জিক'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জিক'

২০০৭ চনত ফেনাৰবাট্‌শ্ব্‌ ফুটবল দলৰ সৈতে জিক'
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামআৰ্টুৰ এণ্টুনিছ ক'‌ইম্ব্ৰা
জন্ম৩ মাৰ্চ, ১৯৫৩ (৭১ বছৰ)
জন্মস্থানৰিঅ' ডি জেনেইৰ', ব্ৰাজিল
উচ্চতা১.৭২ মিটাৰ (U=ft}})[1]
খেলা স্থানএটেকিং মিড্‌ফিল্ডাৰ
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবব্ৰাজিল (Consulant)
যুৱ কেৰিয়াৰ
১৯৬৭-৭২ফ্লেমেংগ'
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
১৯৭১-১৯৮৩ফ্লেমেংগ'২১২(১২৩)
১৯৮৩-১৯৮৫উডিনে'ছ৩৯(২২)
১৯৮৫-১৯৮৯ফ্লেমেংগ'৩৭(১২)
১৯৯১-১৯৯৪কাশ্বিমা এণ্ট্‌লাৰ্ছ৪৬(৩৫)
মুঠ৩৩৪(১৯২)
ৰাষ্ট্ৰীয় দল
১৯৭৬-১৯৮৬ব্ৰাজিল৭১(৪৮)
পৰিচালনা কৰা দল
১৯৯৯কাশ্বিমা এণ্ট্‌লাৰ্ছ
২০০০-২০০২CFZ
২০০২-২০০৬জাপান
২০০৬-২০০৮ফেনাৰবাট্‌শ্ব্‌
২০০৮বুন্য'ড্‌কৰ
২০০৯CSKA মস্ক'
২০০৯-২০১০অলিম্পিয়াক'ছ
২০১১-২০১২ইৰাক
২০১৩-২০১৪আল্‌ ঘৰাফা
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।

আৰ্টুৰ এণ্টুনিছ ক'‌ইম্ব্ৰা (Arthur Antunes Coimbra, পৰ্তুগীজ উচ্চাৰণ: [aʁˈtuʁ ɐ̃ˈtũnis koˈĩbɾɐ], জন্ম ৩ মাৰ্চ ১৯৫৩, ৰিঅ' ডি জেনেইৰ') বা জিক' (Zico, [ˈziku]), এজন ব্ৰাজিলিয়ান প্ৰশিক্ষক আৰু প্ৰাক্তন ফুটবল খেলুৱৈ। "বগা পেলে" (White Pelé) নামেৰেও জনাজাত জিক'ক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফিনিশ্বাৰ আৰু পাচাৰ বুলি গণ্য কৰা হয়। সত্তৰৰ দশকত আৰু আশীৰ দশকৰ আগছোৱাত তেওঁ বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ আছিল বুলিও কোৱা হয়।[2] অন্যতম শ্ৰেষ্ঠ প্লে'মে'কাৰ আৰু ফ্ৰী কিক্‌ বিশেষজ্ঞ জিক'‌ই বেগেৰে শ্বট্‌ মাৰি বলৰ গতিপথ সলাব পাৰিছিল। ১৯৯৯ চনত ফিফা শতিকাৰ খেলুৱৈৰ গ্ৰেণ্ড জুৰী ভোটত জিক'ই অষ্টম স্থান পাইছিল।[3] ২০০৪ চনত ফিফাৰ বঁটাপ্ৰদান অনুষ্ঠানত ১২৫ জন শ্ৰেষ্ঠ জীৱিত ফুটবলাৰৰ তালিকাত তেওঁক স্থান দিয়া হয়।[4] কিংবদন্তী খেলুৱৈ পেলেৰ মতে "throughout the years, the one player that came closest to me was Zico".[5]

