গৌৰী বৰ্মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৌৰী বৰ্মন
জন্ম ১৯৩৬
বেলশৰ, নলবাৰী
মৃত্যু ২৯ অক্টোবৰ ২০২০
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক, চিত্ৰশিল্পী
উল্লেখযোগ্য কৰ্ম অপৰাজেয়, হৃদয়ৰ প্ৰয়োজন
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী কৃষ্ণা বৰ্মন

গৌৰী বৰ্মন (ইংৰাজী: Gauri Barman) অসমৰ এগৰাকী চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ নিৰ্মাতা আছিল। ১৯৭০ৰ চাৰিজন পৰিচালকে চতুৰঙ্গ নামেৰে পৰিচালনা কৰা অপৰাজেয়়় ছবিৰ অন্যতম পৰিচালক আছিল।[1]

চমু জীৱনী[সম্পাদনা কৰক]

১৯৩৬ চনত নলবাৰী জিলাৰ বেলশৰত বৰ্মনৰ জন্ম হয়। তেওঁ এজন চিত্ৰশিল্পী, ছবি পৰিচালক আৰু তথ্যচিত্ৰ নিৰ্মাতা আছিল। তেওঁ পৰিচালনা কৰা প্ৰথম ছবি অপৰাজেয়়় ১৯৭০ চনত মুক্তি পায়। বাংলা আৰু হিন্দী ছবিৰ বিশিষ্ট অভিনেত্ৰী ৰাখীয়ে অভিনয় কৰা এই ছবিখন গৌৰী বৰ্মন, ফণী তালুকদাৰ,অতুল বৰদলৈ আৰু মুনীন বায়নে চতুৰঙ্গ নামেৰে যুটীয়াভাবে পৰিচালনা কৰিছিল। স্বাধীনভাবে পৰিচালনা কৰা তেওঁৰ প্ৰথম ছবি হৃদয়ৰ প্ৰয়োজন[1]

তেওঁ প্ৰায় ৩০খন তথ্যচিত্ৰ আৰু দূৰদৰ্শনৰ ধাৰাবাহিক পৰিচালনা কৰিছে। ২০১২ চনত বৈদেশিক মন্ত্ৰালয়ে তেওঁক 'অৱজেক্ট দ্য আৰ্ট কমিটি'ৰ সদস্য বাছনি কৰিছিল।[1] দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা চক্ৰবেহু ধাৰাবাহিকখনৰ চিত্ৰনাট্য তেওঁ অৰ্ণৱ জান ডেকাৰে সৈতে যুটীয়াভাৱে লিখিছিল আৰু ডেকাক ধাৰাবাহিকখনৰ মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব দিছিল।[2]

আৱাহন, ৰামধেনুৰপৰা দৈনিক অসম, দৈনিক অগ্ৰদূতলৈকে অসমৰ আগশাৰীৰ কাকত-আলোচনীত তেওঁৰ লেখা নিয়মীয়াকৈ প্ৰকাশ হৈছিল।[2] জীৱনৰ শেষৰফালে তেখেতৰ গল্প আৰু কবিতা প্ৰান্তিকত প্ৰকাশ হৈছিল। তেওঁ পৰিচালনা কৰা চিনেমাসমূহ হ'ল- অপৰাজেয়়়, হৃদয়ৰ প্ৰয়োজন, অকণ, যুগে যুগে সংগ্ৰাম আৰু আপোনজন। বৰ্মনে নিজৰ নৱ-নিৰ্মিত বাসভৱনত অকাডেমী অৱ ভিজুৱেল আৰ্ট নাম দি এটি শিক্ষানুষ্ঠান খুলিছিল।[2]

২০১৯ চনত আদ্য শৰ্মাৰ চতুৰ্খ মৃত্যু-বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ‘জীৱনশিল্পী আদ্য শৰ্মা’ বঁটাৰে বৰ্মনক সন্মানিত কৰা হয়।[3] ২৯ অক্টোবৰ ২০২০ৰ দিনা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।[1]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

  1. অপৰাজেয়়় (১৯৭০, যুটীয়াভাবে)
  2. হৃদয়ৰ প্ৰয়োজন (১৯৭২)
  3. অকণ (১৯৮০)
  4. যুগে যুগে সংগ্ৰাম (১৯৮৬)
  5. আপোনজন (১৯৯৫)

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • বিশ্ববিখ্যাত চলচ্চিত্ৰৰ গল্প (১৯৯৯, জাৰ্ণাল এম্প’ৰিয়াম)

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Assam filmmaker, painter Gauri Barman passes away at 84". Northeast Now. 29-10-2020. https://nenow.in/north-east-news/assam/filmmaker-painter-gauri-barman-passes-away-at-84.html। আহৰণ কৰা হৈছে: 30 October 2020. 
  2. 2.0 2.1 2.2 অৰ্ণৱ জান ডেকা (১১নৱেম্বৰ,২০২০). "চলচ্চিত্ৰকাৰ-চিত্ৰকৰ গৌৰী বৰ্মন". অসমীয়া খবৰ. পৃষ্ঠা ৪, সম্পাদকীয় পৃষ্ঠা. 
  3. "Adya Sarma award presented to Gouri Barman". The Assam Tribune. প্ৰকাশক Guwahati. 26-2-2019. Archived from the original on 7 November 2020. https://web.archive.org/web/20201107024836/http://www.assamtribune.com/scripts/mdetails.asp?id=feb2619/state051। আহৰণ কৰা হৈছে: 30 October 2020.