সমললৈ যাওক

দেৱী শ্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱী শ্ৰী

ꦢꦺꦮꦶꦱꦿꦶ

ᬤᬾᬯᬶᬲ᭄ᬭᬶ
ধানৰ দেৱী

নৱম শতিকাৰ মধ্য জাভানীজ ব্ৰঞ্জৰ শিল্পত দেৱী শ্ৰীৰ চিত্ৰণ, সোণোবুডোয়ো সংগ্ৰহালয়ৰ সংগ্ৰহ
সম্পৰ্ক ফচপ, ইনাৰী, চেৰেছ
নিবাস শস্যৰ পথাৰ
প্ৰতীক ধান
অঞ্চল জাভা, বালী, লম্বক, চুলাৱেছি

দেৱী শ্ৰী বা শ্ৰীদেৱী ( জাভানী : ꦢꦺꦮꦶꦱꦿꦶ, বালি : ᬤᬾᬯᬶᬲ᭄ᬭᬶ, সুন্দানী : ᮑᮄ ᮕᮧᮠᮎᮤ ᮞᮀᮠᮡᮀ ᮃᮞᮢᮤ) হৈছে জাভা, সুন্দানী আৰু বালিৰ ধান আৰু উৰ্বৰতাৰ এগৰাকী হিন্দু দেৱী। বৰ্তমানো ইণ্ডোনেছিয়াৰ জাভা, বালি আৰু লম্বক দ্বীপত বহুলভাৱে এই দেৱীৰ পূজা কৰা হয়। [1] বিষ্ণুৰ শক্তি (পত্নী) হিন্দু দেৱী লক্ষ্মীৰ সৈতে তেওঁক প্ৰায়ে জড়িত বা সমান বুলি কোৱা হয়। [2]

ইতিহাস আৰু উৎপত্তি

[সম্পাদনা কৰক]

ধানৰ অধিষ্ঠাত্ৰী দেৱীক পূজা কৰাৰ নিয়ম এছিয়াত ধান খেতিৰ প্ৰাগঐতিহাসিক কালত ঘৰুৱাভাৱে খেতি কৰিবলৈ আৰম্ভ কৰা, ইয়াৰ বিকাশ আৰু প্ৰসাৰৰ দ্বাৰা প্ৰভাৱিত হৈছে। সম্ভৱতঃ অষ্ট্ৰ'এছিয়াটিক বা অষ্ট্ৰ'নেছিয়ান জনপ্ৰৱজনে এই শস্যবিধ এচিয়ালৈ লৈ আনিছিল। তেওঁলোকে প্ৰব্ৰজন কৰি এচিয়াৰ কোনো কোনো দ্বীপপুঞ্জত বসতি স্থাপন কৰিছিল। ইণ্ডোনেছিয়ান জনগোষ্ঠীসমূহৰ মাজত আৰু চুবুৰীয়া দেশসমূহ যেনে থাইলেণ্ড আৰু কম্বোডিয়াতো একেধৰণৰ অলপ বেলেগ বৈশিষ্ট্যৰ ধানৰ আত্মা আৰু ধানৰ দেৱতাৰ পৌৰাণিক কাহিনী ব্যাপকভাৱে প্ৰচলিত হৈ আছে।

দেৱী শ্ৰীৰ প্ৰাচীন মূৰ্তি

"শ্ৰী" নামটো সংস্কৃত ( श्री ) ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে ধন, সমৃদ্ধি, স্বাস্থ্য, সৌন্দৰ্য্য, সৌভাগ্য আৰু লগতে হিন্দু দেৱী লক্ষ্মীৰো আন এটা নাম। [3]

