in.com/mumbai/events/metro-big-cinemas_a-silent-way-ko-yad-15th-mumbai-film-festival-mami_dhobi-talao_mumbai/11522518594.html আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  14. "টাইমছ চিটী". http://timescity.com/mumbai/events/ko-yad-a-silent-way-mising-film/124195 আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  15. "মিছিং ভাষাৰ শ্ৰেষ্ঠ ছবি". Archived from the original on 2013-09-21. https://web.archive.org/web/20130921022217/http://www.assamportal.com/2013/09/manju-borah-wins-best-director-award-at-liff-for-ko-yad.html আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  16. "ৰজত কমল ক: য়াদলৈ". http://articles.timesofindia.indiatimes.com/2013-03-19/guwahati/37842685_1_national-film-awards-leipaklei-aribam-syam-sharma আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.[সংযোগবিহীন উৎস]
  17. "ক: য়াদলৈ ৰজত কমল". Archived from the original on 2015-01-04. https://web.archive.org/web/20150104124701/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar1913/at06 আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.
  18. "টাইমছ অৱ ইণ্ডিয়া". http://articles.timesofindia.indiatimes.com/2013-03-19/guwahati/37842685_1_national-film-awards-leipaklei-aribam-syam-sharma আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.[সংযোগবিহীন উৎস]
  19. "দ্য আসাম ট্ৰিবিউন". Archived from the original on 2015-01-04. https://web.archive.org/web/20150104124701/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar1913/at06 আহৰণ কৰা হৈছে: জানুৱাৰী 10, 2014.