সমললৈ যাওক

তু ইউইউ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তু ইউইউ

ষ্টক'হম চহৰত তু ইউইউ, ২০১৫
জন্ম ৩০ ডিচেম্বৰ, ১৯৩০ (৯৩ বছৰ)
নিঙব', ঝেজিয়াং, চীন
বাসস্থান বেইজিং
নাগৰিকত্ব চীন
জাতীয়তা চীনা
ক্ষেত্ৰ ঔষধিক ৰসায়ন বিজ্ঞান
চীনা বনৌষধি বিজ্ঞান
মেলেৰিয়া প্ৰতিষেধক
পৰম্পৰাগত গৱেষণা
কৰ্মস্থান পৰম্পৰাগত চীনা ঔষধ একাডেমী[1][টোকা 1]
শিক্ষানুষ্ঠান পেকিং বিশ্ববিদ্যালয় মেডিকেল স্কুল / বেইজিং মেডিকেল কলেজ (বৰ্তমান পেকিং বিশ্ববিদ্যালয় স্বাস্থ্য বিজ্ঞান কেন্দ্ৰ)[টোকা 2]
শৈক্ষিক পৰামৰ্শদাতা লৌ ঝিচেন
জনা যায় প্ৰজেক্ট ৫২৩ ত আৰ্টেমীচিনিন আৰু ডাইহাইড্ৰ আৰ্টেমীচিনিন আৱিষ্কাৰ
প্ৰভাৱ লৌ ঝিচেন (ফাৰ্মাকগনচি)
গে হং (চীনা বনৌষধ বিজ্ঞান)
মাও জেডং (পৰম্পৰাগত চীনা ঔষধ বিজ্ঞান )
প্ৰভাৱান্বিত কৰিছে প্ৰজেক্ট ৫২৩
উল্লেখনীয় বঁটা লাস্কেৰ ডেবাকী ক্লিনিকেল মেডিকেল ৰিচাৰ্ছ বঁটা (২০১৫)
ৱাৰৰেন আলপাৰ্ট ফাউণ্ডেচন পুৰস্কাৰ (২০১৫)
চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা (২০১৫)
তু ইউইউ
চীনা 屠呦呦
আক্ষৰিক অৰ্থ (Tú, surname)

(yōu): (the sound of) deer bleating
See details...

তু ইউইউ (চীনা: 屠呦呦; জন্মঃ ৩০ ডিচেম্বৰ ১৯৩০) এগৰাকী চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক। তেওঁ আৰ্টেমীচিনিন( Artemisinin বা Qinghaosu) আৰু ডাইহাইড্ৰআৰ্টেমীচিনিন (Dihydroartemisinin) আৱিষ্কাৰৰ বাবে আটাইতকৈ বেছি জনপ্ৰিয়। এই দুবিধ মেলেৰিয়া চিকিৎসাত ব্যৱহাৰ কৰি লাখ লাখ মানুহৰ জীৱন বচাব পৰা গৈছে। ক্ৰান্তীয় অঞ্চলৰ দক্ষিণ এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উন্নয়নশীল দেশসমূহৰ মানুহৰ স্বাস্থ্য উন্নয়নত আৰ্টেমীচিনিন আৱিষ্কাৰ আৰু মেলেৰিয়া প্ৰতিৰোধত ইয়াৰ ব্যৱহাৰ বিংশ শতিকাৰ ক্ৰান্তীয় মেডিচিনত এক যুগান্তকাৰী ঘটনা হিচাপে গণ্য কৰা হয়। তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে ২০১১ চনত তেওঁক ক্লিনিকেল মেডিচিনত এলবাৰ্ট লাস্কেৰ ক্লিনিকেল মেডিচিন ৰিচাৰ্ছ বঁটা প্ৰদান কৰা হয়। ২০১৫ চনত তু ইউইউয়ে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। চীনত শিক্ষা গ্ৰহণ কৰা আৰু গৱেষণা চীনা ভাষাত কৰা তু ইতিহাসৰ প্ৰথম লাস্কেৰ পুৰস্কাৰ বিজয়ী।[3]

১৯৩০ চনৰ ৩০ ডিচেম্বৰত চীনৰ ঝেজিয়াং প্ৰদেশৰ নিংবো অঞ্চলত তু ইউইউয়ে জন্মগ্ৰহণ কৰে।[4] ১৯৫১ চনত তেওঁ পেকিং বিশ্ববিদ্যালয় স্কুল অফ মেডিচিনৰ পৰা মেট্ৰিকুলেচন পাছ কৰে। ১৯৫২ চনত মেডিকেল স্কুলখন বেইজিং মেডিকেল কলেজ নামেৰে স্বায়ত্তশাসিত প্ৰতিষ্ঠানত পৰিণত হয়। ১৯৮৫ চনত ইয়াৰ নাম পৰিবৰ্তন কৰি বেইজিং মেডিকেল বিশ্ববিদ্যালয় ৰখা হয়। ২০০০ চনৰ ৩ এপ্ৰিল তাৰিখে পেকিং বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত হোৱাত ই বৰ্তমান পেকিং বিশ্ববিদ্যালয় স্বাস্থ্যবিজ্ঞান কেন্দ্ৰ নামে পৰিচিত।[2] ফাৰ্মাকিউটিকেল অনুষদত অধ্যয়ন কৰি তুয়ে ১৯৫৫ চনত স্নাতকডিগ্ৰী অৰ্জন কৰে। তাৰপাছত তেওঁ আঢ়ৈ বছৰ পৰম্পৰাগত চীনা মেডিচিনৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰে।