সেয়েহে প্ৰাচীন জাভাৰ চিপলিন (ভাস্কৰ্যকাৰ বা মূৰ্তি নিৰ্মাতা)ত প্ৰায়ে দেৱী শ্ৰীক ধানৰ দেৱী হিচাপে চিত্ৰিত কৰা হয়। প্ৰাচীন জাভাত চিপলিনত বিষ্ণুৰ শক্তি হিচাপে শ্ৰী দেৱীৰ এক বেলেগ ধাৰণা আছে। প্ৰাগঐতিহাসিক যুগৰ পৰাই পূজা হৈ অহা ধানৰ দেৱী হিচাপে দেৱী শ্ৰীৰ চিত্ৰণ অবিচ্ছেদ্য। গতিকে দেৱী শ্ৰীৰ এটা সুকীয়া বৈশিষ্ট্য আছে, সেয়া হ’ল দেৱীৰ বাওঁহাতখনে ধানৰ থোক এটা ধৰি থাকে। ইণ্ডোনেছিয়াৰ সমাজত ধানৰ দেৱীৰ পূজা উৰ্বৰতা পূজা আৰু কৃষিক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত। [4]

পুছাট পেনেলিটিয়ান আৰ্কিঅ’লজি নেচনেলৰ গৱেষক টিটি সুৰতি নাষ্টিটিয়ে অৱশ্যে কৈছে যে ধানৰ দেৱীৰ উৎপত্তি পুৰণি যুগতে হৈছিল। দ্বীপপুঞ্জত হিন্দু-বৌদ্ধ প্ৰভাৱৰ পূৰ্বৰ প্ৰাগঐতিহাসিক যুগৰ পৰাই তেওঁৰ পূজা কৰা হৈছিল। "দেৱী শ্ৰী" নামেৰে চিনাক্ত কৰা শিল আৰু ব্ৰঞ্জৰ পৰা নিৰ্মিত কেইবাটাও মূৰ্তি ইণ্ডোনেছিয়াত পোৱা গৈছিল, ইয়াতোকৈ অধিক নিৰ্দিষ্টভাৱে ক'বলৈ গ'লে প্ৰাচীন জাভাৰ পৰা উদ্ধাৰ হোৱা মূৰ্তিলৈয়ো আঙুলিয়াই দিব পাৰি। প্ৰতিমূৰ্তিৰ মুদ্ৰা (হাতৰ অৱস্থান) আৰু লক্ষণা (বৈশিষ্ট্য) পৰীক্ষা কৰিলে ইণ্ডোনেছিয়াৰ দেৱী শ্ৰী আইকনগ্ৰাফী ভাৰতত পোৱা দেৱী শ্ৰীলক্ষ্মীৰ মূৰ্তিতকৈ পৃথক। ভাৰতত লক্ষ্মীৰ চিত্ৰণত প্ৰায়ে তেওঁৰ হাতেৰে পদ্ম (ৰঙা পদ্ম) বা ৰঙা পদুম ফুল ধৰি থকা দেখা যায়। ইণ্ডোনেছিয়াত দেৱী শ্ৰীৰ চিত্ৰণ সদায় ধানৰ দেৱী হিচাপেই সম্পৰ্কিত হৈ আহিছে। ধানৰ দেৱী বা উৰ্বৰতাৰ দেৱীক পূজা কৰাৰ প্ৰথা ইতিমধ্যে এই দ্বীপপুঞ্জত হিন্দু-বৌদ্ধ প্ৰভাৱৰ আগৰেপৰা আছিল। [4]

ডেনিছ লম্বাৰ্ডে তেওঁৰ লে কেৰেফ’ৰ জাভানেইছ গ্ৰন্থত লিখিছে। এছাই ডি হিষ্ট’ৰী গ্ল’বেলৰ মতে দেৱী শ্ৰীৰ পৌৰাণিক চৰিত্ৰৰ উৎপত্তি ভাৰতৰ পৰাই হৈছিল। [5] হিন্দু ধৰ্মত শ্ৰী দেৱীক বিষ্ণুৰ শক্তি বা পত্নী লক্ষ্মী বুলি জনা যায়। কিন্তু ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জত দেৱী শ্ৰীৰ সৈতে জড়িত ধানৰ দেৱীৰ পূজা ভাৰতীয় প্ৰভাৱৰ সন্মুখীন নোহোৱা অঞ্চলতো ব্যাপকভাৱে বিয়পি পৰিছে।

