তিতাবৰত খোল বাদনেৰে অভিলেখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তিতাবৰত খোল বাদনেৰে অভিলেখ
দিনাংক ৬ জানুৱাৰী, ২০১৩
সময় দিনৰ ১ বাজি ৫ মিনিট[1]
স্থান তিতাবৰ, যোৰহাট জিলা, অসম
অংশগ্ৰহণকাৰী অসমৰ বিভিন্ন ঠাইৰ ১৪,৮৩৩ জন বায়ন
ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত এই অনুষ্ঠানৰ নামভৰ্তি হয়

২০১৩ চনৰ ৬ জানুৱাৰীত অসমযোৰহাট জিলাতিতাবৰ ন-আলিৰ কাষৰ সমন্বয় ক্ষেত্ৰত অসমৰ উপৰি বহিঃৰাজ্যৰ ১৪,৮৩৩ জন (পঞ্জীয়নভুক্ত) শিল্পীয়ে খোলবাদ্য পৰিৱেশন কৰাৰ লগতে জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ পৰিৱেশন কৰি এক নতুন অভিলেখ সৃষ্টি কৰে।[1][2][3] এই অনুষ্ঠানৰ মূল লক্ষ্য আছিল বিশ্ব অভিলেখ গঢ়ি গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰা আৰু মহাপুৰুষ শংকৰদেৱৰ বিশ্বজনীন আদৰ্শ আৰু সাংস্কৃতিক বিশ্ববাসীৰ ওচৰত চিনাকি কৰাই দিয়া।[4] শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত আৰু সংঘৰ তিতাবৰ জিলাৰ উদ্যোগত কেইবামাহো ধৰি চলা অনুশীলনৰ অন্তত অভিলেখ গঢ়াৰ প্ৰচেষ্টা চলোৱা হয়। প্ৰায় ৫০ সহস্ৰাধিক জনতা, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ তথা এছিয়ান বুক অফ ৰেকৰ্ডছৰ প্ৰতিনিধিৰ উপস্থিতিত এই দুয়োটা অনুষ্ঠান পৰিৱেশন কৰা হয়।[4]

অভিলেখৰ প্ৰস্তুতি[সম্পাদনা কৰক]

শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু সংঘ তিতাবৰ জিলাই যুটীয়া ভাৱে এক অভিলেখ গঢ়াৰ কথা সিদ্ধান্ত লৈছিল।[4] বিশ্ব অভিলেখ গঢ়ি গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰা আৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ বিশ্বজনীন আদৰ্শ আৰু সাংস্কৃতিক বিশ্ববাসীৰ ওচৰত চিনাকি কৰাই দিয়াই এই অনুষ্ঠানৰ মূল লক্ষ্য আছিল।[4] প্ৰথমতে, শ্ৰীমন্ত শংকৰদেৱ সংঘই ১১ হাজাৰ লোকে খোল বজাই অভিলেখ গঢ়াৰ কথা সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ব্যাপক সঁহাৰি আহিছিল। অৱশেষত তেওঁলোকে এই সংখ্যা ১৪,৮৩৩ জনলৈ বৃদ্ধি কৰিছিল। কেইবামাহো ধৰি চলা অনুশীলনৰ অন্তত ২০১৩ চনৰ ৬ জানুৱাৰীত এই অভিলেখ গঢ়াৰ প্ৰচেষ্টা চলোৱা হয়।[1]

আখৰা

প্ৰথমতে, অসমৰ বিভিন্ন জিলাৰ সংঘৰ সাংস্কৃতিক সম্পাদকসকলে নিজ নিজ স্থানৰ শিল্পীসকলৰ সৈতে অনুশীলন আৰম্ভ কৰিছিল। অৱশেষত মূল অনুষ্ঠানৰ আগদিনা তিতাবৰৰ ন-আলিৰ সমন্বয় ক্ষেত্ৰত সকলোৱে মিলি একেলগে অন্তিম আখৰা কৰে।

উদ্বোধনী সভা[সম্পাদনা কৰক]

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্তৰ সভাপতিত্বত উদ্বোধনী সভা অনুষ্ঠিত হৈছিল। গৌৰৱ গগৈয়ে স্মৃতিগ্ৰন্থ খিত দিত ধেই দাও উন্মোচন কৰে।[3] এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ, তেওঁৰ পুত্ৰ গৌৰৱ গগৈ, শ্ৰী মন্ত সংঘৰ অন্যতম প্ৰতিষ্ঠাতা সোণাৰাম চুতীয়া, সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্ত, বিধায়ক অৰুণ ফুকন আৰু ৰণজিৎ দাস উপস্থিত আছিল।[1]

খোলবাদনৰ অনুষ্ঠান[সম্পাদনা কৰক]

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বছৰজোৰা প্ৰচেষ্টাৰ অন্তত ২০১৩ চনৰ ৬ জানুৱাৰী তাৰিখে তিতাবৰ ন-আলিৰ কাষৰ সমন্বয় ক্ষেত্ৰত অসমৰ উপৰি বহিঃৰাজ্যৰ ১৪,৮৩৩ জন শিল্পীয়ে খোলবাদ্য পৰিৱেশন কৰি অভিলেখ স্থাপন কৰে।[5][2] সমন্বয় ক্ষেত্ৰত ৩০০×৭০ মিটাৰ আয়তনৰ বিশাল পথাৰত বিয়লি ১ বাজি ৫ মিনিটৰ পৰা ১৫ মিনিটৰ বাবে এই অনুষ্ঠান আৰম্ভ হয়।[4] বিশাল পথাৰখনত ৫০ সহস্ৰাধিক জনতা, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ তথা এছিয়ান বুক অফ ৰেকৰ্ডছৰ প্ৰতিনিধিৰ উপস্থিতিত এই অনুষ্ঠান পৰিৱেশন কৰা হয়।[4] অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে খোলত চাপৰ মাৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে।[3] ইয়াৰ পিছতেই ১৪,৮৩৩ জন শিল্পীয়ে একেলগে খোল বাদন কৰে।[2] ১০ মিনিট যোৱাৰ পিছতেই ১ বাজি ২০ মিনিটত পৰ্যবেক্ষেক অভিজিত বৰুৱাই কাৰ্যসূচী সফলতাৰে সামৰণি পৰিল বুলি ঘোষণা কৰে।[4]