স্নাতকৰ পাছত তেওঁ বেইজিংৰ একাডেমী অফ চাইনিজ মেডিচিনত কাম কাজ আৰম্ভ কৰে। বৰ্তমান ইয়াৰ নাম চাইনা একাডেমী অফ চাইনিজ মেডিকেল ৰিচাৰ্ছ। চীনা অৰ্থনীতিৰ পুনৰ গঠনৰ পাছত ১৯৮০ চনত তেওঁ ইয়াত এগৰাকী গৱেষকৰ পদত উন্নীত হয়। ২০০১ চনত তেওঁ ডক্টৰেট প্ৰত্যাশীসকলৰ একাডেমীক উপদেষ্টা হিচাপে নিয়োজিত হয়। বৰ্তমান তেওঁ এই একাডেমীৰ প্ৰধান গৱেষক।[5]

২০০৭ চনৰ পৰা দংচেং জিলা, বেইজিংৰ এক পুৰাতন দালানত তেওঁ অফিচৰ কাৰ্যক্ৰম পৰিচালনা কৰে।[4]

২০১১ চনৰ পূৰ্বে তু ইউইউ লোকচক্ষুৰ আঁতৰত আছিল। সেয়ে “মানুহে তেওঁক প্ৰায় পাহৰি পেলাইছে” বুলি কোৱা হৈছিল।[6]

তেওঁ কোনো বিশিষ্ট অধ্যাপক নহয়, লগতে তেওঁৰ স্নাতকোত্তৰ ডিগ্ৰীও নাই, (সেইসময়ত চীনত স্নাতকোত্তৰ শিক্ষাৰ সুবিধা নাছিল), তেওঁৰ কোনো বিদেশত গৱেষণাৰ অভিজ্ঞতাও নাই। তেওঁ কোনো চীনা জাতীয় একাডেমীৰ যেনে চাইনিজ একাডেমী অফ চাইন্স আৰু চাইনিজ একাডেমী অফ ইঞ্জিনিয়াৰিং সদস্যও নহয়। কেৱল পৰম্পৰাগত চীনা মেডিচিনৰ জ্ঞানেৰে তেওঁ আজিৰ পৰ্যায় লাভ কৰিছে।[7] ১৯৭৯ চনৰ পূৰ্বে চীনত স্নাতকোত্তৰ শিক্ষাৰ কোনো সুযোগ নাছিল। তদুপৰি সেইসময়ত চীন বিশ্বৰ বাকী অংশৰ পৰা প্ৰায় বিছিন্ন আছিল। ১৯৪৯ চনত চীন প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ পাছত তু ইউইউয়ে প্ৰথমে চীনা চিকিৎসা পদ্ধতিত গৱেষণা কৰিছিল।[8]

পৰিয়াল

[সম্পাদনা কৰক]

তু আৰু তেওঁৰ স্বামী, লী টিংঝাও বেইজিংত বাস কৰে। লী টিংঝাও এজন ধাতুবিজ্ঞান অভিযন্তা। চিয়াওচি মিডিল স্কুলত তেওঁ আৰু তু ইউইউ একেলগে পঢ়িছিল। তেওঁলোকৰ সৰু জীয়েক বেইজিংত থাকে। তেওঁলোকৰ ডাঙৰ জীয়েক তাইৰ স্বামী আৰু জীয়েকৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে। তুৰ মাতামহ য়েও য়ংবাই (姚咏白|姚咏白), ৰাষ্ট্ৰীয় ট্ৰেজাৰী প্ৰশাসনৰ প্ৰথম ডাইৰেক্টৰ আছিল। তেওঁৰ খুড়া য়েও কইংচান (姚庆三|姚庆三) চীনৰ এজন বিখ্যাত অৰ্থনীতিবিদ, বেংকাৰ আৰু কিনেছিয়ান।

