শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ
ধৰণ ধৰ্মীয়, সামাজিক-সাংস্কৃতিক, লাভালাভহীন অনুষ্ঠান
প্ৰধান কাৰ্যালয় নগাঁও
অঞ্চল সমগ্ৰ অসম আৰু অৰুণাচল প্ৰদেশ, মেঘালয় আৰু পশ্চিম বংগ, লগতে দিল্লীৰ কিছু অংশ
আনুষ্ঠানিক ভাষা অসমীয়া
পদাধিকাৰ কমলা কান্ত গগৈ
জিলা ৫২
ৱেবছাইট srimantasankaradevasangha.net

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ হৈছে অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। সঙ্ঘৰ নিজা সংবিধান আৰু মহাপুৰুষ জনাৰ জন্মৰ পৰা গণনা কৰা শঙ্কৰাব্দ নামৰ দিনপঞ্জী আছে। মহাপুৰুষ জনাই দেখুৱাই যোৱা এক শৰণ নামধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ মানসেৰে ১৯৩০ চনত ইয়াক স্থাপিত কৰা হৈছিল।[1] শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বাৰ্ষিক অধিবেশন প্ৰত্যেক বছৰে অসমৰ একো একোখন জিলাত অনুষ্ঠিত কৰা হয়। এই অধিৱেশনত প্ৰতি বছৰে প্ৰায় ৪০ লক্ষৰো অধিক লোকৰ সমাগম হয়।

ইতিহাস[সম্পাদনা কৰক]

নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ উদ্ভৱ[সম্পাদনা কৰক]

দাক্ষিণাত্যত দ্বিতীয় শতিকাৰ পৰা বৌদ্ধ-জৈন-ধৰ্মীসকলৰ সংঘাত, শাক্তধৰ্মীসকলৰ দৌৰাত্ম্য আৰু ব্ৰাহ্মণসকলৰ জাতিভেদমূলক আচৰণে শূদ্ৰসমাজক অতিষ্ঠ কৰি তুলিছিল[2] বাবে দাক্ষিণাত্যৰ তামিল দেশত নৱবৈষ্ণৱ ভক্তি-আন্দোলনৰ উদ্গম ঘটে। ১৫ শ- ১৬ শ শতিকাত শঙ্কৰদেৱে উত্তৰ পূৱ প্ৰান্তত ভক্তি ধৰ্মৰ গুৰি ধৰে।[2] ভক্তি আন্দোলনৰ জন্মৰ গুৰিত আছিল পুৰোহিত তান্ত্ৰিক শোষণ। ধৰ্মীয় বিধি-বিধানবোৰ জনসাধাৰণে বুজি নোপোৱা সংস্কৃত ভাষাত থকাৰ বাবে পুৰোহিত শ্ৰেণীয়ে শূদ্ৰসকলক ইহকাল-পৰকালৰ দোহাই দি আৰ্থিকভাৱে শোষণ কৰিছিল শ্ৰাদ্ধানুষ্ঠানত মৃতকৰ মঙ্গলাৰ্থে পুৰোহিতে আদায় কৰা খীৰতী গাই পুৰোহিতৰ ঘৰতহে বিৰাজ কৰিছিল।[2]ৰাজশক্তিৰ বাবে পুৰোহিতসমাজৰ শোষণৰ পৰা শূদ্ৰসকলে পৰিত্ৰাণ পোৱা নাছিল। এই শোষণ-শাসনৰ পৰা মুক্তি পাবলৈ উদগ্ৰীৱ হৈ থকা শূদ্ৰসকল,১০ম-১১শ শতিকাত আধুনিক ভাৰতীয় ভাষাবোৰলৈ ৰামায়ণ, মহাভাৰত,গীতা,ভাগৱত প্ৰভৃতি বৈষ্ণৱ ধৰ্মৰ মহাকাব্য-শাস্ত্ৰবোৰ অনূদিত হোৱা, শাক্ত, তান্ত্ৰিক,শৈৱ, বৌদ্ধ, জৈন আদিৰ ধৰ্মীয় সঙ্ঘাতত বিভ্ৰান্ত জনসাধাৰণৰ একেশ্বৰবাদী ভক্তি ধৰ্মৰ সৰলতা আৰু অনাড়ম্বৰতালৈ আকৰ্ষণৰ হেতু নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনে অগ্ৰগতি লাভ কৰে।[2]

