শংকুৰাজ কোঁৱৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


শংকুৰাজ কোঁৱৰ

২০২০ চনত
জন্ম ৭ এপ্ৰিল, ১৯৯০ (৩১ বছৰ)
টংলা, অসম
পেছা
  • গীতিকাৰ
  • কণ্ঠশিল্পী

শংকুৰাজ কোঁৱৰ (ইংৰাজী: Shankuraj Konwar) এগৰাকী ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক আৰু কণ্ঠশিল্পী। তেওঁ অসমীয়া গীতৰ নতুন আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

শংকুৰাজ কোঁৱৰৰ পিতৃ আৰ‍‍ক্ষী বিভাগত কৰ্মৰত হোৱাৰ বাবে তেও সৰুকালত অসমৰ বিভিন্ন স্থানত থাকিব লগা হৈছিল। ১৯৯৫ চনত তেওলোক স্থায়ীভাৱে যোৰহাটলৈ আহে আৰু তাতেই তেও শিক্ষাজীৱন আৰম্ভ কৰে। তেঁওৰ ঘৰত সৰুৰে পৰাই সাংস্কৃতিক পৰিবেশ বিৰাজ কৰিছিল, যদিও তেও শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লোৱা নাছিল। সৰুকালত তেও ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, পাৰ্বতী প্ৰসাদ বৰুৱা, লোকনাথ গোস্বামী আদি গায়কৰ গান শুনি সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। অসমীয়াৰ উপৰিও তেও পশ্চিমীয়া সংগীতৰ প্ৰতিও যথেষ্ট আকৃষ্ট হৈছিল।

যোৰহাটত শিক্ষা জীৱন আৰম্ভ কৰি তেও ডিব্ৰুগড়ৰ চল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সামাপ্ত কৰে আৰু তাৰ পাছত যোৰহাট আভিযান্ত্ৰিক মাহাবিদ্যলয়ত ভৰ্তি হয়। ইঞ্জিনিয়াৰিং শিক্ষা সমাপ্ত কৰি তেও চাকৰিৰ বাবে মুম্বাইলৈ যায়, কিন্তু কিছুদিনা পাছতে চাকৰি বাদ দি পুণৰ পঢ়ে আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে পঢ়ি থকা সময়তে তেও নিজৰ প্ৰথমটি গীত মুকলি কৰে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সংগীত পৰিবে‍‍শন কৰাৰ নিমন্ত্ৰণ পাবলৈ ধৰে। তেনেদৰেই তেও পেছাদাৰী সংগীত জগত খনত ভৰি দিয়ে।

কৰ্মজীৱন[সম্পাদনা কৰক]

সংগীতজগত[সম্পাদনা কৰক]

শংকুৰাজ কোঁৱৰ 'বাৰ্তালাপ'ৰ বেনাৰত তেওঁৰ নতুন যুগৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ নতুন প্ৰজন্মৰ মাজত অতি জনপ্ৰিয়। এই বেনাৰত নিৰ্মিত মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজ কোঁৱৰৰ গীত ৰোলিং ষ্টন ইণ্ডিয়াই ২০২০ চনৰ প্লেলিষ্টত 'দূৰ সীমনাত' অলতাৰনেটিভ ৰক তালিকাত অন্তৰ্ভুক্ত কৰিছিল।[2] “প্ৰজেক্ট বাৰ্তালাপ” মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজ কোঁৱৰৰ যুটীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিছে। মুম্বাইত তেওঁলোকে একেখন কলেজত পঢ়িছিল আৰু বিশ্ব প্ৰতিবন্ধকতা দিৱসৰ অনুষ্ঠানত একেলগে পৰিবেশন কৰিছিল। বৰ্তমান তেওঁলোকে অসম তথা দেশৰ বিভিন্ন মঞ্চত একেলগে গীত পৰিৱেশন কৰে।[3]

প্ৰজেক্ট বাৰ্তালাপ[সম্পাদনা কৰক]

গীতসমূহ আৰু এলবাম[4][সম্পাদনা কৰক]

  • কি বেদনাতে (এলবাম:বাৰ্তালাপ) (২০১৭)
  • ভটিয়ালী সপোন
  • ল'ৰালি
  • জলপ্ৰপাত
  • নক্ষত্ৰ
  • অধিকাৰ
  • খিৰিকী- সহশিল্পী শৰ্মিষ্ঠা চক্ৰৱৰ্তী
  • মৌপিয়া - সহশিল্পী মৈত্ৰেয়ী পাটৰ
  • নীলাঞ্জনা
  • দূৰ সীমনাত - সহশিল্পী মৈত্ৰেয়ী পাটৰ
  • বাৰ্তালাপ- সহশিল্পী মৈত্ৰেয়ী পাটৰ
  • অলকানন্দা- সহশিল্পী তন্ময় ক্ৰিপ্টন
  • ৰণলে যাঁও
  • ভালপোৱা-সহশিল্পী মৈত্ৰেয়ী পাটৰ

তথ্য উৎস[সম্পাদনা কৰক]