খনমা
খনমা
Khwuno-ra | |
---|---|
গাওঁ | |
স্থানাংক: 25°39′00″N 94°01′59″E / 25.650°N 94.033°Eস্থানাংক: 25°39′00″N 94°01′59″E / 25.650°N 94.033°E | |
দেশ | ভাৰত |
ৰাজ্য | নাগালেণ্ড |
জিলা | ক’হিমা |
উচ্চতা | ১৬২১ m (5,318 ft) |
জনসংখ্যা (২০১১) | |
• মুঠ | ১৯৪৩ |
খনমা নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা বিছ কিলোমিটাৰ পশ্চিমে অৱস্থিত এখন আংগামী নগা গাওঁ।
গাওঁখনক স্থানীয় এবিধ উদ্ভিদ (Glouthera fragrantisima) ৰ আংগামী নাম অনুসৰি ’Khwuno-ra’ বুলিও জনা যায়। খনমাৰ মুঠ জনসংখ্যা ১৯৪৩ জন আৰু ৪২৪টা পৰিয়াল[1]। খনমাক ভাৰতৰ প্ৰথমখন সেউজ গাওঁ বুলি গণ্য কৰা হয়।
ভৌগোলিক অৱস্থিতি
[সম্পাদনা কৰক]খনমাৰ মূলত: পাহাৰীয়া। ইয়াৰ পাহাৰবোৰ সেউজ অৰণ্যৰে আৱৰি আছে। নাগালেণ্ডৰ ৰাজ্যিক চৰাই, ব্লাইথ’ছ ট্ৰগ’পান (Blyth's tragopan) খনমাৰ অৰণ্যত দেখা পোৱা যায়।[2]
জনসংখ্যা
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি খনমাত বসবাস কৰা মুঠ পৰিয়ালৰ সংখ্যা ৪২৪টা আৰু জনসংখ্যা ১৯৪৩ জন। ইয়াৰে ৯১৯ জন পুৰুষ আৰু ১০২৪ গৰাকী মহিলা।
গাওঁখন তিনিটা খেলত বিভক্ত- মেৰহুমা (Merhüma, M-Khel), চেম’মা (Semoma, S-Khel) আৰু থেভ’মা (Thevoma,T-Khel).
খনমাৰ সাক্ষৰতাৰ হাৰ নাগালেণ্ডৰ ৰাজ্যিক হাৰতকৈ অধিক। ২০১১ চনৰ লোকপিয়ল অনুসৰি খনমাৰ নাগালেণ্ডৰ ৭৯.৫৫% ৰ বিপৰীতে ৮৩.৪১% লোক সাক্ষৰ। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৩.৭২% আৰু মহিলাৰ ৭৪.১৯%[3]
ভাৰত চৰকাৰৰ পঞ্চায়তী ৰাজ আইনৰ অধীনত খনমা গাওঁখন গাওঁবুঢ়াই পৰিচালনা কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Census 2011, Khonoma village Data". http://www.census2011.co.in/data/village/268287-khonoma-nagaland.html.
- ↑ "KHONOMA - The First Green Village". Archived from the original on 2020-04-28. https://web.archive.org/web/20200428185141/http://northeasttourism.gov.in/khonoma.html#sthash.KMr81ptA.dpuf। আহৰণ কৰা হৈছে: 2018-09-26.
- ↑ "Census 2011, Literacy rate in Khonoma village". http://www.census2011.co.in/data/village/268287-khonoma-nagaland.html.