নৱবৈষ্ণৱ ধৰ্মৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

নৱবৈষ্ণৱ ধৰ্মৰ বৈশিষ্ট্যসমূহ হৈছে[2]

  1. একেশ্বৰবাদ: পৰম ঈশ্বৰ কৃষ্ণৰ উপাস্যতা
  2. সাধন-পদ্ধতি: ভক্তি
  3. জাতি-প্ৰথাৰ প্ৰতি ঔদাসীন্য
  4. কৰ্মকাণ্ড-বিৰোধিকা
  5. মানৱী‌ প্ৰমূল্যৰ ওপৰত গুৰুত্ব
  6. গুৰুক পৰমেশ্বৰ/মহাপুৰুষ/জগতগুৰু। বুলি মনা
  7. ধৰ্ম-বস্তুৰ প্ৰকাশ-মাধ্যম কথিত ভাষা

অসমৰ পটভূমি আৰু শঙ্কৰদেৱৰ এক শৰণ হৰিনাম ধৰ্ম[সম্পাদনা কৰক]

প্ৰাকশঙ্কৰ অসমত নানাবিধ ধৰ্মমত আৰু দেৱ-দেৱীৰ অৱস্থিতিয়ে সমাজক বহুধা বিভক্ত কৰি ৰাখিছিল। দেৱ-দেৱীৰ উদ্দেশ্যে জীৱ-জন্তুৰ লগতে মানুহকো বলি দিয়া হৈছিল। এইবোৰে প্ৰদূষিত কৰা সমাজ-জীৱনক প্ৰদূষণমুক্ত কৰাৰ প্ৰয়োজন হৈছিল।[2] সৰ্বভাৰতীয় ভক্তি ধৰ্মৰ বৈশিষ্ট্যবোৰ শঙ্কৰদেৱ প্ৰৱৰ্ত্তিত এক শৰণ নাম ধৰ্মতো প্ৰযোজ্য হ'লেও ইয়াত কেতবোৰ স্বকীয় বৈশিষ্ট্য আছে। প্ৰথমে বিশুদ্ধ একেশ্বৰবাদ, দ্বিতীয়তে প্ৰেমময় শ্ৰৱণ আৰু কীৰ্ত্তনৰ ওপৰত প্ৰাধান্য[2]

শঙ্কৰদেৱৰ প্ৰয়াণৰ কিছুবছৰ পিছত শঙ্কৰদেৱ-প্ৰৱৰ্তিত ধৰ্মত বিভাজন সৃষ্টি হয়। ব্ৰহ্ম-সংহতিৰ অনুগামী ব্ৰাহ্মণ-পুৰোহিতসকলে শঙ্কৰদেৱ-মাধৱদেৱক অস্বীকাৰ কৰি স্বকীয়ভাৱে প্ৰৱৰ্তিবলৈ ধৰে।[2]তেওঁলোকে চৈতন্য-পন্থী-ব্ৰাহ্মণ-পণ্ডিতসকলৰ সহযোগত চৰিত পুথি ৰচনা কৰাই ভক্তি ধৰ্মৰ ইতিহাস বিকৃত কৰে।[2] ড॰ মহেশ্বৰ নেওগে এনে চৰিত পুথিক 'গ্লানিকৰ চৰিত' আখ্যা দিয়ে।[3] ড॰ সত্যেন্দ্ৰনাথ শৰ্মাৰ এই প্ৰসংগত মন্তব্য- " সন্ত-নিৰ্ণয়,সন্ত-চৰিত, সৎ-সম্প্ৰদায় কথা আদি গ্ৰন্থ ছদ্মনামত সম্প্ৰদায়-বিভেদকাৰী লেখকে ৰচনা কৰা যেন লাগে। অসমৰ বৈষ্ণৱ ধৰ্মক চৈতন্যদেৱৰ লগত জড়িত কৰি দি, শঙ্কৰদেৱ আৰু মাধৱদেৱক হেয় কৰাৰ প্ৰচেষ্টাও গ্ৰন্থকেইখনত লক্ষ্য কৰা যায়। সম্ভৱত শঙ্কৰদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱ আদিৰ তিৰোধানৰ পাছত যেতিয়া বৈষ্ণৱ সম্প্ৰদায় দ্বিধাবিভক্ত হʼল, তেতিয়া সপ্তদশ শতিকাৰ শেষৰ ফালে অথবা অষ্টাদশ শতিকাৰ আৰম্ভত এনেবোৰ সংকীৰ্ণ সাম্প্ৰদায়িক দৃষ্টি-দুষ্ট গ্ৰন্থ ৰচিত হ'বলৈ ধৰে। "[4]