ব্ৰাজিলৰ হৈ ৭১ খন খেলত ৪৮টা গ'লেৰে জিক' ৰাষ্ট্ৰীয় দলৰ চতুৰ্থ সৰ্বোচ্চ গ'লস্ক'ৰাৰ।[6] তেওঁ ১৯৭৮, ১৯৮২ আৰু ১৯৮৬ চনৰ বিশ্বকাপত জাতীয় দলৰ হৈ খেলিছিল। তেওঁলোকে তাৰে এখনো প্ৰতিযোগিতা জিকা নাছিল, কিন্তু ১৯৮২ চনৰ দলটোক অন্যতম শ্ৰেষ্ঠ ব্ৰাজিলিয়ান দল হিচাপে গণ্য কৰা হয়।[7] বিশ্বকাপ জয়ী দলত নথকা শ্ৰেষ্ঠ খেলুৱৈবোৰৰ মাজত জিক'ৰ নাম প্ৰায়েই উচ্চাৰিত হয়। ১৯৮১ আৰু ১৯৮৩ চনত তেওঁক বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত কৰা হৈছিল।[8]

জিক'ই জাপানৰ ৰাষ্ট্ৰীয় ফুটবল দলক প্ৰশিক্ষণ দি ২০০৬ চনৰ ফিফা বিশ্বকাপত উপনীত কৰাইছিল আৰু ২০০৪ চনৰ এছীয় কাপ জয়ী কৰাইছিল। তেওঁ প্ৰশিক্ষণ দিয়া ফেনাৰবাট্‌শ্ব্‌ ক্লাব ২০০৭-০৮ চনৰ ইউৰোপীয়ান চেম্পিয়ন্‌ছ লীগৰ কোৱাৰ্টাৰ ফাইনেলৰ উপনীত হৈছিল। ২০০৯ চনৰ জানুৱাৰীত তেওঁক CSKA মস্ক' দলৰ প্ৰশিক্ষক হিচাপে নিয়োগ কৰা হয়। আকৌ ২০০৯ চনৰ ১৬ ছেপ্টেম্বৰত গ্ৰীক ক্লাব অলিম্পিয়াক'ছে তেওঁ দুবছৰৰ বাবে প্ৰশিক্ষক নিয়োগ কৰে, কিন্তু চাৰিমাহ পাছতে তেওঁক সেই পদৰ পৰা নিৰ্বাসন দিয়া হয়।[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Biography for Zico". http://www.imdb.com/name/nm0955999/bio. 
  2. John Brewin (23 April 2002). "World Cup 1982 (Spain)". Soccernet. http://worldcup.espnsoccernet.com/story?id=203639। আহৰণ কৰা হৈছে: 3 July 2006. 
  3. "FIFA Player of the Century" (PDF). touri.com. Archived from the original on 26 April 2012. https://web.archive.org/web/20120426005029/http://en03.touri.com/Berichte/FIFA-Spieler/MalePlayer.pdf। আহৰণ কৰা হৈছে: 30 November 2010. 
  4. "Pele's list of the greatest". BBC Sport. 4 March 2004. http://news.bbc.co.uk/sport2/hi/football/3533891.stm। আহৰণ কৰা হৈছে: 15 June 2013. 
  5. Oswaldo Tinhorão
  6. Ricardo Pontes. "Arthur Antunes Coimbra "Zico" - Goals in International Matches". RSSSF. http://www.rsssf.com/miscellaneous/zico-intlg.html। আহৰণ কৰা হৈছে: 2013-09-15. 
  7. Daniel Pearl (3 April 2006). "No flair please, he's Brazilian". প্ৰকাশক London: BBC. http://news.bbc.co.uk/1/hi/programmes/newsnight/4866312.stm। আহৰণ কৰা হৈছে: 3 July 2006. 
  8. Brasileño Zico--futbolista del año
  9. "Olympiacos sack Zico after four months in charge". ESPN (ESPN). 19 January 2010. Archived from the original on 20 October 2012. https://web.archive.org/web/20121020121403/http://soccernet.espn.go.com/news/story?id=727809&cc=5739। আহৰণ কৰা হৈছে: 19 January 2010. 

বাহ্যিক লিংক[সম্পাদনা কৰক]