আঞ্চলিক ৰূপসমূহ

[সম্পাদনা কৰক]
কেন্দ্ৰীয় জাৱন কলাত দেৱী শ্ৰীৰ চিত্ৰণ

জাভানীজ আৰু সুন্দানীজ জনসাধাৰণৰ মাজত দেৱী শ্ৰীৰ পৌৰাণিক কাহিনী জাভাৰ স্থানীয়, যি প্ৰথম শতিকাৰ আৰম্ভণিৰে পৰাই উক্ত দ্বীপপুঞ্জ সমূহৰ হিন্দু ধৰ্মৰ সৈতে জড়িত হৈ আছে। তেওঁক হিন্দু দেৱী শ্ৰী লক্ষ্মীৰ সৈতে তুলনা কৰা হয়, আৰু প্ৰায়ে তেওঁক অৱতাৰ বা তেওঁৰ এটা প্ৰকাশ হিচাপে গণ্য কৰা হয়। দেৱী, ধন-সম্পদ আৰু সমৃদ্ধিৰ সৈতেও জড়িত।[2]

জাভাত, দেৱী শ্ৰীৰ কিংবদন্তিৰ বিষয়ে উল্লেখ কৰা আটাইতকৈ পুৰণি জাভানীজ পাণ্ডুলিপিটো হ 'ল তান্তু পাংগেলাৰণতান্তু পাংগেলাৰণ হৈছে মধ্যযুগীয় জাভানীজ ভাষাৰ এটা জাভানী সাহিত্যিক ৰচনা, এয়া প্ৰাচীন জাভানী আৰু আধুনিক জাভানীৰ মাজত এক পৰিৱৰ্তনশীল ভাষাৰ সমল। আনুমানিক মাজাপাহিত যুগত প্ৰায় ১৫ শতিকাত এই সাহিত্য লিখা হৈছিল।[5]

পশ্চিম জাভাত দেৱী শ্ৰীক ঞি পোহচি সংঘয়াং আশ্ৰী নামেৰে জনা যায়। ঞি পোহচিৰ কিংবদন্তিৰ কথা উল্লেখ কৰা সুন্দানিজ পাণ্ডুলিপিসমূহ হ 'ল ৱাৱাকান পোহচি, কেৰিঅ' ছ ছাৱাৰ্গালোকা, ৱাৱকান সংঘয়াং শ্ৰী, ৱাৱাকান পুহাচি ডাণ্ডয়াং, ৱাৱাকান দেৱী শ্ৰী আৰু ৱাৱাকান চুলঞ্জনা[5]

ইফালে মধ্য জাভাত, দেৱী শ্ৰীৰ সৈতে সম্পৰ্কিত কিংবদন্তীসমূহৰ ভিতৰত এটা হৈছে শ্ৰী সেডানা। মাদুৰা দ্বীপত দেৱী শ্ৰীৰ মূৰ্তিটো ৰত্ন ডুমিলাহ বুলি চিনাক্ত কৰা হৈছে। বালিত দেৱী শ্ৰীক শ্ৰী সাধনা, ৰামবুত সাধনা, দেৱী দানু বা দেৱা আয়ু মাণিক গলীহ বুলিও জনা যায়। উত্তৰ সুমাত্ৰা, দাৰু দায়াং কাহিনীত দেৱী শ্ৰীৰ পৌৰাণিক চিত্ৰণ দেখা যায়।[5]