কুৰি শতিকাৰ আগছোৱা[সম্পাদনা কৰক]

অসমৰ ভক্তি ধৰ্মৰ ইতিহাস অসত্যৰ ভেটিত ৰচিবলৈ ন্যস্তস্বাৰ্থমহলে ধাৰাবাহিকভাৱে চলোৱা অপচেষ্টাৰ বিৰুদ্ধে গঢ়ি উঠে নব্য শঙ্কৰদেৱ আন্দোলন যাৰ গুৰি ধৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই।[2] তেওঁ শঙ্কৰদেৱ-মাধৱদেৱক নামঘৰৰ মণিকূটৰ ভিতৰৰ পৰা উলিয়াই শিক্ষিত শ্ৰেণীৰ আগত দাঙি ধৰে আৰু বৰোদালৈকে কঢ়িয়াই নি শঙ্কৰদেৱক সৰ্বভাৰতীয় প্ৰতিষ্ঠা দিবলৈ যত্ন কৰে।[2]১৯০৯ চনৰ পৰা বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত আলোচনী বাঁহীৰ যোগেদি কনকলাল বৰুৱা, কালিৰাম মেধি,বাণীকান্ত কাকতি আদি কেইবাজনো শঙ্কৰদেৱ চৰ্চাকাৰী ব্যক্তিৰ আবিৰ্ভাৱ ঘটে। ১৯২০ খ্ৰীষ্টাব্দত ৰজনীকান্ত বৰদলৈৰ সম্পাদনাত প্ৰকাশিত মাহেকীয়া আলোচনী অসম প্ৰদীপিকাত শঙ্কৰদেৱ সম্পৰ্কে বিভ্ৰান্তিকৰ মত প্ৰকাশ হৈছিল। এইবোৰ ইতিহাস বিৰুদ্ধ কথাৰ বিৰুদ্ধে লক্ষ্মীনাথ বেজবৰুৱাই তেখেতৰ বাঁহী আলোচনীৰ যোগেদি প্ৰতিবাদ জনাইছিল। বেজবৰুৱা আৰু বাণীকান্ত কাকতিৰ তথ্য আৰু যুক্তি-নিৰ্ভৰ প্ৰত্যাক্ৰমণত প্ৰদীপিকা পক্ষ নীৰস্ত হ'বলৈ বাধ্য হয়।[2]

গান্ধীজীৰ অসম আগমণ, আঞ্চলিক ধৰ্ম আন্দোলন আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জন্ম[সম্পাদনা কৰক]