  • ৰাষ্ট্ৰীয় বিজ্ঞান কংগ্ৰেছ বঁটা, চীন ১৯৭৮[9]
  • ৰাষ্ট্ৰীয় উদ্ভাৱক বঁটা, চীন ১৯৭৯
  • চীনৰ শীৰ্ষ দহ বিধ বিজ্ঞান আৰু প্ৰযুক্তিৰ অৱদানৰ ভিতৰত এটা, ১৯৯২[9]
  • চীনৰ শীৰ্ষ দহ বিধ ৰাজহুৱা স্বাস্থ্য অৱদানৰ ভিতৰত এটা, ১৯৯৭[9]
  • জীৱবিজ্ঞানৰ সৰ্বকৃষ্ট অৱদানৰ গ্লাছ'স্মিথক্লিন বঁটা, ২০১১[10]
  • লাস্কেৰ ডিবাকী ক্লিনিকেল মেডিকেল ৰিচাৰ্ছ বঁটা, ২০১১[11]
  • সৰ্বকৃষ্ট অৱদান বঁটা, চাইনা একাডেমী অফ চাইনীজ মেডিকেল চাইন্স, ২০১১[12]
  • শ্ৰেষ্ঠ দহ গৰাকী মহিলাৰ ভিতৰত এগৰাকী, চীন, ২০১২[13]
  • ৱাৰৰেন আলপাৰ্ট ফাউণ্ডেচন বঁটা, ২০১৫[14]
  • চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, ২০১৫[15]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Youyou Tu - Facts". http://www.nobelprize.org/nobel_prizes/medicine/laureates/2015/tu-facts.html। আহৰণ কৰা হৈছে: 11 October 2015. 
  2. 2.0 2.1 "Introduction". Peking University Health Science Center. 27 October 2010. http://english.bjmu.edu.cn/administration/aintroduction/index.htm। আহৰণ কৰা হৈছে: 10 October 2015. 
  3. Miller, Louis H.; Su, Xinzhuan (2011). "Artemisinin: Discovery from the Chinese Herbal Garden". Cell খণ্ড 146 (6): 855–8. doi:10.1016/j.cell.2011.08.024. PMID 21907397. 
  4. 4.0 4.1 "Magic Drug Saved Half Billion People" (zh ভাষাত). Phoenix Television News, Hong Kong. 16 March 2007. http://news.ifeng.com/history/1/200703/0316_335_88997_2.shtml। আহৰণ কৰা হৈছে: 13 September 2011. 
  5. "Official Biography" (zh ভাষাত). China Academy of Chinese Medical Sciences. Archived from the original on 6 September 2011. https://web.archive.org/web/20110906013716/http://www.icmm.ac.cn/zsyjy/201101/11.html। আহৰণ কৰা হৈছে: 14 September 2011. 
  6. "屠呦呦膺世界級醫學大獎" (zh ভাষাত). Hong Kong Wen Wei Po. Archived from the original on 1 October 2011. https://web.archive.org/web/20111001040202/http://paper.wenweipo.com/2011/09/15/YO1109150008.htm। আহৰণ কৰা হৈছে: 13 September 2011. 
  7. "屠呦呦获拉斯克奖 评论认为离诺奖只一步之遥" (zh ভাষাত). Sohu News. 13 September 2011. http://roll.sohu.com/20110913/n319211381.shtml। আহৰণ কৰা হৈছে: 13 September 2011. 
  8. "屠呦呦:新中国第一代药学家 研发青蒿素" (zh ভাষাত). Sohu News. 29 September 2009. http://health.sohu.com/20090929/n267089753.shtml। আহৰণ কৰা হৈছে: 13 September 2011. 
  9. 9.0 9.1 9.2 "Tu Youyou 屠呦呦". China Vitae. Archived from the original on 29 November 2011. https://web.archive.org/web/20111129005934/http://www.chinavitae.com/biography/Tu_Youyou। আহৰণ কৰা হৈছে: 7 March 2012. 
  10. "Chen Zhili Congratulates Lasker Award Winner Tu Youyou". Women of China. 22 September 2011. Archived from the original on 6 October 2015. https://web.archive.org/web/20151006020805/http://www.womenofchina.com.cn/html/report/3091-1.htm। আহৰণ কৰা হৈছে: 7 March 2012. 
  11. "Tu Youyou". Lasker Foundation. 12 September 2011. http://www.laskerfoundation.org/awards/2011clinical.htm। আহৰণ কৰা হৈছে: 12 September 2011. 
  12. "Tu is awarded Outstanding Contribution Award by CACMR" (zh ভাষাত). Xinhua News Agency. 15 November 2011. http://news.xinhuanet.com/politics/2011-11/15/c_111169318.htm। আহৰণ কৰা হৈছে: 10 February 2012. 
  13. "吴菊萍屠呦呦获授三八红旗手标兵" (zh ভাষাত). Sina.com News. 28 February 2012. http://news.sina.com.cn/c/2012-02-28/073224018743.shtml। আহৰণ কৰা হৈছে: 7 March 2012. 
  14. "Alpert Prize Recognizes Malaria Breakthroughs". Warren Alpert Foundation. 4 June 2015. http://www.warrenalpert.org/news/2015-waren-alpert-foundation-prize-recognizes-malaria-breakthroughs। আহৰণ কৰা হৈছে: 14 June 2015. 
  15. "Nobel Prize announcement". Nobel Assembly at Karolinska InstitutetNobelPrize.org. http://www.nobelprize.org/nobel_prizes/medicine/laureates/2015/press.pdf। আহৰণ কৰা হৈছে: 5 October 2015. 

বহিঃসংযোগ

[সম্পাদনা কৰক]


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল