গোহৰ মামাজীৱালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোহৰ কায়ুম মামাজীৱালা

ফিল্মইণ্ডিয়া আলোচনীৰ বেটুপাতত গোহৰ, জানুৱাৰী-১৯৪০ সংখ্যা
জন্ম ১৯ নৱেম্বৰ, ১৯১০
লাহোৰ, পাঞ্জাব প্ৰভিন্স, ব্ৰিটিছ ভাৰত
মৃত্যু ২৮ ছেপ্টেম্বৰ, ১৯৮৫ (৭৪ বছৰ)
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯২৬-১৯৭০-ৰ দশক

গোহৰ মামাজীৱালা বা গৌহৰ বা সম্পূৰ্ণ নাম: গোহৰ আব্দুল কায়ুম মামাজীৱালা (ইংৰাজী: Gohar Mamajiwala; ১৯১০-১৯৮৫) ১৯১০ চনত ব্ৰিটিছ ভাৰতৰ লাহোৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক আছিল।[1] ১৯২৫-ৰ পৰা ১৯৪০-লৈ মিচ গোহৰ নামেৰে জনাজাত এই গৰাকী ব্যক্তি অভিনেত্ৰীৰূপে জনপ্ৰিয়তাৰ তুংগত আছিল। তেওঁক একমাত্ৰ অভিনেত্ৰী সুলোচনাৰ (ৰুবি মায়াৰ্ছ) সম পৰ্যায়ৰ বুলি গণ্য কৰা হয়, যি তেওঁৰ সমসাময়িক আছিল। তেওঁ চন্দুলাল শাহৰ সৈতে একেলগে ৰঞ্জিত ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰিছিল, যিটো ষ্টুডিঅ’ সেই সময়ৰ বোম্বেৰ তিনিটা প্ৰধান চলচ্চিত্ৰ কোম্পানীৰ অন্যতম আছিল। আন দুটা ষ্টুডিঅ’ আছিল কহিনুৰ ফিল্ম কোম্পানী আৰু ইম্পেৰিয়েল ফিল্ম কোম্পানী।[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯ নবেম্বৰ ১৯১০-ত লাহোৰৰ এটা মুছলমান পৰিয়ালত গোহৰৰ জন্ম হৈছিল।[1] তেওঁৰ দেউতাক শেঠ কায়ুম মামাজীৱালী এটা থিয়েটাৰ কোম্পানীৰ স্বত্বাধিকাৰ আৰু মাক পুতলীবাঈ এগৰাকী অভিনেত্ৰী আছিল।[2] দেউতাকৰ বন্ধু এজনে কিশোৰী গোহৰক চলচ্চিত্ৰত অভিনয় কৰাৰ প্ৰস্তাব দিয়ে। প্ৰথমে মাক-দেউতাক অমান্তি হৈছিল যদিও পিছলৈ সন্মতি দিয়ে। সেই সময়ৰ ভাৰতৰ প্ৰখ্যাত কহিনুৰ ষ্টুডিঅ’ৰ অংশীদাৰ কৃষ্ণ ফিল্মছত তেওঁ কামত সোমায়।[3][4]

কৰ্মজীৱন[সম্পাদনা কৰক]

কহিনুৰ ষ্টুডিঅ’[সম্পাদনা কৰক]

কাঞ্জিভাই ৰাথোৰৰ ১৯২৫ চনত মুক্তি পোৱা, ব্যৱসায়িক সফল নিৰ্বাক চলচ্চিত্ৰ বাপ কামাইত (Fortune And Fools) গোহৰে প্ৰথম অভিনয় কৰে। নায়ক আছিল গংগাৰাম। ইয়াত এটা সহযোগী চৰিত্ৰত অভিনয় কৰিছিল[4] যদিও প্ৰতিমাহে তেওঁ ৩০০ টকা হাৰে পাৰিশ্ৰমিক পাইছিল।[3] ইয়াৰ কেইমান পিছত তেওঁ লংকা নি লাদিত (১৯২৫) ৰাজকুমাৰীৰ মূল ভূমিকাত খলিলৰ বিপৰীতে অভিনয় কৰে। গোহৰৰ অভিনয়ে দৰ্শকক সন্মোহিত কৰিবলৈ সক্ষম হোৱা এই ছবিখন কহিনুৰ ষ্টুডিঅ’ৰ সেই বছৰৰ আটাইতকৈ সফল ছবি আছিল।[4]

ৰঞ্জিত ষ্টুডিঅ’[সম্পাদনা কৰক]

১৯২৯ চনৰ জুন মাহত চন্দুলাল শাহ আৰু গোহৰে ৰঞ্জিত ফিল্ম ষ্টুডিঅ’ স্থাপন কৰে।1 ৰঞ্জিত ফিল্ম ষ্টুডিঅ’ পৰা প্ৰযোজনা কৰা প্ৰথম ছবি পতী-পত্নী। এই সামাজিক ছবিখনৰ লেখক, পৰিচালক আৰু মুখ্য অভিনয় শিল্পী আছিল গোহৰ।[5] নতুন ষ্টুডিঅ’টোৱে তাৰকা শিল্পীসকলক আকৰ্ষণ কৰিছিল। তেওঁলোকে প্ৰযোজনা কৰা ৰাজপুতানী (১৯২৯) আৰু দিৱানী দিলবৰত গোহৰে ডি. বিলিমোৰিয়াৰ বিপৰীতে অভিনয় কৰিছিল। সবাক চলচ্চিত্ৰৰ আগমনৰ পিছত ১৯৩১ চনত ইয়াক ৰঞ্জিত মোভীটোন নামেৰে নামকৰণ কৰা হয়। ৰঞ্জিত মোভীটোনৰ পৰা প্ৰযোজিত প্ৰথমখন সবাক ছবি দেৱী দিব্যানীৰো তাৰকা আছিল গোহৰ আৰু বিলিমোৰিয়া।[2]

ৰঞ্জিত ষ্টুডিঅ’ কেইবছৰমানৰ ভিতৰত যদিও বোম্বেৰ এটা আগশাৰীৰ ষ্টুডিঅ’ হিচাপে খ্যাত হৈছিল, পাছলৈ গোহৰৰ ছবিবোৰে বিশেষ সফলতা পোৱা নাছিল। সেয়েহে তেওঁ অভিনয়ৰ পৰা অৱসৰ লোৱাৰ মনস্থ কৰে। চন্দুলালে তেওঁক অচ্যুতত কাম কৰিবলৈ দিয়ে। এইখনে আছিল গোহৰৰ জীৱনৰ শেষ ছবি। ছবিখন ১৯৩৯-ৰ ডিচেম্বৰত হিন্দী আৰু গুজৰাটী ভাষাত মুক্তি পাইছিল। অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া এগৰাকী অস্পশ্য নাৰীৰ কাহিনীৰে নিৰ্মিত অচ্যুত ১৯৪০ বৰ্ষত বক্স অফিচত তৃতীয় স্থানত আছিল।[6][7]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]