সমললৈ যাওক

তৈয়ব মেহতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তৈয়ব মেহতা
জন্ম ২৬ জুলাই, ১৯২৫[1]
কপাড়ৱঞ্জ, গুজৰাট, ভাৰত
মৃত্যু ০২ জুলাই, ২০০৯ (৮৩ বছৰ)[2]
মুম্বাই, ভাৰত
দেশ ভাৰতীয়
পেচা চিত্ৰকলা
প্ৰশিক্ষণ ছাৰ জে জে স্কুল অৱ আৰ্ট (১৯৫২)
কৰ্মৰাজী চেলিব্ৰেচন
কালী
বঁটা কালিদাস সন্মান (১৯৮৮)
পদ্ম ভূষণ (২০০৭)

তৈয়ব মেহতা (ইংৰাজী: Tyeb Mehta; ২৬ জুলাই ১৯২৫-২ জুলাই ২০০৯) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল। তেওঁ ব'ম্বে প্ৰগতিশীল শিল্পী গোটৰ সদস্য আছিল। মেহতা ভাৰতৰ প্ৰথম উত্তৰ-ঔপনিৱেশিক প্ৰজন্মৰ শিল্পী আছিল, যি জন উইলকিন্সৰ দৰে জাতীয়তাবাদী বংগ বিদ্যালয়ৰ বান্ধোন ছিঙি মুক্ত আধুনিক শিল্পকলাক ইয়াৰ উত্তৰ-প্ৰভাৱবাদী ৰং, ঘন ৰূপ আৰু ব্ৰাছিক, অভিব্যক্তিবাদী শৈলীৰ সৈতে গ্ৰহণ কৰিছিল।

পৰৱৰ্তী সময়ত অঁকা তেওঁৰ চিত্ৰসমূহৰ ভিতৰত প্ৰখ্যাত ট্ৰিপ্টিক চেলিব্ৰেশ্যন শীৰ্ষক ছবিখন ২০০২ চনত ক্ৰিষ্টিৰ নিলামত ১৫ নিযুত টকাত (৩১৭,৫০০ টকা) বিক্ৰী হৈছিল। ছবিখন বিক্ৰীৰ জৰিয়তে আহৰণ কৰা এই ধন সেই সময়ৰ কেৱল আন্তঃৰাষ্ট্ৰীয় নিলামত ভাৰতীয় চিত্ৰকলাৰ বাবে লাভ কৰা সৰ্বাধিক ধনেই নাছিল, বৰঞ্চ ই পৰৱৰ্তী কালত মহান ভাৰতীয় কলাৰ উত্থানৰো সূচনা কৰিছিল। তেওঁৰ আন উল্লেখযোগ্য চিত্ৰসমূহ আছিল ডায়গনেল ছিৰিজ, শান্তিনিকেতন ট্ৰিপ্টিক ছিৰিজ, কালী, মহিষাসুৰ (১৯৯৬) ইত্যাদি । তেওঁ জীৱনৰ বেছিভাগ সময় মুম্বাইত থাকি কাম কৰিছিল যদিও লণ্ডন, নিউয়ৰ্ক আৰু শান্তিনিকেতনত থকা সময়খিনিয়েও তেওঁৰ কামত এক বিশেষ প্ৰভাৱ পেলাইছিল। কামৰ স্বীকৃতি স্বৰূপে তেওঁ ২০০৭ চনত পদ্মভূষণকে ধৰি কেইবাটিও উল্লেখযোগ্য বঁটা লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯২৫ চনৰ ২৬ জুলাইত ভাৰতৰ গুজৰাট ৰাজ্যৰ খেড়া জিলাৰ কাপড়ৱঞ্জত তৈয়ব মেহতাই জন্মগ্ৰহণ কৰিছিল ৷ [3] মুম্বাইৰ কাষৰীয়া ক্ৰফৰ্ড মাৰ্কেটত তেওঁ ডাঙৰ-দীঘল হৈছিল, যি ছিয়া মুছলিম সম্প্ৰদায়ৰ ডাউদী ব’হৰাছসকলৰ বসতি আছিল। ২২ বছৰ বয়সত, ১৯৪৭ চনত মুম্বাইত হোৱা বিভাজন দাঙ্গাৰ সময়ত মহম্মদ আলী ৰোডৰ লেহৰী হাউচত থকাৰ সময়তে তেওঁ এজন লোকক এটা গোটে শিলগুটিৰে হত্যা কৰা প্ৰত্যক্ষ কৰিছিল, এই ঘটনাক তেওঁ কেৱল আঁকি প্ৰকাশ কৰাই নহয়, তেওঁৰ কামৰ ওপৰত ইয়াৰ স্থায়ী প্ৰভাৱ পেলাইছিল।

