চিল্কা হ্ৰদ
চিল্কা হ্ৰদ (ইংৰাজী: Chilka lake)
উৰিষ্যাৰ চিল্কা হ্ৰদটো ভাৰতৰ অন্যতম বৃহৎ নিমখীয়া পানীৰ হ্ৰদ, ই ৪০ মাইল (৬৫ কিমি) দীঘল, ৫ ৰ পৰা ১৩ মাইল (৮ ৰ পৰা ২০ কিমি) বহল, আৰু প্ৰায় ৬ ফুট (২ মিটাৰ) গভীৰ। এই হ্ৰদটো ভাৰতৰ পূব উপকূলৰ উৰিষ্যা ৰাজ্যৰ পুৰী, খোৰধা আৰু গঞ্জাম জিলাত বিয়পি আছে, দয়া নদীৰ মুখত, বংগোপসাগৰলৈ প্ৰবাহিত হৈছে। চিল্কা হ্ৰদটো ইউনেস্কৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছে। [1]চিল্কা হ্ৰদ ৭০ কিলোমিটাৰ দীঘল আৰু ৩০ কিলোমিটাৰ বহল। হ্ৰদটো সাগৰৰে এটা অংশ আৰু মহানদীৰ দ্বাৰা অনা মাটি জমা হোৱাৰ ফলত সাগৰৰ পৰা পৃথক হৈছে এটা অগভীৰ হ্ৰদহৈ পৰিছে। এই হ্ৰদৰ পানী ডিচেম্বৰৰ পৰা জুন লৈ লুণীয়া হৈ থাকে কিন্তু বৰষুণৰ বতৰত ইয়াৰ পানী মিঠা হৈ পৰে। জোৱাৰৰ প্ৰবাহৰ ফলত ইয়াৰ লৱণতা অঞ্চল অনুসৰি, মিঠা পানীৰ পৰা নদীপ্ৰবাহিত হোৱাৰ পৰা মহাসাগৰীয় লৱণতাৰ স্তৰলৈ পৃথক হয়। এই হ্ৰদৰ পৰিৱেশ তন্ত্ৰত অপৰিসীম জৈৱ বৈচিত্ৰ্য আছে। চিল্কা হ্ৰদটো এটা ডাঙৰ মাছ ধৰা ঠাই। এই হ্ৰদটোতে ১৩২খন গাঁৱত বাস কৰা ১৫০,০০০ মাছমৰীয়াই মাছ ধৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে।[2] এই হ্ৰদটোত প্ৰায় ১৬০টা মান বিভিন্ন প্ৰজাতিৰ চৰাই দেখা যায়। পৰিভ্ৰমী চৰাই ইয়ালৈ আহে। চৰাইবোৰে কাস্পিয়ান সাগৰ, বৈকাল হ্ৰদ, আৰাল সাগৰ আৰু ৰাছিয়া, মঙ্গোলিয়া, লাডাখ, মধ্য এছিয়া আদিৰ দৰে বিভিন্ন দূৰৱৰ্তী ঠাইৰপৰা বিশাল দূৰত্ব অতিক্ৰমী ইয়ালৈ উৰি আহে। চৰাইবোৰে ১২০০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰাৰ পিছত চিল্কা হ্ৰদত উপস্থিত হয়। ১৯৮১ চনত, ৰামচাৰ ঘোষণা অনুসৰি চিলিকা হ্ৰদক আন্তৰ্জাতিক গুৰুত্বপূৰ্ণ আৰ্দ্ৰভূমি হিচাপে বাছনি কৰা হয়। এই বাছনিত অন্তৰ্ভুক্ত হোৱা চিল্কাই প্ৰথম ভাৰতীয় হ্ৰদ।[3][4]
ইতিহাস
[সম্পাদনা কৰক]ভূতাত্ত্বিক প্ৰমাণে সূচায় যে প্লেইষ্টোচিন সময়ৰ পিছৰ পৰ্যায়ত (১.৮ নিযুতৰ পৰা ১০,০০০ বছৰ বিপি) চিল্কা হ্ৰদ বংগোপসাগৰৰ অংশ আছিল। খুৰ্ধা জিলাৰ চিল্কা হ্ৰদৰ উত্তৰে গোলাবাই চাচানত (২০°১′৭"এন ৮৫°৩২′৫৪"ই)ত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ দ্বাৰা খনন কাৰ্য চলোৱা হৈছিল। গোলাবাই তিনিটা পৰ্যায়ত চিল্কা অঞ্চল সংস্কৃতিৰ এটা ক্ৰমৰ প্ৰমাণ প্ৰদান কৰে: নৱপ্ৰস্তৰ যুগ ( ১৬০০ খ্ৰীষ্টপূৰ্ব), তাম্ৰপ্ৰস্তৰ যুগ ( ১৪০০ খ্ৰীষ্টপূৰ্বৰ পৰা ৯০০ খ্ৰীষ্টপূৰ্ব) আৰু লৌহ যুগ ( ৯০০ খ্ৰীষ্টপূৰ্বৰ পৰা ৮০০ খ্ৰীষ্টপূৰ্ব)।