খাময়াঙ জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

টাই খাময়াঙ জনগোষ্ঠী বা চিয়াম হ’ল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। এওঁলোক অসমৰ তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলা আৰু অৰুণাচল প্ৰদেশত পোৱা যায়। তেওঁলোকৰ মাজত প্ৰায় সাত হেজাৰ জনসংখ্যা আছে তাৰে এটা অতি নিম্ন অংশই হে টাই খাময়াং ভাষা কয় আৰু অধিকতম জনসংখ্যাই অসমীয়া ভাষা প্ৰয়োগ কৰে।

বাসস্থান[সম্পাদনা কৰক]

এই থালৰ লোকসকলে পূৰ্বতে চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ 'য়ুন্নান' প্ৰদেশৰ মুংমাও বা মাও-লোঙ নামৰ ঠাইৰ অধিবাসী আছিল। এয়োদশ শতিকাৰ মাজভাগৰ পৰা অসমৰ বিভিন্ন অঞ্চলত টাই ঠালৰ লোকসকল বসবাস কৰিবলৈ লয়। বৰ্তমান টাই খাময়াংসকল ঘাইকৈ অসমৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু লখিমপুৰ জিলাৰ কেইখনমান গাঁৱত বাস কৰি আছে। অৰুণাচল প্ৰদেশৰ নামচাই, নামলেং, ডিচাক পথাৰ আদি অঞ্চলসমূহ টাই খাময়াং গোষ্ঠীৰ বসতি স্থান।

টাই খাময়াংসকলে চাংঘৰ সাজি বাস কৰে। চাংঘৰ আৰু ভৰাঁলঘৰ তেওঁলোকৰ মূল বৈশিষ্ট্য। পুৱা-পশ্চিমাকৈ কাঠ-বাঁহ-বেত-খেৰ-টকৌপাত আদিৰে চাংঘৰ সজা হয়। ৰান্ধনিগৃহত 'টি ফাই' আৰু বৰঘৰত 'টি চাই' নামৰ দুখনকৈ জুহাল থাকে। উত্তৰা-দক্ষিণাকৈ ভঁৰাল ঘৰ সজা হয়। ভঁৰালঘৰৰ তলত গৰুৰ গোহালি, তাঁতশাল, ঢেকিশালৰ বাবে ঠাই ৰখা হয়। প্ৰত্যকঘৰেই আগফালে ফুলনি পাতি লয়।

সমাজ ব্যৱস্থা[সম্পাদনা কৰক]

সমাজ ব্যৱস্থা পিতৃ প্ৰধান। ঘৰ এখনত পিতৃৰ পৰামৰ্শমতেহে সকলো কাম হয়। পিতৃক দেৱতাৰ সমান সন্মান দিয়া হয়। পিতৃ বহা আসন আৰু খাটত অইনে বহা নিয়ম নাই। পিতৃৰ কাপোৰ মেলা ঠাইত পুত্ৰ-কন্যা-বোৱাৰীয়ে কাপোৰ নেমেলে। সমাজত নাৰীক পুৰুষৰ সমানে মৰ্যাদা দিয়া হয়। কিছুমান ক্ষেত্ৰত পিতৃৰ লগতে মাতৃৰো পৰামৰ্শ গ্ৰহণ কৰা হয়। উৎসৱ অনুষ্ঠানত নাৰীয়ে মুকলিমুৰীয়াকৈ অংশগ্ৰহণ কৰে।

ধৰ্ম[সম্পাদনা কৰক]

টাই খাময়াংসকলে থেৰাবাদী বৌদ্ধ ধৰ্ম পালন কৰে। প্ৰত্যক গাঁৱতে একোটাকৈ বৌদ্ধবিহাৰ আৰু ইয়াৰ চৌহদত একোটাকৈ পোগোদা থাকে। বৌদ্ধবিহাৰত গাওঁবাসীয়ে জ্ঞান চৰ্চা কৰে। বৌদ্ধবিহাৰত ধৰ্মীয় নিয়মবোৰ পালন কৰিবৰ বাৰে একোজনকৈ 'শ্ৰমন' থাকে। বৌদ্ধবিহাৰত খাময়াংসকলে বৌদ্ধ ধৰ্মৰ পঞ্চশীল, অষ্টশীল আদি নীতি বহন কৰে।