১৯৩০ চনৰ আগত মহাত্মা গান্ধীঅসম আগমণে সমগ্ৰ অসমত স্বাধীনতা সংগ্ৰামৰ জোৱাৰ তোলে। গান্ধীৰ বক্তৃতাই ৰাজনৈতিক বন্ধনৰ পৰা মুক্তিৰ প্ৰেৰণাৰ লগতে পৰোক্ষভাৱে নব্য শঙ্কৰদেৱ আন্দোলনকো উৎসাহিত কৰিছিল। এই আন্দোলনৰ দুগৰাকী কাণ্ডাৰী হলধৰ ভূঞা আৰু ৰমাকান্ত মুক্তিয়াৰ আতা স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল।[2]১৯০৯-১০ চনৰ পৰা গোলাঘাটৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰায়চাহাব ঘনশ্যাম বৰুৱাই নিজৰ চʼৰাতে প্ৰতি ৰবিবাৰে শঙ্কৰদেৱৰ ধৰ্মৰ বিশ্বজনীনতা,সাম্য-মৈত্ৰী-ভাৱ আৰু সৰলতাৰ বিষয়ে চৰ্চা কৰা এক ধৰ্মালোচনা চক্ৰ অনুষ্ঠিত কৰিছিল।ইয়াত কাষৰীয়া গাঁৱৰ লোকসকলৰ লগতে গোপীকাবল্লভ গোস্বামীও আহিছিল।এই আলোচনা চক্ৰখন ১৯২৩ চনলৈকে চলাইছিল।[2]

ৰমাকান্ত মুক্তিয়াৰ আতাই দিচিয়াল সত্ৰৰ অধিকাৰ জয়কান্ত মহন্তৰ লগ লাগি বাৰপূজীয়া, পাঘালি, বামুনবড়ী, সোণাৰুগুৰি,পলাশৰগুৰি, নিজ মিকিৰগাঁও, হাবি বৰঙাবাৰী আদি গাঁওসমূহত মহাপুৰুষীয়া ধৰ্মৰ শুদ্ধ মতাদৰ্শ প্ৰচাৰ কৰি ফুৰিছিল। ফলশ্ৰুতিত ১৯২৪ চনত বাৰপূজীয়া অঞ্চলত 'ধৰ্মালোচনী সভা' অনুষ্ঠানৰ জন্ম যি পিছলৈ 'প্ৰাৰ্থনা সভা' হয়।[2] কলিয়াবৰত ১৯২৩ চনত জন্ম হোৱা 'সনাতন ধৰ্ম সভা'য়ো মহাপুৰুষীয়া শাস্ত্ৰৰ প্ৰচাৰ-চৰ্চা কৰে।[2]১৯১৮ চনত পলাশনিত ইয়াৰ নিকটবৰ্তী ঔৱনা, লটাইমাৰী, কৰৈয়নি, কঢ়ালি, পানীগাঁও, হালোৱাগাঁও,তেলিয়াপহুকটা,ডিফলু আদি গাঁৱৰ লোকসকল লগ হৈ জন্ম দিয়া 'জ্ঞানমালিনী সভা'ৰ নাম ১৯২৪ চনত 'ধৰ্মালোচনী সভা' কৰা হয়।[2]এই সভাৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত হৈ ৰমাকান্ত মুক্তিয়াৰ আতাই শাস্ত্ৰৰ ব্যাখ্যা আৰু মহাপুৰুষীয়া মতাদৰ্শ দাঙি ধৰিছিল।এই সভাৰ কলেবৰ দিনে দিনে বৃদ্ধি পাই আহিছিল।১৯৩০ চনৰ কোনোবা এদিনাখন মুক্তিয়াৰ আতাই প্ৰস্তাৱ উত্থাপন কৰে যে সভাখনৰ নাম শঙ্কৰদেৱ-মাধৱদেৱ মহাপুৰুষ দুজনাৰ লগত জড়িত কৰিব লাগে। ৰাইজে ইতিবাচক সঁহাৰি জনোৱাত, মুক্তিয়াৰ আতাই ঘোষণা কৰি দিলে - " আজিৰ পৰা 'ধৰ্মালোচনী সভা'ৰ নাম 'শঙ্কৰ সঙ্ঘ' হ'ল।"এনেদৰে উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়-সামাজিক-সাংস্কৃতিক অৰাজনৈতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জন্ম হৈছিল।[2]

