সমললৈ যাওক

চন্দ্ৰ শেখৰ আজাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰশেখৰ আজাদ

১৯২৬ চনত চন্দ্ৰশেখৰ আজাদ
জন্ম চন্দ্ৰশেখৰ সীতাৰাম তিয়াৰী
২৩ জুলাই, ১৯০৬
ভাৱৰা, আলিৰাজপুৰ ৰাজ্য, বৃটিছ ভাৰত[1]
মৃত্যু ২৭ ফেব্ৰুৱাৰী, ১৯৩১ (২৪ বছৰ)
এলাহাবাদ, সংযুক্ত প্ৰদেশ, বৃটিছ ভাৰত
মৃত্যুৰ কাৰণ বন্দুকৰ গুলীৰদ্বাৰা আত্মহত্যা
অন্য নাম *আজাদ
পেচা বিপ্লৱী
সংস্থা হিন্দুঃস্থান ছচিয়েলিষ্ট ৰিপাব্লিকান এছছিয়েছন
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন

চন্দশেখৰ আজাদ(ইংৰাজী: Chandra shekhar Azad) এজন ভাৰতীয় স্বাধীনতা যুঁজাৰু তথা বিপ্লৱী আছিল। তেওঁ ৰাম প্ৰসাদ বিছমিলে প্ৰতিষ্ঠা কৰা হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচন (এইচ আৰ এ) সংগঠনটো ৰাম প্ৰসাদ বিছমিলে আৰু আন তিনিজন বিশিষ্ট দলৰ নেতা ৰোশন সিং, ৰাজেন্দ্ৰ নাথ লাহিড়ী আৰু আশফাকুল্লা খানৰ মৃত্যুৰ পিছত হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচন (এইচএছআৰএ) নামেৰে পুনৰাই গঢ়ি তুলিছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে সীতাৰাম তিৱাৰী আৰু জাগৰণী দেৱী। হিন্দুস্তান ছচিয়েলিষ্ট ৰিপাব্লিকান পাৰ্টিৰ মূখ্য সেনাধ্যক্ষ হিচাপে জাৰী কৰা পত্ৰিকাত স্বাক্ষৰ কৰোঁতে তেওঁ প্ৰায়ে "বলৰাজ" ছদ্মনাম ব্যৱহাৰ কৰিছিল।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

চন্দ্ৰ শেখৰ আজাদৰ জন্ম হৈছিল ১৯০৬ চনৰ ২৩ জুলাইত আলিৰাজপুৰৰ ৰাজকীয় ৰাজ্যত ভভ্ৰা গাঁৱত এটা ব্ৰাক্ষ্মণ পৰিয়ালত।জন্ম গত নাম আছিল চন্দ্ৰ শেখৰ সীতাৰাম তিৱাৰী । তেওঁৰ পূৰ্বপুৰুষসকল উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ বাদাৰকা গাঁৱৰ আছিল। তেওঁৰ মাক জাগৰণী দেৱী সীতাৰাম তিৱাৰীৰ তৃতীয় পত্নী আছিল, কিয়নো আগৰ দুগৰাকী পত্নী সৰুতে মৃত্যু হৈছিল। বাদাৰকাত তেওঁলোকৰ প্ৰথম পুত্ৰ সুখদেৱৰ জন্মৰ পিছত, পৰিয়ালটো আলিৰাজপুৰ ৰাজ্যলৈ স্থানান্তৰিত হয়।[3][4] তেওঁৰ মাতৃয়ে তেওঁৰ পুত্ৰক এজন মহান সংস্কৃত পণ্ডিত হোৱাটো বিচাৰিছিল আৰু চন্দ্ৰ শেখৰৰ দেউতাকক পুত্ৰক বেনাৰসৰ কাশী বিদ্যাপীঠলৈ পঢ়িবলৈ পঠিয়াবলৈ প্ৰেৰিত কৰিছিল। ১৯২১ চনত, যেতিয়া অসহযোগ আন্দোলন পূৰ্ণগতিত চলিছিল ১৫ বছৰীয়া ছাত্ৰ চন্দ্ৰশেখৰে আন্দোলনত যোগদান কৰি 20 ডিচেম্বৰত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল। এসপ্তাহৰ পিছত পাৰ্চী জিলা দণ্ডাধীশ ন্যায়াধীশ এম পি খাৰেঘাটৰ সন্মুখত উপস্থাপন কৰাৰ পিছত, তেওঁ তেওঁৰ নাম 'আজাদ' (মুক্ত), তেওঁৰ দেউতাকৰ নাম 'স্বতন্ত্ৰতা' (স্বাধীনতা) আৰু তেওঁৰ বাসগৃহক 'কাৰাগাৰ' হিচাপে নাম দিছিল। ক্ৰোধিত মেজিষ্ট্ৰেটে আজাদক ১৫ টা চাবুকৰ কোব দিছিল।[5]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "REVEALING THE TRUTH BEHIND THE REAL BIRTH PLACE AND DATE OF AZAD! – A Soul Window". 28 January 2017. https://asoulwindow.com/revealing-the-truth-behind-the-real-birth-place-and-date-of-azad/. 
  2. https://www.thequint.com/voices/opinion/mahatma-gandhi-tried-his-best-to-save-bhagat-singhs-life
  3. https://books.google.com/books?id=4BAxAQAAMAAJ
  4. https://books.google.com/books?id=F_BtAAAAMAAJ
  5. https://books.google.com/books?id=sudu7qABntcC