ইয়াৰ পিছত অভিজিত বৰুৱাই থাওকতে লোৱা সিদ্ধান্ত মৰ্মে বায়ন শিল্পীসকলক একেলগে অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি আন এক বিশ্ব অভিলেখৰ বাবে সাজু হ’বলৈ আহ্বান জনায়।[4] লগে লগে সকলো শিল্পীয়ে অসমৰ জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ পৰিৱেশন কৰে। ঠিক ১ মিনিট ২০ ছেকেণ্ডত জাতীয় সংগীত পৰিৱেশন সমাপ্ত কৰা হয়।[4]

অভিলেখ[সম্পাদনা কৰক]

এই অনুষ্ঠানটোৰ পৰ্যবেক্ষক হিচাপে আছিল গীনিজ বুক অফ ৰেকৰ্ডৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিনিধি অভিজিত বৰুৱা আৰু অংকিতা বৰঠাকুৰ। এই অনুষ্ঠানটোৱে ১০ মিনিট অতিক্ৰম কৰাৰ পিছতেই অভিজিত বৰুৱাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নামভৰ্তি হ’ল বুলি ঘোষণা কৰে।[5] লগতে তেওঁ ইয়াকো জনাই যে, বিশ্ব অভিলেখৰ বাবে এছিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাবলৈ প্ৰস্তাৱ দিয়া হৈছে। অংকিতা বৰঠাকুৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্ত আৰু প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাৰ হাতত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ স্মাৰক আৰু আনুষ্ঠানিক প্ৰমাণ-পত্ৰ প্ৰদান কৰে।[1]

আনহাতে, পূৰ্বৰ সিদ্ধান্ত নথকাৰ হেতু জাতীয় সংগীতৰ বাবে আনুষ্ঠানিক প্ৰমাণ-পত্ৰ আৰু স্মাৰক প্ৰদান কৰিব নোৱাৰিলে।[4] প্ৰতিনিধিদ্বয় অভিজিত বৰুৱা আৰু অংকিতা বৰঠাকুৰে কয় যে, এছিয়া বুক অফ ৰেকৰ্ডছ আৰু গীনিজ বুক অফ ৰেকৰ্ডছৰ বাবে তেওঁলোকে অনুষ্ঠানিক যোগাযোগ সম্পন্ন কৰিব।[4][5]

প্ৰতিক্ৰিয়া[সম্পাদনা কৰক]

এই অনুষ্ঠানৰ উদ্বোধনী সভাত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে, শংকৰদেৱৰ দৰ্শন আৰু আদৰ্শৰ যিমানেই প্ৰসাৰ আৰু জনপ্ৰিয়তা বাঢ়িব সিমানেই সমাজত শান্তি-সম্প্ৰতি আৰু সমন্বয় গঢ় লৈ উঠিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্তই কয় যে, এই সফলতা কেৱল সংঘৰ ৰাইজৰে নহয়, সমগ্ৰ অসমবাসীৰে সফলতা। লগতে তেওঁ কয় যে, বিশ্বত মহাপুৰুষজনাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সেয়া এক পদক্ষেপ আছিল।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "১৫ হাজাৰ বায়নৰ খোলত চাপৰ, অভিলেখ". The Dainik Janambhumi. 7 January, 2013. পৃষ্ঠাসমূহ: 1,12. http://www.dainikjanambhumi.co.in/archive/current/images/p12/p12-big_05.gif। আহৰণ কৰা হৈছে: January 08, 2013. 
  2. 2.0 2.1 2.2 "Assam’s khol players set new record". News Live. 07 January 2013. http://www.newslivetv.com/regional/assam-s-khol-players-set-new-record.html। আহৰণ কৰা হৈছে: January 09, 2013. 
  3. 3.0 3.1 3.2 "দেৱবাদ্য ধ্বনিৰে বিশ্ব অভিলেখ তিতাবৰত". অসমীয়া খবৰ: পৃষ্ঠা ১, ৬. ৭ জানুৱাৰী, ২০১৩. http://www.assamiyakhabor.com/publishfinal/asset/jorhat/07012013/6.html। আহৰণ কৰা হৈছে: January 09, 2013. [সংযোগবিহীন উৎস]
  4. 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 "১৪,৮৩৩ শিল্পীৰে খোলবাদনেৰে". আমাৰ অসম: পৃষ্ঠা ১. ৭ জানুৱাৰী, ২০১৩. http://amarasom.glpublications.in/epaperimages/712013/712013-md-hr-8/12639750.JPG। আহৰণ কৰা হৈছে: January 09, 2013. [সংযোগবিহীন উৎস]
  5. 5.0 5.1 5.2 "Assam’s khol players set new record". khaleejtimes. January 07, 2013. http://www.khaleejtimes.com/displayarticle.asp?xfile=data/international/2013/January/international_January273.xml&section=international&col=। আহৰণ কৰা হৈছে: January 09, 2013. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]