গঠন প্ৰণালী[সম্পাদনা কৰক]

পদাধিকাৰ সকলৰ তালিকা[সম্পাদনা কৰক]

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ সকল হৈছে[2]

  1. হলধৰ ভূঞা
  2. গোপীকাবল্লভ গোস্বামী
  3. হলিৰাম মহন্ত ঠাকুৰ
  4. ডম্বৰুধৰ বৰুৱা
  5. নীলমণি ফুকন
  6. পীতাম্বৰ দেৱগোস্বামী
  7. গহন চন্দ্ৰ গোস্বামী
  8. শশীচন্দ্ৰ বৰবৰুৱা
  9. ডিম্বেশ্বৰ নেওগ
  10. হৰমোহন দাস
  11. তীৰ্থনাথ গোস্বামী
  12. লক্ষ্যেশ্বৰ শইকীয়া
  13. সোণাৰাম চুতীয়া
  14. অচ্যুতকৃষ্ণ মিশ্ৰ
  15. ঋষেশ্বৰ দলৈ
  16. দীননাথ ডেকা
  17. বিৰিঞ্চিকুমাৰ বাৰূৱতী
  18. মোহন মহন্ত
  19. কৰুণাকান্ত কলিতা
  20. মুখ্যেশ্বৰ শইকীয়া
  21. ৰজনীকান্ত দত্ত

উপ পদাধিকাৰ[সম্পাদনা কৰক]

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ পদাধিকাৰ সকল হৈছে[2]

  1. ৰমাকান্ত মুক্তিয়াৰ আতা
  2. ইষ্টদেৱ নৱীশ
  3. লক্ষ্যেশ্বৰ শইকীয়া
  4. সোণাৰাম চুতীয়া
  5. হৰিপদ দত্ত
  6. ইলাৰাম দাস
  7. গোলোক কাকতি
  8. বলোৰাম চলিহা
  9. ঋষেশ্বৰ দ'লৈ
  10. দীননাথ ডেকা
  11. বিৰিঞ্চি কুমাৰ বাৰুৱতী
  12. গোবিন্দ চন্দ্ৰ শইকীয়া
  13. ডম্বৰুধৰ হাজৰিকা
  14. ভৱপ্ৰসাদ চলিহা
  15. কৰুণাকান্ত কলিতা
  16. বৈকুণ্ঠনাথ তালুকদাৰ
  17. ৰজনীকান্ত দত্ত
  18. মুখ্যেশ্বৰ শইকীয়া
  19. কমলাকান্ত গগৈ
  20. প্ৰমোদ চন্দ্ৰ শইকীয়া
  21. বল্লভ শইকীয়া
  22. ভবেন্দ্ৰ নাথ ডেকা

প্ৰধান সম্পাদক[সম্পাদনা কৰক]

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদকসকল হ'ল[2]-

  1. হলধৰ ভূঞা
  2. ভানুকান্ত শইকীয়া
  3. বংশীধৰ বৰুৱা
  4. বোধেশ্বৰ শইকীয়া
  5. গোলোক কাকতি
  6. ঋষেশ্বৰ ললৈ
  7. বলোৰাম চলিহা
  8. বালিৰাম দাস
  9. গোবিন্দ চন্দ্ৰ শইকীয়া
  10. মুখ্যেশ্বৰ শইকীয়া
  11. হৰিপ্ৰসাদ হাজৰিকা

বিভিন্ন অনুষ্ঠান[সম্পাদনা কৰক]

অসম শঙ্কৰ মিশ্যন[সম্পাদনা কৰক]

১৯৩১ চনত স্থাপন হোৱা অসম শঙ্কৰ মিশ্যন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি অনুষ্ঠান।[5]বিভিন্ন সমাজ সংস্কাৰমূলক কাম কৰি থকা এই মিশ্যনৰ প্ৰতিষ্ঠাতা আছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞা[6][7] ১৯৩০ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ প্ৰতিষ্ঠা হোৱাৰ পিছত ৰমাকান্ত মুক্তিয়াৰ আতাহৰিনাম ধৰ্ম প্ৰচাৰৰ লগে লগে শঙ্কৰদেৱৰ গীত-বাদ্য-নৃত্য, ভাওনা আদিৰ প্ৰশিক্ষণৰ বাবে এটি কেন্দ্ৰৰ উপলব্ধি কৰিছিল। তাৰেই ফলস্বৰূপে জন্ম হৈছিল অসম শংকৰ মিশ্যন

সেৱাবাহিনী[সম্পাদনা কৰক]

যুৱক যুৱতীসকলক লৈ এক ব্যতিক্ৰমী অনুষ্ঠান হৈছে সেৱাবাহিনী।

বেংক[সম্পাদনা কৰক]

শঙ্কৰদেৱ বিশ্ববিদ্যালয়[সম্পাদনা কৰক]

অন্যন্য[সম্পাদনা কৰক]

অধিৱেশন, সমাৰোহ, গুৰু জয়ন্তী, মাধৱ জয়ন্তী, শিশু দিৱস (জন্মাষ্টমী) আদি হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কিছু কাৰ্যসূচী। সকলো অনুষ্ঠানতে প্ৰথম কাৰ্যসূচী হিচাপে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ধৰ্মধ্বজা উত্তোলন আৰু বৃক্ষৰোপণ কৰা হয়। প্ৰতি বছৰে প্ৰতিখন প্ৰাথমিক, প্ৰতিখন আঞ্চলিক, প্ৰতিখন জিলা আৰু মূলত এখনকৈ অধিৱেশন অনুষ্ঠিত হয়। আঞ্চলিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি মূললৈকে শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ হয়। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম দিনত গুৰু জয়ন্তী পালন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ দিৱসত মাধৱ জয়ন্তী পালন কৰা হয়। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই শংকৰদেৱ আৰু মাধৱদেৱক অৱতাৰী পুৰুষ ৰূপে গণ্য কৰে। সেয়ে তেওঁলোকৰ মৃত্যু তিথি পালন নকৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "About- Srimanta Sankaradeva Sangha". srimantasankaradevasangha.org. http://www.srimantasankaradevasangha.org. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 2.17 2.18 2.19 2.20 কৈলাস দাস (২০১২,). শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ইতিহাস. হৰিপ্ৰসাদ হাজৰিকা. পৃষ্ঠা. ১৫,১৬,১৭,১৮,১৯,২০,২১,২২ আৰু ২৩. 
  3. অসমীয়া সাহিত্যৰ ৰূপৰেখা, মহেশ্বৰ নেওগ ৰচনাৱলী. পৃষ্ঠা. ৬৩৩. 
  4. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. পৃষ্ঠা. ১৭৯. 
  5. মলোৰাম কেওঁট (২০১২). "অসম শঙ্কৰ মিশ্যন,কঢ়ালি". শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাস. 
  6. হেম প্ৰসাদ বৰা (মাঘ,৫৬৩ শংকৰাব্দ, ফেব্ৰুৱাৰী,২০১২,). শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাস. কৈলাস দাস,জীৱকান্ত নাথ. 
  7. কৈলাস দাস (মাঘ,৫৬৩ শংকৰাব্দ, ফেব্ৰুৱাৰী,২০১২,). শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাস. কৈলাস দাস,জীৱকান্ত নাথ. 
  8. বৈকুণ্ঠ দুতয়, স্মৃতিগ্ৰন্থ কমলাকান্ত বৰা সম্পাদিত
  9. বনমালা, ঈশ্বৰ চন্দ্ৰ পাতৰ সম্পাদিত
  10. ভক্তি ৰসামৃত, স্মৃতিগ্ৰন্থ বোধেশ্বৰ কাকতি সম্পাদিত