ভাষা[সম্পাদনা কৰক]

টাই খময়াং ভাষা টাই খাময়াংসকলৰ মাতৃভাষা যদিও অধিকাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে। অৱশ্য ডিব্ৰুগড় জিলাৰ মাৰ্ঘেৰিটাৰ খাময়াংসকলে ঘৰুৱা জীৱনত টাই ভাষা ব্যৱহাৰ কৰে। বৌদ্ধবিহাৰ অথবা বাপুচাংবোৰত পালি ভাষা-সাহিত্যৰো চৰ্চা হয়।

উৎসৱ-পাৰ্বন[সম্পাদনা কৰক]

চাংকেন[সম্পাদনা কৰক]

চাংকেন বা পয়চাংকেন উৎসৱ চ'তৰ সংক্ৰান্তিৰ পৰা তিনিদিনীয়াকৈ পালন কৰা হয়। এই উৎসৱক 'সংক্ৰান্তি উৎসৱ' আৰু 'বুদ্ধ মূৰ্ত্তি ধোওৱা উৎসৱ' হিচাপে পালন কৰা হয়। এই উৎসৱত বুদ্ধ মূৰ্ত্তিসমূহ এঠাইত থৈ তিনিদিন ধৰি স্নান কৰাই, আসনত মূৰ্ত্তিসমূহ পুনৰ প্ৰতিষ্ঠা কৰা হয়। এই উৎসৱৰ দুই-তিনিদিনৰ পিছত 'চৈত্য দানয়' উৎসৱ পালন কৰে। মাঘৰ পূৰ্ণিমাত নৈৰ পাৰত মেজি জ্বলাই 'মেইকুনচুমফাই' উৎসৱ পালন কৰে। প্ৰত্যক পূৰ্ণিমাৰ ৰাতিতেই ৰং-বিৰংৰ কাগজৰ আকাশবন্তি জ্বলায়।

আহাৰ-শাওণ মাহৰ পূৰ্ণিমা তিথিত 'পোগোদা'বিলাক পৰিষ্কাৰ কৰি 'বৰ্ষাৰাম' উৎসৱ পালন কৰে।

অন্যান্য আচাৰ-অনুষ্ঠান[সম্পাদনা কৰক]

জন্ম প্ৰকৰণ : সন্তান জন্মৰ পিছত ডাঙৰকৈ চিঞৰি সকলোকে জনায়। বয়সিয়াল মহিলা এগৰাকীয়ে এটা মহুৰা কেঁচুৱাটোৰ কাণত ফুৱাই নীতিবাক্য শুনায়। বৰঘৰৰ মাজত মাক-কেঁচুৱাক সাতদিন ৰাখে। ঘৰ-দুৱাৰ মুচি-কাচি শুদ্ধি কৰা হয়। লিংগ, জন্ম বাৰ, জন্ম মাহ, জেষ্ঠতাৰ ভিত্তিত কেঁচুৱাক নিৰ্ধাৰিত আখৰৰ নাম দিয়া হয়।

মৃতদেহ সৎকাৰ : মৃতক গৰাকীক পিৰাত বহুৱাই ওলোটাকৈ টেকেলিৰে গা ধুৱাই দিয়ে। পিন্ধা সাজজোৰ ওলোটাকৈ পিন্ধাই দিয়ে। পাটীত শুৱাই খনীয়া কাপোৰেৰে গাটো ঢাকি দিয়ে। সমাজে আৰ্শীবাদ দিয়াৰ পাছত ঘৰৰ পৰা শৱ উলিয়াই নিয়ে। মৃতদেহ নিজৰ মাটি-বাৰীত দাহ বা সমাধিস্থ কৰাৰ নিয়ম।

মৃতকৰ শ্ৰাদ্ধ সাতদিনত কৰা হয়। এইক্ষেত্ৰত বৌদ্ধবিহাৰৰ ভিক্ষু আৰু শ্ৰমনসকলে নানা বিধান আগবঢ়াই। শ্ৰাদ্ধ কাৰ্যত খুচুৰা পইচা আৰু তামোল পাণৰ ব্যৱহাৰ কৰা হয়।

বিবাহ পদ্ধতি : একে গোত্ৰৰ মাজত বিবাহ নিশেধ। মোমায়েকৰ জীয়েকক বিয়া কৰোৱা পৰম্পৰা আছে। বহুবিবাহৰ প্ৰচলন নাই। বিধৱা বিবাহৰ প্ৰচলন আছে। বিবাহ কাৰ্যত তামোল-পাণৰ শৰাই আৰু মাননি অপৰিহাৰ্য। বংশ পৰিয়াল বিহীন আৰু আৰ্থিক দিশত দুৰ্বল ছোৱালীৰ বিয়াৰ দায়িত্ব সমাজে বহন কৰে। বছৰৰ মাহ অনুযায়ীহে বিবাহকাৰ্য সম্পন্ন কৰে। ঘৰৰ জ্যেষ্ঠ ল'ৰাই জ্যেষ্ঠ ছোৱালী বিয়া নকৰায়। জোৰোণ দিয়া আৰু যৌতুক দিয়া প্ৰথা নাই।

সাজ-পাৰ আৰুআ-অলংকাৰ[সম্পাদনা কৰক]

টাই খাময়াঙসকলে পূৰ্বতে যুদ্ধত বাঘৰ ছালৰ বস্ত্ৰ পৰিধান কৰিছিল। বৰ্তমান পুৰুষসকলে ৰঙীন লুঙী, চোলা-চুৰীয়া আৰু মূৰত পাগুৰি আদি ব্যৱহাৰ কৰে। মহিলাসকলে ক'লা ফুলবছা মেখেলা-চাদৰ, হাতদীঘল চোলা, কঁকালত পেটি, ৰিহা, গামোচা আদি ব্যৱহাৰ কৰে।

ডিঙিত ডুগডুগী, মাদলী, জোনবিৰি আদি; কাণত জাংফাই, কেৰু-থুৰীয়া আদি; হাতত মুঠি খাৰু, গামখাৰু আদি অলংকাৰ ব্যৱহাৰ কৰে।

খাদ্যাভাস[সম্পাদনা কৰক]

তেওঁলোকৰ প্ৰধান আহাৰ ভাত। সিজোৱা কচু, ঢেকীয়া, কাঠফুলা, বাঁহগাজ, তিতাফুল, কলমৌ, নেফাফু, খুতৰা, লচকচী ইত্যাদি বনশাক প্ৰিয় খাদ্য। মছলাৰ ব্যৱহাৰ কম। মাছ-মাংস শুকুৱাই সংৰক্ষণ কৰে। সংৰক্ষণ কৰা খাদ্যবোৰ পিছত জুতি লগাই খায়। বাকলি থকা মাছ আৰু গাহৰি মাংস আচাৰ কৰি থয়। ধৰ্মীয় অনুষ্ঠানত পিঠা, চুঙা চাউল, বৰা চাউল, আখৈ আৰু সামাজিক অনুষ্ঠানত লাহি চাউলৰ ভাত পৰিৱেশন কৰে।

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]

  1. জয়কান্ত শৰ্মা,(সম্পা.)- অসমৰ জনজাতিসকলৰ ধৰ্মীয় আচাৰ আৰু সংস্কৃতি।
  2. প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য,(সম্পা.)- অসমৰ জনজাতি।
  3. ড° লীলা গগৈ - অসমৰ সংস্কৃতি।
  4. ড° বিৰিঞ্চি কুমাৰ বৰুৱা - অসমীয়া ভাষা আৰু সংস্কৃতি।


তথ্যসংগ্ৰহ[সম্পাদনা কৰক]