নয়নমণি শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নয়নমণি শইকীয়া
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২১ ছেপ্টেম্বৰ, ১৯৮৮ (৩৫ বছৰ)
গোলাঘাট, অসম

নয়নমণি শইকীয়া (ইংৰাজী: Nayanmoni Saikia; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ।[1] তেওঁ বৰ্তমানলৈকে কমনৱেলথ গেমছৰ তিনিটা সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। ২০১৪ চনৰ কমনৱেলথ গেমছত ট্ৰিপল আৰু ফোৰ শিতানত,[2] ২০১৮ চনৰ কমনৱেলথ গেমছত পেয়াৰ আৰু ফোৰ শিতানত[1] আৰু ২০২২ চনৰ কমনৱেলথ গেমছত পেয়াৰ আৰু ফোৰত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছে।[3] তেওঁ অসম বন সুৰক্ষা বাহিনীত কনিষ্টবল হিচাপে কৰ্মৰত।

২০২২ চনত যুক্তৰাজ্যৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত নয়নমণি শইকীয়া, লভলী চৌবে, পিংকি আৰু ৰূপা ৰাণী তীৰ্কীয়ে চাৰিজনীয়া দল ফোৰ শাখাত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ লগে লগে নয়নমণি শইকীয়া কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা আৰু সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া হিচাপে পৰিগণিত হয়। ২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে।

তথ্য উৎস[সম্পাদনা কৰক]