প্ৰথম অৱস্থাত কিছু দিনৰ বাবে তেওঁ মুম্বাইৰ টাৰ্ডিঅ’ত অৱস্থিত ফেমাছ ষ্টুডিঅ’ৰ এটি চিনেমা লেবৰেটৰীত চলচ্চিত্ৰ সম্পাদক হিচাপে কাম কৰিছিল। ১৯৫২ চনত তেওঁ ছাৰ জে. জে. স্কুল অৱ আৰ্টৰ পৰা ডিপ্ল’মা লাভ কৰে। তেওঁ ব’ম্বে প্ৰগ্ৰেছিভ আৰ্টিষ্টচ্‌ গ্ৰুপৰ সদস্য আছিল, যিয়ে পশ্চিমীয়া আধুনিকতাবাদপৰা শৈলীগত অনুপ্ৰেৰণা লাভ কৰিছিল আৰু ইয়াত এফ. এন. চুজা, এছ. এইচ. ৰাজা আৰু এম. এফ. হুচেইনৰ দৰে মহান ভাৰতীয় চিত্ৰকৰসকল অন্তৰ্ভুক্ত আছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৫৯ চনত তৈয়ব লণ্ডনলৈ গুচি গৈ তাত কাম কৰা আৰম্ভ কৰে। ১৯৬৪ চনলৈকে তেওঁ তাতে বাস কৰিছিল।। ১৯৬৮ চনত জন ডি ৰ’কফেলাৰ তৃতীয় পুঁজিৰপৰা ফেলোশ্বিপ লাভ কৰাৰ পিছত তেওঁ নিউয়ৰ্কলৈ আহে।[4] শিল্পীগৰাকীয়ে লণ্ডনত অতিবাহিত কৰা বছৰবোৰত, মেহতাৰ শৈলী ফ্ৰান্সিছ বেকনৰ অভিব্যক্তিবাদী কামৰ দ্বাৰা প্ৰভাৱিত হৈছিল, কিন্তু নিউয়ৰ্কত থকাৰ সময়ত তেওঁৰ কামৰ বৈশিষ্ট্য আছিল মিনিমেলিজিম। তেওঁ কুড়ল নামে তিনি মিনিটৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল, বান্দ্ৰা কচাইখানাত তেওঁ ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছিল আৰু ই ১৯৭০ চনত ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰিছিল।[4] তেওঁ ১৯৮৪ৰপৰা ১৯৮৫ লৈ শান্তিনিকেতনৰ এগৰাকী আৱাসী শিল্পী হৈ আছিল আৰু তেওঁৰ কামৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সৈতে মুম্বাইলৈ উভতি আহিছিল। ট্ৰাছড ষাঁড়, ৰিক্সাচালক আদি তেওঁৰ কামৰ সাধাৰণ বিষয়বস্তু আছিল। ইয়াৰপৰা তেওঁৰ ছবি ডায়গনেল ছিৰিজলৈ স্থানান্তৰিত হৈছিল। ১৯৭০ৰ দশকত এই চিৰিজৰ কাম আৰম্ভ হৈছিল, ১৯৬৯ চনত, সৃষ্টিশীল হতাশাৰ মুহূৰ্তত তেওঁ তেওঁৰ কেনভাছৰ ওপৰেৰে এটা ক’লা ষ্ট্ৰাইক অঁকাৰ মুহূৰ্ততে আকস্মিকভাৱে তেওঁৰ এই চিৰিজ আৰম্ভ হৈছিল । জীৱনৰ পৰৱৰ্তী সময়ত, তেওঁ ১৯৪৭ চনৰ ভাৰত বিভাজন সময়ত ৰাস্তাত এজন লোকৰ হিংসাত্মক মৃত্যুৰ সাক্ষী হোৱাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ১৯৯১ চনত নিৰ্মিত ফলিং ফিগাৰ যোগ কৰিছিল, ইয়াৰ উপৰিও তেওঁৰ কৰ্মৰ সৈতে কেইবাটিও পৌৰাণিক ব্যক্তিত্ব যোগ কৰাৰ উপৰি কালী দেৱী আৰু ৰাক্ষস মহিষাসুৰ বিষয়ত চিত্ৰণৰ দ্বাৰা আলোকপাত কৰিছিল।[5]

