তাল পিঠা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাল পিঠা

পাতেৰে নুৰীয়াই ভাপত সিজোৱা তাল পিঠা
প্ৰকাৰ জলপান বা আংগিক খাদ্য (মিঠাই)
উৎপত্তিৰ স্থান ভাৰত, বাংলাদেশ
অঞ্চল অসম, পশ্চিম বংগ,উৰিষ্যা ইত্যাদি
পৰিবেশনৰ উষ্ণতা পুৱা, গধূলি
মুখ্য উপাদান পিঠাগুৰি, পকা তাল, চেনি, তেল

তাল পিঠা হৈছে এবিধ পিঠা বিশেষ। পিঠাগুৰি, গুৰ বা চেনি আৰু তালৰ ৰস ব্যৱহাৰ কৰি এই পিঠা বনোৱা হয়। এই পিঠা সুগন্ধি আৰু স্বাস্থ্যসন্মত। অসমৰ লগতে ওচৰ চুবুৰীয়া ৰাজ্য সমূহত তালপিঠা বিভিন্ন কৌশল প্ৰয়োগেৰে বনোৱা হয়। তালপিঠা, ভাপত দি বা তেলত ভাঁজি তৈয়াৰ কৰিব পাৰি।

উপলব্ধতা[সম্পাদনা কৰক]

পশ্চিম বংগ, ত্ৰিপুৰা, অসম, মিজোৰাম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, উৰিষ্যা, ঝাড়খণ্ড, আৰু বিহাৰত তালৰ পিঠা বিভিন্ন কৌশল প্ৰয়োগেৰে বনোৱা হয়। পকা তালৰ ৰসৰ পৰা নিৰ্গত সুগন্ধিয়ে এই পিঠাত বিশেষ সোৱাদ প্ৰদান কৰে।

প্ৰয়োজনীয় সামগ্ৰী[সম্পাদনা কৰক]

  • পকা তাল,
  • পিঠা গুড়ি,
  • চেনি বা গুৰ আৰু
  • ৰিফাইন তেল অথবা ডালডাৰ

ৰন্ধন শৈলী[সম্পাদনা কৰক]

প্ৰথমতে ভালদৰে পকা তালটোৰ ওপৰৰ ক’লা বাকলিটো কাটি পেলাই তালৰ গুটিটোৰ ওপৰত জাবৰুৱা ৰসাল হালধীয়া অংশটো অলপ পানীলোৱা এটা ডাঙৰ পাত্ৰত থৈ দুহাতেৰে সেইটো মোহাৰি থাকিলে ৰস ওলায়। তাৰ পিছত গুটিটো পেলাই দি ৰসখিনি পৰিষ্কাৰ পাতল কাপোৰেৰে ছেকিলে পুনৰবাৰ আন এখন কাপোৰেৰে মণ্ডখিনি বান্ধি অলপ সময় ওলোমাই থব লাগে। তিতালগা পনীয়া ৰসখিনি ওলাই যোৱাৰ পিছত তালৰ লগত পিঠাগুড়ি আৰু অলপ চেনি মিহলাই কেৰাহীত গৰম তেল বা ডালডাত মালপোৱাৰ আকাৰত ভাজি ল’লেই তালপিঠা খোৱাৰ বাবে উপযোগী হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা.