নয়নতৰা
| নয়নতৰা Catharanthus roseus | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| বিভাগ: | Magnoliophyta |
| শ্ৰেণী: | Magnoliopsida |
| বৰ্গ: | Gentianales |
| পৰিয়াল: | Apocynaceae |
| গণ: | Catharanthus |
| প্ৰজাতি: | C. roseus |
| বৈজ্ঞানিক নাম | |
| Catharanthus roseus (L.) G.Don | |
| সমাৰ্থক | |
|
Vinca rosea | |
নয়নতৰা অসমত পোৱা এক সাধাৰণ ফুল গছ। ইয়াৰ গুলপীয়া বা বগা পাঁচ পাহিৰ ফুল বোৰৰ বাবে পৰিচিত। বৈজ্ঞানিক নাম Catharanthus roseus, ই Apocynaceae (dogbane, অথবা oleander) পৰিয়ালৰ অন্তৰ্ভুক্ত। নয়নতৰা বিভিন্ন স্থানত বিভিন্ন নামেৰে পৰিচিত, যেনে Cape periwinkle, Madagascar periwinkle, periwinkle, sadabahar, sadaphuli, sadasuhagi, sadsuhagan ইত্যাদি। ইয়াৰ আদি বাসস্থান মাদাগাস্কাৰ। এইবিধ ফুলক বাংলাত নয়নতাৰা, হিন্দীত গুলাবী সদাবাহাৰ আৰু মাৰাঠীত সদাফুলী বুলি কোৱা হয়।
বৰ্ণনা
[সম্পাদনা কৰক]
নয়নতৰাৰ আদি নিৱাস মাদাগাস্কাৰ। ভাৰত, বাংলাদেশ, পাকিস্তান আৰু আফ্ৰিকা মহাদেশসহ আৰু বহু দেশত ইয়াক দেখা যায়। ই গুল্মজাতীয় উদ্ভিদ। বৰ্ষজীৱী। কেতিয়াবা অনেক বছৰ জিয়াই থকা দেখা যায়। ২/৩ ফুটৰ বেছি ডাঙৰ দেখা নাযায়। পাত বিপৰীত, মসৃণ, আৰু ডিম্বাকৃতি।[1] পাঁচ পাহি বিশিষ্ট ফুল। গুলপীয়া, পাতল গুলপীয়া আৰু বগা ৰঙৰ। ফুলৰ গোন্ধ নাই। বীজৰ দ্বাৰা বংশ বৃদ্ধি হয়।
নয়নতৰা ৬০-৮০ চেঃমিঃ ওখ হয়। গাছত প্ৰায় গোটেই বছৰেই ফুল ফুলে। ফুলবোৰ ৩-৩.৫ চেঃমিঃ বহল, ৫ পাপৰীৰ মাজত এটি গাঢ় ৰঙৰ ফোঁট থাকে। ইহঁতৰ বীজ চহ কৰা হয়। ইয়াক ফুল বাগিচা আৰু ঘৰৰ চাদত বা পিৰালীত লাগোৱা যায়।
ৰাসায়নিক উপাদান
[সম্পাদনা কৰক]নয়নতৰাৰ পাত, ফুল আৰু ডালত বহু মূল্যবান ৰাসায়নিক উপাদান পোৱা যায়। ৭০ টাতকৈ বেছি উপক্ষাৰ ইয়াৰ পৰা আহৰণ কৰা হয়। ভিনক্ৰিষ্টিন আৰু ভিনব্লাষ্টিন নামৰ উপক্ষাৰ দুটা তেজৰ কৰ্কট ৰোগত ব্যৱহাৰ কৰা হয়। ডেলটা-ইহোহিম্বিন নামৰ এক প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থও ইয়াৰ পৰা পোৱা যায়।
ব্যৱহাৰ
[সম্পাদনা কৰক]পূজা পাৰ্বনত নয়নতৰাৰ ফুল ব্যৱহাৰ কৰা হয়। আলংকাৰিক গছ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়।
কৃমি ৰোগত, মেধাবৃদ্ধিত, লিউকেমিয়া, মধুমেহ, ৰক্ত প্ৰদৰত,ৰক্তচাপ বৃদ্ধিত, সন্ধিবাতৰ লগতে নানা ৰোগত ইয়াৰ ব্যৱহাৰ হয়। কীট দংশনত দ্ৰুত উপশমত নয়নতৰাৰ ফুল বা পাতৰ ৰস ব্যৱহাৰ কৰা যায়।
চিত্ৰমালা
[সম্পাদনা কৰক]-
ভিনচা প্ৰজাতি,বাংলাদেশ
-
ফুলৰ কলি, পশ্চিমবংগ
-
নয়নতৰা
-
নয়নতৰা
-
নয়নতৰা, পাকিস্তান
-
নয়নতৰা, মালেছিয়া
-
নয়নতৰা ফুল
-
White rosy periwinkle
-
Pacifica Burgundy Halo - Madagascar Periwinkle
-
Red cultivar of Madagascar Periwinkle
-
Potted Plant in New Delhi
-
Catharanthus roseus
-
Catharanthus roseus
-
Catharanthus roseus

তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "চকু জুৰোৱা নয়নতৰা". The Daily Sangram. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305102826/http://www.dailysangram.com/news_details.php?news_id=93129। আহৰণ কৰা হৈছে: 2015-11-14.