১৯৯৭ চনত অঁকা তায়েব মেহতাৰ মহিষাসুৰ

২০০২ চনত ক্ৰিষ্টিত ১৫ নিযুত ভাৰতীয় টকাত বিক্ৰী হোৱা ছবিখন আছিল তৈয়ব মেহতাৰ বিক্ৰীৰ অভিলেখ ভংগকাৰী ছবি। ২০০৫ চনৰ মে’ মাহত তেওঁৰ চিত্ৰ কালী ভাৰতীয় নিলাম গৃহ চেফ্ৰ’ নাৰ্টৰ অনলাইন নিলামত ১০ নিযুত ভাৰতীয় টকা (প্ৰায় ২৩০,০০০ আমেৰিকান ডলাৰৰ সমান)ত বিক্ৰী হৈছিল।[6] মেহতাৰ মহিষাসুৰ ৰাক্ষসৰ কাহিনীৰ পুনৰ ব্যাখ্যৰ ছবি, য’ত দেৱী দুৰ্গা ৰাক্ষসৰ আলিঙ্গনত আৱদ্ধ আছিল, ১.৫৮৪ মিলিয়ন ডলাৰত বিক্ৰী হৈছিল।[7][8][9] ২০০৮ চনত তেওঁৰ এখন ছবি ২ মিলিয়ন ডলাৰত বিক্ৰী হৈছিল।[10]

২০০৫ চনৰ ডিচেম্বৰ মাহত মেহতাৰ চিত্ৰ গেষ্টাৰ ৩১ নিযুত ভাৰতীয় টকাত বিক্ৰী হৈছিল। ছবিখন ওচিয়ানৰ নিলামত কুঅ’মি ট্ৰেভেলৰ অধ্যক্ষ ৰঞ্জিত মল্কানীয়ে ক্ৰয় কৰিছিল। ই আছিল সেই সময়ৰ ভাৰতত নিলামত ভাৰতীয় সমসাময়িক কলাৰ কামৰ বাবে কোনো ভাৰতীয়ই দিয়া সৰ্বাধিক মূল্য।

মেহতাৰ শিল্পকৰ্মসমূহ আছিল সমসাময়িক ভাৰতীয় শিল্পীৰ প্ৰথম ৰচনা যি এক মিলিয়ন ডলাৰতকৈও অধিক মূল্যত বিক্ৰী হৈছিল আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় কলাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত ই বিশেষ ভূমিকা লৈছিল। মেহতা হৈ পৰিছিল এগৰাকী সাংস্কৃতিক নায়ক।

বঁটা প্ৰদান

[সম্পাদনা কৰক]

মেহতাৰ শিল্পকৰ্মসমূহ ইংলেণ্ডৰ অক্সফ’ৰ্ডৰ মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট আৰু হিৰশ্বৰ্ণ মিউজিয়ামত প্ৰদৰ্শন কৰা হৈছে। ২০০৯ চনৰ শেষৰ ফালে নতুন দিল্লীৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টত তেওঁৰ কৰ্মজীৱনৰ এটি ৰেট্ৰ’স্পেক্টিভ প্ৰদৰ্শনী কৰা হৈছিল।[10]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • তৈয়ব মেহতাঃ আইডিয়াজ ইমেজেছ এক্সচেঞ্জ; তৈয়ব মেহতা, ৰঞ্জিত হস্কটে, ৰোশন শ্বাহানী দ্বাৰা। প্ৰকাশকঃ ভাদেৰা আৰ্ট গেলাৰী, ২০০৮। আই.এচ.বি.এন. 81-87737-05-0

অধিক পঢ়ক

[সম্পাদনা কৰক]
  • তৈয়ব মেহতাঃ জৰ্জিনা আৰু উলি বেইয়াৰৰ Institute of Papua New Guinea Studies, 1977।
  • স্বৰাজঃ আ জাৰ্নি উইথ তৈয়ব মেহতাজ "শান্তিনিকেতন ট্ৰিপ্টিক" : ৰামচন্দ্ৰ গান্ধী। ভদেৰা আৰ্ট গেলাৰী, ২০০২।  আই.এচ.বি.এন. 81-87737-02-6

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "তৈয়ব মেহতা". Answers.com. http://www.answers.com/topic/tyeb-mehta। আহৰণ কৰা হৈছে: 2 July 2009. 
  2. "Noted artist Tayyb Mehta dies". The Times of India. 2 July 2009. https://timesofindia.indiatimes.com/india/Noted-artist-Tyeb-Mehta-dies/articleshow/4727574.cms. 
  3. Farooqi, Anis (1996). "Mehta, Tyeb | Grove Art" (en ভাষাত). doi:10.1093/gao/9781884446054.article.T056541. ISBN 978-1-884446-05-4. http://www.oxfordartonline.com/view/10.1093/gao/9781884446054.001.0001/oao-9781884446054-e-7000056541। আহৰণ কৰা হৈছে: 2018-08-08. 
  4. 4.0 4.1 Tyeb Mehta: From filmmaker to painter The Times of India, 20 September 2002.
  5. "Christie's First India Auction Offers Lots from The Gandhys' Collection". BLOUIN Art+Auction magazine. 20 November 2013. http://in.blouinartinfo.com/news/story/987054/christies-first-india-auction-offers-lots-from-the-gandhys। আহৰণ কৰা হৈছে: 24 May 2014. 
  6. "Tyeb Metha's Kali fetches Rs 1 crore". 20 May 2005. Archived from the original on 13 July 2011. https://web.archive.org/web/20110713025918/http://articles.timesofindia.indiatimes.com/2005-05-20/india/27858455_1_saffronart-tyeb-mehta-painting. 
  7. "Bull run in art bazaar". 28 May 2005. http://www.deccanherald.com/deccanherald/may282006/sundayherald1132172006527.asp. [সংযোগবিহীন উৎস]
  8. Sengupta, Somini (26 January 2006). "Indian Artist Enjoys His World Audience". https://www.nytimes.com/2006/01/24/arts/design/24tyeb.html?ex=1295758800&en=50eb5eb53269a7ea&ei=5090&partner=rssuserland&emc=rss. 
  9. "Tyeb Mehta painting fetches $1.54 million". 22 September 2005. http://www.rediff.com/money/2005/sep/22look.htm. 
  10. 10.0 10.1 Cotter, Holland (4 July 2009). "Tyeb Mehta, Painter of Emerging India, Dies at 84". New York Times. https://www.nytimes.com/2009/07/04/arts/04mehta.html.