সমললৈ যাওক

ডেণ্ড্ৰবিয়াম মস্কেটাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেণ্ড্ৰবিয়াম মস্কেটাম
পাটমুগী ফুল
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: Plantae
ক্লেড: Angiosperms
ক্লেড: Monocots
বৰ্গ: Asparagales
পৰিয়াল: Orchid
গোত্ৰ: Malaxideae
গণ: Dendrobium
প্ৰজাতি: D. moschatum
দ্বৈৰাশিক নামকৰণ
Dendrobium moschatum
(Banks) Sw.[1][2]
সমাৰ্থক[4]
  • Epidendrum moschatum Buch.-Ham. (basionym)
  • Cymbidium moschatum (Buch.-Ham.) Willd.
  • Dendrobium calceolaria Carey ex Hook.
  • Dendrobium moschatum Wall. ex D.Don, illegitimate[3]
  • Dendrobium cupreum Herb. ex Lindl.
  • Thicuania moschata (Buch.-Ham.) Raf.
  • Callista moschata (Buch.-Ham.) Kuntze
  • Callista calceola (Carey ex Hook.) Kuntze
  • Dendrobium moschatum var. unguipetalum I.Barua

ডেণ্ড্ৰবিয়াম মস্কেটাম (বৈজ্ঞানিক নাম: Dendrobium moschatum) বা পাটমুগী ফুল (ইংৰাজী: musky-smelling dendrobium; কস্তুৰী গোন্ধযুক্ত ডেণ্ড্ৰবিয়াম) হৈছে ডেণ্ড্ৰ'বিয়াম পৰিয়ালৰ অৰ্কিডৰ এটা প্ৰজাতি। ই এবিধ পৰাশ্ৰয়ী অৰ্কিড। ইয়াক হিমালয় অঞ্চল অৰ্থাৎ উত্তৰ আৰু পূব ভাৰত, উত্তৰ বাংলাদেশ, নেপাল, ভূটান আৰু ইউনানত থলুৱাভাৱে পোৱা যায়। ইয়াৰ উপৰিও পাটমুগী ফুল ইণ্ডোচাইনা, অৰ্থাৎভিয়েটনাম, থাইলেণ্ড, ম্যানমাৰ, লাওছ আৰু কম্বোডিয়াতো থলুৱাভাৱে উপলব্ধ। অসমতো ই প্ৰাকৃতিকভাৱে হয়।[4][5][6][7][8][9][10]

পাটমুগী অৰ্কিডৰ ফুলসমূহৰ শেঁতা মুগা বা কমলা চানেকীয়া আভাস থকা শেঁতা হালধীয়া বৰণৰ। ভিতৰৰ ফালৰ পাহিত কজলা আভাস থাকে। এডাল পুষ্পঠানিত দহ বা ততোধিক ফুল থাকে। অন্য ডেণ্ড্ৰ'বিয়ামৰ দৰে ইয়াৰ পাতসমূহ মূল ঠাঁৰিডালৰ দুয়োফালে সমভাৱে সজ্জিত। ইয়াক ঘাইকৈ অৰণ্যৰ মাজত গছৰ ডালত পোৱা যায়।

ডেণ্ড্ৰবিয়াম মস্কেটামৰ পৰা আহৰণ কৰিব পৰা দুবিধ দ্ৰৱ্য হৈছে প্লিকাটল বি আৰু ফেনান্থ্ৰিন।[11]

চিত্ৰ সম্ভাৰ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]