সমললৈ যাওক

জিয়া (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জিয়া
পৰিচালক কেনি বসুমতাৰী
ৰচনা শৰ্মিষ্ঠা চক্ৰৱৰ্তী
প্ৰযোজক শৰ্মিষ্ঠা চক্ৰৱৰ্তী
অভিনয়ত শৰ্মিষ্ঠা চক্ৰৱৰ্তী
ঈপ্সিতা হাজৰিকা
ৰিকি শৰ্মা
কৌশিক ভৰদ্বাজ
মনোজ বৰকটকী
উদয়ন দুৱৰা
চিত্ৰগ্ৰহণকাৰী সুৰজ ডেকা
সম্পাদনা ৰক্তিম ৰঞ্জন বসুমতাৰী
সংগীত পৰিচালক অম্বৰ দাস
মুক্তি
১৭ মে', ২০২৪
দৈৰ্ঘ্য
১১৬ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

জিয়া (ইংৰাজী: Jiya) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা কেনি বসুমতাৰীৰ দ্বাৰা পৰিচালিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। কাহিনীকাৰ-প্ৰযোজক শৰ্মিষ্ঠা চক্ৰৱৰ্তীকে প্ৰমুখ্য কৰি ঈপ্সিতা হাজৰিকা, ৰিকি শৰ্মা, কৌশিক ভৰদ্বাজ, মনোজ বৰকটকী, উদয়ন দুৱৰা, শিশুশিল্পী আৰাধ্যা মহন্ত আদিয়ে ছবিখনত অভিনয় কৰিছে৷ অনাকাংক্ষিত মানসিক পৰিস্থিতিৰ সন্মুখীন হৈ বৈবাহিক জীৱন ত্যাগ কৰা 'জিয়া' নামৰ মাতৃগৰাকীৰ জীৱন আৰু সংগ্ৰামৰ বিষয়ত আলোকপাত কৰা ছবিখনে প্ৰাগ চিনে বঁটা ২০২৪ত ৫ টাকৈ মনোনয়ন আৰু ৪টা শাখাত বিজয় সাব্যস্ত কৰে৷ ইয়াৰ ভিতৰত 'শ্ৰেষ্ঠ ছবি'ৰ বঁটাটোও আছে৷ [1]

ছবিখনত জীয়া (শৰ্মিষ্ঠা চক্ৰৱৰ্তী) নামৰ এগৰাকী যুৱতীৰ কাহিনী কোৱা হৈছে, যিয়ে নিৰ্যাতনৰ সন্মুখীন হোৱা যুগ্ম জীৱনৰ পৰা আঁতৰি আহে আৰু একক মাতৃত্বৰ প্ৰত্যাহ্বানসমূহ প্ৰতিহত কৰাৰ প্ৰয়াস কৰে৷ জিয়াৰ সংগ্ৰামত সহায় কৰে তেওঁৰ ঘনিষ্ঠ বান্ধৱী পল্লৱীয়ে (ইপ্সিতা হাজৰিকা)৷ শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয় যে "জিয়া" কেৱল জিয়াৰ কাহিনী নহয় বৰঞ্চ প্ৰতিগৰাকী নাৰী আৰু মাতৃৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি৷ ছবিখন তেওঁলোকৰ দৈনন্দিন সংগ্ৰাম আৰু শক্তিৰ চিত্ৰণ৷ [2]

কলা-কুশলী

[সম্পাদনা কৰক]

অভিনয়ত

[সম্পাদনা কৰক]
  • জিয়াৰ চৰিত্ৰত শৰ্মিষ্ঠা চক্ৰৱৰ্তী
  • পল্লৱীৰ চৰিত্ৰত ঈপ্সিতা হাজৰিকা
  • অভিৰ চৰিত্ৰত ৰিকি শৰ্মা
  • পাপলুৰ চৰিত্ৰত কৌশিক ভৰদ্বাজ
  • জিয়াৰ প্ৰাক্তন স্বামীৰ চৰিত্ৰত মনোজ বৰকটকী
  • পল্লৱীৰ বন্ধুৰ চৰিত্ৰত উদয়ন দুৱৰা
  • জিয়াৰ কন্যা সন্তানৰ চৰিত্ৰত আৰাধ্যা মহন্ত

আন বিভাগত

[সম্পাদনা কৰক]
  • মুখ্য সহকাৰী পৰিচালক:অৰিন্দম কাশ্যম
  • প্ৰডাকচন মেনেজাৰ: বিভাস সিনহা
  • সাজসজ্জা: ঈপ্সিতা হাজৰিকা
  • ৰূপসজ্জা: জাৰা জিয়া

ছবিখনে ২০২৪ চনৰ ১৭ মে'ত অসমৰ ছবিগৃহত মুক্তি লাভ কৰে৷ [3][2]

ছবিখনৰ সংগীত পৰিচালক আৰু সুৰকাৰ হৈছে অম্বৰ দাস৷ ছবিখনৰ গীতসমূহত কণ্ঠ নিগৰাইছে অংগৰাগ মহন্ত, শংকুৰাজ কোঁৱৰ, মৈত্ৰেয়ী পাটৰ, শৰ্মিষ্ঠা চক্ৰৱৰ্তী আৰু ঈপ্সিতা হাজৰিকাই৷[4] ছবিখনৰ

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "সপোন সপোন লগা"  শৰ্মিষ্ঠা চক্ৰৱৰ্তীঅংগৰাগ মহন্ত আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী ০৪:০৪
2. "নুফুটা জোনাক"  মৈত্ৰেয়ী পাটৰমৈত্ৰেয়ী পাটৰ ০৩:৪১
3. "এই সাধু"  ৰাজদ্বীপশংকুৰাজ কোঁৱৰ আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী ০৪:০১
4. "কথাবোৰ যদি হুল হয়"  চন্দনা পাঠকঈপ্সিতা হাজৰিকা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী ০৪:১৩

বঁটা-সন্মান

[সম্পাদনা কৰক]

ছবিখনে প্ৰাগ চিনে বঁটা ২০২৩ত শ্ৰেষ্ঠ ছবিৰ শিতানত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ীৰ সন্মান লাভ কৰে৷ ইয়াৰ লগতে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ শিতানত কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে, শ্ৰেষ্ঠ কণ্ঠশিল্পী (পুৰুষ) শিতানত অংগৰাগ মহন্ত আৰু শ্ৰেষ্ঠ নেপথ্য সংগীতৰ শিতানত অম্বৰ দাসে প্ৰাগ চিনে বঁটা লাভ কৰিবলৈ সক্ষম হয়৷[2]

ইয়াৰ লগতে ছবিখনে ব্ৰহ্মপুত্ৰ ভেলি ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবেও আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰে৷ ২০২৩ চনৰ ১৫ ডিচেম্বৰত ছবিখন মহোৎসৱত প্ৰদৰ্শিত হয়৷ ছবিখনে দৰ্শকৰ মাজত ইতিবাচক সমৰ্থন লাভ কৰে৷ [5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]