[5]প্ৰাচীন গ্ৰন্থসমূহৰ পৰা পোৱা তথ্য অনুসৰি চিল্কাৰ দক্ষিণ খণ্ড সামুদ্ৰিক বাণিজ্যৰ বাবে এক মুখ্য বন্দৰ আছিল, সেইসময়ত খাৰভেলা ( 209 খ্ৰীষ্টপূৰ্ব- 170 খ্ৰীষ্টপূৰ্বৰ পিছত), কলিঙ্গৰ ৰজাক "সাগৰৰ প্ৰভু" বুলি জনা গৈছিল।[6] গ্ৰীক ভূগোলবিদ টলেমীয়ে (১৫০ খ্ৰীষ্টাব্দত) কান্তিয়াগড়ত হ্ৰদৰ দক্ষিণ মূৰৰ বাহিৰৰ প্ৰস্থানবিন্দুৰ ওচৰত অৱস্থিত পালুৰক পালুৰা বন্দৰ বুলি উল্লেখ কৰিছিল, আৰু ইয়াৰ পৰাই দক্ষিণ-পূব এছিয়াৰ বিভিন্ন অংশলৈ যোৱা জাহাজবোৰ যাত্ৰা কৰিছিল। ৬৩৯ চনৰ পিছত, চীনা তীৰ্থযাত্ৰী ফা-হিয়েন আৰু হিউয়েন-চাঙে সাগৰৰ পাৰত এটা বিখ্যাত বন্দৰ 'চে-লি-টা-লোচিং' উল্লেখ কৰে যিটো দূৰৱৰ্তী দেশৰ সমুদ্ৰযাত্ৰী আৰু অচিনাকি লোকসকলৰ বাবে এক পথ আৰু বিশ্ৰামৰ স্থান আছিল। এই বন্দৰটো চিল্কা হ্ৰদৰ পাৰত 'ছত্ৰগড়'ত অৱস্থিত আছিল।[7]পুৰাতাত্ত্বিক খননকাৰ্যত সপ্তম শতিকাৰ জাহাজৰ লংগৰ আৰু শিলালিপি আৱিষ্কাৰ কৰা হৈছিল যিটো নুনা নদীৰ পাৰত চিল্কাৰ পৰা প্ৰায় ২৫ কিমি (১৬ মাইল) উত্তৰে কানাছ নামৰ এখন গাঁৱত যুদ্ধ নায়কসকলৰ নামত উৎসৰ্গিত আছিল। এইটোৱে উপকূলৰ ওচৰত এক ঐতিহাসিক নৌ-সম্পৰ্কৰ প্ৰমাণ দিয়ে। দশম শতিকাৰ এখন কিতাপ, ব্ৰহ্মানন্দ পুৰাণত চিল্কা হ্ৰদক বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে উল্লেখ কৰা হৈছে, আৰু জাভা, মালয়, সিংহল,চীন আৰু অন্যান্য দেশলৈ যোৱা জাহাজৰ বাবে আশ্ৰয়স্থল বুলি উল্লেখ কৰা হৈছে। এইটোৱে সূচায় যে হ্ৰদটো তেতিয়া সাগৰলৈ যোৱা জাহাজবোৰৰ বাবে যথেষ্ট গভীৰ আছিল আৰু দক্ষিণ-পূব এছিয়ালৈ যাত্ৰা কৰা মালবাহী ব্যৱসায়িক জাহাজৰ বাবে ভাল কেন্দ্ৰ আছিল। [8][9]
ভৌগোলিক পৰিবেশ
[সম্পাদনা কৰক]হ্ৰদটো পৰিৱৰ্তনশীল জলবায়ু পৰিৱেশত এটা এষ্টুৱেৰিন ডেল্টা প্ৰকাৰৰ হ্ৰদ। ভূতাত্ত্বিক অধ্যয়ন অনুসৰি, হ্ৰদটোৰ পশ্চিম উপকূলীয় অঞ্চল প্লেইষ্টোচিন যুগত সম্প্ৰসাৰিত হৈছিল আৰু সেইসময়ত উত্তৰ-পূব অঞ্চলবোৰ সাগৰৰ তলত আছিল। সময়ৰ লগে লগে ইয়াৰ উপকূলীয় অঞ্চল পূৱদিশে আঁতৰি যোৱাৰ প্ৰমাণ পোৱা যায়। কেইবছৰমান আগতে এটা সাগৰৰ পাৰত নিৰ্মাণ কৰা কোণাৰ্ক সূৰ্য মন্দিৰ এতিয়া তীৰৰ পৰা প্ৰায় 3 কিমি (2 মাইল) দূৰৰ আঁতৰত আছে। প্ৰতি বছৰে চিল্কা হ্ৰদৰ পাৰত দয়া নদী আৰু অন্যান্য সোঁতৰ দ্বাৰা প্ৰায় ১৬ লাখ মেট্ৰিক টন পলস জমা হয়।
