টুন টুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(টুনটুনৰ পৰা পুনঃনিৰ্দেশিত)
উমা দেৱী খাত্ৰি
জন্ম উমা দেৱী
১১ জুলাই, ১৯২৩
সংযুক্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ উত্তৰ প্ৰদেশ, ভাৰত)
মৃত্যু ২৪ নৱেম্বৰ, ২০০৩ (৮০ বছৰ)
মুম্বাই, ভাৰত
পেচা কণ্ঠশিল্পী
কৌতুক অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪৬-১৯৯০

টুন টুন বা উমা দেৱী খাত্ৰি (ইংৰাজী: Tun Tun, ১১ জুলাই ১৯২৩ – ২৪ নৱেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী। টুন টুন তেওঁৰ ৰূপালীপৰ্দাৰ নাম। তেওঁক হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰথম কৌতুক অভিনেত্ৰী আখ্যা দিয়া হয়।[1][2]

শৈশৱ[সম্পাদনা কৰক]

টুন টুনৰ ১৯২৩ চনত বৰ্তমানৰ উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ এখন সৰু গাঁৱত জন্ম হৈছিল। ভূমি সংক্ৰান্তীয় বিবাদত তেওঁৰ মাক-দেউতাক আৰু ককায়েকক হত্যা কৰা হৈছিল। মৃত্যুৰ দুদিন আগত সমালোচক আৰু ইতিহাসবিদ শিশিৰ কৃষ্ণ শৰ্মাই লোৱা এটা সাক্ষাৎকাৰত তেওঁ কৈছিল,

"মোৰ মা-দেউতা কোন বা তেওঁলোক দেখিবলৈ কেনেকুৱা মোৰ মনত নাই। তেওঁলোকৰ মৃত্যুৰ সময়ত মোৰ বয়স দুই বা আঢ়ৈ বছৰ। মোৰ এজন আঠ-ন বছৰীয়া ককাই এজন আছিল, যাৰ নাম আছিল হৰি। মোৰ কেবল মনত আছে, আমি আলিপুৰ নামৰ গাঁও এখনত বাস কৰিছিলো। এদিনাখন মোৰ ককাইক হত্যা কৰা হৈছিল আৰু মই সম্পৰ্কীয় মানুহৰ ঘৰত মাত্ৰ দুসাজ ভাতৰ বাবে চাকৰনী খাটিবলগীয়া হৈছিল। তেতিয়া মোৰ বয়স চাৰি কি পাঁচ।"

কৰ্মজীৱন[সম্পাদনা কৰক]

২৩ বছৰ বয়সত টুন টুনে বোম্বেলৈ পলাই আহে। তেওঁ সঙ্গীত পৰিচালক নৌচাদৰ ঘৰত উপস্থিত হৈ কয় যে তেওঁ গীত গাব পাৰে আৰু যদি গীত গাবলৈ সুবিধা দিয়া নহয়,তেন্তে তেওঁ সাগৰত জঁপিয়াই দিব। নৌচাদে তেওঁৰ অডিচন লয় আৰু ঠাইতে চুক্তিবদ্ধ কৰে। নাজিৰৰ ছবি ‘ৱামিক আজৰা’ত (১৯৪৬) তেওঁ এককভাবে গীত গাই সঙ্গীতৰ জগতত পদাৰ্পন কৰে। অতি সোনকালেই তেওঁ নৌচাদৰ হতুৱাই সঙ্গীতৰ কাম কৰোঁৱা প্ৰযোজক-পৰিচালক এ.আৰ. কাৰদাৰৰ সৈতে চুক্তিবদ্ধ হয় আৰু ‘নুৰ জাহাঁ’, ‘ৰাজকুমাৰী’, ‘খুৰচিদ বানু’, ‘জোহৰাবাই অম্বেৱালী’ আদি ছবিত গীত গাই বোম্বেৰ সঙ্গীত জগতত এখন নিগাজী আসন তৈয়াৰ কৰি লয়।[3]

১৯৪৭ত এ.আৰ. কাৰদাৰৰ ‘দৰ্দ কে আফচানা সে’ ছবিত নায়িকা মনোৱাৰা চুলতানাৰ ওঠত দিয়া সুৰাইয়াৰ সৈতে টুন টুনে গোৱা গীত- ‘আফচানা লিখ ৰহা হুঁ দিল সে’, ‘য়ে কৌন চলা মেৰী আঁখো মেঁ’ আৰু ‘আজ মচি হ্যায় ধুম ঝুম খুচী সে ঝুম’ অতি জনপ্ৰিয় হয়।[4] দিল্লীৰ এজন ভদ্ৰলোকে ‘আফচানা লিখ ৰহা হুঁ দিল সে’ গীতটো ইমানে ভাল পালে যে তেওঁ বোম্বেলৈ আহি টুন টুনৰ সৈতে থাকিব ললে। দুয়ো বিয়া পাতে আৰু যুগ্মজীৱনৰ স্বাক্ষৰ স্বৰূপে দুজনী ছোৱালী আৰু দুটা ল’ৰাৰ জন্ম হয়। ১৯৯২ চনত গিৰিয়েকৰ মৃত্যু হয়।[5][6]

পৰৱৰ্তী বছৰবোৰত পুৰণি তথা সীমিত গায়ন শৈলীৰ বাবে লতা মংগেশকাৰ,আশা ভোঁচলে আদি উঠি অহা সঙ্গীত তাৰকাবোৰৰ সৈতে প্ৰতিযোগিতা চলাই যোৱাটো টুন টুনৰ বাবে কষ্টকৰ হৈ পৰিল। সেয়েহে নৌচাদৰ পৰামৰ্শত তেওঁ অভিনয় জগতত সোমোৱাৰ মনস্থ কৰিলে। দিলীপ কুমাৰৰ অভিনয়ে তেওঁক আকৰ্ষণ কৰিছিল। সেয়েহে তেওঁৰ প্ৰথম অভিনয় দিলীপ কুমাৰৰ সৈতে কৰাৰ ইচ্ছাৰ কথা নৌচাদক জনালে। নৌচাদৰ অনুৰোধত দিলীপ কুমাৰে তেওঁৰ ‘বাবুল’ (১৯৫০) ছবিৰ বাবে টুন টুনক কাষ্টিং কৰিলে। দিলীপ কুমাৰেই তেওঁৰ পৰ্দাৰ নাম উমা দেৱীৰ সলনি টুন টুন ৰাখিলে; যি নামেৰে পৰৱৰ্তী বছৰবোৰত এগৰাকী কৌতুক অভিনেত্ৰী হিচাপে তেওঁ প্ৰখ্যাত হৈ পৰিল।[7]

পাঁচ দশকৰ কৰ্মজীৱনত তেওঁ হিন্দী, উৰ্দু, পঞ্জাবী আদি বিভিন্ন ভাষাত প্ৰায় ২০০খন চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ সময়ৰ ভগৱান দাদা, আগা, সুন্দৰ, মুক্ৰি, ধুমল,জনী ৱাকাৰ, কেষ্ট মুখাৰ্জী আদি প্ৰায় সকল শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ সৈতে তেওঁ যুঁটি বান্ধিছিল। তেওঁক শেষবাৰৰ বাবে ‘কসম দন্দে কী’ত (১৯৯০) দেখা গৈছিল।[8]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]