দক্ষিণ ছুলাৱেচিৰ বুগিনিজৰ প্ৰাচীন পাণ্ডুলিপি সুৰেক গালিগো লিখা ছেঙ্গ চেৰিৰ বিষয়ে এটা কিংবদন্তি আছে।[6] চাংইয়াং ছেৰি কাহিনীৰ মূল বিষয়বস্তু প্ৰকৃততে জাভাত দেৱী শ্ৰীৰ কাহিনীৰ সৈতে প্ৰায় একে। এণ্ডেৰ, ববী আৰু নোম্বীৰ কাহিনীত দেৱী শ্ৰীৰ কাহিনী অন্তৰ্ভুক্ত হৈছে। দেৱী শ্ৰীক ইনে পাৰে বা ইনে ম্বু বুলিও জনা যায়। ইয়াৰোপৰি আন এটা কাহিনী আছে য'ত লেটৱিৰ নামৰ এজন যুৱকৰ কাহিনীৰ জৰিয়তে মালুকু কেই দ্বীপত থকা দেৱী শ্ৰীৰ বিষয়ে উল্লেখ কৰা হৈছে। এই কাহিনীৰ অস্তিত্বৰ আঁৰত জাভানীজ আৰু বালিজ প্ৰভাৱ আছে বুলি বিশ্বাস কৰা হয়, কিয়নো ধান আৰু চাউল কেই লোকসকলৰ মুখ্য খাদ্য নহয়।[5]

বৈশিষ্ট্য আৰু কিংবদন্তি

[সম্পাদনা কৰক]
জাভানীজ বেল্টৰ বাকলৰ সৈতে সাপৰ সাজ-সজ্জা যাক টিমাং উলাৰ-উলৰ বুলি কোৱা হয়। সাপবোৰ উৰ্বৰতাৰ দেৱী নিই পোহচি বা দেৱী শ্ৰীৰ সৈতে সম্পৰ্কিত হ 'ব পাৰে।

দেৱী শ্ৰীৰ ধান বা চাউলৰ ওপৰত আধিপত্য আছে বুলি বিশ্বাস কৰা হয়, যিটো ইণ্ডোনেছিয়ানসকলৰ মুখ্য খাদ্য, সেয়েহে জীৱন আৰু সম্পদ বা সমৃদ্ধি বিশেষকৈ জাভাৰ ৰাজ্যসমূহৰ সম্পদ যেনে সুন্দা, মাজাপাহিত আৰু মাতৰামৰ বাবে চাউলৰ গুৰুত্ব অধিক আৰু ইয়াৰ বিপৰীতে আছে দৰিদ্ৰতা, দুৰ্ভিক্ষ, ক্ষুধা, ৰোগ (কিছু পৰিমাণে)।[2] তেওঁ প্ৰায়ে ধানৰ মাজত থকা সাপৰ (uler sawah) সৈতে জড়িত হৈ থাকে।[7]

পৌৰাণিক কাহিনী

[সম্পাদনা কৰক]

দেৱী শ্ৰী সম্পৰ্কীয় বেছিভাগ কাহিনী অঞ্চলটোৰ মুখ্য খাদ্য ধান গছৰ পৌৰাণিক উৎপত্তিৰ সৈতেও জড়িত। ইয়াৰ উদাহৰণ "ৱাৱাকান চুলঞ্জনা"ত পোৱা যায় [8][9]

এসময়ত স্বৰ্গত থকাৰ সময়ত, বাতাৰা গুৰু (যি প্ৰাচীন জাভানীজ হিন্দু ধৰ্মত শিৱৰ সৈতে জড়িত আছিল) -সৰ্বোচ্চ দেৱতাই সকলো দেৱ-দেৱীক এক নতুন ৰাজপ্ৰসাদ নিৰ্মাণৰ বাবে তেওঁলোকৰ শক্তি অৰিহণা দিবলৈ আদেশ দিছিল। যিজনে এই আজ্ঞা অমান্য কৰে তেওঁক অলস বুলি গণ্য কৰা হ 'ব আৰু তেওঁ নিজৰ হাত আৰু ভৰি হেৰুৱাব। বাতাৰা গুৰুৰ আজ্ঞা শুনি, দেৱতাসকলৰ মাজৰ এজন, অন্তাবোগা (অনন্ত বোগা, এজন নাগ দেৱতা), অতি চিন্তিত হৈ পৰিছিল। তেওঁৰ হাত বা ভৰি নাছিল আৰু তেওঁ কেনেকৈ সম্ভৱতঃ কামটো কৰিব পাৰিব সেই বিষয়ে নিশ্চিত নাছিল। অন্তাৰ আকৃতি এটা সৰ্পৰ দৰে আছিল আৰু তেওঁ কাম কৰিব পৰা নাছিল। তেওঁ বাতাৰা গুৰুৰ সৰু ভাতৃ বাতাৰ নাৰদৰ পৰা পৰামৰ্শ বিচাৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে, নাৰদো অন্তাৰ এই দুৰ্ভাগ্যৰ প্ৰতি বিভ্ৰান্ত হৈছিল। অন্তা বিচলিত হৈ পৰিছিল আৰু বৰকৈ কান্দিছিল।