এক কাল্পনিক ধাৰণা অনুসৰি, যোৱা ৬,০০০-৮,০০০বছৰত বিশ্বজুৰি সাগৰৰ স্তৰ বৃদ্ধি পাইছে। ৭,০০০ বছৰ আগতে এই প্ৰক্ৰিয়া হ্ৰাস হোৱাৰ ফলত হ্ৰদটোৰ দক্ষিণ অঞ্চলত বালিৰ তীৰ সৃষ্টি হৈছিল। সাগৰপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে উপকূলৰ সম্প্ৰসাৰণ অব্যাহত থাকে আৰু ই উত্তৰ-পূবৰ সাগৰৰ ফালে বৃদ্ধি হৈ চিল্কাৰ সাগৰীয় ভূমি গঠন কৰে। এই সাগৰীয় ভূমিৰ দক্ষিণ-পশ্চিম প্ৰান্তত পোৱা জীৱাশ্মৰ পৰা গম পোৱা যায় যে হ্ৰদটো ৩,৫০০-৪,০০০ বছৰ আগতে সৃষ্টি হৈছিল।
চিলিকা হ্ৰদ হৈছে বোকা ভূমি আৰু অগভীৰ পানীৰ উপসাগৰৰ এক বিশাল এলেকা। হ্ৰদটোৰ পশ্চিম আৰু দক্ষিণ প্ৰান্ত পূৰ্বঘাট পাহাৰীয়া পৰিসৰৰ দ্বাৰা পৰিপূৰ্ণ। হ্ৰদলৈ বোকা আৰু পলস কঢ়িয়াই অনা সকলো নদীয়ে হ্ৰদৰ উত্তৰ প্ৰান্ত নিয়ন্ত্ৰণ কৰে। বংগোপসাগৰৰ উত্তৰ ঢৌবোৰে ৰেঝান্স নামৰ ৬০ কিলোমিটাৰ (৩৭ মাইল) দীঘল আৱৰি থকা বালিৰ পাৰ গঠন কৰিছিল,[10]যাৰ ফলত এই অগভীৰ হ্ৰদ আৰু ইয়াৰ পূব দিশটো গঠন হৈছিল। ক্ষণস্থায়ী হ্ৰদ হিচাপে, ইয়াৰ পানীৰ পৰিমাণ গ্ৰীষ্মকালীন ঋতুত ১,১৬৫ বৰ্গকিলোমিটাৰ (৪৪৯.৮বৰ্গ মাইল)ৰ পৰা গ্ৰ বাৰিষা ঋতুত ৯০৬ বৰ্গকিলোমিটাৰ (৩৪৯.৮ বৰ্গ মাইল)লৈ সলনি হৈ থাকে।
চিলিকা হ্ৰদৰ উত্তৰ প্ৰান্ত এই হ্ৰদটোত বহুতো দ্বীপ আছে। ঠেক খালৰ দ্বাৰা পৃথক হোৱা ডাঙৰ দ্বীপবোৰ মুখ্য হ্ৰদ আৰু বালিময় বেষ্টনীৰ মাজত আছে। মুঠ ৪২ কিমি2 (16 বৰ্গ মাইল) এলেকা থকা খালবোৰে হ্ৰদটোক বংগোপসাগৰৰ সৈতে সংযোগ কৰে।
উদ্ভিদ আৰু প্ৰাণী
[সম্পাদনা কৰক]১৯৮৫-৮৭ চনৰ ভাৰতীয় জুলজিকেল চাৰ্ভেৰ দ্বাৰা কৰা চিল্কাৰ প্ৰাণীৰ এক জৰীপত লেগুন আৰু ইয়াৰ আশে-পাশে ৮০০ ৰো অধিক প্ৰজাতি নথিভুক্ত কৰা হৈছিল। এই তালিকাত কেইবাটাও বিৰল আৰু বিপদাপন্ন প্ৰজাতি অন্তৰ্ভুক্ত আছে।
চিলিকা হ্ৰদ হৈছে ভাৰতীয় উপ-মহাদেশৰ পৰিভ্ৰমী চৰাইৰ বাবে সৰ্ববৃহৎ শীতকালীন ভূমি। হ্ৰদটোত কেইবাটাও বিপদাপন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী আছে।[11]
ছবিসমূহ
[সম্পাদনা কৰক]-
পোঙ্গামিয়া পিন্নাটা, এটা ফুলৰ দৃশ্যগ্ৰহণ
-
চেণ্ডাৰলিং, কেলিড্ৰিছ আলবা
-
চেণ্ডপাইপাৰ টেৰেক, জেনাছ চিনেৰিয়াছ
-
Kentish plover, Charadrius alexandrinus
-
Northern shoveler, Spatula clypeata
-
Lesser Flamingos, Phoenicopterus minor
-
পৰিভ্ৰমী পক্ষী ফ্লেমিংগো চিল্কা হ্ৰদত
-
Black-tailed godwit, Limosa limosa
-
Pied kingfisher, Ceryle rudis
-
Falcon
-
বগা বুকুৰ সাগৰীয় ঈগল
-
সেউজীয়া সাগৰীয় কাছ
-
Dugong
-
Legless lizard
-
মাছ ধৰা মেকুৰী
-
চিল্কা হ্ৰদত নাও
-
Parikuda Island
-
Balugaon
-
ৰঙা কেঁকোৰা চিল্কা হ্ৰদত
-
চিল্কা হ্ৰদৰ আকাশী উপগ্ৰহ ছবি
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- https://web.archive.org/web/20090326210221/http://www.wdcs.org/submissions_bin/consprojectirr.pdf
- https://www.heritagetoursorissa.com/chilika-lake/
- https://web.archive.org/web/20081207100917/http://www.chilika.com/mouth.htm
- https://web.archive.org/web/20081013160324/http://www.iwlearn.net/publications/ll/chilikalagoon_2005.pdf
- https://web.archive.org/web/20070923113741/http://orissa-tourism.com/IMAGES/map/bmchilika.jpg
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ https://whc.unesco.org/en/tentativelists/5896/
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2009-08-30. https://web.archive.org/web/20090830142616/http://www.chilika.com/reappear.htm। আহৰণ কৰা হৈছে: 2024-10-25.
- ↑ https://www.ramsar.org/key_montreux_record.htm
- ↑ https://web.archive.org/web/20081207100937/http://www.chilika.com/ramsar.htm
- ↑ Sinha, B.K. (2000). "13. B.K. Sinha, Golabai". In Kishor K. Basa; Pradeep Mohanty (eds.). A Protohistoric Site on the Coast of Odisha. Vol. 1 (in: Archaeology of Odisha ed.). Delhi: Pratibha Prakashan. pp. 322–355. ISBN 978-81-7702-011-3.
- ↑ https://web.archive.org/web/20081207100906/http://www.chilika.com/history.htm
- ↑ https://web.archive.org/web/20091029204543/http://orissagov.nic.in/e-magazine/Journal/Journal2/pdf/ohrj-014.pdf
- ↑ https://www.nature.com/nindia/2008/080603/full/nindia.2008.215.html
- ↑ https://web.archive.org/web/20090410053238/http://orissagov.nic.in/e-magazine/Orissareview/nov-2007/engpdf/Pages27-41.pdf
- ↑ https://books.google.com/books?id=Fk8FQa2ZSFQC&pg=PA571&vq=chilika&source=gbs_search_r&cad=0_1#PPA576,M1
- ↑ https://web.archive.org/web/20130308145009/http://www.chilika.com/chilika_at_glance.htm