তেওঁ কান্দি থকাৰ সময়তে তিনিটোপাল চকুপানী মাটিত পৰিছিল। অলৌকিকভাৱে, মাটি স্পৰ্শ কৰাৰ পিছত চকুপানীৰ টোপালবোৰ গহনা বা মুকুতাৰ দৰে দেখাত তিনিটা সুন্দৰ উজ্জ্বল ডিম্বত পৰিণত হৈছিল। বাতাৰা নাৰদে তেওঁক এই "ডিম্ব" কেইটা বাতাৰ গুৰুলৈ আগবঢ়োৱাৰ পৰামৰ্শ দিছিল, এই আশাতে যে উপহাৰটোৱে তেওঁক হয়টো সন্তুষ্ট কৰিব আৰু তেওঁ অন্তাৰ অক্ষমতাৰ কথা বিবেচনা কৰি এক ন্যায্য বিচাৰ দিব।

মুখত তিনিটা কণী লৈ অন্তা বাতাৰা গুৰুৰ ৰাজপ্ৰসাদলৈ গ'ল। যোৱাৰ বাটত তেওঁৰ ওচৰলৈ এটা ঈগল আহি তেওঁক এটা প্ৰশ্ন সুধিছিল। কিন্তু অন্তাই উত্তৰ দিব নোৱাৰিলে, কিয়নো তেওঁ ডিম্বকেইটা মুখেৰে ধৰি ৰাখিছিল। উত্তৰ দিবলৈ তেওঁ অনিচ্ছুক হোৱা বাবে চৰাইটোৱে অন্তাক অহংকাৰী বুলি ভাবিছিল আৰু ই খঙতে অন্তাক আক্ৰমণ কৰিবলৈ ধৰে। ফলস্বৰূপে, এটা কণী মাটিত পৰি ভাঙি যায়। অন্তাই তৎপৰ হৈ জোপোহাৰ ভিতৰত লুকুৱাবলৈ চেষ্টা কৰিছিল, কিন্তু চৰাইটোৱে তেওঁলৈ অপেক্ষা কৰি আছিল। দ্বিতীয় বাৰৰ আক্ৰমণৰ ফলত অন্তাৰ ওচৰত মাত্ৰ এটা কণীহে গুৰুলৈ বুলি আগবঢ়োৱাৰ বাবে থাকিল। মাটিত পৰা কণী দুটাৰ পৰা যমজ গাহৰি কালাবুৱাট আৰু বুদুগ বসুৰ সৃষ্টি হয়।[10]

অৱশেষত তেওঁ ৰাজপ্ৰসাদত উপস্থিত হয় আৰু তেওঁৰ চকচকীয়া কণীৰ দৰে চকুপানীৰ টোপালটো বাতাৰা গুৰুক প্ৰদান কৰে। এই প্ৰস্তাৱ অনুগ্ৰহপূৰ্বকভাৱে গ্ৰহণ কৰা হৈছিল, আৰু বাতাৰা গুৰুৱে তেওঁক কণীটো ফুটালৈকে ঘৰতে ৰাখিবলৈ কৈছিল। আচৰিতভাৱে, কণীটো এগৰাকী ধুনীয়া ছোৱালীলৈ ৰূপান্তৰিত হৈছিল। তেওঁ ছোৱালীজনী বাতাৰা গুৰু আৰু তেওঁৰ পত্নীলৈ বুলি আগবঢ়াই দিছিল।

চিত্ৰ বীথিকা

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Agus Dermawan T (2021-09-25). "Menjumpai Dewi Sri pada Hari Tani" (id ভাষাত). kompas.id. https://www.kompas.id/baca/opini/2021/09/26/menjumpai-dewi-sri-pada-hari-tani আহৰণ কৰা হৈছে: 2023-02-14.
  2. 1 2 3 Muhammad, Fikri (24 August 2021). "Dewi Sri, Sosok Perempuan Sebagai Penjaga Kemakmuran Alam Semesta" (id ভাষাত). National Geographic Indonesia. https://nationalgeographic.grid.id/read/132848515/dewi-sri-sosok-perempuan-sebagai-penjaga-kemakmuran-alam-semesta আহৰণ কৰা হৈছে: 2023-02-16.
  3. "Sanskrit - Dictionary". www.learnsanskrit.cc. https://www.learnsanskrit.cc/translate?search=Shri&dir=au আহৰণ কৰা হৈছে: 2023-02-14.
  4. 1 2 Nastiti, Titi Surti (2020-06-26). "Dewi Sri Dalam Kepercayaan Masyarakat Indonesia" (id ভাষাত). Jurnal Tumotowa, Kementerian Pendidikan Dan Kebudayaan Republik Indonesia. Archived from the original on 2023-04-02. https://web.archive.org/web/20230402030951/https://jurnaltumotowa.kemdikbud.go.id/index.php/tumotowa/article/view/48 আহৰণ কৰা হৈছে: 2024-11-27.
  5. 1 2 3 4 5 Auliani, Palupi Annisa (2021-08-04). "Legenda Dewi Sri: Simbol Kesuburan, Kehidupan, sekaligus Penderitaan" (id ভাষাত). KOMPAS.com. https://travel.kompas.com/read/2021/08/04/184222327/legenda-dewi-sri-simbol-kesuburan-kehidupan-sekaligus-penderitaan আহৰণ কৰা হৈছে: 2023-02-13.
  6. bpnbsulsel (2018-06-19). "Sangiang Serri" (id ভাষাত). Balai Pelestarian Nilai Budaya Sulawesi Selatan. http://kebudayaan.kemdikbud.go.id/bpnbsulsel/sangiang-serri/ আহৰণ কৰা হৈছে: 2023-02-14.
  7. Jen (25 September 2021). "Cerita Rakyat Dewi Sri Dewi Kesuburan" (id-ID ভাষাত). Tribunjateng.com. https://jateng.tribunnews.com/2021/09/25/cerita-rakyat-dewi-sri-dewi-kesuburan আহৰণ কৰা হৈছে: 2023-02-16.
  8. "Early Mythology - Dewi Sri". Sunda.org. Archived from the original on 2012-09-05. https://web.archive.org/web/20120905215151/http://www.sunda.org/sundanese/myths.htm আহৰণ কৰা হৈছে: 2012-08-26.
  9. "(Indonesian) Mitos Nyi Pohaci/Sanghyang Asri/Dewi Sri". My.opera.com. 2008-03-01. http://my.opera.com/mrtaufik/blog/2008/03/01/mitos-nyi-pohaci-sanghyang-asri-dewi-sri আহৰণ কৰা হৈছে: 2012-08-26.
  10. Edi Suhardi Ekajati; Undang A. Darsa; Oman Fathurahman (1999). Jawa Barat, koleksi lima lembaga. Yayasan Obor Indonesia, Ecole française d'Extrême-Orient. ISBN 9789794613313. https://books.google.com/books?id=RheSrkiK2zYC&q=Budug+basu&pg=PA225 আহৰণ কৰা হৈছে: 29 March 2012.

টোকাসমূহ

[সম্পাদনা কৰক]